Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ኢስራዕ   አንቀፅ:
ذٰلِكَ مِمَّاۤ اَوْحٰۤی اِلَیْكَ رَبُّكَ مِنَ الْحِكْمَةِ ؕ— وَلَا تَجْعَلْ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ فَتُلْقٰی فِیْ جَهَنَّمَ مَلُوْمًا مَّدْحُوْرًا ۟
যিবোৰ আদেশ-নিষেধ আৰু বিধি-বিধান আমি বৰ্ণনা কৰিলোঁ, এইবোৰ হৈছে সেইসমূহ হিকমত যিবোৰ আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি অহী কৰিছে। হে মানৱ! তোমালোকে আল্লাহৰ লগত আন কোনো উপাস্যক অংশীদাৰ নকৰিবা। অন্যথা কিয়ামতৰ দিনা তোমাক প্ৰত্যেক কল্যাণৰ পৰা বঞ্চিত কৰি জাহান্নামত নিক্ষেপ কৰা হ'ব। তেতিয়া তুমিও নিজকে ভৰ্ৎসনা কৰিবা আৰু মানুহেও তোমাক ভৰ্ৎসনা কৰিব।
ዓረብኛ ተፍሲሮች:
اَفَاَصْفٰىكُمْ رَبُّكُمْ بِالْبَنِیْنَ وَاتَّخَذَ مِنَ الْمَلٰٓىِٕكَةِ اِنَاثًا ؕ— اِنَّكُمْ لَتَقُوْلُوْنَ قَوْلًا عَظِیْمًا ۟۠
হে সেইসকল ব্যক্তি! যিসকলে দাবী কৰে যে, ফিৰিস্তাসকল হৈছে আল্লাহৰ জীয়ৰি। কোৱাচোন তোমালোকে, আল্লাহে পুত্ৰ সন্তান কেৱল তোমালোকৰ বাবেই নিৰ্দিষ্ট কৰিছে নেকি? আৰু ফিৰিস্তাসকলক নিজৰ বাবে কন্যা সন্তান নিৰ্ধাৰণ কৰিছে নেকি? নিশ্চয় আল্লাহ তাআলা তোমালোকৰ এনেকুৱা উদ্ভট মন্তব্যৰ পৰা পৱিত্ৰ। তোমালোকে তেওঁৰ সৈতে সন্তানৰ বিষয়টো সম্পৃক্ত কৰি অত্যন্ত বেয়া কাম কৰিছা, তেওঁৰ কন্যা সন্তান থকা বুলি তোমালোকৰ ধাৰণাটো হৈছে গভীৰ কুফৰী।
ዓረብኛ ተፍሲሮች:
وَلَقَدْ صَرَّفْنَا فِیْ هٰذَا الْقُرْاٰنِ لِیَذَّكَّرُوْا ؕ— وَمَا یَزِیْدُهُمْ اِلَّا نُفُوْرًا ۟
নিশ্চয় আমি এই কোৰআনত আহকাম, উপদেশ আৰু বিভিন্ন উপমা-উদাহৰণ স্পষ্টৰূপে বৰ্ণনা কৰি দিছো। যাতে মানুহে ইয়াৰ পৰা উপদেশ গ্ৰহণ কৰিব পাৰে আৰু সেই পথত পৰিচালিত হ'ব পাৰে, যি পথ সিহঁতৰ বাবে উপকাৰী। লগতে সেইবোৰ যাতে পৰিত্যাগ কৰে যিবোৰ সিহঁতৰ বাবে ক্ষতিকাৰক। প্ৰকৃততে যিসকলৰ স্বভাৱত বক্ৰতা আছে সিহঁতে ইয়াৰ পৰা আৰু সত্যৰ পৰা আঁতৰি যায়, লগতে ঘৃণা কৰিবলৈ ধৰে।
ዓረብኛ ተፍሲሮች:
قُلْ لَّوْ كَانَ مَعَهٗۤ اٰلِهَةٌ كَمَا یَقُوْلُوْنَ اِذًا لَّابْتَغَوْا اِلٰی ذِی الْعَرْشِ سَبِیْلًا ۟
হে ৰাছুল! এই মুশ্বৰিকসকলক জনাই দিয়ক, আল্লাহৰ বাহিৰে যদি আন কোনো উপাস্যক থাকিলহেঁতেন, যিদৰে সিহঁতে মিছা আৰোপ কৰে, তেন্তে সেই তথাকথিত উপাস্যবোৰে মিলি মহা আৰশ্বৰ মালিক আল্লাহক বিচাৰিবলৈ পথ সন্ধান কৰিলেহেঁতেন, যাতে তেওঁক পৰাজিত কৰি ৰাজত্ব প্ৰতিষ্ঠা কৰিব পৰে।
ዓረብኛ ተፍሲሮች:
سُبْحٰنَهٗ وَتَعٰلٰی عَمَّا یَقُوْلُوْنَ عُلُوًّا كَبِیْرًا ۟
আল্লাহ সেই সকলো বিষয়ৰ পৰা পৱিত্ৰ, যিবোৰ মুশ্বৰিকসকলে তেওঁৰ প্ৰতি মিছা আৰোপ কৰে। সিহঁতে ধাৰণা কৰা বিষয়তকৈ তেওঁ সৰ্বোচ্চ।
ዓረብኛ ተፍሲሮች:
تُسَبِّحُ لَهُ السَّمٰوٰتُ السَّبْعُ وَالْاَرْضُ وَمَنْ فِیْهِنَّ ؕ— وَاِنْ مِّنْ شَیْءٍ اِلَّا یُسَبِّحُ بِحَمْدِهٖ وَلٰكِنْ لَّا تَفْقَهُوْنَ تَسْبِیْحَهُمْ ؕ— اِنَّهٗ كَانَ حَلِیْمًا غَفُوْرًا ۟
আকাশমণ্ডলে আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰে, পৃথিৱীয়েও তেওঁৰ পৱিত্ৰতাৰ গুণ গান কৰে, তথা আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো সৃষ্টিয়ে তেওঁৰ পৱিত্ৰতা বৰ্ণনা কৰে, বৰং সকলো বস্তুৱেই তেওঁৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতাৰ গুণ গান কৰে। কিন্তু তোমালোকে সিহঁতৰ পৱিত্ৰতা বৰ্ণনা কৰাৰ ধৰণ বুজি নোপোৱা। কাৰণ তোমালোকে কেৱল সেইটোৱে বুজি পোৱা যিটো তোমালোকৰ ভাষাত কথা কয়। নিশ্চয় তেওঁ অত্যন্ত সহনশীল, শাস্তি প্ৰদানত খৰখেদা নকৰে; আৰু তাওবাকাৰীসকলৰ প্ৰতি ক্ষমাশীল।
ዓረብኛ ተፍሲሮች:
وَاِذَا قَرَاْتَ الْقُرْاٰنَ جَعَلْنَا بَیْنَكَ وَبَیْنَ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ حِجَابًا مَّسْتُوْرًا ۟ۙ
হে ৰাছুল! যেতিয়া আপুনি সতৰ্ক আৰু উপদেশমূলক আয়াত সম্বলিত কোৰআন তিলাৱত কৰে, তেতিয়া আমি সেইসকল লোকৰ মাজত এটা অদৃশ্য পৰ্দা আঁৰি দিওঁ যিসকলে আপোনাৰ প্ৰতি আৰু কিয়ামতৰ প্ৰতি ঈমান পোষণ নকৰে। সিহঁতে সত্যৰ পৰা আঁতৰি যোৱাৰ কাৰণে শাস্তি প্ৰদানৰ উদ্দেশ্যেৰে সিহঁতক কোৰআন বুজাৰ পৰা বঞ্চিত কৰা হৈছে।
ዓረብኛ ተፍሲሮች:
وَّجَعَلْنَا عَلٰی قُلُوْبِهِمْ اَكِنَّةً اَنْ یَّفْقَهُوْهُ وَفِیْۤ اٰذَانِهِمْ وَقْرًا ؕ— وَاِذَا ذَكَرْتَ رَبَّكَ فِی الْقُرْاٰنِ وَحْدَهٗ وَلَّوْا عَلٰۤی اَدْبَارِهِمْ نُفُوْرًا ۟
আমি সিহঁতৰ অন্তৰত পৰ্দা আঁৰি দিওঁ, যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে। সিহঁতৰ শ্ৰৱণশক্তি গধূৰ কৰি দিওঁ যাতে সিহঁতে উপকৃত হোৱাৰ বাবে শুনিব নোৱাৰে। কোৰআনত আপুনি যেতিয়া অকল আল্লাহৰেই কথা কয় আৰু সিহঁতৰ তথাকথিত উপাস্যবোৰৰ কথা উল্লেখ নকৰে তেতিয়া সিহঁতে পিছমোৱা হৈ উভতি যায়। তথা আল্লাহৰ নিৰ্ভেজাল তাওহীদৰ পৰা আঁতৰি যায়।
ዓረብኛ ተፍሲሮች:
نَحْنُ اَعْلَمُ بِمَا یَسْتَمِعُوْنَ بِهٖۤ اِذْ یَسْتَمِعُوْنَ اِلَیْكَ وَاِذْ هُمْ نَجْوٰۤی اِذْ یَقُوْلُ الظّٰلِمُوْنَ اِنْ تَتَّبِعُوْنَ اِلَّا رَجُلًا مَّسْحُوْرًا ۟
সিহঁতৰ মাজৰ নেতৃবৃন্দৰ কোৰআন শুনাৰ ধৰণ সম্পৰ্কে আমি ভালদৰে অৱগত। কোৰআনৰ দ্বাৰা হিদায়ত গ্ৰহণ কৰা সিহঁতৰ উদ্দেশ্য নহয়, বৰং সিহঁতৰ উদ্দেশ্য হৈছে কোৰআন তিলাৱতৰ সময়ত আপোনাৰ উপহাস কৰা আৰু হুলস্থূল কৰা। সিহঁতৰ অস্বীকাৰ আৰু কোৰআনৰ পৰা মানুহক বাধা দিবলৈ সিহঁতে যি যি কৰে সেই সম্পৰ্কে আমি সম্যক অৱগত। এই বিষয়েও আমি জানো যে, কুফৰীৰ জৰিয়তে নিজৰ প্ৰতি অন্যায়কাৰী এই ব্যক্তিসকলে যেতিয়া কয়ঃ তোমালোকে কেৱল এজন যাদুকৰ ব্যক্তিৰহে অনুসৰণ কৰা, যাৰ মগজু বিকৃত হৈছে।
ዓረብኛ ተፍሲሮች:
اُنْظُرْ كَیْفَ ضَرَبُوْا لَكَ الْاَمْثَالَ فَضَلُّوْا فَلَا یَسْتَطِیْعُوْنَ سَبِیْلًا ۟
হে ৰাছুল! আপুনি ভাৱিলে আচৰিত হব, এই লোকসকলে আপোনাক কিমান যে বেয়া বেয়া বিশেষণেৰে বিশেষিত কৰিছে। এতেকে সিহঁতে সত্যৰ পৰা আঁতৰি গুমৰাহিত পতিত হৈছে, এতেকে কেতিয়াও সিহঁতে সত্যৰ পথ বিচাৰি নাপাব।
ዓረብኛ ተፍሲሮች:
وَقَالُوْۤا ءَاِذَا كُنَّا عِظَامًا وَّرُفَاتًا ءَاِنَّا لَمَبْعُوْثُوْنَ خَلْقًا جَدِیْدًا ۟
মুশ্বৰিকসকলে পুনৰুত্থানক অস্বীকাৰ কৰি কয়ঃ আমি মৃত্যুবৰণ কৰাৰ পাচত যেতিয়া গলি পচি হাড়ত পৰিণত হম আৰু আমাৰ শৰীৰ মাটিত মিহলি যাব, তাৰ পিছতো আমাক নতুনকৈ উঠোৱা হ’ব নেকি? নিশ্চয় এয়া অসম্ভৱ কথা।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الزعم بأن الملائكة بنات الله افتراء كبير، وقول عظيم الإثم عند الله عز وجل.
ফিৰিস্তাসকলক আল্লাহৰ কন্যা সন্তান বুলি ধাৰণা কৰাটো হৈছে এটা মহা অপবাদ। আৰু আল্লাহৰ ওচৰত এইটো এটা মহাপাপ।

• أكثر الناس لا تزيدهم آيات الله إلا نفورًا؛ لبغضهم للحق ومحبتهم ما كانوا عليه من الباطل.
আল্লাহৰ আয়াতৰ দ্বাৰা অধিকাংশ মানুহৰ ঘৃণাহে বৃদ্ধি পায়, কিয়নো সিহঁতে সত্যক অপছন্দ কৰে আৰু বাতিল তথা অসত্যক ভালপায়।

• ما من مخلوق في السماوات والأرض إلا يسبح بحمد الله تعالى فينبغي للعبد ألا تسبقه المخلوقات بالتسبيح.
আকাশমণ্ডল আৰু পৃথিৱীত যিবোৰ সৃষ্টি আছে সেই সকলোবোৰে আল্লাহৰ প্ৰশংসাৰ সৈতে তেওঁৰ পৱিত্ৰতাৰ গুণ গান কৰে। এতেকে তাছবীহ কৰাৰ ক্ষেত্ৰত আন আন মাখলুকে যাতে বান্দাসকলক পিচ পেলাব নোৱাৰে সেই বিষয়টোক বান্দাসকলে গুৰুত্ব দিয়া উচিত।

• من حلم الله على عباده أنه لا يعاجلهم بالعقوبة على غفلتهم وسوء صنيعهم، فرحمته سبقت غضبه.
আল্লাহৰ সহনশীলতাৰ অন্যতম পৰিচয় এই যে, বান্দাসকলৰ বেয়া কৰ্ম আৰু অমনোযোগিতাৰ পিছতো সিহঁতক শাস্তি প্ৰদানত খৰধৰ নকৰে। সদায় তেওঁৰ ৰহমত ক্ৰোধতকৈ আগত থাকে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ኢስራዕ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት