Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ሐጅ   አንቀፅ:
اُذِنَ لِلَّذِیْنَ یُقٰتَلُوْنَ بِاَنَّهُمْ ظُلِمُوْا ؕ— وَاِنَّ اللّٰهَ عَلٰی نَصْرِهِمْ لَقَدِیْرُ ۟ۙ
আল্লাহে সেইসকল মুমিনক যুদ্ধৰ অনুমতি প্ৰদান কৰিছে, যিসকলৰ লগত মুশ্বৰিকসকলে যুদ্ধ কৰে। কিয়নো তেওঁলোকৰ শত্ৰুসকলে তেওঁলোকৰ প্ৰতি মহা অন্যায় কৰিছে। যুদ্ধ নকৰাকৈও নিশ্চয় আল্লাহে মুমিনসকলক সহায় কৰিবলৈ সক্ষম, কিন্তু তেওঁৰ হিকমতৰ দাবী হৈছে, মুমিনসকলক কাফিৰসকলৰ লগত যুদ্ধ কৰাই পৰীক্ষা কৰা।
ዓረብኛ ተፍሲሮች:
١لَّذِیْنَ اُخْرِجُوْا مِنْ دِیَارِهِمْ بِغَیْرِ حَقٍّ اِلَّاۤ اَنْ یَّقُوْلُوْا رَبُّنَا اللّٰهُ ؕ— وَلَوْلَا دَفْعُ اللّٰهِ النَّاسَ بَعْضَهُمْ بِبَعْضٍ لَّهُدِّمَتْ صَوَامِعُ وَبِیَعٌ وَّصَلَوٰتٌ وَّمَسٰجِدُ یُذْكَرُ فِیْهَا اسْمُ اللّٰهِ كَثِیْرًا ؕ— وَلَیَنْصُرَنَّ اللّٰهُ مَنْ یَّنْصُرُهٗ ؕ— اِنَّ اللّٰهَ لَقَوِیٌّ عَزِیْزٌ ۟
কাফিৰসকলে তেওঁলোকক অন্যায়ভাৱে নিজৰ ঘৰৰ পৰা বহিষ্কাৰ কৰিছিল, তেওঁলোকৰ কোনো অপৰাধ নাছিল; অপৰাধ কেৱল এইটোৱে যে, তেওঁলোকে কৈছিলঃ “আল্লাহ হৈছে আমাৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ আন কোনো প্ৰতিপালক নাই।” যদি আল্লাহে নবীসকলক আৰু মুমিনসকলক শত্ৰুৰ সৈতে যুদ্ধ কৰাৰ অনুমতি প্ৰদান নকৰিলেহেঁতেন, তেন্তে সিহঁতে ইবাদতৰ স্থানসমূহক বিধ্বস্ত কৰিলেহেঁতেন, বৈৰাগীসকলৰ উপাসনালয়, খৃষ্টানসকলৰ গীৰ্জা, ইয়াহুদীসকলৰ উপাসনালয় আৰু মুছলিমসকলৰ চালাত আদায় কৰা স্থান মছজিদসমূহ বিধ্বস্ত কৰিলেহেঁতেন, য’ত মুছলিমসকলে আল্লাহক অধিক বেছি বেছি স্মৰণ কৰে। নিশ্চয় আল্লাহে সেই ব্যক্তিক সহায় কৰিব, যিয়ে তেওঁৰ ধৰ্ম আৰু তেওঁৰ নবীক সহায় কৰে। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اَلَّذِیْنَ اِنْ مَّكَّنّٰهُمْ فِی الْاَرْضِ اَقَامُوا الصَّلٰوةَ وَاٰتَوُا الزَّكٰوةَ وَاَمَرُوْا بِالْمَعْرُوْفِ وَنَهَوْا عَنِ الْمُنْكَرِ ؕ— وَلِلّٰهِ عَاقِبَةُ الْاُمُوْرِ ۟
যিসকল লোকক সহায়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, যদি আমি তেওঁলোকক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি পৃথিৱীত আধিপত্য প্ৰদান কৰোঁ, তেন্তে তেওঁলোকে নিয়মিতভাৱে পৰিপূৰ্ণৰূপে চালাত আদায় কৰিব, আৰু নিজৰ সম্পত্তিৰ যাকাত আদায় কৰিব, চৰীয়তে আদেশ দিয়া কৰ্মৰ প্ৰতি আনকো আহ্বান কৰিব, আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত ৰাখিব। জানি থোৱা! ছোৱাব তথা শাস্তি সম্পৰ্কীয় সকলো বিষয় একমাত্ৰ আল্লাহৰ ফালেই প্ৰত্যাৱৰ্তন কৰে।
ዓረብኛ ተፍሲሮች:
وَاِنْ یُّكَذِّبُوْكَ فَقَدْ كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوْحٍ وَّعَادٌ وَّثَمُوْدُ ۟ۙ
হে ৰাছুল! যদি আপোনাৰ সম্প্ৰদায়ে আপোনাক অস্বীকাৰ কৰে তেন্তে আপুনি ধৈৰ্য্য ধাৰণ কৰক। কাৰণ ৰাছুলসকলক অস্বীকাৰ কৰাৰ ক্ষেত্ৰত আপুনিয়ে প্ৰথম নহয়। কিয়নো আপোনাৰ পূৰ্বে নূহৰ সম্প্ৰদায়ে নূহ আলাইহিচ্ছালামক, আদ সম্প্ৰদায়ে হূদ আলাইহিচ্ছালামক আৰু ছামূদ সম্প্ৰদায়ে চলেহ আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল।
ዓረብኛ ተፍሲሮች:
وَقَوْمُ اِبْرٰهِیْمَ وَقَوْمُ لُوْطٍ ۟ۙ
ইব্ৰাহীমৰ সম্প্ৰদায়ে ইব্ৰাহীম আলাইহিচ্ছালামক আৰু লূতৰ সম্প্ৰদায়ে লূত আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল।
ዓረብኛ ተፍሲሮች:
وَّاَصْحٰبُ مَدْیَنَ ۚ— وَكُذِّبَ مُوْسٰی فَاَمْلَیْتُ لِلْكٰفِرِیْنَ ثُمَّ اَخَذْتُهُمْ ۚ— فَكَیْفَ كَانَ نَكِیْرِ ۟
মাদিয়ানৰ অধিবাসীসকলে শ্বুআইব আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল, ইপিনে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে মূছা আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল। এতেকে ময়ো সিহঁতক অৱকাশ প্ৰদান কৰি সিহঁতৰ শাস্তিক পিছুৱাই দিছিলোঁ। তাৰ পিছত শাস্তিয়ে সিহঁতক গ্ৰাস কৰিছিল। এতেকে ভাৱি চাওক, সিহঁতৰ প্ৰতি মোৰ কৰায়ত্ত কেনেকুৱা আছিল? সিহঁতৰ কুফৰীৰ কাৰণে মই সিহঁতক ধ্বংস কৰিছিলোঁ।
ዓረብኛ ተፍሲሮች:
فَكَاَیِّنْ مِّنْ قَرْیَةٍ اَهْلَكْنٰهَا وَهِیَ ظَالِمَةٌ فَهِیَ خَاوِیَةٌ عَلٰی عُرُوْشِهَا ؗ— وَبِئْرٍ مُّعَطَّلَةٍ وَّقَصْرٍ مَّشِیْدٍ ۟
বহুতো জনবসতিক আমি আমাৰ শাস্তিৰ দ্বাৰা ধ্বংস কৰিছোঁ, সিহঁতে কুফৰী কৰি অন্যায় কৰিছিল। সিহঁতৰ ঘৰ-দুৱাৰ বিধ্বস্ত আৰু জনশূন্য হৈ পৰি আছে। বহুতো কুঁৱা এতিয়া এনেই পৰি আছে, যিবোৰৰ পৰা পানী সংগ্ৰহকাৰী ব্যক্তিসকল ধ্বংস হৈছে। বহুতো আটক ধুনীয়া ওখ ওখ অট্টালিকা আছে, যিবোৰৰ অধিবাসীসকলক সিহঁতৰ অট্টালিকাই শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।
ዓረብኛ ተፍሲሮች:
اَفَلَمْ یَسِیْرُوْا فِی الْاَرْضِ فَتَكُوْنَ لَهُمْ قُلُوْبٌ یَّعْقِلُوْنَ بِهَاۤ اَوْ اٰذَانٌ یَّسْمَعُوْنَ بِهَا ۚ— فَاِنَّهَا لَا تَعْمَی الْاَبْصَارُ وَلٰكِنْ تَعْمَی الْقُلُوْبُ الَّتِیْ فِی الصُّدُوْرِ ۟
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তক অস্বীকাৰ কৰা লোকসকলে পৃথিৱীত ঘূৰি পকি চোৱা নাই নেকি? তেতিয়াহে বিধ্বস্ত জনবসতিৰ ঐতিহাসিক চিহ্নবোৰ নিজ চকুৰে চাব পাৰিলেহেঁতেন, আৰু চিন্তা-চৰ্চা কৰি উপদেশ গ্ৰহণ কৰিব পাৰিলেহেঁতেন! লগতে সিহঁতৰ ঘটনাৱলী মানাৰ মানসিকতাৰে শ্ৰৱণ কৰি শিক্ষা ল'লেহেঁতেন! দৰাচলতে দৃষ্টিহীনতাই প্ৰকৃত অন্ধতা নহয়, বৰং বিনাশকাৰী অন্ধতা হৈছে বিবেকৰ অন্ধতা। যাৰ ফলত মানুহে শিক্ষা গ্ৰহণ কৰিব নোৱাৰে আৰু উপদেশ গ্ৰহণ কৰাৰ উপযুক্ত নাথাকে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إثبات صفتي القوة والعزة لله.
শক্তি আৰু সন্মান, আল্লাহৰ এই দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ’ল।

• إثبات مشروعية الجهاد؛ للحفاظ على مواطن العبادة.
ইবাদতৰ স্থানক সুৰক্ষা প্ৰদান কৰিবলৈ যুদ্ধ কৰাৰ প্ৰমাণ।

• إقامة الدين سبب لنصر الله لعبيده المؤمنين.
নিয়মিতভাৱে ধৰ্ম পালন কৰিলে আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায় কৰে।

• عمى القلوب مانع من الاعتبار بآيات الله.
অন্তৰৰ অন্ধতাই আল্লাহৰ আয়াতসমূহৰ পৰা শিক্ষা গ্ৰহণ কৰাত বাধা প্ৰদান কৰে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ሐጅ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት