Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ኢስራዕ   አንቀፅ:
قُلْ كُوْنُوْا حِجَارَةً اَوْ حَدِیْدًا ۟ۙ
হে ৰাছুল! আপুনি সিহঁতক কওঁক যে, তোমালোকে যদি শিলৰ দৰে কঠিন আৰু লোৰ দৰে মজবুত হ'ব পাৰা তেন্তে হোৱা, কিন্তু এনেকুৱা কেতিয়াও হ'ব নোৱাৰিবা।
ዓረብኛ ተፍሲሮች:
اَوْ خَلْقًا مِّمَّا یَكْبُرُ فِیْ صُدُوْرِكُمْ ۚ— فَسَیَقُوْلُوْنَ مَنْ یُّعِیْدُنَا ؕ— قُلِ الَّذِیْ فَطَرَكُمْ اَوَّلَ مَرَّةٍ ۚ— فَسَیُنْغِضُوْنَ اِلَیْكَ رُءُوْسَهُمْ وَیَقُوْلُوْنَ مَتٰی هُوَ ؕ— قُلْ عَسٰۤی اَنْ یَّكُوْنَ قَرِیْبًا ۟
এই দুটাতকৈও যদি ডাঙৰ কিবা হ'ব বিচৰা তেন্তে হোৱা, তথাপিও আল্লাহে তোমালোকক পুনৰ উত্থিত কৰিব, যিদৰে প্ৰথমবাৰ সৃষ্টি কৰিছিল। এই স্বৈৰাচাৰী লোকসকলে ক'বঃ আমাৰ মৃত্যুৰ পিছত আকৌ আমাক কোনে জীৱিত কৰিব? আপুনি সিহঁতক কৈ দিয়কঃ তেৱেঁই তোমালোকক পুনৰ জীৱিত কৰিব যিয়ে তোমালোকক প্ৰথমবাৰ পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছিল। তেতিয়া সিহঁতে মূৰ দোৱাই আপোনাৰ উপহাস কৰি উত্তৰ দিবঃ এই পুনৰুত্থান কেতিয়া সংঘটিত হ'ব? আপুনি কৈ দিয়ক, সম্ভৱতঃ অতি সন্নিকট, কিয়নো আহিবলগীয়া সকলো বিষয় অতি সন্নিকট।
ዓረብኛ ተፍሲሮች:
یَوْمَ یَدْعُوْكُمْ فَتَسْتَجِیْبُوْنَ بِحَمْدِهٖ وَتَظُنُّوْنَ اِنْ لَّبِثْتُمْ اِلَّا قَلِیْلًا ۟۠
আল্লাহে তোমালোকক সেইদিনা পুনৰ জীৱিত কৰিব যিদিনা তেওঁ তোমালোকক হাশ্বৰৰ ময়দানলৈ আহ্বান কৰিব। সেইদিনা তোমালোকে তেওঁৰ আদেশ পালন কৰি, তেওঁৰ প্ৰশংসাৰ সৈতে এই কথা স্বীকাৰ কৰিবা, আৰু সেইদিনা তোমালোকে পতিয়ন যাবা যে, পৃথিৱীত তোমালোকে কেৱল কেইটামান দিনহে অতিবাহিত কৰিছিলা।
ዓረብኛ ተፍሲሮች:
وَقُلْ لِّعِبَادِیْ یَقُوْلُوا الَّتِیْ هِیَ اَحْسَنُ ؕ— اِنَّ الشَّیْطٰنَ یَنْزَغُ بَیْنَهُمْ ؕ— اِنَّ الشَّیْطٰنَ كَانَ لِلْاِنْسَانِ عَدُوًّا مُّبِیْنًا ۟
হে ৰাছুল! মোৰ মুমিন বান্দাসকলক আপুনি কৈ দিয়ক যে, তেওঁলোকে সম্বোধন কৰাৰ সময়ত যাতে উত্তম কথা কয়, ঘৃণনীয় বেয়া কথা যাতে পৰিহাৰ কৰে। কিয়নো চয়তানে এনেকুৱা কথাৰ জৰিয়তেই পাকে প্ৰকাৰে তেওঁৰ পৃথিৱী আৰু আখিৰাত বিনষ্ট কৰাৰ প্ৰয়াস কৰে। নিশ্চয় চয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু। গতিকে ইয়াৰ পৰা সতৰ্ক থকা অনিবাৰ্য।
ዓረብኛ ተፍሲሮች:
رَبُّكُمْ اَعْلَمُ بِكُمْ ؕ— اِنْ یَّشَاْ یَرْحَمْكُمْ اَوْ اِنْ یَّشَاْ یُعَذِّبْكُمْ ؕ— وَمَاۤ اَرْسَلْنٰكَ عَلَیْهِمْ وَكِیْلًا ۟
হে মানৱজাতি! তোমালোকৰ বিষয়ে তোমালোকৰ প্ৰতিপালক ভালদৰেই অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। যদি তেওঁ তোমালোকৰ প্ৰতি দয়া কৰিব বিচাৰে তেন্তে ঈমান আৰু নেক কৰ্মৰ তাওফীক প্ৰদান কৰি দয়া কৰে। আনহাতে শাস্তি দিব বিচাৰিলে তেওঁ তোমালোকক ঈমানৰ পৰা বঞ্চিত কৰি দিয়ে আৰু কুফৰী অৱস্থাত মৃত্যু প্ৰদান কৰায়। হে ৰাছুল! আমি আপোনাক সিহঁতৰ প্ৰতি নিৰীক্ষক বনাই প্ৰেৰণ কৰা নাই যে আপুনি সিহঁতক ঈমান আনিবলৈ বাধ্য কৰিব আৰু কুফৰীৰ পৰা বিৰত ৰাখিব তথা সিহঁতৰ কৰ্ম গণি ৰাখিব। বৰং আপোনাৰ দায়িত্ব হৈছে কেৱল সেই বিষয়টো অৱগত কৰোৱা যিটো অৱগত কৰাবলৈ আল্লাহে আপোনাক আদেশ দিছে।
ዓረብኛ ተፍሲሮች:
وَرَبُّكَ اَعْلَمُ بِمَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَلَقَدْ فَضَّلْنَا بَعْضَ النَّبِیّٖنَ عَلٰی بَعْضٍ وَّاٰتَیْنَا دَاوٗدَ زَبُوْرًا ۟
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক প্ৰত্যেক সেই বস্তু সম্পৰ্কে পৰিপূৰ্ণ অৱগত যিবোৰ আকাশমণ্ডল আৰু পৃথিৱীত আছে, তথা তেওঁ সেইবোৰৰ পৰিস্থিতি সম্পৰ্কেও অৱগত, লগতে এই কথাও জানে যে সেইবোৰ কিহৰ যোগ্য। নিশ্চয় আমি কিছুমান নবীক আন কিছুমান নবীৰ ওপৰত প্ৰাধান্য দিছো অধিক অনুসাৰী প্ৰদান কৰি আৰু গ্ৰন্থ প্ৰদান কৰি। আৰু দাঊদক প্ৰদান কৰিছিলো এখন গ্ৰন্থ, যাৰ নাম হৈছে ঝাবুৰ।
ዓረብኛ ተፍሲሮች:
قُلِ ادْعُوا الَّذِیْنَ زَعَمْتُمْ مِّنْ دُوْنِهٖ فَلَا یَمْلِكُوْنَ كَشْفَ الضُّرِّ عَنْكُمْ وَلَا تَحْوِیْلًا ۟
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, হে মুশ্বৰিকসকল! তোমালোকে সিহঁতক আহ্বান কৰা যিবোৰক তোমালোকে উপাস্য বুলি ধাৰণা কৰা। যদি তোমালোকৰ প্ৰতি কোনো বিপদ-আপদ আহে, সেইটোক তোমালোকৰ পৰা দূৰ কৰাৰ সিহঁতৰ ক্ষমতা নাই। আনকি সেইটোক স্থানান্তৰো কৰিব নোৱাৰে, এতেকে যিজন বিৱশ, সি কেতিয়াও উপাস্য হ'ব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اُولٰٓىِٕكَ الَّذِیْنَ یَدْعُوْنَ یَبْتَغُوْنَ اِلٰی رَبِّهِمُ الْوَسِیْلَةَ اَیُّهُمْ اَقْرَبُ وَیَرْجُوْنَ رَحْمَتَهٗ وَیَخَافُوْنَ عَذَابَهٗ ؕ— اِنَّ عَذَابَ رَبِّكَ كَانَ مَحْذُوْرًا ۟
ইহঁতে যিসকল ফিৰিস্তা আৰু অন্যান্য লোকক উপাস্য বুলি ভাৱে, স্বয়ং তেওঁলোকেই সৎকৰ্মৰ দ্বাৰা আল্লাহৰ নৈকট্য লাভৰ প্ৰয়াস কৰে, তথা আনুগত্যৰ দ্বাৰা নৈকট্য প্ৰাপ্তিৰ ক্ষেত্ৰত ইজনে সিজনৰ লগত প্ৰতিযোগিতা কৰে। তেওঁলোকে আল্লাহৰ দয়া কামনা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকৰ শাস্তি এটা ভয় কৰিবলগীয়া বিষয়।
ዓረብኛ ተፍሲሮች:
وَاِنْ مِّنْ قَرْیَةٍ اِلَّا نَحْنُ مُهْلِكُوْهَا قَبْلَ یَوْمِ الْقِیٰمَةِ اَوْ مُعَذِّبُوْهَا عَذَابًا شَدِیْدًا ؕ— كَانَ ذٰلِكَ فِی الْكِتٰبِ مَسْطُوْرًا ۟
আমি প্ৰত্যেক কুফৰী কৰা গাওঁ অথবা চহৰৰ অধিবাসীসকলক পাৰ্থিৱ জীৱনতে সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিছোঁ অথবা ধ্বংস কৰি পেলাইছোঁ, নাইবা কঠিন শাস্তিত পতিত কৰিছোঁ, যেনে হত্যা আৰু অন্যান্য শাস্তি। এই শাস্তি আৰু ধ্বংস আল্লাহৰ পূৰ্ব নিৰ্ধাৰিত সিদ্ধান্ত, যিটো লওহে মাহফুজত লিপিবদ্ধ।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• القول الحسن داع لكل خلق جميل وعمل صالح، فإنَّ من ملك لسانه ملك جميع أمره.
উত্তম কথাই মানুহৰ নেক আমল আৰু সৎচৰিত্ৰত ভাল প্ৰভাৱ পেলায়। নিশ্চয় যিয়ে নিজৰ জিভাখনক নিয়ন্ত্ৰণত ৰাখিব, ধৰি লোৱা তাৰ সকলো কৰ্ম নিয়ন্ত্ৰণ হৈ গ'ল।

• فاضل الله بين الأنبياء بعضهم على بعض عن علم منه وحكمة.
আল্লাহে নিজৰ হিকমত তথা জ্ঞানৰ দ্বাৰা কিছুমান নবীক আন কিছুমান নবীৰ ওপৰত প্ৰাধান্য প্ৰদান কৰিছে।

• الله لا يريد بعباده إلا ما هو الخير، ولا يأمرهم إلا بما فيه مصلحتهم.
আল্লাহে বান্দাৰ কেৱল কল্যাণহে বিচাৰে, সেয়ে তেওঁ সিহঁতক কেৱল সেইটোৰে আদেশ দিয়ে যিটোত সিহঁতৰ কল্যাণ আছে।

• علامة محبة الله أن يجتهد العبد في كل عمل يقربه إلى الله، وينافس في قربه بإخلاص الأعمال كلها لله والنصح فيها.
আল্লাহক ভাল পোৱাৰ পৰিচয় হৈছে এই যে, বান্দাই প্ৰত্যেক সেই কাম কৰে যি কৰ্মই তাক আল্লাহৰ নৈকট্য লাভ কৰায়। আৰু তেওঁৰ নৈকট্য লাভ কৰিবলৈ সকলো কৰ্ম বিশুদ্ধ কৰাৰ ক্ষেত্ৰত ইজনে সিজনৰ পৰা আগুৱাই যোৱাৰ প্ৰয়াস কৰে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ኢስራዕ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት