Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ሐጅ   አንቀፅ:
حُنَفَآءَ لِلّٰهِ غَیْرَ مُشْرِكِیْنَ بِهٖ ؕ— وَمَنْ یُّشْرِكْ بِاللّٰهِ فَكَاَنَّمَا خَرَّ مِنَ السَّمَآءِ فَتَخْطَفُهُ الطَّیْرُ اَوْ تَهْوِیْ بِهِ الرِّیْحُ فِیْ مَكَانٍ سَحِیْقٍ ۟
আল্লাহৰ মনোনীত দ্বীনৰ বাহিৰে আন সকলো ধৰ্মৰ পৰা নিজকে বিৰত ৰাখি তেওঁৰ ইবাদতত আন কাকো অংশীদাৰ স্থপনৰ পৰা দূৰত্ব অৱলম্বন কৰি, উপৰোক্ত আয়াতত উল্লেখ কৰা উপদেশবোৰ মানি চলা। এতেকে যিয়ে আল্লাহৰ লগত শ্বিৰ্ক কৰিব, ধৰি লোৱা সি আকাশৰ পৰা সৰি পৰিল, এতিয়া হয়তো চৰাই-চিৰকটিয়ে তাৰ মাংস আৰু হাড়সমূহ থাপ মাৰি লৈ যাব, নাইবা বতাহে তাক উৰুৱাই দূৰৱৰ্তী কোনো ঠাইত নিক্ষেপ কৰিব।
ዓረብኛ ተፍሲሮች:
ذٰلِكَ ۗ— وَمَنْ یُّعَظِّمْ شَعَآىِٕرَ اللّٰهِ فَاِنَّهَا مِنْ تَقْوَی الْقُلُوْبِ ۟
এইবোৰেই হৈছে সেইবোৰ কৰ্ম, যিবোৰৰ আদেশ আল্লাহে প্ৰদান কৰিছে। যেনেঃ তেওঁক একক বুলি স্বীকাৰ কৰা আৰু নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰা, মূৰ্তিপূজা আৰু মিছা কথাৰ পৰা বিৰত থকা ইত্যাদি। যিয়ে মাআলিমে দ্বীনৰ (ধৰ্মৰ প্ৰতীকসমূহৰ) সন্মান কৰিব, যেনেঃ কোৰবানীৰ জন্তু, হজ্জৰ কৰ্ম আদি, তেন্তে তেওঁৰ এই কৰ্মই প্ৰমাণ বহন কৰে যে, তেওঁৰ অন্তৰত আল্লাহৰ ভয় আছে।
ዓረብኛ ተፍሲሮች:
لَكُمْ فِیْهَا مَنَافِعُ اِلٰۤی اَجَلٍ مُّسَمًّی ثُمَّ مَحِلُّهَاۤ اِلَی الْبَیْتِ الْعَتِیْقِ ۟۠
হাদীৰ জন্তুবোৰৰ মাজত আছে তোমালোকৰ বাবে কেইবাটাও উপকাৰ, যিবোৰ জন্তুক তোমালোকে কাবাৰ ওচৰত কুৰবানী কৰা। যেনেঃ পৰিবহণ হিচাপে ব্যৱহাৰ কৰা, উণ সংগ্ৰহ কৰা, সেই পশুৰ বংশ জীয়াই ৰখা, গাখীৰ আদি। এটা নিৰ্দিষ্ট সময়লৈকে তোমালোকে ইয়াৰ পৰা উপকৃত হ’ব পাৰা অৰ্থাৎ কাবা গৃহৰ ওচৰত জবেহ কৰাৰ আগমূৰ্তলৈকে, যি কাবা ঘৰক দমনকাৰী শক্তিৰ পৰা সুৰক্ষিত কৰা হৈছে।
ዓረብኛ ተፍሲሮች:
وَلِكُلِّ اُمَّةٍ جَعَلْنَا مَنْسَكًا لِّیَذْكُرُوا اسْمَ اللّٰهِ عَلٰی مَا رَزَقَهُمْ مِّنْ بَهِیْمَةِ الْاَنْعَامِ ؕ— فَاِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ فَلَهٗۤ اَسْلِمُوْا ؕ— وَبَشِّرِ الْمُخْبِتِیْنَ ۟ۙ
অতিবাহিত হোৱা সকলো সম্প্ৰদায়ৰ বাবে আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ তেজ প্ৰবাহিত কৰাৰ পদ্ধতি নিৰ্ধাৰণ কৰি দিছিলোঁ। যাতে তেওঁলোকে নৈকট্য অৱলম্বন কৰিবলৈ জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লয়। তথা তেওঁলোকে যাতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰে, কিয়নো তেৱেঁই তেওঁলোকক উট, গৰু আৰু ছাগলী আদি প্ৰদান কৰিছে। হে মানৱজাতি! তোমালোকৰ সত্য উপাস্য কেৱল এজনেই, তেওঁৰ কোনো অংশীদাৰ নাই। গতিকে তেওঁৰ ওচৰত নত স্বীকাৰ কৰি তেওঁৰ আনুগত্য কৰা। হে ৰাছুল! নিজ প্ৰতিপালকক ভয় কৰা লোকসকলক আৰু নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰা লোকসকলক এনেকুৱা সুসংবাদ দিয়ক যাতে তেওঁলোকে আনন্দিত হৈ যায়।
ዓረብኛ ተፍሲሮች:
الَّذِیْنَ اِذَا ذُكِرَ اللّٰهُ وَجِلَتْ قُلُوْبُهُمْ وَالصّٰبِرِیْنَ عَلٰی مَاۤ اَصَابَهُمْ وَالْمُقِیْمِی الصَّلٰوةِ ۙ— وَمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ۟
যেতিয়া তেওঁলোকৰ সন্মুখত আল্লাহৰ নাম লোৱা হয়, তেওঁলোকে তেওঁৰ শাস্তিক স্মৰণ কৰি ভীত-সন্ত্ৰস্ত হয়, তথা তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে, লগতে বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে। আৰু পৰিপূৰ্ণৰূপে চালাত আদায় কৰে। আল্লাহে প্ৰদান কৰা ধন বিভিন্ন প্ৰকাৰৰ কল্যাণমূলক কামত ব্যয় কৰে।
ዓረብኛ ተፍሲሮች:
وَالْبُدْنَ جَعَلْنٰهَا لَكُمْ مِّنْ شَعَآىِٕرِ اللّٰهِ لَكُمْ فِیْهَا خَیْرٌ ۖۗ— فَاذْكُرُوا اسْمَ اللّٰهِ عَلَیْهَا صَوَآفَّ ۚ— فَاِذَا وَجَبَتْ جُنُوْبُهَا فَكُلُوْا مِنْهَا وَاَطْعِمُوا الْقَانِعَ وَالْمُعْتَرَّ ؕ— كَذٰلِكَ سَخَّرْنٰهَا لَكُمْ لَعَلَّكُمْ تَشْكُرُوْنَ ۟
হাদীৰ বাবে নিৰ্ধাৰণ কৰা সেই উট আৰু গৰু যিবোৰক কাবাৰ পিনে লৈ যোৱা হয়, সেইবোৰক আমি তোমালোকৰ বাবে ধৰ্মৰ প্ৰতীক বনাই দিছোঁ। সেইবোৰৰ মাজত তোমালোকৰ বাবে পৃথিৱী আৰু আখিৰাতৰ উপকাৰ আছে। এতেকে সেই উট জবেহ কৰাৰ সময়ত, তাৰ এটা ভৰি বান্ধি তিনি ঠেঙৰ ওপৰত থিয় কৰাই বিছমিল্লাহ বুলি কৈ জবেহ কৰিবা। জবেহ কৰাৰ পিছত যেতিয়া মাটিত বাগৰি পৰিব, (হে কুৰবানীকাৰী ব্যক্তি!) তেতিয়া তোমালোকে তাৰ মাংস ভক্ষণ কৰা, আৰু সেইসকল দুখীয়াক দিয়া যিসকলে মানুহৰ আগত হাত প্ৰসাৰিত নকৰে, লগতে সেইসকল দুখীয়াকো দিয়া যিসকলে মানুহৰ ওচৰত বিচাৰি ফুৰে। এইদৰেই আমি সেই জন্তুবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ, যাতে তোমালোকে সেইবোৰক পৰিবহন হিচাপে ব্যৱহাৰ কৰিব পাৰা, লগতে সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ যাতে তোমালোকে আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ সেইবোৰক জবেহ কৰাৰ স্থানলৈ লৈ যাব পাৰা। আল্লাহে সেইবোৰক তোমালোকৰ অধীনস্থ কৰি দিয়াৰ বাবে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা।
ዓረብኛ ተፍሲሮች:
لَنْ یَّنَالَ اللّٰهَ لُحُوْمُهَا وَلَا دِمَآؤُهَا وَلٰكِنْ یَّنَالُهُ التَّقْوٰی مِنْكُمْ ؕ— كَذٰلِكَ سَخَّرَهَا لَكُمْ لِتُكَبِّرُوا اللّٰهَ عَلٰی مَا هَدٰىكُمْ ؕ— وَبَشِّرِ الْمُحْسِنِیْنَ ۟
তোমালোকৰ কুৰবানীৰ মাংস আৰু তেজ একোৱেই আল্লাহৰ ওচৰত গৈ নাপায়। এইবোৰক আল্লাহৰ ওচৰলৈ উঠায়ো লোৱা নহয়। কিন্তু জবেহ কৰাৰ সময়ত তোমালোকৰ আজ্ঞা পালন আৰু আগ্ৰহ তথা তাক্বৱাহে তেওঁৰ ওচৰলৈ গৈ পায়। সেয়ে তোমালোকে তেওঁৰ নৈকট্য অৰ্জন কৰিবলৈ ছোৱাবৰ আশাত নিৰ্ভেজালভাৱে কুৰবানী কৰা। যিহেতু আল্লাহে সেইবোৰক তোমালোকৰ অধীনস্থ কৰি দিছে, যাতে তোমালোকে সঠিক পথ পোৱাৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁৰ মহিমা বৰ্ণনা কৰা। হে ৰাছুল! লগতে আপুনি সেইসকল লোকক সুসংবাদ দিয়ক, যিসকলে উত্তমভাৱে আল্লাহৰ ইবাদত কৰে আৰু তেওঁৰ সৃষ্টিৰ সৈতে ভাল ব্যৱহাৰ কৰে।
ዓረብኛ ተፍሲሮች:
اِنَّ اللّٰهَ یُدٰفِعُ عَنِ الَّذِیْنَ اٰمَنُوْا ؕ— اِنَّ اللّٰهَ لَا یُحِبُّ كُلَّ خَوَّانٍ كَفُوْرٍ ۟۠
নিশ্চয় আল্লাহে মুমিনসকলক তেওঁলোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰে। নিশ্চয় আল্লাহে বিশ্বাসঘাতকতা কৰা ব্যক্তিক পছন্দ নকৰে। যিসকলে আল্লাহৰ নিয়ামত অস্বীকাৰ কৰে তথা সেই নিয়ামতৰ বাবে আল্লাহৰ কৃতজ্ঞতা নকৰি বিদ্বেষভাৱ পোষণ কৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• ضَرْب المثل لتقريب الصور المعنوية بجعلها في ثوب حسي، مقصد تربوي عظيم.
অদৃশ্য বস্তু এটাক উদাহৰণৰ জৰিয়তে বুজাই দিয়াটো হৈছে প্ৰশিক্ষণৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য।

• فضل التواضع.
বিনম্ৰতাৰ মহত্ব তথা শ্ৰেষ্ঠতা।

• الإحسان سبب للسعادة.
পৰোপকাৰ হৈছে কল্যাণ অৰ্জনৰ উপায়।

• الإيمان سبب لدفاع الله عن العبد ورعايته له.
ঈমানৰ কাৰণে আল্লাহে বান্দাক সুৰক্ষা প্ৰদান কৰে তথা তাৰ চোৱা-চিতা কৰে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ሐጅ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት