Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ሐጅ   አንቀፅ:
یٰۤاَیُّهَا النَّاسُ ضُرِبَ مَثَلٌ فَاسْتَمِعُوْا لَهٗ ؕ— اِنَّ الَّذِیْنَ تَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ لَنْ یَّخْلُقُوْا ذُبَابًا وَّلَوِ اجْتَمَعُوْا لَهٗ ؕ— وَاِنْ یَّسْلُبْهُمُ الذُّبَابُ شَیْـًٔا لَّا یَسْتَنْقِذُوْهُ مِنْهُ ؕ— ضَعُفَ الطَّالِبُ وَالْمَطْلُوْبُ ۟
হে মানৱজাতি! এটা উদাহৰণ দাঙি ধৰা হৈছে, মনোযোগ সহকাৰে শুনা, আৰু শিক্ষা লোৱা। তোমালোকে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্তি আৰু অন্যান্য বস্তুবোৰক উপাসনা কৰা, সিহঁতে মাখীৰ দৰে সৰু পৰুৱা এটাকো সৃষ্টি কৰিব নোৱাৰে। বৰং যদি সিহঁত সকলোৱে একত্ৰিত হৈ সেইটোক সৃষ্টি কৰিব বিচাৰে, তথাপিও সিহঁতে সৃষ্টি কৰিব নোৱাৰিব। আনকি মাখীয়ে যদি সিহঁতৰ ওচৰত থকা কোনো বস্তুলৈ উৰা মাৰে সেইটোকো সিহঁতে কাঢ়ি নিবলৈ সক্ষম নহয়। যেতিয়া সিহঁতে এটা মাখী পৰ্যন্ত সৃষ্টি কৰিব নোৱাৰে আৰু মাখীয়ে কিবা লৈ উৰা মাৰিলে সেইটো কাঢ়ি লোৱাৰো ক্ষমতা নাই তেন্তে এই কথা স্পষ্ট যে, ইয়াতকৈ ডাঙৰ কোনো কামেই সিহঁত কৰিবলৈ সক্ষম নহয়। যিহেতু সিহঁত ইমান বিৱশ তেন্তে তোমালোকে সিহঁতৰ উপাসনা কেনেকৈ কৰা? দুৰ্বল এই অন্বেষণকাৰী অৰ্থাৎ মূৰ্তিবোৰ, যিবোৰক পূজা পাঠ কৰা হয়। আৰু সেইবোৰো দুৰ্বল যিবোৰৰ ওচৰত অন্বেষণ কৰা হয় অৰ্থাৎ সেই মাখীবোৰ।
ዓረብኛ ተፍሲሮች:
مَا قَدَرُوا اللّٰهَ حَقَّ قَدْرِهٖ ؕ— اِنَّ اللّٰهَ لَقَوِیٌّ عَزِیْزٌ ۟
সিহঁতে আল্লাহক যিদৰে সন্মান কৰা উচিত সেইদৰে সন্মান কৰা নাই, কিয়নো সিহঁতে আল্লাহৰ সৈতে তেওঁৰ কিছুমান সৃষ্টিৰো উপাসনা কৰে। নিশ্চয় আল্লাহ সৰ্বশক্তিমান। তেওঁৰ শক্তি আৰু ক্ষমতাৰ এইটোৱেই প্ৰমাণ যে, তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুকে সৃষ্টি কৰিছে। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। পক্ষান্তৰে মুশ্বৰিকসকলৰ মূৰ্তিবোৰ হৈছে অতি দুৰ্বল, মৰ্যাদাহীন। একোৱেই সৃষ্টি কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اَللّٰهُ یَصْطَفِیْ مِنَ الْمَلٰٓىِٕكَةِ رُسُلًا وَّمِنَ النَّاسِ ؕ— اِنَّ اللّٰهَ سَمِیْعٌ بَصِیْرٌ ۟ۚ
পৱিত্ৰ আল্লাহে ফিৰিস্তাসকলৰ মাজৰ পৰা কিছুমানক বাৰ্তাবাহক হিচাপে নিৰ্বাচিত কৰে। সেইদৰে মানুহৰ মাজৰ পৰাও কিছুমানক ৰাছুল হিচাপে মনোনীত কৰে। এতেকে কিছুমান ফিৰিস্তাক তেওঁ নবীসকলৰ ওচৰলৈ প্ৰেৰণ কৰে। যেনে- জিব্ৰীল আলাইহিচ্ছালামক তেওঁ ৰাছুলসকলৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। আনহাতে মানৱ ৰাছুলসকলক মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰিছিল। নিশ্চয় আল্লাহে সেই যাৱতীয় কথা শ্ৰৱণ কৰে, মুশ্বৰিকসকলে যিবোৰ কথা ৰাছুলসকলৰ বিষয়ে কয়। লগতে তেওঁ সদায় সেইসকলৰ প্ৰতি দৃষ্টি ৰাখে, যিসকলক তেওঁ ৰাছুল হিচাপে নিৰ্বাচিত কৰে।
ዓረብኛ ተፍሲሮች:
یَعْلَمُ مَا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ ؕ— وَاِلَی اللّٰهِ تُرْجَعُ الْاُمُوْرُ ۟
তেওঁ ৰাছুলসকলৰ সৃষ্টিৰ পূৰ্বৰ অৱস্থা আৰু মৃত্যুৰ পিছৰ অৱস্থা সম্পৰ্কে অৱগত, ফিৰিস্তাই হওক অথবা মানৱ। কিয়ামতৰ দিনা তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰিব, যেতিয়া তেওঁ বান্দাসকলক পুনৰ্জীৱিত কৰিব। তেতিয়া তেওঁ বান্দাসকলক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا ارْكَعُوْا وَاسْجُدُوْا وَاعْبُدُوْا رَبَّكُمْ وَافْعَلُوا الْخَیْرَ لَعَلَّكُمْ تُفْلِحُوْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰী লোকসকল! তোমালোকে চালাতত ৰুকু ছাজদাহ কেৱল আল্লাহৰ বাবেই কৰিবা। তথা কল্যাণমূলক কাম কৰিবা, যেনে- দান খয়ৰাত আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা আদি। যাতে তোমালোকে উদ্দেশ্যত সফল হ’ব পাৰা, লগতে ভয়-ভীতিৰ পৰা মুক্তি পোৱা।
ዓረብኛ ተፍሲሮች:
وَجَاهِدُوْا فِی اللّٰهِ حَقَّ جِهَادِهٖ ؕ— هُوَ اجْتَبٰىكُمْ وَمَا جَعَلَ عَلَیْكُمْ فِی الدِّیْنِ مِنْ حَرَجٍ ؕ— مِلَّةَ اَبِیْكُمْ اِبْرٰهِیْمَ ؕ— هُوَ سَمّٰىكُمُ الْمُسْلِمِیْنَ ۙ۬— مِنْ قَبْلُ وَفِیْ هٰذَا لِیَكُوْنَ الرَّسُوْلُ شَهِیْدًا عَلَیْكُمْ وَتَكُوْنُوْا شُهَدَآءَ عَلَی النَّاسِ ۖۚ— فَاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ وَاعْتَصِمُوْا بِاللّٰهِ ؕ— هُوَ مَوْلٰىكُمْ ۚ— فَنِعْمَ الْمَوْلٰی وَنِعْمَ النَّصِیْرُ ۟۠
আল্লাহৰ পথত নিৰ্ভেজালভাৱে তেওঁৰ সন্তুষ্টি লাভৰ বাবে যুদ্ধ কৰা, তেওঁ তোমালোকক নিৰ্বাচিত কৰিছে, লগতে তোমালোকৰ ধৰ্মক উদাৰ বনাইছে, য’ত কোনো ধৰণৰ কঠোৰতা আৰু সংকীৰ্ণতা নাই। এই উদাৰ ধৰ্মটোৱে তোমালোকৰ পিতা ইব্ৰাহীম আলাইহিচ্ছালামৰ ধৰ্ম আছিল। আল্লাহেই তোমালোকৰ নাম পূৰ্বৱৰ্তী গ্ৰন্থসমূহত আৰু কোৰআনতো মুছলিম বুলি উল্লেখ কৰিছে। যাতে ৰাছুলে তোমালোকৰ বাবে সাক্ষী দিয়ে যে, তেওঁ তোমালোকক সেই সকলো বাৰ্তা পৌঁচাই দিছে, যিবোৰ পৌঁচাবলৈ তেওঁক দায়িত্ব দিয়া হৈছিল। আনহাতে তোমালোকেও যাতে সাক্ষী দিব পাৰা যে, তোমালোকৰ পূৰ্বে অহা ৰাছুলসকলে নিজ নিজ দায়িত্ব পালন কৰিছে। এতেকে ইয়াৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰি পৰিপূৰ্ণৰূপে নিয়মিতভাৱে চালাত আদায় কৰা আৰু যাকাত প্ৰদান কৰা, আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা, লগতে নিজৰ সকলো কৰ্মত আল্লাহৰ প্ৰতি ভৰসা কৰা। নিশ্চয় আল্লাহ তেওঁৰ ওচৰত আশ্ৰয় লোৱা মুমিনসকলৰ উত্তম সংৰক্ষক, তথা সহায় প্ৰাৰ্থনাকাৰীৰ বাবে উত্তম সহায়ক। এতেকে তেওঁৰ আশ্ৰয় লোৱা, তেওঁ সুৰক্ষা প্ৰদান কৰিব, লগতে তেওঁৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, তেওঁ তোমালোকক সহায় কৰিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أهمية ضرب الأمثال لتوضيح المعاني، وهي طريقة تربوية جليلة.
কথা স্পষ্ট কৰিবলৈ উদাহৰণ দিয়াৰ গুৰুত্ব। এইটো এটা গুৰুত্বপূৰ্ণ শৈক্ষিক উপকৰণ।

• عجز الأصنام عن خلق الأدنى دليل على عجزها عن خلق غيره.
মূৰ্তিবোৰে নিম্নতৰ বস্তু এটাকো সৃষ্টি কৰিব নোৱাৰা বিষয়টোৱে এই কথা প্ৰমাণ কৰে যে, সেইবোৰে আন একোৱেই সৃষ্টি কৰিব নোৱাৰে।

• الإشراك بالله سببه عدم تعظيم الله.
আল্লাহৰ লগত অংশী কৰাৰ অৰ্থ হৈছে তেওঁৰ মৰ্যাদাহানী কৰা।

• إثبات صفتي القوة والعزة لله، وأهمية أن يستحضر المؤمن معاني هذه الصفات.
আল্লাহৰ বিশেষ দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ'ল, সৰ্বশক্তিমান আৰু প্ৰভুত্বশালী। লগতে এই কথাৰ প্ৰতিও গুৰুত্ব দিয়া হৈছে যে, মানুহে যেন এইবোৰ বৈশিষ্ট্যৰ অৰ্থ অন্তৰত গাঁথি লয়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ሐጅ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት