Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል መዓሪጅ   አንቀፅ:

আল-মাআৰিজ

ከሱራዋ ጥቅል ሀሳብ መካከል:
بيان حال وجزاء الخلق يوم القيامة.
কিয়ামতৰ দিনা মখলুকৰ প্ৰতিদান আৰু অৱস্থা সম্পৰ্কে বৰ্ণনা।

سَاَلَ سَآىِٕلٌۢ بِعَذَابٍ وَّاقِعٍ ۟ۙ
মুশ্বৰিক বিলাকৰ মাজৰ এজন ব্যক্তিয়ে স্বয়ং নিজৰ বাবে আৰু নিজ জাতিৰ বিৰুদ্ধে উপহাস স্বৰূপে শাস্তি বিচাৰিছিল। অথচ সেই শাস্তি ক্বিয়ামতৰ দিনা আহিবই।
ዓረብኛ ተፍሲሮች:
لِّلْكٰفِرِیْنَ لَیْسَ لَهٗ دَافِعٌ ۟ۙ
আল্লাহক অস্বীকাৰকাৰী বিলাকৰ বাবে। এই শাস্তি কোনেও দূৰ কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
مِّنَ اللّٰهِ ذِی الْمَعَارِجِ ۟ؕ
আল্লাহৰ তৰফৰ পৰা, যিয়ে উচ্চতা, পদ মৰ্যদা, উত্কৃষ্টতাৰে বিশেষিত আৰু অনুগ্ৰহৰ গৰাকী।
ዓረብኛ ተፍሲሮች:
تَعْرُجُ الْمَلٰٓىِٕكَةُ وَالرُّوْحُ اِلَیْهِ فِیْ یَوْمٍ كَانَ مِقْدَارُهٗ خَمْسِیْنَ اَلْفَ سَنَةٍ ۟ۚ
যাৰ ফালে ফিৰিস্তা আৰু জিব্ৰীল আলাইহিছ ছালামে সেই স্তৰ সমূহৰ মাধ্যমেৰে ক্বিয়ামতৰ দিনা উঠিব। যিটো বহুত দীঘল দিন হ’ব, যাৰ পৰিমাণ পঞ্চাছ হাজাৰ বছৰ হ’ব।
ዓረብኛ ተፍሲሮች:
فَاصْبِرْ صَبْرًا جَمِیْلًا ۟
হে ৰাছুল, আপুনি ধৈৰ্য ধাৰণ কৰক। হতাশ নহব আৰু মুখেৰে অভিযোগমূলক কোনো শব্দ নুলিয়াব।
ዓረብኛ ተፍሲሮች:
اِنَّهُمْ یَرَوْنَهٗ بَعِیْدًا ۟ۙ
সিহঁতে এই শাস্তিক বহুত দূৰত তথা অসম্ভৱ বুলি ভাবে।
ዓረብኛ ተፍሲሮች:
وَّنَرٰىهُ قَرِیْبًا ۟ؕ
আৰু আমি ইয়াক নিচেই ওচৰত তথা নিশ্চিতৰূপে চাই আছো।
ዓረብኛ ተፍሲሮች:
یَوْمَ تَكُوْنُ السَّمَآءُ كَالْمُهْلِ ۟ۙ
যিদিনা আকাশ গলিত তাম, সোণ আদিৰ দৰে হ’ব।
ዓረብኛ ተፍሲሮች:
وَتَكُوْنُ الْجِبَالُ كَالْعِهْنِ ۟ۙ
আৰু পাহাৰবোৰ শূন্যত উৰি থকা কপাহৰ দৰে পাতল হ’ব।
ዓረብኛ ተፍሲሮች:
وَلَا یَسْـَٔلُ حَمِیْمٌ حَمِیْمًا ۟ۚۖ
আৰু কোনো নিকটৱৰ্তী বন্ধুৱে নিকটৱৰ্তী বন্ধুৰ খবৰ নলব। কিয়নো প্ৰত্যেক ব্যক্তি নিজৰ বাবে ব্যস্ত থাকিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• تنزيه القرآن عن الشعر والكهانة.
কোৰআন কোনো কবিতা নহয় আৰু কাহানীও নহয়।

• خطر التَّقَوُّل على الله والافتراء عليه سبحانه.
আল্লাহৰ নামত কোনো মনেসজা কথা ৰচনা কৰা আৰু তাৰ প্ৰতি আৰোপ কৰাৰ ভয়াৱহতা।

• الصبر الجميل الذي يحتسب فيه الأجر من الله ولا يُشكى لغيره.
উত্তম ধৈৰ্য হৈছে যাৰ ভিতৰত আল্লাহৰ পৰা পৰিণামৰ আশা কৰা হয় আৰু তেওঁৰ বাহিৰে কাৰো ওচৰত কোনো আবেদন নকৰা।

یُّبَصَّرُوْنَهُمْ ؕ— یَوَدُّ الْمُجْرِمُ لَوْ یَفْتَدِیْ مِنْ عَذَابِ یَوْمِىِٕذٍ بِبَنِیْهِ ۟ۙ
প্ৰত্যেকে নিজৰ ওচৰ সম্বন্ধ আৰু বন্ধুক দেখিব আৰু কোনেও কাৰো পৰা গোপন নাথাকিব। ইয়াৰোপৰি পৰিস্থিতি ইমান ভয়াৱহ হ’ব যে, কোনেও কাকো সোধ-পোচ কৰাৰ সময় নাপাব। তথা যিয়ে জাহান্নামৰ অধিকাৰী হ’ব, সি নিজৰ পৰিৱৰ্তে নিজ সন্তানক শাস্তিৰ বাবে দিব বিচাৰিব।
ዓረብኛ ተፍሲሮች:
وَصَاحِبَتِهٖ وَاَخِیْهِ ۟ۙ
আৰু তাৰ স্ত্ৰী তথা ভাতৃক শাস্তিৰ বিনিময়ত দিব বিচাৰিব।
ዓረብኛ ተፍሲሮች:
وَفَصِیْلَتِهِ الَّتِیْ تُـْٔوِیْهِ ۟ۙ
আৰু তাৰ নিকটৱৰ্তী আত্মীয় স্বজনক শাস্তিৰ পৰিবৰ্তে দিব বিচাৰিব। যিয়ে কঠিন পৰিস্থিতিত তাৰ লগত থিয় দিছিল।
ዓረብኛ ተፍሲሮች:
وَمَنْ فِی الْاَرْضِ جَمِیْعًا ۙ— ثُمَّ یُنْجِیْهِ ۟ۙ
আৰু পৃথিৱীত থকা মানুহ, জিন আদিক শাস্তিৰ বিনিময়ত দিব বিচাৰিব যাতে ইয়াৰ বিনিময়ত সি শাস্তিৰ পৰা ৰক্ষা পায় আৰু জাহান্নামৰ শাস্তিৰ পৰা মু্ক্তি প্ৰদান কৰে।
ዓረብኛ ተፍሲሮች:
كَلَّا ؕ— اِنَّهَا لَظٰی ۟ۙ
ঘটনা তেনে নহয় যিদৰে এই অপৰাধীবিলাকে কামনা কৰে। এইটো জাহান্নামৰ লেলিহান জুই।
ዓረብኛ ተፍሲሮች:
نَزَّاعَةً لِّلشَّوٰی ۟ۚۖ
যাৰ তাপে মূৰৰ ছাল খহাই পেলাব।
ዓረብኛ ተፍሲሮች:
تَدْعُوْا مَنْ اَدْبَرَ وَتَوَلّٰی ۟ۙ
জাহান্নামে তাক মাতিব যিয়ে সত্যৰ প্ৰতি পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই আঁতৰি গৈছিল। সত্যক মানি লোৱা নাছিল আৰু তাৰ প্ৰতি আমলো কৰা নাছিল।
ዓረብኛ ተፍሲሮች:
وَجَمَعَ فَاَوْعٰی ۟
আৰু ধন সঞ্চয় কৰিছিল আৰু তাৰ পৰা আল্লাহৰ পথত ব্যয় কৰাত কৃপণালি কৰিছিল।
ዓረብኛ ተፍሲሮች:
اِنَّ الْاِنْسَانَ خُلِقَ هَلُوْعًا ۟ۙ
নিশ্চয় মানুহক অতি লোভী হিচাপে সৃষ্টি কৰা হৈছে।
ዓረብኛ ተፍሲሮች:
اِذَا مَسَّهُ الشَّرُّ جَزُوْعًا ۟ۙ
যেতিয়া বেমাৰ বা দৰিদ্ৰতা আদিৰ ৰূপত কোনো দুখ পায়, তেতিয়া অধৈৰ্যশীল হৈ পৰে।
ዓረብኛ ተፍሲሮች:
وَّاِذَا مَسَّهُ الْخَیْرُ مَنُوْعًا ۟ۙ
আৰু যেতিয়া স্বচল আৰু ধনী ৰূপে কোনো আনন্দময় বস্তু পায়, তেতিয়া আল্লাহৰ পথত খৰচ কৰিবলৈ কৃপণালী কৰে।
ዓረብኛ ተፍሲሮች:
اِلَّا الْمُصَلِّیْنَ ۟ۙ
কিন্তু ছালাত আদায়কাৰী সকলৰ বাহিৰে। এতেকে তেওঁলোক এই কু আচৰণৰ পৰা সুৰক্ষিত।
ዓረብኛ ተፍሲሮች:
الَّذِیْنَ هُمْ عَلٰی صَلَاتِهِمْ دَآىِٕمُوْنَ ۟
যিসকলে নিয়মিত ছালাত আদায় কৰে। কেতিয়াও তাৰ প্ৰতি অৱহেলা নকৰে। তেওঁলোকে সদায় সেয়া নিৰ্ধাৰিত সময়তে আদায় কৰে।
ዓረብኛ ተፍሲሮች:
وَالَّذِیْنَ فِیْۤ اَمْوَالِهِمْ حَقٌّ مَّعْلُوْمٌ ۟
আৰু যিসকলৰ ধন- সম্পদত অনিবাৰ্য আৰু নিশ্চিত ভাগ আছে।
ዓረብኛ ተፍሲሮች:
لِّلسَّآىِٕلِ وَالْمَحْرُوْمِ ۟
যিটো তেওঁ মগনীয়াক দি দিয়ে আৰু তাকো দিয়ে যিয়ে কোনো কাৰণ বশতঃ ধনৰ পৰ বঞ্চিত বা নিৰ্ধন হৈছে।
ዓረብኛ ተፍሲሮች:
وَالَّذِیْنَ یُصَدِّقُوْنَ بِیَوْمِ الدِّیْنِ ۟
আৰু যিয়ে ক্বিয়ামতৰ দিনক সত্য বুলি মানে। যিদিনাখন প্ৰত্যেক ব্যক্তিক আল্লাহে সেই পৰিণাম দিব যাৰ তেওঁ অধীকাৰী বা হক্বদাৰ।
ዓረብኛ ተፍሲሮች:
وَالَّذِیْنَ هُمْ مِّنْ عَذَابِ رَبِّهِمْ مُّشْفِقُوْنَ ۟ۚ
আৰু যিয়ে নিজ প্ৰতিপালকৰ শাস্তিক ভয় কৰে। লগতে তেওঁ সত্কৰ্মও কৰে।
ዓረብኛ ተፍሲሮች:
اِنَّ عَذَابَ رَبِّهِمْ غَیْرُ مَاْمُوْنٍ ۪۟
নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তি ভয়াৱহ। কোনো জ্ঞানী ব্যক্তি তেওঁৰ শাস্তিৰ পৰা নিশ্চিন্তিত হব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
وَالَّذِیْنَ هُمْ لِفُرُوْجِهِمْ حٰفِظُوْنَ ۟ۙ
আৰু যিসকলে নিজৰ যৌনাঙ্গসমূহৰ হিফাজত কৰে। সেয়া উলঙ্গ কৰাৰ পৰা বিৰত থাকে আৰু নিৰ্লজ্জতাৰ কৰ্মবোৰৰ পৰা বিৰত থাকে।
ዓረብኛ ተፍሲሮች:
اِلَّا عَلٰۤی اَزْوَاجِهِمْ اَوْ مَا مَلَكَتْ اَیْمَانُهُمْ فَاِنَّهُمْ غَیْرُ مَلُوْمِیْنَ ۟ۚ
কিন্তু সিহঁতৰ পত্নী আৰু অধিকাৰভুক্ত দাসীৰ বাহিৰে। কিয়নো সিহঁতৰ সৈতে মিলনৰ মাধ্যমত উপকৃত হোৱা কোনো নিন্দনীয় বিষয় নহয়।
ዓረብኛ ተፍሲሮች:
فَمَنِ ابْتَغٰی وَرَآءَ ذٰلِكَ فَاُولٰٓىِٕكَ هُمُ الْعٰدُوْنَ ۟ۚ
এতেকে যিসকলে নিজ স্ত্ৰী আৰু অধিকাৰভুক্ত দাসীৰ বাহিৰে আন কাৰোবাৰ সৈতে মনোকামনা পূৰণ কৰিব বিচাৰে বা লাভান্বিত হব বিচাৰে, তেন্তে সিহঁতেই আল্লাহৰ সীমালঙ্ঘনকাৰী।
ዓረብኛ ተፍሲሮች:
وَالَّذِیْنَ هُمْ لِاَمٰنٰتِهِمْ وَعَهْدِهِمْ رٰعُوْنَ ۟
আৰু যিসকলে ধন- সম্পদ, গোপন কথা, প্ৰতিশ্ৰুতি আদি আমানত ৰক্ষা কৰে। লগতে মানুহৰ লগত কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰে। আমানতৰ খিয়ানত বা বিৰুদ্ধাচৰণ নকৰে আৰু প্ৰতিশ্ৰুতিও ভংগ নকৰে।
ዓረብኛ ተፍሲሮች:
وَالَّذِیْنَ هُمْ بِشَهٰدٰتِهِمْ قَآىِٕمُوْنَ ۟
আৰু যিসকলে সঠিকৰূপে নিজৰ সাক্ষ্যদানত অটল থাকে। যাৰ সাক্ষ্যদানত কোনো আত্মীয়-স্বজন তথা শত্ৰুৰ প্ৰভাৱ নপৰে।
ዓረብኛ ተፍሲሮች:
وَالَّذِیْنَ هُمْ عَلٰی صَلَاتِهِمْ یُحَافِظُوْنَ ۟ؕ
আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে, আৰু সময় মতে আদায় কৰে। পৱিত্ৰতাৰ প্ৰতি পৰিপূৰ্ণ মনোযোগ দিয়ে। ধৈৰ্য আৰু শান্তিপূৰ্ণভাৱে আদায় কৰে। কোনো বস্তুৱেই তেওঁলোকক ছালাতৰ প্ৰতি অৱহেলা, ব্যস্ততা বা অমনোযোগী কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اُولٰٓىِٕكَ فِیْ جَنّٰتٍ مُّكْرَمُوْنَ ۟ؕ۠
এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলক জান্নাতত সন্মানিত হৈ থাকিব। কিয়নো তেওঁলোকে চিৰস্থায়ী অনুগ্ৰহসমূহ প্ৰাপ্ত হব। আৰু আল্লাহৰ চেহেৰা বা মুখ মণ্ডল চাবলৈ সৌভাগ্য প্ৰাপ্ত হ’ব।
ዓረብኛ ተፍሲሮች:
فَمَالِ الَّذِیْنَ كَفَرُوْا قِبَلَكَ مُهْطِعِیْنَ ۟ۙ
হে ৰাছুল, আপোনাৰ সম্প্ৰদায়ৰ এই মুশ্বৰিক বিলাকক কিহে টানি আনিছে যে, সিহঁতে আপোনাৰ ফালে দৌৰি আহি আছে, আপোনাক অস্বীকাৰ কৰিবলৈ?
ዓረብኛ ተፍሲሮች:
عَنِ الْیَمِیْنِ وَعَنِ الشِّمَالِ عِزِیْنَ ۟
সিহঁতে সোঁ ফালৰ পৰা আৰু বাওঁ ফালৰ পৰা দলে দলে আহি আপোনাক আৱৰি ধৰিছে।
ዓረብኛ ተፍሲሮች:
اَیَطْمَعُ كُلُّ امْرِئٍ مِّنْهُمْ اَنْ یُّدْخَلَ جَنَّةَ نَعِیْمٍ ۟ۙ
সিহঁতৰ প্ৰত্যেকেই এই আশা কৰে নেকি যে, আল্লাহ তাআলাই সিহঁতক কুফুৰীৰ প্ৰতি অটুট থকাৰ পাছতো অনুগ্ৰহমূলক জান্নাতত প্ৰৱেশ কৰাব আৰু সিহঁতে তাৰ ভিতৰত চিৰস্থায়ী অনুগ্ৰহসমূহৰ দ্বাৰা লাভান্বিত হ’ব?
ዓረብኛ ተፍሲሮች:
كَلَّا ؕ— اِنَّا خَلَقْنٰهُمْ مِّمَّا یَعْلَمُوْنَ ۟
বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে ভাবিছে। আমি সিহঁতক যিটোৰে সৃষ্টি কৰিছো সেইটো সিহঁতে জানে। কিয়নো আমি সিহঁতক তুচ্ছ পানীৰে সৃষ্টি কৰিছো। গতিকে সিহঁত অতি দূৰ্বল। নিজৰ লাভ- ক্ষতিৰো গৰাকী নহয়। গতিকে সিহঁতে গৌৰৱ কেনেকৈ কৰে?
ዓረብኛ ተፍሲሮች:
فَلَاۤ اُقْسِمُ بِرَبِّ الْمَشٰرِقِ وَالْمَغٰرِبِ اِنَّا لَقٰدِرُوْنَ ۟ۙ
আল্লাহে স্বয়ং নিজৰেই শপত খাইছে, সূৰ্য আৰু চন্দ্ৰৰ উদয়স্থলসমূহ আৰু অস্তাচলসমূহৰ তেৱেঁই প্ৰতিপালক, আৰু গোটেই তাৰকাৰাজিৰ প্ৰতিপালক। (এইবোৰৰ শপত খাই তেওঁ কৈছে) নিশ্চয় আমি সক্ষম।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• شدة عذاب النار حيث يود أهل النار أن ينجوا منها بكل وسيلة مما كانوا يعرفونه من وسائل الدنيا.
জাহান্নামৰ শাস্তি ইমান কঠোৰ হ’ব যে, জাহান্নামী বিলাকে তাৰ পৰা ওলাবলৈ সকলো ধৰণৰ প্ৰয়াস কৰিব। যিবোৰৰ মাধ্যমৰ বিষয়ে সিহঁতে পৃথিৱীত পৰিচিত আছিল।

• الصلاة من أعظم ما تكفَّر به السيئات في الدنيا، ويتوقى بها من نار الآخرة.
ছালাত হৈছে পৃথিৱীত মানুহক পাপ মোচন কৰা আৰু পৰকালত জাহান্নামৰ পৰা বচোৱাৰ এক মহত্বপূৰ্ণ আমল বা কৰ্ম।

• الخوف من عذاب الله دافع للعمل الصالح.
আল্লাহৰ শাস্তিৰ ভয়ে মানুহক সত্কৰ্মৰ প্ৰেৰণা দিয়ে।

عَلٰۤی اَنْ نُّبَدِّلَ خَیْرًا مِّنْهُمْ ۙ— وَمَا نَحْنُ بِمَسْبُوْقِیْنَ ۟
কথা হল, সিহঁতক ধংস কৰি সিহঁতৰ পৰিৱৰ্তে এনেকুৱা মানুহক আনিব যিসকলে আল্লাহৰ আনুগত্য কৰিব। আৰু যেতিয়া ইচ্ছা কৰিম ধংস কৰি দিম আৰু ইহঁতৰ পৰিৱৰ্তে অন্য লোকক আনিম। এই বিষয়ে আমি অক্ষম নহয়।
ዓረብኛ ተፍሲሮች:
فَذَرْهُمْ یَخُوْضُوْا وَیَلْعَبُوْا حَتّٰی یُلٰقُوْا یَوْمَهُمُ الَّذِیْ یُوْعَدُوْنَ ۟ۙ
গতিকে হে ৰাছুল, আপুনি সিহঁতক এৰি দিয়ক, সিহঁতে ক্বিয়ামতলৈকে অসত্য আৰু পথভ্ৰষ্টতাত লিপ্ত হৈ থাকক আৰু সাংসাৰিক জীৱনত খেলি থাকক। যাৰ প্ৰতিশ্ৰুতি সিহঁতক কোৰআনত দিয়া হৈছিল।
ዓረብኛ ተፍሲሮች:
یَوْمَ یَخْرُجُوْنَ مِنَ الْاَجْدَاثِ سِرَاعًا كَاَنَّهُمْ اِلٰی نُصُبٍ یُّوْفِضُوْنَ ۟ۙ
যিদিনাখন সিহঁতে কবৰৰ পৰা এনেদৰে তীব্ৰ গতিত দৌৰি ওলাব যেন পৰস্পৰে দৌৰ প্ৰতিযোগীতা কৰি আছে।
ዓረብኛ ተፍሲሮች:
خَاشِعَةً اَبْصَارُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ؕ— ذٰلِكَ الْیَوْمُ الَّذِیْ كَانُوْا یُوْعَدُوْنَ ۟۠
সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব। লজ্জাই সিহঁতক আৱৰি ধৰিব। এইটো সেই দিন যাৰ কথা সিহঁতক পৃথিৱীত দিয়া হৈছিল আৰু সিহঁতে তাৰ প্ৰতি অলপো ধ্যান দিয়া নাছিল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• خطر الغفلة عن الآخرة.
পৰকাল সম্পৰ্কে অৱহেলাৰ ক্ষতি।

• عبادة الله وتقواه سبب لغفران الذنوب.
আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰা গুনাহ ক্ষমাৰ অন্যতম কাৰণ।

• الاستمرار في الدعوة وتنويع أساليبها حق واجب على الدعاة.
আল্লাহৰ ফালে আহ্বানকাৰী সকলৰ বাবে জৰুৰী যে, নিজৰ কামৰ ধাৰাবাহিকতা বজাই ৰখা আৰু তাৰ বাবে বেলেগ বেলেগ কৌশল অৱলম্বন কৰা।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል መዓሪጅ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት