Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ከህፍ   አንቀፅ:

আল-কাহাফ

ከሱራዋ ጥቅል ሀሳብ መካከል:
بيان منهج التعامل مع الفتن.
ফিতনাৰ সময়ত সন্মুখীন হোৱা পৰিস্থিতিক মোকাবিলা কৰাৰ পদ্ধতিৰ বৰ্ণনা।

اَلْحَمْدُ لِلّٰهِ الَّذِیْۤ اَنْزَلَ عَلٰی عَبْدِهِ الْكِتٰبَ وَلَمْ یَجْعَلْ لَّهٗ عِوَجًا ۟ؕٚ
পৰিপূৰ্ণ আৰু প্ৰতাপৰ বিশেষণসমূহ তথা প্ৰকাশ্য আৰু অপ্ৰকাশ্য নিয়ামতসমূহৰ প্ৰশংসা এককভাৱে কেৱল সেই আল্লাহৰ বাবে নিৰ্দিষ্ট, যি সত্ত্বাই তেওঁৰ বান্দা তথা ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছে। এই কোৰআনত কোনো ধৰণৰ বক্ৰতা নাই তথা সত্যৰ পৰা দূৰ হোৱাৰো অৱকাশ নাই।
ዓረብኛ ተፍሲሮች:
قَیِّمًا لِّیُنْذِرَ بَاْسًا شَدِیْدًا مِّنْ لَّدُنْهُ وَیُبَشِّرَ الْمُؤْمِنِیْنَ الَّذِیْنَ یَعْمَلُوْنَ الصّٰلِحٰتِ اَنَّ لَهُمْ اَجْرًا حَسَنًا ۟ۙ
বৰং ইয়াক সহজ সৰল বনাইছে, ইয়াত কোনো বিভেদ তথা অন্তৰ্বিৰোধ নাই। যাতে ই কাফিৰসকলক আল্লাহৰ সেই শাস্তিৰ পৰা ভয় দেখুৱায়, যাৰ বাবে সিহঁতে অপেক্ষা কৰি আছে। লগতে সৎকৰ্মশীল মুমিনসকলক যাতে সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে আনন্দদায়ক উত্তম প্ৰতিদান, যাৰ মোকাবিলাত আন কোনো প্ৰতিদান নাই।
ዓረብኛ ተፍሲሮች:
مَّاكِثِیْنَ فِیْهِ اَبَدًا ۟ۙ
তেওঁলোকে চিৰকাল সেই প্ৰতিদানৰ মাজতেই থাকিব, সেই প্ৰতিদান কেতিয়াও বিচ্ছিন্ন নহ'ব।
ዓረብኛ ተፍሲሮች:
وَّیُنْذِرَ الَّذِیْنَ قَالُوا اتَّخَذَ اللّٰهُ وَلَدًا ۟ۗ
লগতে যাতে ইয়াহুদী, খৃষ্টান আৰু সেইসকল মুশ্বৰিকক সাৱধান কৰিব পাৰে, যিসকলে কয়ঃ আল্লাহে সন্তান গ্ৰহণ কৰিছে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أنزل الله القرآن متضمنًا الحق والعدل والشريعة والحكم الأمثل .
সত্য, ন্যায়, চৰীয়ত আৰু আদৰ্শ নিৰ্ণয় সহকাৰে আল্লাহে এই কোৰআন অৱতীৰ্ণ কৰিছে।

• جواز البكاء في الصلاة من خوف الله تعالى.
ছালাতত আল্লাহৰ ভয়ত কন্দা কটাৰ বৈধতা।

• الدعاء أو القراءة في الصلاة يكون بطريقة متوسطة بين الجهر والإسرار.
ছালাতত দুআ আৰু তিলাৱত কৰাৰ সময়ত মধ্যম পন্থা অৱলম্বন কৰা উচিত, অতি উচ্চস্বৰেও নহয়, অতি নিম্নস্বৰেও নহয়।

• القرآن الكريم قد اشتمل على كل عمل صالح موصل لما تستبشر به النفوس وتفرح به الأرواح.
পৱিত্ৰ কোৰআনত প্ৰত্যেক এনেকুৱা সৎকৰ্মৰ শিক্ষা আছে, যাৰ ফলত উত্তম প্ৰতিদান পোৱা যায়, এনেকুৱা প্ৰতিদান যাৰ দ্বাৰা আত্মাই সন্তুষ্টি লাভ কৰে আৰু অন্তৰে আনন্দ লাভ কৰে।

مَا لَهُمْ بِهٖ مِنْ عِلْمٍ وَّلَا لِاٰبَآىِٕهِمْ ؕ— كَبُرَتْ كَلِمَةً تَخْرُجُ مِنْ اَفْوَاهِهِمْ ؕ— اِنْ یَّقُوْلُوْنَ اِلَّا كَذِبًا ۟
আল্লাহৰ সন্তান থকা বুলি দাবী কৰা মিছলীয়াসকলৰ ওচৰত কোনো জ্ঞান তথা উপযুক্ত প্ৰমাণ নাই। আনকি সিহঁতৰ পিতৃপুৰুষসকলৰ ওচৰতো কোনো জ্ঞান নাছিল যে, সেই জ্ঞানৰ অনুসৰণ কৰিব। এনেকুৱা বাক্য উচ্চাৰণ কৰা মহা অপৰাধ, যিবোৰ সিহঁতে নুবুজাকৈ মুখেৰে মাতি আছে। সিহঁতে কোৱা কথাষাৰ প্ৰকাশ্য মিছা, ইয়াৰ কোনো তথ্য তথা ভিত্তি নাই।
ዓረብኛ ተፍሲሮች:
فَلَعَلَّكَ بَاخِعٌ نَّفْسَكَ عَلٰۤی اٰثَارِهِمْ اِنْ لَّمْ یُؤْمِنُوْا بِهٰذَا الْحَدِیْثِ اَسَفًا ۟
হে ৰাছুল! এনেকুৱা লাগি আছে, সিহঁতে যদি এই কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰে, তেন্তে আপুনি দেখোন দুখ আৰু আক্ষেপত নিজৰেই প্ৰাণ হানি কৰিব। আপুনি দুখ তথা আক্ষেপ নকৰিব। সিহঁতক হিদায়ত দিয়াৰ দায়িত্ব আপোনাৰ নহয়। আপোনাৰ দায়িত্ব হৈছে কেৱল বাৰ্তা পৌঁচাই দিয়া।
ዓረብኛ ተፍሲሮች:
اِنَّا جَعَلْنَا مَا عَلَی الْاَرْضِ زِیْنَةً لَّهَا لِنَبْلُوَهُمْ اَیُّهُمْ اَحْسَنُ عَمَلًا ۟
পৃথিৱীৰ বুকুত পোৱা সকলো বস্তুকে আমি ইয়াৰ সৌন্দৰ্য বনাই দিছো, যাতে আমি সিহঁতক পৰীক্ষা কৰিব পাৰো, কোনে আল্লাহক সন্তুষ্ট কৰিবলৈ সৎকৰ্ম কৰে আৰু কোনে বেয়া কৰ্ম কৰে। যাতে আমি প্ৰত্যেককে উচিত প্ৰতিদান দিব পাৰো।
ዓረብኛ ተፍሲሮች:
وَاِنَّا لَجٰعِلُوْنَ مَا عَلَیْهَا صَعِیْدًا جُرُزًا ۟ؕ
পৃথিৱীৰ বুকুত থকা সকলো সৃষ্টিক আমি গছ-গছনিহীন মাটিত পৰিণত কৰিম। এইটো সেই সময়ত সংঘটিত হ'ব, যেতিয়া পৃথিৱীত থকা মখলুকাতৰ অন্ত পৰিব। গতিকে ইয়াৰ পৰা শিক্ষা লোৱা উচিত।
ዓረብኛ ተፍሲሮች:
اَمْ حَسِبْتَ اَنَّ اَصْحٰبَ الْكَهْفِ وَالرَّقِیْمِ كَانُوْا مِنْ اٰیٰتِنَا عَجَبًا ۟
হে ৰাছুল! আপুনি আচহাবে কাহাফৰ ঘটনা আৰু তেওঁলোকৰ সেই ফলকখন, য’ত তেওঁলোকৰ নামসমূহ লিখা আছিল সেইবোৰক আমাৰ আচৰিত নিদৰ্শন বুলি গণ্য নকৰিব। বৰং ইয়াতকৈও আশ্চৰ্যজনক বস্তু আছে, যেনেঃ আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি।
ዓረብኛ ተፍሲሮች:
اِذْ اَوَی الْفِتْیَةُ اِلَی الْكَهْفِ فَقَالُوْا رَبَّنَاۤ اٰتِنَا مِنْ لَّدُنْكَ رَحْمَةً وَّهَیِّئْ لَنَا مِنْ اَمْرِنَا رَشَدًا ۟
হে ৰাছুল! স্মৰণ কৰক, যেতিয়া কেইজনমান যুৱকে নিজৰ দ্বীন সম্পৰ্কে শংকিত হৈ গুফাত আশ্ৰয় লোৱাৰ বাবে পলায়ন কৰিছিল। তেওঁলোকে প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছিলঃ হে আমাৰ প্ৰতিপালক! তুমি আমাৰ প্ৰতি এনেকৈ দয়া কৰা যাতে আমাৰ সকলো গুনাহ ক্ষমা কৰি দিয়া, আৰু আমাৰ শত্ৰুৰ পৰা ৰক্ষা কৰা, কাফিৰৰ পৰা হিজৰত কৰাৰ তাওফীক দিয়া, লগতে ঈমানৰ ক্ষেত্ৰত তুমি আমাক সঠিক আৰু পোন পথ দেখুৱাই দিয়া।
ዓረብኛ ተፍሲሮች:
فَضَرَبْنَا عَلٰۤی اٰذَانِهِمْ فِی الْكَهْفِ سِنِیْنَ عَدَدًا ۟ۙ
এতেকে যেতিয়া তেওঁলোক গুফাত উপস্থিত হৈ তাত আশ্ৰয় ল'লে, তেতিয়া আমি তেওঁলোকৰ কাণত পৰ্দা পেলাই দিলো, যাতে কোনো শব্দ শুনিব নোৱাৰে, লগতে অনেক বছৰলৈকে তেওঁলোকক টোপনিগ্ৰস্ত কৰিলো।
ዓረብኛ ተፍሲሮች:
ثُمَّ بَعَثْنٰهُمْ لِنَعْلَمَ اَیُّ الْحِزْبَیْنِ اَحْصٰی لِمَا لَبِثُوْۤا اَمَدًا ۟۠
দীৰ্ঘ টোপনিৰ পিছত আমি তেওঁলোকক সজাগ কৰিলো, এই কথা প্ৰকাশ কৰিবলৈ যে, তেওঁলোকে অৱস্থান কৰা সময় সম্পৰ্কে মতভেদ কৰাৰ মাজত দুয়ো পক্ষৰ কোনটো পক্ষই অধিক মনত ৰাখিছে।
ዓረብኛ ተፍሲሮች:
نَحْنُ نَقُصُّ عَلَیْكَ نَبَاَهُمْ بِالْحَقِّ ؕ— اِنَّهُمْ فِتْیَةٌ اٰمَنُوْا بِرَبِّهِمْ وَزِدْنٰهُمْ هُدًی ۟ۗۖ
হে ৰাছুল! আমি আপোনাক প্ৰকৃত সত্যৰ সৈতে তেওঁলোকৰ বিষয়ে অৱগত কৰাম, য’ত কোনো সন্দেহ নাই। দৰাচলতে তেওঁলোক আছিল কেইজনমান উদীয়মান অহা যুৱক, যিসকলে নিজ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁৰ আনুগত্য সহকাৰে সৎকৰ্ম কৰিছিল, সেয়ে আমি তেওঁলোকৰ হিদায়ত আৰু সত্যৰ ওপৰত দৃঢ়তা বৃদ্ধি কৰি দিছিলোঁ।
ዓረብኛ ተፍሲሮች:
وَّرَبَطْنَا عَلٰی قُلُوْبِهِمْ اِذْ قَامُوْا فَقَالُوْا رَبُّنَا رَبُّ السَّمٰوٰتِ وَالْاَرْضِ لَنْ نَّدْعُوَاۡ مِنْ دُوْنِهٖۤ اِلٰهًا لَّقَدْ قُلْنَاۤ اِذًا شَطَطًا ۟
আমি তেওঁলোকৰ অন্তৰক ঈমান, আৰু ইয়াৰ প্ৰতি দৃঢ়তা, লগতে হিজৰত কৰিবলৈ ধৈৰ্য্য ধাৰণ কৰাৰ সাহস প্ৰদান কৰি শক্তিশালী কৰিছিলোঁ। যেতিয়া তেওঁলোকে কাফিৰ ৰজাৰ সন্মুখত থিয় হৈ এক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ কথা ঘোষণা কৰি কৈছিলঃ আমি যি প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰিছোঁ আৰু যাৰ আমি ইবাদত কৰোঁ, তেওঁ হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালক। আমি তেওঁৰ বাহিৰে তথাকথিত মিছলীয়া উপাস্যবোৰৰ কেতিয়াও উপাসনা নকৰোঁ। যদি আমি তেওঁৰ বাহিৰে আন কাৰো ইবাদত কৰোঁ তেন্তে এয়া সত্যৰ পৰা বহু দূৰত অৱস্থিত বেয়া কথা হ'ব।
ዓረብኛ ተፍሲሮች:
هٰۤؤُلَآءِ قَوْمُنَا اتَّخَذُوْا مِنْ دُوْنِهٖۤ اٰلِهَةً ؕ— لَوْلَا یَاْتُوْنَ عَلَیْهِمْ بِسُلْطٰنٍ بَیِّنٍ ؕ— فَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ كَذِبًا ۟ؕ
তাৰ পিছত তেওঁলোকে ইজনে সিজনক সম্বোধন কৰি ক'লেঃ এয়া হৈছে আমাৰ জাতিৰ লোকসকল, যিসকলে আল্লাহৰ বাহিৰে অতিৰিক্ত আন বহুতো উপাস্য বনাই লৈছে, যিবোৰৰ সিহঁতে উপাসনা কৰে। যদিও সিহঁতৰ ওচৰত এনেকুৱা পূজা পাঠৰ কোনো স্পষ্ট প্ৰমাণ নাই। এতেকে সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মনেসজা মিছা অংশীদাৰ স্থাপন কৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الداعي إلى الله عليه التبليغ والسعي بغاية ما يمكنه، مع التوكل على الله في ذلك، فإن اهتدوا فبها ونعمت، وإلا فلا يحزن ولا يأسف.
দাঈসকলৰ দায়িত্ব হৈছে আল্লাহৰ বাৰ্তা সুচাৰূপে পৌঁচাই দিয়া তথা আল্লাহৰ ওপৰত ভৰসা কৰি যথা সম্ভৱ প্ৰয়াস কৰা। যদি মানুহে সঠিক পথ মানি লয় তেন্তে বহুত ভাল কথা, অন্যথা ইয়াৰ বাবে দুখ তথা পৰিতাপ কৰা উচিত নহয়।

• في العلم بمقدار لبث أصحاب الكهف، ضبط للحساب، ومعرفة لكمال قدرة الله تعالى وحكمته ورحمته.
গুফাবাসীৰ অৱস্থানৰ সময়সীমা সম্পৰ্কীয় জ্ঞানত আছে গণনাৰ সঠিক পদ্ধতি তথা আল্লাহৰ পৰিপূৰ্ণ ক্ষমতাৰ তথা তেওঁৰ হিকমত আৰু দয়াৰ পৰিচয়।

• في الآيات دليل صريح على الفرار بالدين وهجرة الأهل والبنين والقرابات والأصدقاء والأوطان والأموال؛ خوف الفتنة.
উক্ত আয়াতসমূহত এই কথাৰ স্পষ্ট প্ৰমাণ পোৱা যায় যে, দ্বীনৰ ক্ষেত্ৰত ফিতনাৰ আশংকা হ'লে ঘৰ পৰিয়াল, সন্তান-সন্ততি, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ, দেশ তথা ধন-সম্পদ ত্যাগ কৰি হিজৰত কৰাৰ অনুমতি আছে।

• ضرورة الاهتمام بتربية الشباب؛ لأنهم أزكى قلوبًا، وأنقى أفئدة، وأكثر حماسة، وعليهم تقوم نهضة الأمم.
যুৱকসকলক শিক্ষা দিয়াৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন আছে। কিয়নো তেওঁলোকৰ অন্তৰ অধিক পৱিত্ৰ তথা চাফ থাকে, লগতে তেওঁলোক অধিক উদ্যম, তেওঁলোকৰ ওপৰতেই জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে।

وَاِذِ اعْتَزَلْتُمُوْهُمْ وَمَا یَعْبُدُوْنَ اِلَّا اللّٰهَ فَاْوٗۤا اِلَی الْكَهْفِ یَنْشُرْ لَكُمْ رَبُّكُمْ مِّنْ رَّحْمَتِهٖ وَیُهَیِّئْ لَكُمْ مِّنْ اَمْرِكُمْ مِّرْفَقًا ۟
যিহেতু তোমালোকে নিজ সম্প্ৰদায়ৰ পৰা নিলগীয়া হৈছা, লগতে আল্লাহৰ বাহিৰে সিহঁতে উপাসনা কৰা সকলো উপাস্যক তোমালোকে পৰিত্যাগ কৰিছা, তথা তোমালোকে এক আল্লাহৰ বাহিৰে আন কোনো উপাস্যৰ ইবাদত নকৰা, সেয়েহে এতিয়া তোমালোকে নিজৰ দ্বীন ৰক্ষা কৰি কোনো গুহাত আশ্ৰয় লোৱাগৈ, য'ত তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে তেওঁৰ দয়া বিস্তাৰ কৰিব। সেই ৰহমতে তোমালোকক তোমালোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰিব। লগতে তোমালোকৰ বিষয়ক সুবিধাজনক আৰু উপকাৰী বনাই দিব, যাতে তোমালোকে নিজ সম্প্ৰদায়ৰ মাজত জীৱন-যাপনৰ পৰিপূৰক হয়।
ዓረብኛ ተፍሲሮች:
وَتَرَی الشَّمْسَ اِذَا طَلَعَتْ تَّزٰوَرُ عَنْ كَهْفِهِمْ ذَاتَ الْیَمِیْنِ وَاِذَا غَرَبَتْ تَّقْرِضُهُمْ ذَاتَ الشِّمَالِ وَهُمْ فِیْ فَجْوَةٍ مِّنْهُ ؕ— ذٰلِكَ مِنْ اٰیٰتِ اللّٰهِ ؕ— مَنْ یَّهْدِ اللّٰهُ فَهُوَ الْمُهْتَدِ ۚ— وَمَنْ یُّضْلِلْ فَلَنْ تَجِدَ لَهٗ وَلِیًّا مُّرْشِدًا ۟۠
ফলত তেওঁলোকে তেওঁলোকক দিয়া আদেশ পালন কৰিলে। আৰু আল্লাহে তেওঁলোকৰ চকুত টোপনি ঢালি দিলে, আৰু তেওঁলোকক তেওঁলোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰিলে। (হে দৰ্শকসকল) সূৰ্য্য যেতিয়া পূৱ দিশত উদয় হয় তেতিয়া সূৰ্য্যৰ কিৰণ গুহাত প্ৰৱেশকাৰীৰ সোঁফালেৰে পাৰ হয়, আনহাতে বেলি মাৰ যোৱাৰ সময়ত গুহাৰ বাওঁফালেৰে ফালৰি কাটি সূৰ্যাস্ত যায়, গতিকে গৰমে তেওঁলোকক কষ্ট দিয়া নাছিল, তেওঁলোকক স্থায়ী ছাঁত অৱস্থান কৰিছিল। প্ৰয়োজন অনুসাৰে তেওঁলোকে বতাহ পাইছিল। তেওঁলোকৰ লগত সংঘটিত হোৱা এই সকলোবোৰ, যেনেঃ গুহাত অৱস্থান, তেওঁলোকৰ প্ৰতি টোপনিৰ পয়োভৰ, ৰ'দ নপৰা, প্ৰশস্ত ঠাই আৰু নিজ সম্প্ৰদায়ৰ পৰা মুক্তি আদি আল্লাহৰ আশ্চৰ্যজনক কৰ্ম, যিবোৰে তেওঁৰ অসীম ক্ষমতা প্ৰমাণ কৰে। আল্লাহে যাক হিদায়তৰ তাওফীক প্ৰদান কৰে, তেৱেঁই প্ৰকৃত হিদায়তপ্ৰাপ্ত। আনহাতে তেওঁ যাক এৰি দিয়ে তথা পথভ্ৰষ্ট কৰে, আপুনি তাৰ বাবে হিদায়তৰ তাওফীক দিব পৰা অথবা পথ দেখুৱাব পৰা কোনো সহায়ক বিচাৰি নাপাব। কিয়নো হিদায়তৰ অধিকাৰ একমাত্ৰ আল্লাহৰ হাতত, তেওঁৰ বাহিৰে আন কাৰো হাতত নাই।
ዓረብኛ ተፍሲሮች:
وَتَحْسَبُهُمْ اَیْقَاظًا وَّهُمْ رُقُوْدٌ ۖۗ— وَّنُقَلِّبُهُمْ ذَاتَ الْیَمِیْنِ وَذَاتَ الشِّمَالِ ۖۗ— وَكَلْبُهُمْ بَاسِطٌ ذِرَاعَیْهِ بِالْوَصِیْدِ ؕ— لَوِ اطَّلَعْتَ عَلَیْهِمْ لَوَلَّیْتَ مِنْهُمْ فِرَارًا وَّلَمُلِئْتَ مِنْهُمْ رُعْبًا ۟
হে প্ৰত্যক্ষকাৰী! যিহেতু তেওঁলোকৰ চকু খোলা আছিল, সেয়ে তোমালোকে হয়তো তেওঁলোকক জাগি থকা বুলি ভাৱিলাহেঁতেন। যদিও প্ৰকৃততে তেওঁলোক আছিল টোপনিত। আমি তেওঁলোকৰ কেতিয়াবা সোঁফালে কাতি সলাই দিছিলোঁ, আকৌ কেতিয়াবা বাওঁফালে, যাতে মাটিয়ে তেওঁলোকৰ শৰীৰ খাই নেপেলায়। আৰু তেওঁলোকৰ কুকুৰটো আগফালৰ দুয়ো ঠেং প্ৰসাৰিত কৰি গুহাৰ প্ৰৱেশদ্বাৰত শুই আছিল। যদি তুমি তেওঁলোকক ভুমুকি মাৰি চোৱাৰ চেষ্টা কৰিলাহেঁতেন তেন্তে ভয়তে দৌৰি পলালাহেঁতেন, আৰু তোমাৰ অন্তৰ ভীত-সন্ত্ৰস্ত হৈ পৰিলহেঁতেন।
ዓረብኛ ተፍሲሮች:
وَكَذٰلِكَ بَعَثْنٰهُمْ لِیَتَسَآءَلُوْا بَیْنَهُمْ ؕ— قَالَ قَآىِٕلٌ مِّنْهُمْ كَمْ لَبِثْتُمْ ؕ— قَالُوْا لَبِثْنَا یَوْمًا اَوْ بَعْضَ یَوْمٍ ؕ— قَالُوْا رَبُّكُمْ اَعْلَمُ بِمَا لَبِثْتُمْ ؕ— فَابْعَثُوْۤا اَحَدَكُمْ بِوَرِقِكُمْ هٰذِهٖۤ اِلَی الْمَدِیْنَةِ فَلْیَنْظُرْ اَیُّهَاۤ اَزْكٰی طَعَامًا فَلْیَاْتِكُمْ بِرِزْقٍ مِّنْهُ  وَلَا یُشْعِرَنَّ بِكُمْ اَحَدًا ۟
যিদৰে এই ক্ষেত্ৰত আমি আমাৰ অদ্ভুত শক্তি প্ৰদৰ্শন কৰিছোঁ, যাৰ উল্লেখ আমি ইতিপূৰ্বে কৰিছোঁ, সেইদৰে আমি তেওঁলোকক এটা দীৰ্ঘ সময়ৰ পিছত টোপনিৰ পৰা জগাই তুলিছিলোঁ, যাতে তেওঁলোকে ইজনে সিজনক সুধিব পাৰে যে, তেওঁলোকে কিমান দিন শুই আছিল। এতেকে তেওঁলোকে ইজনে সিজনক সুধিলে, কোনোবাই ক'লেঃ আমি এদিন অথবা দিনৰ এটা অংশ শুই কটাইছোঁ, আন কিছুমানে যিসকলে অনুমান কৰিব পৰা নাছিল তেওঁলোকে ক'লেঃ তোমালোকে কিমান দিন শুই আছিলা এইটো তোমালোকৰ প্ৰতিপালকেই ভালদৰে জানে। এতেকে এই বিষয়টোক তেওঁৰ ওচৰতেই অৰ্পন কৰা আৰু নিজৰ কামত মনোযোগ দিয়া। আৰু তোমালোকৰ মাজৰ কোনোবা এজনক এই মুদ্ৰাৰ সৈতে পৰিচিত চহৰলৈ প্ৰেৰণ কৰা, যাতে তেওঁ পৱিত্ৰ খাদ্যদ্ৰৱ্য সন্ধান কৰি আনিব পাৰে। অহা যোৱা আৰু বজাৰ কৰাৰ সময়ত তেওঁ সাৱধান থকা উচিত তথা কৌশল অৱলম্বন কৰা উচিত, যাতে কোনেও আমাৰ এই অৱস্থান সম্পৰ্কে অৱগত নহয়। অন্যথা ডাঙৰ ক্ষতি হ'ব পাৰে।
ዓረብኛ ተፍሲሮች:
اِنَّهُمْ اِنْ یَّظْهَرُوْا عَلَیْكُمْ یَرْجُمُوْكُمْ اَوْ یُعِیْدُوْكُمْ فِیْ مِلَّتِهِمْ وَلَنْ تُفْلِحُوْۤا اِذًا اَبَدًا ۟
যদি তোমালোকৰ সম্প্ৰদায়ে তোমালোকৰ খবৰ পাই যায় তথা তোমালোকৰ এই অৱস্থান সম্পৰ্কে যদি অৱগত হয় তেন্তে সিহঁতে তোমালোকক শিল দলিয়াই মৃত্যুদণ্ড দিব, নাইবা সিহঁতৰ বিভ্ৰান্ত ধৰ্মলৈ ধৰ্মান্তৰিত কৰিব, আল্লাহে সঠিক দ্বীনৰ হিদায়ত দিয়াৰ পূৰ্বে যি ধৰ্মত তোমালোকে দীক্ষিত আছিলা। যদি তোমালোকে সেই বিভ্ৰান্ত ধৰ্মলৈ উভতি যোৱা তেন্তে কেতিয়াও সফল হ'ব নোৱাৰিবা, এই পৃথিৱীতো নোৱাৰিবা আৰু আখিৰাততো সফল হ'ব নোৱাৰিবা। আল্লাহে হিদায়ত কৰা এই সত্য ধৰ্মক যদি তোমালোকে পৰিত্যাগ কৰা অথবা বিভ্ৰান্ত ধৰ্মলৈ উভতি যোৱা তেন্তে তোমালোকে ভয়ংকৰ ক্ষতিৰ সন্মুখীন হ'বা।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من حكمة الله وقدرته أن قَلَّبهم على جنوبهم يمينًا وشمالًا بقدر ما لا تفسد الأرض أجسامهم، وهذا تعليم من الله لعباده.
এয়া আল্লাহৰ হিকমত আৰু ক্ষমতাৰ অন্তৰ্ভুক্ত যে, তেৱেঁই তেওঁলোকক সময় অনুসাৰে কেতিয়াবা সোঁফালে আৰু কেতিয়াবা বাওঁফালে কাতি সলাই দিছিল, যাতে মাটিয়ে তেওঁলোকৰ শৰীৰ খাই নেপেলায়। এইটো আল্লাহৰ ফালৰ পৰা তেওঁৰ বান্দাসকলৰ বাবে এটা শিক্ষা।

• جواز اتخاذ الكلاب للحاجة والصيد والحراسة.
চিকাৰ তথা সুৰক্ষাৰ উদ্দেশ্যে প্ৰয়োজন অনুসাৰে কুকুৰ পোহা বৈধ।

• انتفاع الإنسان بصحبة الأخيار ومخالطة الصالحين حتى لو كان أقل منهم منزلة، فقد حفظ ذكر الكلب لأنه صاحَبَ أهل الفضل.
মানুহে সৎ তথা নেক লোকৰ সঙ্গ অৱলম্বন কৰি উপকৃত হোৱা উচিত, যদিও তেওঁলোকতকৈ তাৰ মৰ্যাদা যিমানেই কম নহওঁক কিয়, কিয়নো আল্লাহে এটা কুকুৰৰ বৰ্ণনাও সংৰক্ষণ কৰি ৰাখিছে, কাৰণ সি নেক লোকৰ সংস্পৰ্শত আছিল।

• دلت الآيات على مشروعية الوكالة، وعلى حسن السياسة والتلطف في التعامل مع الناس.
উক্ত আয়াতসমূহত প্ৰতিনিধি নিযুক্ত কৰাৰ প্ৰমাণ পোৱা যায়, এইদৰে মানুহৰ লগত ভাল ব্যৱহাৰ আৰু উত্তম নেতৃত্ব দিয়াৰো প্ৰমাণ পোৱা যায়।

وَكَذٰلِكَ اَعْثَرْنَا عَلَیْهِمْ لِیَعْلَمُوْۤا اَنَّ وَعْدَ اللّٰهِ حَقٌّ وَّاَنَّ السَّاعَةَ لَا رَیْبَ فِیْهَا ۚۗ— اِذْ یَتَنَازَعُوْنَ بَیْنَهُمْ اَمْرَهُمْ فَقَالُوا ابْنُوْا عَلَیْهِمْ بُنْیَانًا ؕ— رَبُّهُمْ اَعْلَمُ بِهِمْ ؕ— قَالَ الَّذِیْنَ غَلَبُوْا عَلٰۤی اَمْرِهِمْ لَنَتَّخِذَنَّ عَلَیْهِمْ مَّسْجِدًا ۟
যিদৰে আমি তেওঁলোকৰ লগত বহুতো আশ্চৰ্যজনক কাম কৰিছোঁ, যেনেঃ বহুত বছৰলৈকে টোপনি প্ৰদান কৰা, তাৰ পিছত টোপনিৰ পৰা জগাই তোলা, ঠিক সেইদৰে আমি নগৰৰ অধিবাসীসকলকো অৱগত কৰাইছিলো, যাতে তেওঁলোকে পতিয়ন যায় যে, আল্লাহে মুমিনসকলক সহায় কৰাৰ আৰু মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰাৰ যি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য। আৰু নিশ্চিতভাৱে কিয়ামত অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই। এতেকে যেতিয়া গুহাত অৱস্থান কৰা লোকসকলৰ বিষয়টো উন্মোচন হ'ল আৰু তেওঁলোকৰ মৃত্যু হ'ল, তেতিয়া তেওঁলোকৰ পৰিচিত লোকসকলৰ মাজত এই বিষয়টোলৈ মতভেদ সৃষ্টি হ'ল যে, তেওঁলোকৰ বিষয়ে কি কৰা উচিত? তেতিয়া কিছুসংখ্যক লোকে ক'লেঃ গুহাৰ দুৱাৰডলিত এটা অট্টালিকা নিৰ্মাণ কৰা হওক, ফলত এওঁলোক অন্তৰালত থাকিব আৰু সুৰক্ষিত থাকিব। তেওঁলোকৰ প্ৰতিপালক তেওঁলোকৰ বিষয় অধিক অৱগত। এতেকে তেওঁলোকৰ অৱস্থাই প্ৰমাণ কৰে যে, তেওঁলোক আল্লাহৰ ওচৰত বিশেষ স্থানপ্ৰাপ্ত। আনহাতে সেইসকল লোকৰ মাজত থকা প্ৰভাৱশালী লোকসকলে (যিসকলৰ ওচৰত কোনো জ্ঞান নাছিল তথা সঠিক দাৱাতৰ অভাৱ আছিল) ক'লেঃ আমি এই স্থানত তেওঁলোকৰ সন্মানাৰ্থে তথা স্মৃতিৰ বাবে এখন মছজিদ নিৰ্মাণ কৰিম।
ዓረብኛ ተፍሲሮች:
سَیَقُوْلُوْنَ ثَلٰثَةٌ رَّابِعُهُمْ كَلْبُهُمْ ۚ— وَیَقُوْلُوْنَ خَمْسَةٌ سَادِسُهُمْ كَلْبُهُمْ رَجْمًا بِالْغَیْبِ ۚ— وَیَقُوْلُوْنَ سَبْعَةٌ وَّثَامِنُهُمْ كَلْبُهُمْ ؕ— قُلْ رَّبِّیْۤ اَعْلَمُ بِعِدَّتِهِمْ مَّا یَعْلَمُهُمْ اِلَّا قَلِیْلٌ ۫۬— فَلَا تُمَارِ فِیْهِمْ اِلَّا مِرَآءً ظَاهِرًا ۪— وَّلَا تَسْتَفْتِ فِیْهِمْ مِّنْهُمْ اَحَدًا ۟۠
তেওঁলোকৰ ঘটনাক কেন্দ্ৰ কৰি কিছুমান লোকে অযথা মূৰ ঘমাই তেওঁলোকৰ সংখ্যা সম্পৰ্কে ক'ব যে, তেওঁলোক আছিল তিনিজন আৰু চতুৰ্থটো আছিল তেওঁলোকৰ কুকুৰ। আন কিছুমান লোকে ক'বঃ তেওঁলোক আছিল পাঁচজন আৰু ষষ্ঠ আছিল তেওঁলোকৰ কুকুৰ। দৰাচলতে এই দুয়োটা দলেই প্ৰমাণ নোহোৱাকৈ কেৱল শূণ্যত তীৰ বৰ্ষণ কৰি আছে। আনহাতে কিছুমান লোকে ক'ব যে, তেওঁলোক আছিল সাতজন আৰু অষ্টম আছিল তেওঁলোকৰ কুকুৰ। হে ৰাছুল! আপুনি কৈ দিয়ক, তেওঁলোকৰ সংখ্যা সম্পৰ্কে মোৰ প্ৰতিপালকেহে ভালদৰে জানে, সিহঁতৰ মাজৰ কেৱল কিছু সংখ্যক লোকেহে তেওঁলোকৰ সংখ্যা সম্পৰ্কে জানে যিসকলক আল্লাহে ইয়াৰ জ্ঞান প্ৰদান কৰিছে। এতেকে আপুনি আহলে কিতাব অথবা আন লোকসকলৰ লগত তেওঁলোকৰ সংখ্যা আৰু তেওঁলোকৰ অৱস্থা সম্পৰ্কীয় কোনো বিষয়ত গভীৰ আলোচনা নকৰি কেৱল থুলমুল বাদানুবাদ কৰিব। তেওঁলোকৰ বিষয়ে আপোনাক যি অহী কৰা হৈছে আপুনি কেৱল সেইখিনিতে ক্ষান্ত থাকক। তেওঁলোকৰ বিষয়ে আন কাকো ইয়াৰ বিস্তাৰিত বৰ্ণনা সম্পৰ্কে সোধ-পোচ নকৰিব। কিয়নো সিহঁত ইয়াৰ বাস্তৱ জ্ঞান সম্পৰ্কে অৱগত নহয়।
ዓረብኛ ተፍሲሮች:
وَلَا تَقُوْلَنَّ لِشَایْءٍ اِنِّیْ فَاعِلٌ ذٰلِكَ غَدًا ۟ۙ
হে নবী! আপুনি ভৱিষ্যতে কৰিবলগীয়া কোনো কামৰ বিষয়ে এইদৰে নক'ব যে, এইটো মই অৱশ্যে অহাকালি কৰিম। কিয়নো আপুনি নিশ্চিতভাৱে নাজানে যে, সেইটো আপুনি অহাকালি কৰিব পাৰিব নে নাই। অথবা আপোনাৰ আৰু কামৰ মাজত কিবা ব্যাঘাত জন্মিব নে নাই। এইটো দৰাচলতে প্ৰত্যেক মুছলিমৰ বাবে দিশ নিৰ্দেশনা।
ዓረብኛ ተፍሲሮች:
اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ ؗ— وَاذْكُرْ رَّبَّكَ اِذَا نَسِیْتَ وَقُلْ عَسٰۤی اَنْ یَّهْدِیَنِ رَبِّیْ لِاَقْرَبَ مِنْ هٰذَا رَشَدًا ۟
কিন্তু যদি আপুনি সেই কৰ্মটোক আল্লাহৰ ইচ্ছাৰ সৈতে সম্পৃক্ত কৰে তেন্তে এইদৰে ক'বঃ ইন শ্বা আল্লাহ (আল্লাহে ইচ্ছা কৰিলে) এইটো মই অহাকালি কৰিম। আৰু যদি আপুনি এইটো কবলৈ পাহৰি যায় তেন্তে ইন শ্বা আল্লাহ বুলি আপোনাৰ প্ৰতিপালকক স্মৰণ কৰিব। লগতে কওক, আশা কৰোঁ মোৰ প্ৰতিপালকে মোক এই কামত আৰু অধিক সঠিক পথৰ তাওফীক প্ৰদান কৰিব।
ዓረብኛ ተፍሲሮች:
وَلَبِثُوْا فِیْ كَهْفِهِمْ ثَلٰثَ مِائَةٍ سِنِیْنَ وَازْدَادُوْا تِسْعًا ۟
গুহাত অৱস্থানকাৰী লোকসকলে গুহাত তিনি শ ন বছৰ অৱস্থান কৰিছিল।
ዓረብኛ ተፍሲሮች:
قُلِ اللّٰهُ اَعْلَمُ بِمَا لَبِثُوْا ۚ— لَهٗ غَیْبُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— اَبْصِرْ بِهٖ وَاَسْمِعْ ؕ— مَا لَهُمْ مِّنْ دُوْنِهٖ مِنْ وَّلِیٍّ ؗ— وَّلَا یُشْرِكُ فِیْ حُكْمِهٖۤ اَحَدًا ۟
হে ৰাছুল! আপুনি কৈ দিয়ক, তেওঁলোকে কিমান সময় অৱস্থান কৰিছিল সেয়া আল্লাহেই ভাল জানে। নিশ্চয় তেওঁ আমাক তেওঁলোকৰ অৱস্থান কাল সম্পৰ্কে অৱগত কৰাইছে। এতেকে পৱিত্ৰ আল্লাহৰ স্পষ্টীকৰণৰ পিছত আন কাৰো কথা গ্ৰহণযোগ্য নহয়। আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো গোপন বিষয়ৰ সৃষ্টি আৰু সেই বিষয়ে জ্ঞান ৰখাৰ একমাত্ৰ দায়িত্ব পৱিত্ৰ মহান আল্লাহৰ। তেওঁ কিমান যে উত্তম দ্ৰষ্টা, যিয়ে প্ৰত্যেক বস্তু দেখে। আৰু কিমান যে উত্তম শ্ৰৱণকাৰী, যিয়ে প্ৰত্যেক বিষয় শুনে। তেওঁৰ বাহিৰে তেওঁৰ কোনো সহায়ক নাই, যিয়ে তেওঁৰ কৰ্মৰ দায়িত্ব পালন কৰিব পাৰিব। লগতে তেওঁ নিজৰ ৰাজত্বত কাকো অংশীদাৰ নকৰে। তেওঁ শাসনৰ ক্ষেত্ৰত একক আৰু অদ্বিতীয়।
ዓረብኛ ተፍሲሮች:
وَاتْلُ مَاۤ اُوْحِیَ اِلَیْكَ مِنْ كِتَابِ رَبِّكَ ؕ— لَا مُبَدِّلَ لِكَلِمٰتِهٖ ۫ۚ— وَلَنْ تَجِدَ مِنْ دُوْنِهٖ مُلْتَحَدًا ۟
হে ৰাছুল! আপোনাক কোৰআনৰ যিবোৰ আয়াত আল্লাহে অহী কৰিছে সেইবোৰ তিলাৱত কৰক আৰু সেইমতে আমল কৰক। তেওঁৰ বাণীক কোনেও পৰিবৰ্তন কৰিব নোৱাৰে। কিয়নো সেয়া পৰিপূৰ্ণৰূপে সত্য তথা ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত। আপুনি সেই পৱিত্ৰ মহান আল্লাহৰ বাহিৰে আন কোনো আশ্ৰয়স্থলো বিচাৰি নাপাব। তথা লুকোৱাবলৈও কোনো ঠাই নাপাব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• اتخاذ المساجد على القبور، والصلاة فيها، والبناء عليها؛ غير جائز في شرعنا.
কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰা, তাত ছালাত আদায় কৰা আৰু তাৰ ওপৰত ভৱন নিৰ্মাণ কৰা আদি আমাৰ চৰীয়তত বৈধ নহয়।

• في القصة إقامة الحجة على قدرة الله على الحشر وبعث الأجساد من القبور والحساب.
উক্ত ঘটনাৰ দ্বাৰা এই কথা প্ৰমাণ হয় যে, আল্লাহ তাআলাই কিয়ামতৰ দিনা একত্ৰিত কৰিবলৈ মানুহক পুনৰ্জীৱিত কৰি হিচাপ নিকাচ কৰাৰ ক্ষমতা ৰাখে।

• دلَّت الآيات على أن المراء والجدال المحمود هو الجدال بالتي هي أحسن.
উক্ত আয়াতবোৰে এই কথাও প্ৰমাণ কৰে যে, প্ৰশংসনীয় বাদানুবাদ সেইটোৱেই যিটো উত্তম পন্থাৰে কৰা হয়।

• السُّنَّة والأدب الشرعيان يقتضيان تعليق الأمور المستقبلية بمشيئة الله تعالى.
চৰীয়তৰ দৃষ্টিত ছুন্নত তথা আদব হৈছে এই যে, ভৱিষ্যতে কৰিবলগীয়া বিষয়বোৰ আল্লাহৰ ইচ্ছাৰ লগত সম্পৃক্ত কৰা উচিত।

وَاصْبِرْ نَفْسَكَ مَعَ الَّذِیْنَ یَدْعُوْنَ رَبَّهُمْ بِالْغَدٰوةِ وَالْعَشِیِّ یُرِیْدُوْنَ وَجْهَهٗ وَلَا تَعْدُ عَیْنٰكَ عَنْهُمْ ۚ— تُرِیْدُ زِیْنَةَ الْحَیٰوةِ الدُّنْیَا ۚ— وَلَا تُطِعْ مَنْ اَغْفَلْنَا قَلْبَهٗ عَنْ ذِكْرِنَا وَاتَّبَعَ هَوٰىهُ وَكَانَ اَمْرُهٗ فُرُطًا ۟
আপুনি সেইসকল লোকৰ সংস্পৰ্শত থাকক যিসকলে নিষ্ঠাপূৰ্বকভাৱে পুৱা গধূলি নিজ প্ৰতিপালকক আহ্বান কৰে, ইবাদত কৰাৰ বাবে অথবা প্ৰাৰ্থনা কৰাৰ বাবে। আপুনি নেতৃস্থানীয় আৰু ঐশৰ্যশীল ব্যক্তিসকলৰ বৈঠকত বহাৰ ইচ্ছাত এই লোকসকলক অৱহেলা নকৰিব। আপুনি সেইসকল লোকৰ অনুসৰণ নকৰিব যিসকলৰ অন্তৰত আমি মোহৰ লগাই আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছো। সেই কাৰণেই সিহঁতে আপোনাক আপোনাৰ বৈঠকৰ পৰা দৰিদ্ৰসকলক আঁতৰাই ৰখাৰ নিৰ্দেশ দিয়ে আৰু সিহঁতে নিজ প্ৰতিপালকৰ আনুগত্যৰ ওপৰত নিজৰ প্ৰবৃত্তিৰ অনুসৰণক প্ৰাধান্য দিয়ে। সিহঁতৰ আমল বিনষ্ট হৈ গৈছে।
ዓረብኛ ተፍሲሮች:
وَقُلِ الْحَقُّ مِنْ رَّبِّكُمْ ۫— فَمَنْ شَآءَ فَلْیُؤْمِنْ وَّمَنْ شَآءَ فَلْیَكْفُرْ ۚ— اِنَّاۤ اَعْتَدْنَا لِلظّٰلِمِیْنَ نَارًا اَحَاطَ بِهِمْ سُرَادِقُهَا ؕ— وَاِنْ یَّسْتَغِیْثُوْا یُغَاثُوْا بِمَآءٍ كَالْمُهْلِ یَشْوِی الْوُجُوْهَ ؕ— بِئْسَ الشَّرَابُ ؕ— وَسَآءَتْ مُرْتَفَقًا ۟
হে ৰাছুল! আপুনি সেইসকল লোকক কৈ দিয়ক যিসকলৰ অন্তৰ আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী হৈ আছেঃ মই যি লৈ আহিছো সেইটোৱে সত্য। সেইটো হৈছে আল্লাহৰ ফালৰ পৰা, মোৰ ফালৰ পৰা নহয়। মুমিনসকলক মোৰ বৈঠকৰ পৰা আঁতৰাই দিয়াৰ যি দাবী তোমালোকে উত্থাপন কৰিছা সেই দাবী মই কদাপিও মানি লব নোৱাৰিম। এতেকে তোমালোকৰ মাজৰ যিয়ে এই সত্যৰ প্ৰতি ঈমান আনিব বিচাৰে সি ঈমান আনিব পাৰে। অনতিপলমে সি প্ৰতিদান পাই সন্তুষ্ট হ'ব। আনহাতে যিয়ে কুফৰী কৰিব বিচাৰে, সি কৰিব পাৰে। অতি সোনকালে সি শাস্তি ভোগ কৰিব, যি শাস্তি তাৰ অপেক্ষাত আছে। নিশ্চয় যালিমসকলৰ বাবে আমি জাহান্নাম প্ৰস্তুত কৰি ৰাখিছো, সেই জাহান্নামে সিহঁতক পৰিবেষ্টন কৰি ৰাখিব। সিহঁতে কেতিয়াও তাৰ পৰা পলায়ন কৰিব নোৱাৰিব। যদি তীব্ৰ পিয়াঁহত সিহঁতে পানী খাবলৈ বিচাৰে তেন্তে সিহঁতক উতলা গৰম পানী দিয়া হ'ব, যি পানীৰ গৰমত সিহঁতৰ মুখমণ্ডলৰ ছাল খহি পৰিব। কিমান যে নিকৃষ্ট সেই পানীয় যিটো সিহঁতক খাবলৈ দিয়া হ'ব। কিয়নো ইয়াৰ ফলত তৃষ্ণা নিবাৰণ হোৱাৰ পৰিবৰ্তে আৰু অধিক বেছিহে হ'ব। আৰু সেই অগ্নিশিখাও নিৰ্বাপিত নহ'ব যি শিখাই সিহঁতৰ ছাল খহাই পেলাব। জাহান্নাম কিমান যে নিকৃষ্ট ঠিকনা য’ত সিহঁতে অৱস্থান কৰিব। আৰু কিমান যে নিকৃষ্ট বাসস্থান য’ত সিহঁতে বসবাস কৰিব।
ዓረብኛ ተፍሲሮች:
اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ اِنَّا لَا نُضِیْعُ اَجْرَ مَنْ اَحْسَنَ عَمَلًا ۟ۚ
নিঃসন্দেহে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান। এয়া নিশ্চিত যে, আমি কোনো উৎকৃষ্ট নেক আমলকাৰীৰ আমল কেতিয়াও বিনষ্ট নকৰোঁ। বৰং তেওঁলোকক কোনো ধৰণৰ হ্ৰাস নকৰাকৈ পৰিপূৰ্ণ প্ৰতিদান দান কৰোঁ।
ዓረብኛ ተፍሲሮች:
اُولٰٓىِٕكَ لَهُمْ جَنّٰتُ عَدْنٍ تَجْرِیْ مِنْ تَحْتِهِمُ الْاَنْهٰرُ یُحَلَّوْنَ فِیْهَا مِنْ اَسَاوِرَ مِنْ ذَهَبٍ وَّیَلْبَسُوْنَ ثِیَابًا خُضْرًا مِّنْ سُنْدُسٍ وَّاِسْتَبْرَقٍ مُّتَّكِـِٕیْنَ فِیْهَا عَلَی الْاَرَآىِٕكِ ؕ— نِعْمَ الثَّوَابُ ؕ— وَحَسُنَتْ مُرْتَفَقًا ۟۠
সৎকৰ্ম আৰু ঈমানৰ বিশেষণেৰে বিশেষিত লোকসকলৰ বাবেই জান্নাত প্ৰস্তুত কৰি ৰখা হৈছে, তাত তেওঁলোকে চিৰকাল অৱস্থান কৰিব। তেওঁলোকৰ অট্টালিকাৰ তলদেশত জান্নাতৰ মিঠা পানীৰ নিজৰা প্ৰবাহমান থাকিব। তেওঁলোকক সোণৰ কংকনেৰে সুসজ্জিত কৰা হ'ব, লগতে তেওঁলোকে তাত মোটা আৰু পাতল ৰেচমৰ দ্বাৰা নিৰ্মিত বস্ত্ৰ পৰিধান কৰিব। তেওঁলোকে অতি সৌন্দৰ্যশীল পৰ্দাৰে সুসজ্জিত আসনত আউজি বহিব। তেওঁলোকৰ প্ৰতিফল, কিমান যে উত্তম প্ৰতিফল! আৰু তেওঁলোকৰ জান্নাতৰ সেই বাসস্থান কিমান যে উত্তম বাসস্থান।
ዓረብኛ ተፍሲሮች:
وَاضْرِبْ لَهُمْ مَّثَلًا رَّجُلَیْنِ جَعَلْنَا لِاَحَدِهِمَا جَنَّتَیْنِ مِنْ اَعْنَابٍ وَّحَفَفْنٰهُمَا بِنَخْلٍ وَّجَعَلْنَا بَیْنَهُمَا زَرْعًا ۟ؕ
হে ৰাছুল! আপুনি সেই ব্যক্তিদ্বয়ৰ উদাহৰণ দাঙি ধৰক, এজন আছিল মুমিন আৰু আনজন আছিল কাফিৰ। আমি কাফিৰ ব্যক্তিজনক দুটা আঙুৰৰ বাগান প্ৰদান কৰিছিলোঁ। সেই দুয়োটা বাগানক আমি খেজুৰৰ গছেৰে পৰিবেষ্টন কৰি দিছিলোঁ আৰু মাজৰ খালি ঠাইত শস্য উৎপন্ন কৰিছিলোঁ।
ዓረብኛ ተፍሲሮች:
كِلْتَا الْجَنَّتَیْنِ اٰتَتْ اُكُلَهَا وَلَمْ تَظْلِمْ مِّنْهُ شَیْـًٔا ۙ— وَّفَجَّرْنَا خِلٰلَهُمَا نَهَرًا ۟ۙ
উভয় বাগানতে খেজুৰ, আঙুৰ আৰু শস্য আদি প্ৰচুৰ পৰিমাণে উৎপন্ন হৈছিল, কোনো ধৰণৰ ত্ৰুটি হোৱা নাছিল, বৰং পৰিপূৰ্ণ মাত্ৰাত উৎপাদন হৈছিল। উভয় বাগানৰ মাজেৰে আমি এখন নিজৰা প্ৰবাহিত কৰিছিলোঁ, যাতে অতি সহজেই খেতিত পানী দিব পৰা যায়।
ዓረብኛ ተፍሲሮች:
وَّكَانَ لَهٗ ثَمَرٌ ۚ— فَقَالَ لِصَاحِبِهٖ وَهُوَ یُحَاوِرُهٗۤ اَنَا اَكْثَرُ مِنْكَ مَالًا وَّاَعَزُّ نَفَرًا ۟
এই দুটা বাগানৰ গৰাকীৰ ওচৰত আন আন ফল-মূল আৰু ধন-সম্পত্তিও আছিল। সেয়ে সেই ব্যক্তিজনে তেওঁৰ মুমিন বন্ধুক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে সম্বোধন কৰি ক'লেঃ মই তোমাতকৈ অধিক সম্পত্তিৰ মালিক। মোৰ সন্মানো তোমাতকৈ বেছি, লগতে মোৰ পৰিয়ালো অধিক শক্তিশালী।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• فضيلة صحبة الأخيار، ومجاهدة النفس على صحبتهم ومخالطتهم وإن كانوا فقراء؛ فإن في صحبتهم من الفوائد ما لا يُحْصَى.
পূণ্যৱান লোকসকলৰ সংস্পৰ্শত থকাৰ গুৰুত্ব, তথা মনৰ সকলো প্ৰকাৰ বাধা নেউচি তেওঁলোকৰ সঙ্গ অৱলম্বন কৰা উচিত, যদিও তেওঁলোক দৰিদ্ৰ হয়। কিয়নো তেওঁলোকৰ লগত থকাৰ অগণন উপকাৰ আছে।

• كثرة الذكر مع حضور القلب سبب للبركة في الأعمار والأوقات.
সৎ মানসেৰে বেছি বেছি জিকৰ আজকাৰ কৰিলে আয়ু আৰু সময়ত বৰকত হয়।

• قاعدتا الثواب وأساس النجاة: الإيمان مع العمل الصالح؛ لأن الله رتب عليهما الثواب في الدنيا والآخرة.
ছোৱাব আৰু মুক্তি লাভৰ মূল নীতি হৈছে, ঈমানৰ লগতে সৎকৰ্ম কৰা। কিয়নো আল্লাহে পৃথিৱী আৰু আখিৰাতত এই দুটা বিষয়ৰ ওপৰতে ভিত্তি কৰি প্ৰতিদান দিয়াৰ কথা ঘোষণা কৰিছে।

وَدَخَلَ جَنَّتَهٗ وَهُوَ ظَالِمٌ لِّنَفْسِهٖ ۚ— قَالَ مَاۤ اَظُنُّ اَنْ تَبِیْدَ هٰذِهٖۤ اَبَدًا ۟ۙ
সেই কাফিৰ ব্যক্তিজনে মুমিন বন্ধুজনক লগতলৈ নিজৰ বাগানত প্ৰৱেশ কৰিলে। সি তেওঁক বাগান দেখুৱাব বিচাৰিছিল। আৰু কুফৰ তথা অহংকাৰৰ দ্বাৰা নিজৰ প্ৰতি অন্যায় কৰি আছিল। কাফিৰ ব্যক্তিজনে ক'লেঃ মই ভাৱো মোৰ এই বাগানখন কেতিয়াও ধ্বংস নহ'ব, যিখন তুমি চাই আছা। কিয়নো ইয়াক সুৰক্ষিত ৰখাৰ যাৱতীয় যা-যোগাৰ মই কৰি ৰাখিছোঁ।
ዓረብኛ ተፍሲሮች:
وَّمَاۤ اَظُنُّ السَّاعَةَ قَآىِٕمَةً ۙ— وَّلَىِٕنْ رُّدِدْتُّ اِلٰی رَبِّیْ لَاَجِدَنَّ خَیْرًا مِّنْهَا مُنْقَلَبًا ۟ۚ
আনকি মই কিয়ামত হ'ব বুলিও বিশ্বাস নকৰোঁ। এইটো হৈছে এক প্ৰকাৰ জীৱনচক্ৰ, যিটো সদায় চলি থাকিব। আনহাতে যদি কিয়ামত হয়ও তথাপিও যেতিয়া মই পুনৰ্জীৱিত হ'ম আৰু মোক মোৰ প্ৰতিপালকৰ ওচৰত উপস্থিত কৰা হ'ব, সেই জীৱনতো মই ইয়াতকৈও উত্তম বাগান লাভ কৰিম। কিয়নো পৃথিৱীত ধনী হোৱাৰ অৰ্থ এই যে, আখিৰাততো মই ধনী হ'ম।
ዓረብኛ ተፍሲሮች:
قَالَ لَهٗ صَاحِبُهٗ وَهُوَ یُحَاوِرُهٗۤ اَكَفَرْتَ بِالَّذِیْ خَلَقَكَ مِنْ تُرَابٍ ثُمَّ مِنْ نُّطْفَةٍ ثُمَّ سَوّٰىكَ رَجُلًا ۟ؕ
মুমিন বন্ধুজনে তাক উত্তৰ দি ক'লেঃ তুমি সেই প্ৰতিপালকক অস্বীকাৰ কৰি বহিলা, যিয়ে তোমাৰ পিতৃ আদমক মাটিৰে সৃষ্টি কৰিছে, আৰু তোমাক সৃষ্টি কৰিছে বীৰ্যৰ পৰা, তাৰ পিছত তোমাক পুৰুষৰূপে মানৱ বনাইছে, তোমাৰ সকলো অঙ্গ-প্ৰত্যঙ্গ সঠিকভাৱে আৰু তোমাক পৰিপূৰ্ণৰূপে মানৱ বনাইছে? এতেকে যিয়ে এই সকলোবোৰ কৰিবলৈ সক্ষম, তেওঁ নিশ্চয় তোমাক পুনৰজীৱিত কৰিবলৈও সক্ষম।
ዓረብኛ ተፍሲሮች:
لٰكِنَّاۡ هُوَ اللّٰهُ رَبِّیْ وَلَاۤ اُشْرِكُ بِرَبِّیْۤ اَحَدًا ۟
কিন্তু মই তোমাৰ দৰে কেতিয়াও নকওঁ। বৰং মই কওঁ যে, পৱিত্ৰ আল্লাহ তেৱেঁই মোৰ প্ৰতিপালক, তেৱেঁই আমাক বিভিন্ন নিয়ামত প্ৰদান কৰি উপকাৰ কৰিছে। তেওঁৰ ইবাদতত মই কাকো অংশীদাৰ নকৰোঁ।
ዓረብኛ ተፍሲሮች:
وَلَوْلَاۤ اِذْ دَخَلْتَ جَنَّتَكَ قُلْتَ مَا شَآءَ اللّٰهُ ۙ— لَا قُوَّةَ اِلَّا بِاللّٰهِ ۚ— اِنْ تَرَنِ اَنَا اَقَلَّ مِنْكَ مَالًا وَّوَلَدًا ۟ۚ
বাগানত প্ৰৱেশ কৰাৰ সময়ত তুমি এই কথা কিয় কোৱা নাছিলা যে, আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱে হয়। আল্লাহৰ বাহিৰে আন কাৰো কোনো শক্তি নাই। তেওঁ যিটো ইচ্ছা কৰে সেইটোৱে কৰে। তেওঁ মহাশক্তিশালী। যদি তুমি মোক তোমাতকৈ দৰিদ্ৰ আৰু কম সন্তান-সন্ততিৰ অধিকাৰী বুলি ভাৱি আছা-
ዓረብኛ ተፍሲሮች:
فَعَسٰی رَبِّیْۤ اَنْ یُّؤْتِیَنِ خَیْرًا مِّنْ جَنَّتِكَ وَیُرْسِلَ عَلَیْهَا حُسْبَانًا مِّنَ السَّمَآءِ فَتُصْبِحَ صَعِیْدًا زَلَقًا ۟ۙ
তেন্তে শুনা, আল্লাহে মোক তোমাৰ বাগানতকৈ উত্তম বস্তু দান কৰিব পাৰে, আনহাতে মই আশংকা কৰোঁ তোমাৰ বাগানত আল্লাহে আকাশৰ পৰা কোনো শাস্তি প্ৰেৰণ কৰিব পাৰে। তেনেকুৱা হ'লে তোমাৰ বাগান এনেকুৱা ভূমিত পৰিণত হ'ব, য'ত কোনো গছ-গছনি নাথাকিব আৰু খোজকাঁঢ়িলে ভৰি পিচল খাব।
ዓረብኛ ተፍሲሮች:
اَوْ یُصْبِحَ مَآؤُهَا غَوْرًا فَلَنْ تَسْتَطِیْعَ لَهٗ طَلَبًا ۟
অথবা ইয়াৰ পানী ইমান গভিৰলৈ গুচি যাব যে, তুমি কোনো উপায়েৰেই সেই পানী সংগ্ৰহ কৰিব নোৱাৰিবা। এতেকে যদি পানী গভিৰলৈ গুচি যায় তেন্তে এই বাগান জীৱিত ৰখা অসম্ভৱ।
ዓረብኛ ተፍሲሮች:
وَاُحِیْطَ بِثَمَرِهٖ فَاَصْبَحَ یُقَلِّبُ كَفَّیْهِ عَلٰی مَاۤ اَنْفَقَ فِیْهَا وَهِیَ خَاوِیَةٌ عَلٰی عُرُوْشِهَا وَیَقُوْلُ یٰلَیْتَنِیْ لَمْ اُشْرِكْ بِرَبِّیْۤ اَحَدًا ۟
মুমিন ব্যক্তিজনে আশংকা কৰাটোৱে অৱশেষত সংঘটিত হ'ল। ফলত সেই কাফিৰৰ ফলৰ বাগানক বিনাশে আৱৰি ধৰিলে। ইপিনে কাফিৰ ব্যক্তিজনে তেওঁৰ বাগানক ৰক্ষাবেক্ষণ আৰু বিকাশৰ বাবে যি সম্পদ ব্যয় কৰিছিল তাৰ প্ৰতি পৰিতাপ কৰি মূৰে কপালে হাত দিলে। বাগানৰ গছ-গছনি আঙুৰৰ লতা পাৰি দিয়া চাঙৰ ওপৰত বাগৰি পৰিছিল। সি ক'বলৈ ধৰিলেঃ হায়! মই যদি এককভাৱে মোৰ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰিলোহেঁতেন, আৰু ইবাদতৰ ক্ষেত্ৰত তেওঁৰ লগত যদি কাকো অংশীদাৰ স্থাপন নকৰিলোহেঁতেন।
ዓረብኛ ተፍሲሮች:
وَلَمْ تَكُنْ لَّهٗ فِئَةٌ یَّنْصُرُوْنَهٗ مِنْ دُوْنِ اللّٰهِ وَمَا كَانَ مُنْتَصِرًا ۟ؕ
সেই কাফিৰৰ এনেকুৱা কোনো জনবল নাছিল, যিয়ে তাক এই শাস্তিৰ পৰা ৰক্ষা কৰিলেহেঁতেন। যদিও সি নিজৰ জনবলকলৈ অহংকাৰ কৰিছিল। আনকি সি নিজেও আল্লাহৰ এই বিনাশৰ পৰা নিজৰ বাগানক ৰক্ষা কৰিব নোৱাৰিলে।
ዓረብኛ ተፍሲሮች:
هُنَالِكَ الْوَلَایَةُ لِلّٰهِ الْحَقِّ ؕ— هُوَ خَیْرٌ ثَوَابًا وَّخَیْرٌ عُقْبًا ۟۠
সেই স্থানত সহায় কেৱল আল্লাহেই কৰিব পাৰিলেহেঁতেন। পৱিত্ৰ মহান আল্লাহ তেৱেঁই মুমিনসকলক উত্তম প্ৰতিদান দিয়ে। কাৰণ তেৱেঁই তেওঁলোকক কেইবাগুণ বৃদ্ধি কৰি ছোৱাব প্ৰদান কৰিব, আৰু তেৱেঁই তেওঁলোকৰ পৰিণাম উত্তম বনাই দিব।
ዓረብኛ ተፍሲሮች:
وَاضْرِبْ لَهُمْ مَّثَلَ الْحَیٰوةِ الدُّنْیَا كَمَآءٍ اَنْزَلْنٰهُ مِنَ السَّمَآءِ فَاخْتَلَطَ بِهٖ نَبَاتُ الْاَرْضِ فَاَصْبَحَ هَشِیْمًا تَذْرُوْهُ الرِّیٰحُ ؕ— وَكَانَ اللّٰهُ عَلٰی كُلِّ شَیْءٍ مُّقْتَدِرًا ۟
হে ৰাছুল! পৃথিৱীৰ মোহত পৰি থকা লোকসকলক এটা উদাহৰণ দিয়ক। পৃথিৱীৰ ধ্বংস আৰু ইয়াৰ সোনকালে সমাপ্ত হোৱাৰ উদাহৰণ হৈছে আকাশৰ পৰা অৱতীৰ্ণ বৰষুণৰ দৰে। বৰষুণৰ সেই পানীৰ দ্বাৰাই পৃথিৱীৰ উদ্ভিদ জন্মে আৰু বিভিন্ন প্ৰকাৰৰ ফল-মূল উৎপন্ন হয়। অৱশেষত এটা সময়ত সেই গছ-গছনি শুকাই খৰিত পৰিণত হয়। বতাহে সেইবোৰ গছৰ ডাল পাত বিভিন্ন ঠাইত উৰুৱাই লৈ যায়। এনেকুৱা এটা সময় আহি পৰে যে, ভূমি আকৌ আগৰ দৰে হৈ যায়, যিদৰে উদ্ভিদ গজালি মেলাৰ পূৰ্বে আছিল। আল্লাহ সকলো বিষয়ে ক্ষমতাৱান। তেওঁক একোৱেই বিৱশ কৰিব নোৱাৰে। তেওঁ যাক ইচ্ছা কৰে জীৱন দান কৰে আৰু যাক ইচ্ছা কৰে ধ্বংস কৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• على المؤمن ألا يستكين أمام عزة الغني الكافر، وعليه نصحه وإرشاده إلى الإيمان بالله، والإقرار بوحدانيته، وشكر نعمه وأفضاله عليه.
ধনী কাফিৰৰ অহংকাৰৰ সন্মুখত মুমিন ব্যক্তিয়ে কেতিয়াও হেও মনা উচিত নহয়। বৰং তাৰ কল্যাণ কামনা কৰা উচিত আৰু তাক আল্লাহৰ ঈমানৰ প্ৰতি পথপ্ৰদৰ্শন কৰোৱা উচিত, লগতে আল্লাহৰ তাওহীদৰ স্বীকৃতি আৰু তেওঁৰ নিয়ামত তথা অনুগ্ৰহৰ কৃতজ্ঞতা কৰাৰ প্ৰতি প্ৰেৰণা দিয়া উচিত।

• ينبغي لكل من أعجبه شيء من ماله أو ولده أن يضيف النعمة إلى مُولِيها ومُسْدِيها بأن يقول: ﴿ما شاءَ اللهُ لا قُوَّةَ إلَّا بِاللهِ﴾.
সন্তান-সন্ততি আৰু ধন-সম্পত্তিৰ কিবা যদি মনক আকৰ্ষিত কৰে তেন্তে সেই নিয়ামতক আল্লাহৰ লগত সম্পৃক্ত কৰি কোৱা উচিত যে, আল্লাহে যি ইচ্ছা কৰে সেইটোৱে হয়, তেওঁৰ বাহিৰে আন কাৰো শক্তি নাই।

• إذا أراد الله بعبد خيرًا عجل له العقوبة في الدنيا.
আল্লাহে যদি কোনো বান্দাৰ কল্যাণ বিচাৰে তেন্তে তাক পৃথিৱীতেই শাস্তি দি দিয়ে।

• جواز الدعاء بتلف مال من كان ماله سبب طغيانه وكفره وخسرانه.
যদি কোনোবাই ধন-সম্পদলৈ অহংকাৰ কৰে, তথা কুফৰী আৰু স্বৈৰাচাৰিতাৰ পথ অৱলম্বন কৰে তেন্তে সেই ব্যক্তিৰ বিৰুদ্ধে বদ দুআ কৰা বৈধ।

اَلْمَالُ وَالْبَنُوْنَ زِیْنَةُ الْحَیٰوةِ الدُّنْیَا ۚ— وَالْبٰقِیٰتُ الصّٰلِحٰتُ خَیْرٌ عِنْدَ رَبِّكَ ثَوَابًا وَّخَیْرٌ اَمَلًا ۟
ধন-সম্পদ আৰু সন্তান-সন্ততি হৈছে পাৰ্থিৱ জীৱনৰ সৌন্দৰ্য। আখিৰাতত ধন-সম্পদৰ উপকাৰ সেই অনুপাতেই হ'ব যি অনুপাতে সি আল্লাহৰ সন্তুষ্টি লাভৰ বাবে ব্যয় কৰিছে। সন্তুষ্টিমূলক কথা আৰু কৰ্ম আল্লাহৰ দৃষ্টিত পাৰ্থিৱ জীৱনৰ সকলো সৌন্দৰ্যতকৈ উত্তম। সেইটো অতি উত্তম, যিটো মানুহে কামনা কৰে। কিয়নো পাৰ্থিৱ জীৱনৰ সৌন্দৰ্য হৈছে ধ্বংসশীল, আনহাতে আল্লাহক সন্তুষ্ট কৰিব পৰা কথা কৰ্মৰ ছোৱাব হৈছে চিৰস্থায়ী।
ዓረብኛ ተፍሲሮች:
وَیَوْمَ نُسَیِّرُ الْجِبَالَ وَتَرَی الْاَرْضَ بَارِزَةً ۙ— وَّحَشَرْنٰهُمْ فَلَمْ نُغَادِرْ مِنْهُمْ اَحَدًا ۟ۚ
সেই দিনটোক স্মৰণ কৰা যেতিয়া আমি পৰ্বতবোৰক স্থানান্তৰ কৰিম। তেতিয়া তুমি পৃথিৱীখনক সমতল খালি ভূমি দেখিবলৈ পাবা, তাত কোনো পৰ্বত নাথাকিব, কোনো গছ-গছনি আৰু ঘৰ-দুৱাৰো নাথাকিব। আৰু সকলো সৃষ্টিকে একত্ৰিত কৰিম, কোনো প্ৰাণীকেই পুনৰুত্থিত নকৰাকৈ এৰি দিয়া নহ'ব।
ዓረብኛ ተፍሲሮች:
وَعُرِضُوْا عَلٰی رَبِّكَ صَفًّا ؕ— لَقَدْ جِئْتُمُوْنَا كَمَا خَلَقْنٰكُمْ اَوَّلَ مَرَّةٍ ؗ— بَلْ زَعَمْتُمْ اَلَّنْ نَّجْعَلَ لَكُمْ مَّوْعِدًا ۟
মানুহক আপোনাৰ প্ৰতিপালকৰ সন্মুখত শাৰী শাৰীকৈ থিয় কৰোৱা হ'ব, তেওঁ সিহঁতৰ হিচাপ-নিকাচ গ্ৰহণ কৰিব। সিহঁতক কোৱা হ'বঃ নিশ্চয় তোমালোকে মোৰ ওচৰলৈ অকলেই আহিছা, খালি ভৰি, বস্ত্ৰহীন আৰু খাতনাহীনভাৱে যেনেকৈ আমি তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছিলোঁ। কিন্তু তোমালোকে দেখোন ধাৰণা কৰিছিলা যে, তোমালোকক কেতিয়াও পুনৰুত্থিত কৰা নহ'ব, আৰু আমি তোমালোকৰ বাবে কোনো সময় আৰু স্থান নিৰ্ধাৰিত নকৰিম য’ত তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিফল দিয়া হ'ব।
ዓረብኛ ተፍሲሮች:
وَوُضِعَ الْكِتٰبُ فَتَرَی الْمُجْرِمِیْنَ مُشْفِقِیْنَ مِمَّا فِیْهِ وَیَقُوْلُوْنَ یٰوَیْلَتَنَا مَالِ هٰذَا الْكِتٰبِ لَا یُغَادِرُ صَغِیْرَةً وَّلَا كَبِیْرَةً اِلَّاۤ اَحْصٰىهَا ۚ— وَوَجَدُوْا مَا عَمِلُوْا حَاضِرًا ؕ— وَلَا یَظْلِمُ رَبُّكَ اَحَدًا ۟۠
কৰ্মপুথি সন্মুখত ৰখা হ'ব। কিছুমানে নিজৰ কৰ্মপুথি সোঁহাতত ধাৰণ কৰিব আৰু কিছুমানে বাওঁ হাতত। হে মানৱ! তুমি কাফিৰসকলক ভীত-সন্ত্ৰস্ত দেখিবলৈ পাবা, কাৰণ সিহঁতে ভালদৰেই জানে যে, সিহঁতে পৃথিৱীত কি কি গুনাহৰ কাম আৰু কুফৰী কৰি আহিছে। সিহঁতে ক'বঃ হায়! আমাৰ ধ্বংস আৰু হায় আমাৰ বিপদ! এইখন কেনেকুৱা পুথি য’ত আমাৰ সৰু বৰ সকলো কৰ্ম সংৰক্ষিত আৰু গণনা কৰি ৰখা হৈছে। সিহঁতে পাৰ্থিৱ জীৱনত কৰা সকলো গুনাহ সেই পুথিত লিপিবদ্ধ পাব। হে ৰাছুল! আপোনাৰ প্ৰতিপালকে কেতিয়াও কোনো নিৰ্দোষী ব্যক্তিক দোষী সাব্যস্ত কৰি অথবা কোনো পূণ্যৱান ব্যক্তিৰ ছোৱাব হ্ৰাস কৰি অন্যায় নকৰিব।
ዓረብኛ ተፍሲሮች:
وَاِذْ قُلْنَا لِلْمَلٰٓىِٕكَةِ اسْجُدُوْا لِاٰدَمَ فَسَجَدُوْۤا اِلَّاۤ اِبْلِیْسَ ؕ— كَانَ مِنَ الْجِنِّ فَفَسَقَ عَنْ اَمْرِ رَبِّهٖ ؕ— اَفَتَتَّخِذُوْنَهٗ وَذُرِّیَّتَهٗۤ اَوْلِیَآءَ مِنْ دُوْنِیْ وَهُمْ لَكُمْ عَدُوٌّ ؕ— بِئْسَ لِلظّٰلِمِیْنَ بَدَلًا ۟
স্মৰণ কৰক সেই সময়ক যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঁঃ তোমালোকে আদমক অভিবাদনমূলক ছাজদাহ কৰাঁ। তেতিয়া নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তেওঁলোক সকলোৱে ছাজদাহ কৰিছিল, কিন্তু ইবলিছে কৰা নাছিল। সি ফিৰিস্তা নাছিল বৰং জ্বিন আছিল। সি ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰিলে আৰু অহংকাৰ কৰিলে। এইদৰে সি নিজ প্ৰতিপালকৰ আনুগত্যৰ পৰা ওলাই গ'ল। হে মানৱজাতি! এতিয়া তোমালোকে মোক এৰি ইয়াক আৰু ইয়াৰ সন্তান-সন্ততিক মিত্ৰ বনাই লবা নেকি, অথচ সি তোমালোকৰ শত্ৰু। কেনেকৈ তোমালোকে নিজৰ ঘোৰ শত্ৰুক বন্ধু বনাই লব বিচৰা? দৰাচলতে এই অন্যায়কাৰীসকলৰ কৃতকৰ্ম অতিকৈ জঘন্য, যিসকলে আল্লাহৰ পৰিবৰ্তে চয়তানক নিজৰ অভিভাৱক মানি লৈছে।
ዓረብኛ ተፍሲሮች:
مَاۤ اَشْهَدْتُّهُمْ خَلْقَ السَّمٰوٰتِ وَالْاَرْضِ وَلَا خَلْقَ اَنْفُسِهِمْ ۪— وَمَا كُنْتُ مُتَّخِذَ الْمُضِلِّیْنَ عَضُدًا ۟
মোক এৰি তোমালোকে যিসকলক অভিভাৱক বনাই লৈছা, সেইসকল তোমালোকৰ দৰেই একো একোজন বান্দা। আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ সময়ত মই সিহঁতক সাক্ষী ৰখা নাছিলোঁ। বৰং সেই সময়ত সিহঁতৰ অস্তিত্বই নাছিল। এয়াও নহয় যে, মই সিহঁতৰ মাজৰ কিছুমানক সৃষ্টি কৰাৰ সময়ত আন কিছুমান সাক্ষী কৰিছিলোঁ। পৰিচালনা আৰু সৃষ্টিৰ ক্ষেত্ৰত মই একক। জ্বিন আৰু মানৱ চয়তানৰ বিভ্ৰান্ত লোকসকলক মই কেতিয়াও সহায়ক হিচাপে গ্ৰহণ কৰা নাছিলোঁ। কিয়নো নিশ্চিতভাৱে মই অমুখাপেক্ষী, মোক কোনো সহায়ৰ প্ৰয়োজন নাই।
ዓረብኛ ተፍሲሮች:
وَیَوْمَ یَقُوْلُ نَادُوْا شُرَكَآءِیَ الَّذِیْنَ زَعَمْتُمْ فَدَعَوْهُمْ فَلَمْ یَسْتَجِیْبُوْا لَهُمْ وَجَعَلْنَا بَیْنَهُمْ مَّوْبِقًا ۟
হে ৰাছুল! সিহঁতৰ সন্মুখত কিয়ামত দিৱসৰ চৰ্চা কৰক, যিদিনা আল্লাহে পৃথিৱীত শ্বিৰ্ক কৰা লোকসকলক উদ্দেশ্যি ক'বঃ সেইবোৰ উপাস্যক মাতি আনা যিবোৰক তোমালোকে মোৰ সমকক্ষ বুলি ধাৰণা কৰিছিলা, সম্ভৱতঃ সিহঁতে তোমালোকক কিবা সহায় কৰিব পাৰিব। এই শুনি সিহঁতে আহ্বান কৰিব, কিন্তু সিহঁতৰ আহ্বানত কোনো সঁহাৰি নাপাব আৰু সহায়ও নকৰিব। এতেকে আমি পূজাৰী আৰু উপাস্য উভয়ৰ মাজতে এখন বিনাশস্থল বনাই দিম, য’ত সিহঁতে শাস্তি ভোগ কৰিব। সেয়া হৈছে জাহান্নাম।
ዓረብኛ ተፍሲሮች:
وَرَاَ الْمُجْرِمُوْنَ النَّارَ فَظَنُّوْۤا اَنَّهُمْ مُّوَاقِعُوْهَا وَلَمْ یَجِدُوْا عَنْهَا مَصْرِفًا ۟۠
মুশ্বৰিকসকল নিজ চকুৰে যেতিয়া জাহান্নাম প্ৰত্যক্ষ কৰিব তেতিয়া সিহঁতৰ পূৰ্ণ বিশ্বাস হ'ব যে, এতিয়া সিহঁত সেই জাহান্নামৰ অগ্নিত নিক্ষিপ্ত হ'ব। তেতিয়া সিহঁতে পলায়ন কৰিবলৈ কোনো আশ্ৰয়স্থল বিচাৰি নাপাব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• على العبد الإكثار من الباقيات الصالحات، وهي كل عمل صالح من قول أو فعل يبقى للآخرة.
বান্দাসকলে বেছি বেছি স্থায়ী নেক কৰ্ম কৰা উচিত, সেয়া হৈছে প্ৰত্যেক পূণ্যৱান কথা-কৰ্ম, এইবোৰ আখিৰাতৰ বাবে চিৰস্থায়ী।

• على العبد تذكر أهوال القيامة، والعمل لهذا اليوم حتى ينجو من أهواله، وينعم بجنة الله ورضوانه.
বান্দাসকলে কিয়ামতৰ ভয়ৱহতা স্মৰণ কৰা উচিত। লগতে সেইদিৱসৰ ভয়ৱহতাৰ পৰা ৰক্ষা পাবলৈ নেক আমল কৰা উচিত, যাতে আল্লাহৰ জান্নাত আৰু তেওঁৰ সন্তুষ্টি অৰ্জন কৰিব পাৰে।

• كَرَّم الله تعالى أبانا آدم عليه السلام والجنس البشري بأجمعه بأمره الملائكة أن تسجد له في بدء الخليقة سجود تحية وتكريم.
আল্লাহে আমাৰ আদি পিতা আদম আলাইহিচ্ছালামক আৰু গোটেই মানৱজাতিক সন্মানিত কৰিছে। সেয়ে তেওঁ সৃষ্টিৰ আৰম্ভণিতেই আদেশৰ জৰিয়তে ফিৰিস্তাসকলৰ হতোৱাই সন্মান আৰু অভিবাদনৰ ছাজদাহ কৰোৱাইছিল।

• في الآيات الحث على اتخاذ الشيطان عدوًّا.
উক্ত আয়াতসমূহত চয়তানক শত্ৰু গণ্য কৰিবলৈ প্ৰেৰণা দিয়া হৈছে।

وَلَقَدْ صَرَّفْنَا فِیْ هٰذَا الْقُرْاٰنِ لِلنَّاسِ مِنْ كُلِّ مَثَلٍ ؕ— وَكَانَ الْاِنْسَانُ اَكْثَرَ شَیْءٍ جَدَلًا ۟
নিশ্চয় মুহাম্মদৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনত আমি সকলো প্ৰকাৰৰ উদাহৰণ স্পষ্টভাৱে তথা বিভিন্নৰূপত বৰ্ণনা কৰিছোঁ। যাতে মানুহে স্মৰণ কৰে আৰু শিক্ষা লাভ কৰে। কিন্তু মানুহৰ ফালৰ পৰা যিটো বিষয় আটাইতকৈ বেছি প্ৰকাশ পায় (বিশেষকৈ কাফিৰসকলৰ ফালৰ পৰা) সেয়া হৈছে অযথা বাক-বিতণ্ডা।
ዓረብኛ ተፍሲሮች:
وَمَا مَنَعَ النَّاسَ اَنْ یُّؤْمِنُوْۤا اِذْ جَآءَهُمُ الْهُدٰی وَیَسْتَغْفِرُوْا رَبَّهُمْ اِلَّاۤ اَنْ تَاْتِیَهُمْ سُنَّةُ الْاَوَّلِیْنَ اَوْ یَاْتِیَهُمُ الْعَذَابُ قُبُلًا ۟
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকৰ তৰফৰ পৰা যি লৈ আহিছে তাৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত আৰু স্বৈৰাচাৰী কাফিৰসকলৰ মাজত তথা আল্লাহৰ ওচৰত নিজৰ গুনাহৰ ক্ষমা প্ৰাৰ্থনাৰ ক্ষেত্ৰত কোনো ধৰণৰ অস্পষ্ট বৰ্ণনাই বাধা প্ৰদান কৰা নাই। কিয়নো নিশ্চিতভাৱে কোৰআনত সিহঁতৰ বাবে উদাহৰণ দাঙি ধৰা হৈছে। তথা সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পৰিছে। বৰং বাধা প্ৰদান কৰিছে সিহঁতৰ স্বৈৰাচাৰী স্বভাৱে আৰু সিহঁতৰ এই দাবীয়ে যে, সিহঁতৰ ওপৰতো বিগত সম্প্ৰদায়ৰ ওপৰত অহা শাস্তি আহিব লাগে। যাতে সিহঁতে সেই শাস্তিক নিজ চকুৰে চাব পাৰে যিটোৰ জৰিয়তে সিহঁতক ভয় দেখুৱা হৈছে।
ዓረብኛ ተፍሲሮች:
وَمَا نُرْسِلُ الْمُرْسَلِیْنَ اِلَّا مُبَشِّرِیْنَ وَمُنْذِرِیْنَ ۚ— وَیُجَادِلُ الَّذِیْنَ كَفَرُوْا بِالْبَاطِلِ لِیُدْحِضُوْا بِهِ الْحَقَّ وَاتَّخَذُوْۤا اٰیٰتِیْ وَمَاۤ اُنْذِرُوْا هُزُوًا ۟
আমি যেতিয়াই কোনো ৰাছুল প্ৰেৰণ কৰোঁ, তেওঁক মুমিনসকলৰ বাবে আৰু আনুগত্যকাৰীসকলৰ বাবে সুসংবাদবাহক হিচাপে প্ৰেৰণ কৰোঁ, লগতে কাফিৰ আৰু পাপিষ্ঠসকলক ভয় দেখুৱাবলৈ প্ৰেৰণ কৰোঁ। সিহঁতক হিদায়ত দিবলৈ সেই ৰাছুলৰ কোনো ক্ষমতা নাথাকে। আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰকাৰী কাফিৰসকলে স্পষ্ট প্ৰমাণ পোৱাৰ পিছতো কাজিয়াত লিপ্ত হয়। যাতে সিহঁতৰ অসত্য তথ্যৰ জৰিয়তে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ সত্যক মোহাৰি পেলাব পাৰে। সিহঁতে কোৰআনক আৰু সিহঁতক ভয় দেখুৱা শাস্তিক উপহাসৰ পাত্ৰ বনাই লৈছে।
ዓረብኛ ተፍሲሮች:
وَمَنْ اَظْلَمُ مِمَّنْ ذُكِّرَ بِاٰیٰتِ رَبِّهٖ فَاَعْرَضَ عَنْهَا وَنَسِیَ مَا قَدَّمَتْ یَدٰهُ ؕ— اِنَّا جَعَلْنَا عَلٰی قُلُوْبِهِمْ اَكِنَّةً اَنْ یَّفْقَهُوْهُ وَفِیْۤ اٰذَانِهِمْ وَقْرًا ؕ— وَاِنْ تَدْعُهُمْ اِلَی الْهُدٰی فَلَنْ یَّهْتَدُوْۤا اِذًا اَبَدًا ۟
সেই ব্যক্তিতকৈ অধিক অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যাক নিজ প্ৰতিপালকৰ আয়াতৰ দ্বাৰা বুজোৱাৰ পিছতো সি শাস্তিক ভ্ৰূক্ষেপ নকৰে আৰু উপদেশ গ্ৰহণ নকৰে। পাৰ্থিৱ জীৱনত কৰা কুফৰী আৰু গুনাহক পাহৰি যায় তথা সেইবোৰৰ পৰা তাওবাও নকৰে। এনেকুৱা স্বভাৱৰ লোকৰ অন্তৰত আমি পৰ্দা আঁৰি দিছো, ফলত সিহঁতে কোৰআন বুজিব নোৱাৰে। লগতে সিহঁতৰ শ্ৰৱণশক্তি গধূৰ কৰি দিছো, ফলত সিহঁতে স্বীকাৰ কৰাৰ বাবে শুনিব নোৱাৰে। এতেকে আপুনি যদি সিহঁতক ঈমানৰ ফালে আহ্বান কৰে তেন্তে সিহঁতে তেতিয়ালৈকে এই আহ্বানত সঁহাৰি দিব নোৱাৰিব যেতিয়ালৈকে সিহঁতৰ অন্তৰত পৰ্দা থাকিব আৰু সিহঁতৰ কাণত গধূৰতা থাকিব।
ዓረብኛ ተፍሲሮች:
وَرَبُّكَ الْغَفُوْرُ ذُو الرَّحْمَةِ ؕ— لَوْ یُؤَاخِذُهُمْ بِمَا كَسَبُوْا لَعَجَّلَ لَهُمُ الْعَذَابَ ؕ— بَلْ لَّهُمْ مَّوْعِدٌ لَّنْ یَّجِدُوْا مِنْ دُوْنِهٖ مَوْىِٕلًا ۟
যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অস্বীকাৰকাৰীসকলক শাস্তি প্ৰদানৰ ক্ষেত্ৰত খৰধৰ নকৰে, সেইকাৰণে আল্লাহে কৈছেঃ হে ৰাছুল! আপোনাৰ প্ৰতিপালক তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল। তেওঁ অতি দয়ালু, তেওঁৰ দয়া প্ৰত্যেক বস্তুকে আৱৰি আছে। এইটোও তেওঁৰ দয়া যে, তেওঁ পাপিষ্ঠসকলক অৱকাশ দিয়ে যাতে সিহঁতে তাওবা কৰে। যদি আল্লাহে এই অৱজ্ঞাকাৰীসকলক শাস্তি দিব বিচাৰিলেহেঁতেন তেন্তে অৱশ্যে এই পৃথিৱীতেই সিহঁতক শাস্তি প্ৰদান কৰিলেহেঁতেন। কিন্তু তেওঁ অতি সহনশীল তথা দয়ালু। তেওঁ সিহঁতৰ পৰা শাস্তিক পিচুৱাই দিছে যাতে সিহঁতে তাওবা কৰে। বৰং সিহঁতৰ বাবে স্থান আৰু সময় নিৰ্ধাৰণ কৰিছে, য’ত সিহঁতক কুফৰী আৰু অৱজ্ঞাৰ শাস্তি দিয়া হ’ব, যদি সিহঁতে তাওবা নকৰে। তেওঁৰ বাহিৰে সিহঁতৰ কোনো সুৰক্ষা প্ৰদানকাৰী নাই, য’ত সিহঁতে আশ্ৰয় লব পাৰিব।
ዓረብኛ ተፍሲሮች:
وَتِلْكَ الْقُرٰۤی اَهْلَكْنٰهُمْ لَمَّا ظَلَمُوْا وَجَعَلْنَا لِمَهْلِكِهِمْ مَّوْعِدًا ۟۠
তোমালোকৰ ওচৰতে বসবাস কৰা কাফিৰ জনবসতিবোৰক আমি ধ্বংস কৰিছোঁ, যেতিয়া সিহঁতে কুফৰী আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছিল। সিহঁতৰ বিনাশৰ বাবে আমি এটা সময় নিৰ্ধাৰণ কৰি ৰাখিছিলোঁ।
ዓረብኛ ተፍሲሮች:
وَاِذْ قَالَ مُوْسٰی لِفَتٰىهُ لَاۤ اَبْرَحُ حَتّٰۤی اَبْلُغَ مَجْمَعَ الْبَحْرَیْنِ اَوْ اَمْضِیَ حُقُبًا ۟
হে ৰাছুল! স্মৰণ কৰক সেই সময়ক, যেতিয়া মূছা আলাইহিচ্ছালামে তেওঁৰ সেৱক ইউশ্বা বিন নূনক কৈছিলঃ মই এটা ভ্ৰমণত আগুৱাই গৈয়ে থাকিম যেতিয়ালৈকে মই দুই সাগৰৰ সংগমস্থল গৈ নাপাওঁ। অথবা দীৰ্ঘ সময় মই ভ্ৰমণ কৰিম যেতিয়ালৈকে মই পূণ্যৱান ব্যক্তিজনক বিচাৰি নাপাওঁ, তেওঁৰ পৰা মই জ্ঞান অৰ্জন কৰিম।
ዓረብኛ ተፍሲሮች:
فَلَمَّا بَلَغَا مَجْمَعَ بَیْنِهِمَا نَسِیَا حُوْتَهُمَا فَاتَّخَذَ سَبِیْلَهٗ فِی الْبَحْرِ سَرَبًا ۟
এতেকে তেওঁলোক দুয়ো যেতিয়া সাগৰৰ সংগমস্থল পালে, তেতিয়া তেওঁলোকৰ সেই মাছটো হেৰাই গ'ল যিটোক তেওঁলোকে ভ্ৰমণত খাবলৈ আনিছিল। আল্লাহে সেই মাছটোক জীৱন দান কৰিলে আৰু সেই মাছটো সুৰংগৰ দৰে ৰাস্তা বনাই পানীত গুচি গ'ল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• عظمة القرآن وجلالته وعمومه؛ لأن فيه كل طريق موصل إلى العلوم النافعة، والسعادة الأبدية، وكل طريق يعصم من الشر.
কোৰআনৰ মহানতা, শ্ৰেষ্ঠতা আৰু সমাৱেশৰ বৰ্ণনা, কিয়নো ইয়াৰ মাজত লাভদায়ক জ্ঞান-বিজ্ঞান আৰু উভয় জগতৰ সৌভাগ্যশালী জীৱনৰ পথ দেখুওৱা হৈছে আৰু প্ৰত্যেক বেয়া কৰ্মৰ পৰা সুৰক্ষা লাভ কৰাৰ উপায় বৰ্ণনা কৰা হৈছে।

• من حكمة الله ورحمته أن تقييضه المبطلين المجادلين الحق بالباطل من أعظم الأسباب إلى وضوح الحق، وتبيُّن الباطل وفساده.
এয়া এক প্ৰকাৰ আল্লাহৰ দয়া তথা হিকমত যে, তেওঁ এনেকুৱা কিছুমান লোকক সৃষ্টি কৰিছে যিসকলে অসত্যৰ সহায় লৈ বাক-বিতণ্ডাৰ জৰিয়তে সত্যক পৰাজিত কৰিব বিচাৰে, দৰাচলতে এইসকল লোকেই সত্যক স্পষ্ট কৰাত তথা অসত্যৰ বেয়া দিশবোৰ প্ৰকাশ কৰাত আটাইতকৈ বেছি সহায় কৰে।

• في الآيات من التخويف لمن ترك الحق بعد علمه أن يحال بينه وبين الحق، ولا يتمكن منه بعد ذلك، ما هو أعظم مُرَهِّب وزاجر عن ذلك.
উক্ত আয়াতবোৰত সেইসকল লোকক সতৰ্ক কৰা হৈছে, যিসকলে জানি বুজি সত্য প্ৰত্যাখ্যান কৰে, কিয়নো সিহঁতৰ আৰু সত্যৰ মাজত কোনো প্ৰাচীৰ থিয় হ'ব পাৰে, ফলত সিহঁত সত্যৰ পৰা চিৰস্থায়ীভাৱে বঞ্চিত হ'ব পাৰে। দৰাচলতে এইটোৱে হৈছে সিহঁতক অসত্যৰ প্ৰেমৰ পৰা বিৰত ৰখাৰ আটাইতকৈ প্ৰভাৱশালী উপায়।

• فضيلة العلم والرحلة في طلبه، واغتنام لقاء الفضلاء والعلماء وإن بعدت أقطارهم.
জ্ঞান তথা জ্ঞান অৰ্জন কৰিবলৈ কৰা ভ্ৰমণৰ গুৰুত্ব, জ্ঞানৱান তথা আলিম-উলামাসকলৰ লগত সাক্ষাৎ কৰি উপকৃত হোৱাৰ ফজিলত, যদিও দূৰণিয়া বাটৰ ভ্ৰমণ কৰিবলগীয়া হয়।

• الحوت يطلق على السمكة الصغيرة والكبيرة ولم يرد في القرآن لفظ السمك، وإنما ورد الحوت والنون واللحم الطري.
‘হুত’ আচলতে সৰু বৰ সকলো মাছকে কোৱা হয়। দৰাচলতে কোৰআনত ‘ছামাক’ শব্দটো ব্যৱহাৰ হোৱা নাই। বৰং ‘হুত’ ‘নূন’ আৰু ‘লাহমুন তাৰীঈ’ আদি শব্দ ব্যৱহাৰ হৈছে।

فَلَمَّا جَاوَزَا قَالَ لِفَتٰىهُ اٰتِنَا غَدَآءَنَا ؗ— لَقَدْ لَقِیْنَا مِنْ سَفَرِنَا هٰذَا نَصَبًا ۟
যেতিয়া তেওঁলোক নিৰ্দিষ্ট স্থান পাৰ হৈ আগুৱাই গ'ল, মূছাই তেওঁৰ সেৱকক উদ্দেশ্যি ক'লেঃ আমাৰ দুপুৰিয়াৰ আহাৰ উলিওৱাচোন, নিশ্চয় আমি আমাৰ এই ভ্ৰমণত বৰ ক্লান্ত হৈছো।
ዓረብኛ ተፍሲሮች:
قَالَ اَرَءَیْتَ اِذْ اَوَیْنَاۤ اِلَی الصَّخْرَةِ فَاِنِّیْ نَسِیْتُ الْحُوْتَ ؗ— وَمَاۤ اَنْسٰىنِیْهُ اِلَّا الشَّیْطٰنُ اَنْ اَذْكُرَهٗ ۚ— وَاتَّخَذَ سَبِیْلَهٗ فِی الْبَحْرِ ۖۗ— عَجَبًا ۟
সেৱকে ক'লেঃ আপুনি লক্ষ্য কৰা নাইনে যেতিয়া আমি শিলাখণ্ডৰ ওচৰত বিশ্ৰাম লৈছিলো তেতিয়া কি সংঘটিত হৈছিল? দৰাচলতে মাছৰ ঘটনাটো আপোনাক বৰ্ণনা কৰিবলৈ মই পাহৰি গৈছিলোঁ। মই নিশ্চিত যে মোক চয়তানেই উক্ত ঘটনাটো বৰ্ণনা কৰিবলৈ পাহৰাই দিছিল। ঘটনাটো হৈছে, সেই মাছবিধ জীৱিত হৈ পানীত আশ্চৰ্যজনক পথ বনাই গুচি গৈছিল।
ዓረብኛ ተፍሲሮች:
قَالَ ذٰلِكَ مَا كُنَّا نَبْغِ ۖۗ— فَارْتَدَّا عَلٰۤی اٰثَارِهِمَا قَصَصًا ۟ۙ
মূছা আলাইহিচ্ছালামে তেওঁৰ সেৱকক ক'লেঃ সেই স্থানটোৱে হৈছে আমাৰ উদ্দেশ্য। দৰাচলতে এইটোৱে হৈছে সেই পূণ্যৱান ব্যক্তিৰ ঠাইৰ প্ৰতীক। এতেকে দুয়ো নিজৰ পদচিহ্ন অনুসৰণ কৰি উভতি গল, যাতে পথ হেৰাই নাযায়। অৱশেষত তেওঁলোক শিলাখণ্ডৰ ওচৰলৈ পালেগৈ, আৰু তাৰ পৰা মাছৰ প্ৰৱেশস্থলত উপস্থিত হ'ল।
ዓረብኛ ተፍሲሮች:
فَوَجَدَا عَبْدًا مِّنْ عِبَادِنَاۤ اٰتَیْنٰهُ رَحْمَةً مِّنْ عِنْدِنَا وَعَلَّمْنٰهُ مِنْ لَّدُنَّا عِلْمًا ۟
মাছ হেৰাই যোৱা ঠাইত যেতিয়া তেওঁলোক দুয়ো আহি উপস্থিত হ'ল, তাত তেওঁলোকে আমাৰ এজন নেক বান্দাক লগ পালে (তেওঁ আছিল খাজিৰ আলাইহিচ্ছালাম)। আমি আমাৰ ফালৰ পৰা তেওঁক দয়া কৰিছিলোঁ আৰু এনেকুৱা জ্ঞান দান কৰিছিলো যিটো মানুহৰ ওচৰত নাছিল। সেই জ্ঞানৰ কথাকেই ইয়াত বৰ্ণনা কৰা হৈছে।
ዓረብኛ ተፍሲሮች:
قَالَ لَهٗ مُوْسٰی هَلْ اَتَّبِعُكَ عَلٰۤی اَنْ تُعَلِّمَنِ مِمَّا عُلِّمْتَ رُشْدًا ۟
মূছা আলাইহিচ্ছালামে তেওঁক বিনম্ৰতা প্ৰকাশ কৰি ক'লেঃ মই আপোনাৰ অনুসৰণ কৰিব পাৰোঁনে, যাতে আল্লাহে আপোনাক যি জ্ঞান দান কৰিছে, যাৰ দ্বাৰা সত্যৰ পথ পোৱা যায় তাৰ পৰা কিবা শিকিব পাৰিম?
ዓረብኛ ተፍሲሮች:
قَالَ اِنَّكَ لَنْ تَسْتَطِیْعَ مَعِیَ صَبْرًا ۟
খাজিৰ আলাইহিচ্ছালামে ক'লেঃ তুমি মোৰ জ্ঞানৰ যি দৃশ্য দেখিবা, মই নিশ্চিত যে তুমি সেয়া দেখি কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিবা। কিয়নো তোমাৰ ওচৰত থকা জ্ঞানৰ লগত ইয়াৰ কোনো সংগতি বিচাৰি নাপাবা।
ዓረብኛ ተፍሲሮች:
وَكَیْفَ تَصْبِرُ عَلٰی مَا لَمْ تُحِطْ بِهٖ خُبْرًا ۟
তুমি সেইবোৰ কৰ্ম দেখি কেনেকৈ ধৈৰ্য ধাৰণ কৰিবা? যিবোৰ কৰ্মৰ উচিত কোনো কাৰণ তোমাৰ জনা নাই। কিয়নো তুমি তোমাৰ ওচৰত থকা জ্ঞান অনুসাৰেহে সিদ্ধান্ত গ্ৰহণ কৰিবা।
ዓረብኛ ተፍሲሮች:
قَالَ سَتَجِدُنِیْۤ اِنْ شَآءَ اللّٰهُ صَابِرًا وَّلَاۤ اَعْصِیْ لَكَ اَمْرًا ۟
মূছা আলাইহিচ্ছালামে ক'লেঃ আপোনাৰ ফালৰ পৰা সংঘটিত সকলো বিষয়তে ইন শ্বা আল্লাহ আপুনি মোক ধৈৰ্য্য ধাৰণকাৰী হিচাপে পাব। মই আপোনাৰ সকলো সিদ্ধান্ত মানি লম। মই আপোনাৰ কোনো আদেশক উলংঘা নকৰোঁ।
ዓረብኛ ተፍሲሮች:
قَالَ فَاِنِ اتَّبَعْتَنِیْ فَلَا تَسْـَٔلْنِیْ عَنْ شَیْءٍ حَتّٰۤی اُحْدِثَ لَكَ مِنْهُ ذِكْرًا ۟۠
খাজিৰে মূছাক ক'লেঃ যদি তুমি সঁচাকৈয়ে মোৰ অনুসৰণ কৰিব বিচৰা তেন্তে শুনা! মোক যি কামেই কৰোঁতে দেখিবা সেই বিষয়ে তুমি মোক প্ৰশ্ন নকৰিবা, যেতিয়ালৈকে মই নিজেই সেই কৰ্ম সম্পৰ্কে তোমাক নজনাওঁ।
ዓረብኛ ተፍሲሮች:
فَانْطَلَقَا ۫— حَتّٰۤی اِذَا رَكِبَا فِی السَّفِیْنَةِ خَرَقَهَا ؕ— قَالَ اَخَرَقْتَهَا لِتُغْرِقَ اَهْلَهَا ۚ— لَقَدْ جِئْتَ شَیْـًٔا اِمْرًا ۟
যেতিয়া দুয়ো একমত হ'ল তেতিয়া উভয়ে সাগৰৰ পাৰলৈ ৰাওনা হ'ল। তাত গৈ তেওঁলোকে এখন নাও পালে, উভয়ে তাত আৰোহণ কৰিলে। খাজিৰ আলাইহিচ্ছালামৰ সন্মানাৰ্থে তেওঁলোকে ভাড়াও দিবলগীয়া নহ'ল। ইপিনে খাজিৰ আলাইহিচ্ছালামে নাওখনত এখন ফুটা কৰি দিলে। এই দেখি মূছা আলাইহিচ্ছালামে ক'লেঃ আপুনি এনেকুৱা এখন নাও ফুটা কৰিলে যিখন নাৱৰ মালিকে আমাৰ পৰা ভাড়াও লোৱা নাই। আপুনি তেওঁক ডুবাই মাৰিব বিচাৰে নেকি? আপুনি নিশ্চয় এটা অনুচিত কাম কৰিছে।
ዓረብኛ ተፍሲሮች:
قَالَ اَلَمْ اَقُلْ اِنَّكَ لَنْ تَسْتَطِیْعَ مَعِیَ صَبْرًا ۟
খাজিৰে ক'লেঃ মই তোমাক কোৱা নাছিলোনে যে, তুমি মোৰ কাম দেখি ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিবা?
ዓረብኛ ተፍሲሮች:
قَالَ لَا تُؤَاخِذْنِیْ بِمَا نَسِیْتُ وَلَا تُرْهِقْنِیْ مِنْ اَمْرِیْ عُسْرًا ۟
মূছা আলাইহিচ্ছালামে ক'লেঃ ভুলবশতঃ মই আপোনাক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছোঁ, গতিকে অনুগ্ৰহ কৰি ইয়াৰ ফলত আপুনি কোনো বিহিত ব্যৱস্থা নলব। তথা মোক সংকীৰ্ণতাৰ ফালে ঠেলি নিদিব আৰু আপোনাৰ লগত থকাৰ ক্ষেত্ৰত কোনো জটিলতাৰ সৃষ্টি নকৰিব।
ዓረብኛ ተፍሲሮች:
فَانْطَلَقَا ۫— حَتّٰۤی اِذَا لَقِیَا غُلٰمًا فَقَتَلَهٗ ۙ— قَالَ اَقَتَلْتَ نَفْسًا زَكِیَّةً بِغَیْرِ نَفْسٍ ؕ— لَقَدْ جِئْتَ شَیْـًٔا نُّكْرًا ۟
নাৱৰ পৰা অৱতৰণ কৰাৰ পিছত দুয়ো সাগৰৰ পাৰে পাৰে ৰাওনা হ'ল, তেওঁলোকে এজন শিশুক অন্য কিছুমান শিশুৰ সৈতে খেলি থকা অৱস্থাত দেখিলে। শিশুটি এতিয়াও বুজিব পৰা বয়সত উপনীত হোৱা নাছিল। কিন্তু খাজিৰ আলাইহিচ্ছালামে তাক হত্যা কৰি পেলালে। এই দেখি মূছা আলাইহিচ্ছালামে ক'লেঃ আপুনি এনেকুৱা এজন শিশুক হত্যা কৰিলে, যিয়ে বুজিব পৰা বয়সতো উপনীত হোৱা নাই, সি এজন নিৰ্দোষী নিৰপৰাধ, যিয়ে কোনো গুনাহও কৰা নাই ? নিশ্চয় আপুনি এইটো নিকৃষ্ট কাম কৰিছে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• استحباب كون خادم الإنسان ذكيًّا فطنًا كَيِّسًا ليتم له أمره الذي يريده.
বুদ্ধিমান, মেধাৱী, আত্মজ্ঞ, ধীসম্পন্ন ব্যক্তিক নিজৰ সেৱক হিচাপে নিযুক্তি দিয়া উচিত। যাতে সি নিজৰ কাম সুচাৰৰূপে সম্পন্ন কৰিব পাৰে।

• أن المعونة تنزل على العبد على حسب قيامه بالمأمور به، وأن الموافق لأمر الله يُعان ما لا يُعان غيره.
বান্দাই আল্লাহৰ সহায় সেই অনুপাতেই লাভ কৰে যিমানখিনি সি আল্লাহৰ আদেশ পালন কৰে। আল্লাহৰ আদেশ অনুসৰি চলা ব্যক্তিয়ে যি সহায় লাভ কৰে, সেই সহায় আন কোনোৱেই লাভ নকৰে।

• التأدب مع المعلم، وخطاب المتعلم إياه ألطف خطاب.
শিক্ষকৰ সন্মান, শিষ্য এজনে সদায় শিক্ষক সন্মান সহকাৰে সম্বোধন কৰা উচিত।

• النسيان لا يقتضي المؤاخذة، ولا يدخل تحت التكليف، ولا يتعلق به حكم.
ভুলতে কৰা কামৰ কোনো শাস্তি নাই। আৰু এইটো দায়বদ্ধতাৰ অন্তৰ্ভুক্তও নহয়। ইয়াৰ লগত চৰীয়তৰ কোনো বিধানো জৰিত নহয়।

• تعلم العالم الفاضل للعلم الذي لم يَتَمَهَّر فيه ممن مهر فيه، وإن كان دونه في العلم بدرجات كثيرة.
এজন আলিম তথা বিজ্ঞ ব্যক্তিয়ে যিটো বিষয়ত তেওঁ পাৰ্গত নহয় সেই ব্যক্তিৰ পৰা শিক্ষা লোৱা উচিত, যিয়ে এই বিষয়ত অভিজ্ঞ। যদিও তেওঁ সেই ব্যক্তিতকৈ অধিক জ্ঞানী তথা অধিক মৰ্যাদাশীল নহওঁক কিয়।

• إضافة العلم وغيره من الفضائل لله تعالى، والإقرار بذلك، وشكر الله عليها.
জ্ঞান তথা এই জাতীয় অনুগ্ৰহবোৰক আল্লাহৰ লগত সম্পৃক্ত কৰা উচিত, তথা এই কথা স্বীকাৰ কৰা উচিত আৰু এই ক্ষেত্ৰত আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত।

قَالَ اَلَمْ اَقُلْ لَّكَ اِنَّكَ لَنْ تَسْتَطِیْعَ مَعِیَ صَبْرًا ۟
খাজিৰে মুছা আলাইহিচ্ছালামক ক'লেঃ হে মুছা! মই আপোনাক আগতেই কৈছিলো, আপুনি মোৰ কৰ্মবোৰ চাই ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিব।
ዓረብኛ ተፍሲሮች:
قَالَ اِنْ سَاَلْتُكَ عَنْ شَیْ بَعْدَهَا فَلَا تُصٰحِبْنِیْ ۚ— قَدْ بَلَغْتَ مِنْ لَّدُنِّیْ عُذْرًا ۟
মুছা আলাইহিচ্ছালামে ক'লেঃ এইবাৰৰ পিচত পুনৰ যদি মই কোনো বিষয়ে প্ৰশ্ন উত্থাপন কৰোঁ তেন্তে আপুনি মোক পৃথক কৰি দিব পাৰে, কিয়নো দুবাৰ আপোনাৰ বিৰোধিতা কৰাৰ পিচত আপোনাৰ লগত থকাটো মোৰ বাবে উচিত নহ'ব।
ዓረብኛ ተፍሲሮች:
فَانْطَلَقَا ۫— حَتّٰۤی اِذَاۤ اَتَیَاۤ اَهْلَ قَرْیَةِ ١سْتَطْعَمَاۤ اَهْلَهَا فَاَبَوْا اَنْ یُّضَیِّفُوْهُمَا فَوَجَدَا فِیْهَا جِدَارًا یُّرِیْدُ اَنْ یَّنْقَضَّ فَاَقَامَهٗ ؕ— قَالَ لَوْ شِئْتَ لَتَّخَذْتَ عَلَیْهِ اَجْرًا ۟
ইয়াৰ পিচত দুয়ো আকৌ ৰাওনা হ'ল, অৱশেষত এখন গাওঁত প্ৰৱেশ কৰিলে আৰু তাৰ অধিবাসীসকলৰ ওচৰত খাদ্যৰ বাবে আবেদন কৰিলে। গাওঁবাসীয়ে তেওঁলোকৰ আবেদন নাকচ কৰিলে আৰু তেওঁলোকক খুৱাবলৈ মান্তি নহ'ল। তেওঁলোকে সেই গাওঁখনতে এখন প্ৰাচীৰ দেখা পালে, যিখন পৰি যোৱাৰ উপক্ৰম হৈছিল। খাজিৰে সেই প্ৰাচীৰখন মেৰামতি কৰি দিলে। এই দেখি মুছা আলাইহিচ্ছালামে খাজিৰক ক'লেঃ আপুনি ইচ্ছা কৰিলে সিহঁতৰ পৰা এই পৰিশ্ৰমৰ পাৰিশ্ৰমিক ল'ব পাৰিলেহেঁতেন, যিহেতু সিহঁতে আমাক আপ্যায়ন কৰিবলৈ অস্বীকাৰ কৰিছিল, সেয়ে এইটো লোৱা আমাৰ বাবে প্ৰয়োজন আছিল।
ዓረብኛ ተፍሲሮች:
قَالَ هٰذَا فِرَاقُ بَیْنِیْ وَبَیْنِكَ ۚ— سَاُنَبِّئُكَ بِتَاْوِیْلِ مَا لَمْ تَسْتَطِعْ عَّلَیْهِ صَبْرًا ۟
খাজিৰে মুছা আলাইহিচ্ছালামক ক'লেঃ প্ৰাচীৰ মেৰামতিৰ বাবে মই পাৰিশ্ৰমিক নোলোৱাৰ ক্ষেত্ৰত আপোনাৰ এই অভিযোগে মোক আৰু আপোনাক পৃথক হোৱাটো নিশ্চিত কৰি দিছে। এতিয়া মই আপোনাক উক্ত বিষয়বোৰৰ বাস্তৱিকতা সম্পৰ্কে অৱগত কৰাব বিচাৰিছোঁ, যিবোৰ কৰ্ম মোক কৰা দেখি আপুনি ধৈৰ্য্য ধাৰণ কৰিব পৰা নাছিল।
ዓረብኛ ተፍሲሮች:
اَمَّا السَّفِیْنَةُ فَكَانَتْ لِمَسٰكِیْنَ یَعْمَلُوْنَ فِی الْبَحْرِ فَاَرَدْتُّ اَنْ اَعِیْبَهَا وَكَانَ وَرَآءَهُمْ مَّلِكٌ یَّاْخُذُ كُلَّ سَفِیْنَةٍ غَصْبًا ۟
এতেকে নাও সম্পৰ্কীয় বিষয়টো প্ৰথমে মই আপোনাক জনাওঁ, যিখন নাও ত্ৰুটিযুক্ত কৰাত আপুনি মোৰ বিৰোধিতা কৰিছিল, দৰাচলতে সেই নাওখনৰ স্বত্তাধিকাৰী হৈছে কেইজনমান দৰিদ্ৰ লোক, তেওঁলোকে সেই নাওখনেৰে সাগৰত কাম কৰিছিল কিন্তু তেওঁলোক ইয়াক ৰক্ষা কৰিবলৈ সক্ষম নাছিল। সেয়ে মই সেই নাওখনক ত্ৰুটিযুক্ত কৰিছিলোঁ যাতে এই নাওখনক সেই অত্যাচাৰী ৰজাই কাঢ়ি লব নোৱাৰে, যিয়ে প্ৰত্যেক ভাল তথা উৎকৃষ্ট নাও বলপূৰ্বকভাৱে মানুহৰ পৰা কাঢ়ি লয় আৰু ত্ৰুটিযুক্ত নাওসমূহ এৰি দিয়ে।
ዓረብኛ ተፍሲሮች:
وَاَمَّا الْغُلٰمُ فَكَانَ اَبَوٰهُ مُؤْمِنَیْنِ فَخَشِیْنَاۤ اَنْ یُّرْهِقَهُمَا طُغْیَانًا وَّكُفْرًا ۟ۚ
আনহাতে শিশুৰ বিষয়টো, যিজন শিশুক হত্যা কৰাত আপুনি মোৰ বিৰোধিতা কৰিছিল, সেই শিশুজনৰ পিতৃ-মাতৃ উভয়ে আছিল ঈমান্দাৰ। কিন্তু আল্লাহৰ জ্ঞান অনুসাৰে সেই শিশুজন আছিল কাফিৰ (নাস্তিক)। সেয়ে আমি আশংকা কৰিছিলোঁ যে, সি ডাঙৰ হৈ নিজৰ পিতৃ-মাতৃক কুফৰীলৈ ওভোতাই লৈ নিব, কিয়নো পিতৃ-মাতৃয়ে সন্তান-সন্ততিক সীমাহীন ভালপায় তথা সিহঁত তেওঁলোকৰ অতি প্ৰয়োজনীয় আপোনজন।
ዓረብኛ ተፍሲሮች:
فَاَرَدْنَاۤ اَنْ یُّبْدِلَهُمَا رَبُّهُمَا خَیْرًا مِّنْهُ زَكٰوةً وَّاَقْرَبَ رُحْمًا ۟
সেয়ে আমি ভাৱিলোঁ আল্লাহে তেওঁলোকক ইয়াৰ পৰিবৰ্তে আন এজন এনেকুৱা সন্তান প্ৰদান কৰক, যিজন হ'ব অতি দ্বীনদাৰ, পৰহেজগাৰ আৰু পাপকৰ্মৰ পৰা দূৰত্ব অৱলম্বনকাৰী। তথা পিতৃ-মাতৃৰ প্ৰতি অধিক মনোযোগ প্ৰদানকাৰী।
ዓረብኛ ተፍሲሮች:
وَاَمَّا الْجِدَارُ فَكَانَ لِغُلٰمَیْنِ یَتِیْمَیْنِ فِی الْمَدِیْنَةِ وَكَانَ تَحْتَهٗ كَنْزٌ لَّهُمَا وَكَانَ اَبُوْهُمَا صَالِحًا ۚ— فَاَرَادَ رَبُّكَ اَنْ یَّبْلُغَاۤ اَشُدَّهُمَا وَیَسْتَخْرِجَا كَنْزَهُمَا ۖۗ— رَحْمَةً مِّنْ رَّبِّكَ ۚ— وَمَا فَعَلْتُهٗ عَنْ اَمْرِیْ ؕ— ذٰلِكَ تَاْوِیْلُ مَا لَمْ تَسْطِعْ عَّلَیْهِ صَبْرًا ۟ؕ۠
আনহাতে যিখন প্ৰাচীৰ মই মেৰামতি কৰি দিছিলোঁ, যি বিষয়ে আপুনি মোৰ বিৰোধিতা কৰিছিল, সেই প্ৰাচীৰখন আছিল সেই চহৰৰ দুজন সৰু ল’ৰাৰ। তেওঁলোকৰ পিতৃ-মাতৃ আছিল অতি পূণ্যৱান। পিতা-মাতা উভয়ে মৃত্যুবৰণ কৰিছিল আৰু সেই প্ৰাচীৰখনৰ তলত পুতি থোৱা আছিল তেওঁলোকৰ ধন-সম্পদ। সেয়ে হে মুছা! আপোনাৰ প্ৰতিপালকে ইচ্ছা পোষণ কৰিলে যে, সেই ল’ৰা দুজন ডাঙৰ দীঘল তথা প্ৰাপ্তবয়সত উপনীত হওক আৰু তাৰ পিচত যাতে তেওঁলোকে প্ৰাচীৰৰ তলত থকা তেওঁলোকৰ সম্পদ উলিয়াব পাৰে। কিয়নো এতিয়া যদি তেওঁলোকৰ সেই প্ৰাচীৰখন ভাঙি পৰিলহেঁতেন তেন্তে তেওঁলোকৰ সম্পদ উন্মুক্ত হ'লহেঁতেন আৰু বিনষ্ট হ'লহেঁতেন। দৰাচলতে এই প্ৰক্ৰিয়া আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা সেই ল’ৰা দুজনৰ বাবে এক প্ৰকাৰ ৰহমত। মই মোৰ বুদ্ধিৰে একো কৰা নাছিলোঁ। উক্ত ঘটনাবোৰৰ এইটোৱে হৈছে বাস্তৱিকতা, যিবোৰ দেখি আপুনি ধৈৰ্য্য ধাৰণ কৰিব পৰা নাছিল।
ዓረብኛ ተፍሲሮች:
وَیَسْـَٔلُوْنَكَ عَنْ ذِی الْقَرْنَیْنِ ؕ— قُلْ سَاَتْلُوْا عَلَیْكُمْ مِّنْهُ ذِكْرًا ۟ؕ
হে ৰাছুল! মুশ্বৰিকসকলে আৰু ইয়াহুদীসকলে আপোনাক পৰীক্ষা কৰাৰ বাবে জুল-কাৰ্ণাইন সম্পৰ্কে সোধ-পোচ কৰে। আপুনি সিহঁতক জনাই দিয়ক যে, মই তোমালোকৰ সন্মুখত তেওঁৰ কিছুমান ঘটনা দাঙি ধৰিম, যাতে তোমালোকে তাৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰা তথা উপদেশ ল'ব পাৰা।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• وجوب التأني والتثبت وعدم المبادرة إلى الحكم على الشيء.
কোনো বিষয়ে মন্তব্য কৰাৰ পূৰ্বে সেই বিষয়ে ভালদৰে চিন্তা-চৰ্চা আৰু গৱেষণা কৰি লোৱা উচিত।

• أن الأمور تجري أحكامها على ظاهرها، وتُعَلق بها الأحكام الدنيوية في الأموال والدماء وغيرها.
প্ৰকাশ্য দিশৰ ওপৰত ভিত্তি কৰি সকলো কৰ্মৰ বিধান প্ৰযোজ্য হয়। আৰু প্ৰকাশ্যৰ ভিত্তিতেই ধন-সম্পদ আৰু ৰক্ত সম্পৰ্কীয় সকলো পাৰ্থিৱ বিধান জাৰি হয়।

• يُدْفَع الشر الكبير بارتكاب الشر الصغير، ويُرَاعَى أكبر المصلحتين بتفويت أدناهما.
প্ৰয়োজন অনুসাৰে সৰু গুনাহত লিপ্ত হৈ ডাঙৰ গুনাহক প্ৰতিহত কৰিব পাৰি। আৰু দুটা হিতৰ সৰুটোক পৰিত্যাগ কৰি ডাঙৰটো ৰক্ষা কৰা উচিত।

• ينبغي للصاحب ألا يفارق صاحبه ويترك صحبته حتى يُعْتِبَه ويُعْذِر منه.
এজন বন্ধুৱে আন এজন বন্ধুক তেতিয়ালৈকে আঁতৰাই দিয়া উচিত নহয় যেতিয়ালৈকে সি তাক আশ্বস্ত কৰিব নোৱাৰে অথবা তাৰ আশংকা দূৰ কৰিব নোৱাৰে।

• استعمال الأدب مع الله تعالى في الألفاظ بنسبة الخير إليه وعدم نسبة الشر إليه .
আল্লাহ তাআলাৰ বাবে শব্দৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আদব সহকাৰে কাম লোৱা উচিত, সকলো কল্যাণ তেওঁৰ লগত সম্পৃক্ত কৰা উচিত আৰু অকল্যাণ তেওঁৰ লগত সম্পৃক্ত কৰা অনুচিত।

• أن العبد الصالح يحفظه الله في نفسه وفي ذريته.
এজন নেক বান্দাক আল্লাহে সদায় সুৰক্ষা প্ৰদান কৰে আৰু তেওঁৰ সন্তান-সন্ততিকো।

اِنَّا مَكَّنَّا لَهٗ فِی الْاَرْضِ وَاٰتَیْنٰهُ مِنْ كُلِّ شَیْءٍ سَبَبًا ۟ۙ
নিশ্চয় আমি তেওঁক পৃথিৱীত প্ৰভাৱশালী বনাইছিলোঁ আৰু তেওঁক প্ৰত্যেক সেই বস্তু প্ৰদান কৰিছিলোঁ যিটোৰ জৰিয়তে তেওঁ নিজৰ লক্ষ্যস্থলত উপনীত হ'ব পাৰিছিল।
ዓረብኛ ተፍሲሮች:
فَاَتْبَعَ سَبَبًا ۟
তেওঁৰ লক্ষ্যস্থলত উপনীত হ'বলৈ আমি তেওঁক যিবোৰ উপায় আৰু মাধ্যম প্ৰদান কৰিছিলোঁ, সেইবোৰৰ জৰিয়তে তেওঁ পশ্চিমফালে ৰাওনা হ'ল।
ዓረብኛ ተፍሲሮች:
حَتّٰۤی اِذَا بَلَغَ مَغْرِبَ الشَّمْسِ وَجَدَهَا تَغْرُبُ فِیْ عَیْنٍ حَمِئَةٍ وَّوَجَدَ عِنْدَهَا قَوْمًا ؕ۬— قُلْنَا یٰذَا الْقَرْنَیْنِ اِمَّاۤ اَنْ تُعَذِّبَ وَاِمَّاۤ اَنْ تَتَّخِذَ فِیْهِمْ حُسْنًا ۟
তেওঁ পৃথিৱীত ভ্ৰমণ অব্যাহত ৰাখিলে, অৱশেষত তেওঁ যেতিয়া পশ্চিমফালে সেই ঠাই পালেগৈ যিটো দেখাত সূৰ্য্যাস্তৰৰ ঠাই বুলি লাগে, তাত তেওঁ লক্ষ্য কৰিলে সূৰ্য্য যেনিবা ক'লা বোকা মাটিৰ জলাশয়ত ডুব গৈ আছে। তেওঁ সেই ঠাইত এনেকুৱা এটা জাতিক লগ পালে যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা নাছিল। আমি তেওঁক দুটা বিকল্প দেখুৱাই ক'লোঃ হে জুল-কাৰ্ণাইন! তুমি ইচ্ছা কৰিলে সিহঁতক হত্যা কৰিব পাৰা অথবা অন্য কোনো শাস্তি দিব পাৰা। নাইবা সিহঁতৰ প্ৰতি সহানুভূতিশীল হ'ব পাৰা।
ዓረብኛ ተፍሲሮች:
قَالَ اَمَّا مَنْ ظَلَمَ فَسَوْفَ نُعَذِّبُهٗ ثُمَّ یُرَدُّ اِلٰی رَبِّهٖ فَیُعَذِّبُهٗ عَذَابًا نُّكْرًا ۟
জুল-কাৰ্ণাইনে ক'লেঃ যিয়ে আল্লাহৰ লগত শ্বিৰ্ক কৰিব আৰু আল্লাহৰ ইবাদতৰ ফালে আহ্বান কৰাৰ পিছতো সেই শ্বিৰ্কত বৰ্তী থাকিব তেন্তে তেনেকুৱা ব্যক্তিক আমি পৃথিৱীতেই মৃত্যুদণ্ডৰে শাস্তি প্ৰদান কৰিম। আকৌ কিয়ামতৰ দিনা যেতিয়া নিজ প্ৰতিপালকৰ ওচৰলৈ উভতি যাব তেতিয়া ইয়াতকৈও কঠিন শাস্তিৰ সন্মুখীন হ'ব।
ዓረብኛ ተፍሲሮች:
وَاَمَّا مَنْ اٰمَنَ وَعَمِلَ صَالِحًا فَلَهٗ جَزَآءَ ١لْحُسْنٰی ۚ— وَسَنَقُوْلُ لَهٗ مِنْ اَمْرِنَا یُسْرًا ۟ؕ
কিন্তু যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিব আৰু সৎকৰ্ম কৰিব তাৰ বাবে আছে জান্নাত। এইটো দৰাচলতে আল্লাহৰ ফালৰ পৰা তেওঁৰ বাবে তেওঁৰ ঈমান আৰু সৎকৰ্মৰ প্ৰতিফল। তথা আমি তেওঁক আদেশ দিয়াৰ সময়তো সহজ আৰু সৰলতা অৱলম্বন কৰিম।
ዓረብኛ ተፍሲሮች:
ثُمَّ اَتْبَعَ سَبَبًا ۟
তাৰ পিচত তেওঁ আগৰ পথ এৰি আন এটা পথেৰে সূৰ্য্যোদয়ৰ দিশত অৰ্থাৎ পূৱ ফালে ৰাওনা হ'ল।
ዓረብኛ ተፍሲሮች:
حَتّٰۤی اِذَا بَلَغَ مَطْلِعَ الشَّمْسِ وَجَدَهَا تَطْلُعُ عَلٰی قَوْمٍ لَّمْ نَجْعَلْ لَّهُمْ مِّنْ دُوْنِهَا سِتْرًا ۟ۙ
গৈ গৈ তেওঁ যেতিয়া সেই ঠাই পালেগৈ যিটো দেখাত সূৰ্যোদয়ৰ স্থান বুলি লাগে, তেতিয়া তেওঁ সূৰ্য্যক এনেকুৱা এটা সম্প্ৰদায়ৰ ওপৰত উদয় হোৱা দেখিলে যিসকলৰ বাবে সূৰ্য্যৰ তাপৰ পৰা ৰক্ষা পাবলৈ ঘৰ দুৱাৰ তথা গছ বৃক্ষৰ কোনো অন্তৰাল নাছিল।
ዓረብኛ ተፍሲሮች:
كَذٰلِكَ ؕ— وَقَدْ اَحَطْنَا بِمَا لَدَیْهِ خُبْرًا ۟
জুল-কাৰ্ণাইনৰ বিষয়বোৰ এনেকুৱাই আছিল, তেওঁৰ ওচৰত যি শক্তি সামৰ্থ আৰু ৰাজত্ব আছিল সেই সম্পৰ্কে আমাৰ পূৰ্ণ জ্ঞান আছে।
ዓረብኛ ተፍሲሮች:
ثُمَّ اَتْبَعَ سَبَبًا ۟
তাৰ পিচত তেওঁ সেই পথ এৰি পূৱ আৰু পশ্চিমৰ মাজৰ আন এটা পথ ধৰিলে।
ዓረብኛ ተፍሲሮች:
حَتّٰۤی اِذَا بَلَغَ بَیْنَ السَّدَّیْنِ وَجَدَ مِنْ دُوْنِهِمَا قَوْمًا ۙ— لَّا یَكَادُوْنَ یَفْقَهُوْنَ قَوْلًا ۟
গৈ গৈ তেওঁ যেতিয়া দুই পৰ্বতৰ মাজৰ উপত্যকা এখন পালে, সেই পৰ্বত দুখনৰ সিপাৰে এনেকুৱা এটা জাতিক লগ পালে, যিসকলে অন্য লোকৰ ভাষা বুজি পাবলৈ সক্ষম নাছিল।
ዓረብኛ ተፍሲሮች:
قَالُوْا یٰذَا الْقَرْنَیْنِ اِنَّ یَاْجُوْجَ وَمَاْجُوْجَ مُفْسِدُوْنَ فِی الْاَرْضِ فَهَلْ نَجْعَلُ لَكَ خَرْجًا عَلٰۤی اَنْ تَجْعَلَ بَیْنَنَا وَبَیْنَهُمْ سَدًّا ۟
সেইসকল লোকে ক'লেঃ হে জুল-কাৰ্ণাইন! ইয়াজুজ আৰু মাজুজ (তেওঁলোকৰ মতে আদম সন্তানৰ দুটা ডাঙৰ সম্প্ৰদায়) হত্যা আদিৰ জৰিয়তে ভূপৃষ্ঠত উপদ্ৰৱ চলায়। আমি আপোনাক কিছু অৰ্থ সম্পদেৰে সহায় কৰিম নেকি যাতে আপুনি আমাৰ আৰু সিহঁতৰ মাজত অৱৰোধ প্ৰাচীৰ নিৰ্মাণ কৰি দিয়ে?
ዓረብኛ ተፍሲሮች:
قَالَ مَا مَكَّنِّیْ فِیْهِ رَبِّیْ خَیْرٌ فَاَعِیْنُوْنِیْ بِقُوَّةٍ اَجْعَلْ بَیْنَكُمْ وَبَیْنَهُمْ رَدْمًا ۟ۙ
জুল-কাৰ্ণাইনে ক'লেঃ মোৰ প্ৰতিপালকে মোক যি শক্তি সামৰ্থ আৰু ৰাজত্ব প্ৰদান কৰিছে, সেয়া তোমালোকে দিব বিচৰা সম্পদতকৈ বহুগুণে উত্তম। এতেকে তোমালোকে মোক জনবল আৰু উপাদানেৰে সহায় কৰা, মই তোমালোকৰ আৰু সিহঁতৰ মাজত অৱৰোধ প্ৰাচীৰ নিৰ্মাণ কৰি দিম।
ዓረብኛ ተፍሲሮች:
اٰتُوْنِیْ زُبَرَ الْحَدِیْدِ ؕ— حَتّٰۤی اِذَا سَاوٰی بَیْنَ الصَّدَفَیْنِ قَالَ انْفُخُوْا ؕ— حَتّٰۤی اِذَا جَعَلَهٗ نَارًا ۙ— قَالَ اٰتُوْنِیْۤ اُفْرِغْ عَلَیْهِ قِطْرًا ۟ؕ
তোমালোকে লোৰ যোগান ধৰা। এতেকে তেওঁলোকে লোৰ যোগান ধৰিলে, আৰু তেওঁ সেইবোৰেৰে দুই পৰ্বতৰ মাজত প্ৰাচীৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। অৱশেষত প্ৰাচীৰ যেতিয়া দুয়ো পৰ্বতৰ সমান হৈ গ'ল, তেতিয়া তেওঁ শ্ৰমিকসকলক ক'লেঃ এই লোৰ টুকুৰাবোৰক জুয়েৰে উত্তপ্ত কৰা। লোৰ টুকুৰাবোৰ যেতিয়া ৰঙা হৈ গ'ল তেতিয়া তেওঁ ক'লেঃ এতিয়া তাম লৈ আহা, যাতে ইয়াৰ ওপৰত ঢালি দিব পাৰো।
ዓረብኛ ተፍሲሮች:
فَمَا اسْطَاعُوْۤا اَنْ یَّظْهَرُوْهُ وَمَا اسْتَطَاعُوْا لَهٗ نَقْبًا ۟
এতেকে ইয়াজুজ আৰু মাজুজ সেই প্ৰাচীৰৰ উচ্চতাৰ কাৰণে সেইটো বগাব নোৱাৰিলে। লগতে ইয়াৰ মজবুতিৰ ফলত তলফালেৰেও শিং লগাব পৰা নাছিল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أن ذا القرنين أحد الملوك المؤمنين الذين ملكوا الدنيا وسيطروا على أهلها، فقد آتاه الله ملكًا واسعًا، ومنحه حكمة وهيبة وعلمًا نافعًا.
জুল-কাৰ্ণাইন মুমিন শাসকসকলৰ অন্যতম এজন শাসক আছিল, যিয়ে পৃথিৱীত ৰাজত্ব কৰিছিল, আৰু ইয়াৰ অধিবাসীসকলৰ ওপৰত শাসন চলাইছিল। আল্লাহে তেওঁক বিশাল ৰাজত্ব প্ৰদান কৰিছিল, তথা তেওঁক হিকমত, প্ৰতাপ আৰু উপযোগী জ্ঞান প্ৰদান কৰিছিল।

• من واجب الملك أو الحاكم أن يقوم بحماية الخلق في حفظ ديارهم، وإصلاح ثغورهم من أموالهم.
প্ৰত্যেক ৰজা অথবা শাসকৰ কৰ্তব্য হৈছে, জনতাৰ ধনেৰে তেওঁলোকৰ ঘৰ-দুৱাৰ আৰু চাৰিওফালৰ সীমাৰ সুৰক্ষাৰ দ্বাৰা তেওঁলোকৰ সম্পূৰ্ণ সুৰক্ষা সুনিশ্চিত কৰা।

• أهل الصلاح والإخلاص يحرصون على إنجاز الأعمال ابتغاء وجه الله.
সদাচাৰী আৰু নিষ্ঠাৱান লোকসকলৰ সকলো কৰ্মৰ উদ্দেশ্য হৈছে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰা।

قَالَ هٰذَا رَحْمَةٌ مِّنْ رَّبِّیْ ۚ— فَاِذَا جَآءَ وَعْدُ رَبِّیْ جَعَلَهٗ دَكَّآءَ ۚ— وَكَانَ وَعْدُ رَبِّیْ حَقًّا ۟ؕ
জুল-কাৰ্ণাইনে ক'লেঃ এই বান্ধটো হৈছে মোৰ প্ৰতিপালকৰ এক প্ৰকাৰ দয়া। যিটো প্ৰাচীৰে ইয়াজুজ আৰু মাজুজৰ পৃথিৱীত কৰা উপদ্ৰৱ প্ৰতিৰোধ কৰিব। কিন্তু যেতিয়া সেই সময় আহি পৰিব, কিয়ামতৰ পূৰ্বে সিহঁতৰ ওলোৱাৰ যিটো সময় আল্লাহে নিৰ্ধাৰণ কৰি ৰাখিছে, তেতিয়া আল্লাহে সেই প্ৰাচীৰ ধ্বংস কৰি দিব। সেই প্ৰাচীৰ ধ্বংস কৰি মাটিত মিহলোৱা আৰু ইয়াজুজ মাজুজ ওলোৱাৰ ক্ষেত্ৰত আল্লাহৰ যি প্ৰতিশ্ৰুতি সেয়া অটল তথা দৃঢ়, যিটো ভঙ্গ হোৱাৰ কোনো প্ৰশ্নই নাহে।
ዓረብኛ ተፍሲሮች:
وَتَرَكْنَا بَعْضَهُمْ یَوْمَىِٕذٍ یَّمُوْجُ فِیْ بَعْضٍ وَّنُفِخَ فِی الصُّوْرِ فَجَمَعْنٰهُمْ جَمْعًا ۟ۙ
শেষ সময়ছোৱাত আমি মানুহক এনেকুৱা অৱস্থাত এৰি দিম, সিহঁতে সাগৰৰ ঢৌৰ দৰে পৰস্পৰে মিশ্ৰিত হ'ব। ইপিনে যেতিয়া শিঙাত ফুঁ দিয়া হ'ব তেতিয়া আমি সকলো প্ৰাণীকে হিচাপ কিতাপৰ বাবে আৰু প্ৰতিফল দিয়াৰ বাবে একত্ৰিত কৰিম।
ዓረብኛ ተፍሲሮች:
وَّعَرَضْنَا جَهَنَّمَ یَوْمَىِٕذٍ لِّلْكٰفِرِیْنَ عَرْضَا ۟ۙ
আমি কাফিৰসকলৰ বাবে জাহান্নাম স্পষ্টৰূপে প্ৰকট কৰিম, যাতে সিহঁতে নিজ চকুৰে সেয়া দেখা পায়।
ዓረብኛ ተፍሲሮች:
١لَّذِیْنَ كَانَتْ اَعْیُنُهُمْ فِیْ غِطَآءٍ عَنْ ذِكْرِیْ وَكَانُوْا لَا یَسْتَطِیْعُوْنَ سَمْعًا ۟۠
আমি সেইখনক সেইসকল কাফিৰৰ বাবে প্ৰকট কৰিম, যিসকলে পাৰ্থিৱ জীৱনত অন্ধ আছিল তথা আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী আছিল। কিয়নো সিহঁতৰ চকুৰ ওপৰত আছিল আৱৰণ, যিটোৱে সিহঁতক ইয়াৰ পৰা আঁতৰাই ৰাখিছিল। তথা সিহঁতে উপকৃত হোৱাৰ উদ্দেশ্যে আল্লাহৰ আয়াত শুনিবলৈ সক্ষম নাছিল।
ዓረብኛ ተፍሲሮች:
اَفَحَسِبَ الَّذِیْنَ كَفَرُوْۤا اَنْ یَّتَّخِذُوْا عِبَادِیْ مِنْ دُوْنِیْۤ اَوْلِیَآءَ ؕ— اِنَّاۤ اَعْتَدْنَا جَهَنَّمَ لِلْكٰفِرِیْنَ نُزُلًا ۟
আল্লাহৰ লগত কুফৰী কৰা ব্যক্তিসকলে ফিৰিস্তা, ৰাছুল আৰু চয়তানক (যিবোৰ মোৰেই বান্দা) মোৰ বাহিৰে তেওঁলোকক উপাস্য বনাই লব বুলি ভাৱিছে নেকি? তেন্তে সেইসকল লোকে মনোযোগ সহকাৰে শুনা উচিত, নিশ্চয় আমি কাফিৰসকলৰ বাবে জাহান্নামক বাসস্থানৰূপে প্ৰস্তুত কৰি ৰাখিছোঁ।
ዓረብኛ ተፍሲሮች:
قُلْ هَلْ نُنَبِّئُكُمْ بِالْاَخْسَرِیْنَ اَعْمَالًا ۟ؕ
হে ৰাছুল! আপুনি কওক যে, হে মানৱজাতি! মই তোমালোকক জনামনে যে, আমলৰ ফালৰ পৰা আটাইতকৈ ক্ষতিগ্ৰস্ত কোনসকল লোক?
ዓረብኛ ተፍሲሮች:
اَلَّذِیْنَ ضَلَّ سَعْیُهُمْ فِی الْحَیٰوةِ الدُّنْیَا وَهُمْ یَحْسَبُوْنَ اَنَّهُمْ یُحْسِنُوْنَ صُنْعًا ۟
সিহঁত হৈছে সেইসকল লোক, যিসকলে কিয়ামতৰ দিনা প্ৰত্যক্ষ কৰিব যে, পৃথিৱীত কৰা সিহঁতৰ সকলো কৰ্ম অথলে গৈছে। অথচ সিহঁতে পৃথিৱীত ভাৱিছিল যে সিহঁতে ভাল কৰি আছে, তথা সিহঁতে এইবোৰ কৰ্মৰ দ্বাৰা লাভান্বিত হ'ব। কিন্তু বাস্তৱিকতা ইয়াৰ পৰিপন্থী।
ዓረብኛ ተፍሲሮች:
اُولٰٓىِٕكَ الَّذِیْنَ كَفَرُوْا بِاٰیٰتِ رَبِّهِمْ وَلِقَآىِٕهٖ فَحَبِطَتْ اَعْمَالُهُمْ فَلَا نُقِیْمُ لَهُمْ یَوْمَ الْقِیٰمَةِ وَزْنًا ۟
এইসকল লোকেই নিজ প্ৰতিপালকৰ সেইসমূহ আয়াত অস্বীকাৰ কৰিছিল যিবোৰ আয়াত আল্লাহৰ তাওহীদৰ প্ৰমাণবহন কৰে। লগতে সিহঁতে আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছিল। এই অস্বীকাৰৰ ফলতেই সিহঁতৰ সকলো আমল বাতিল হৈছে। সেয়ে কিয়ামতৰ দিনা আল্লাহৰ ওচৰত সিহঁতৰ কোনো মৰ্যাদা নাই।
ዓረብኛ ተፍሲሮች:
ذٰلِكَ جَزَآؤُهُمْ جَهَنَّمُ بِمَا كَفَرُوْا وَاتَّخَذُوْۤا اٰیٰتِیْ وَرُسُلِیْ هُزُوًا ۟
সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰখা প্ৰতিদান হৈছে জাহান্নাম। কিয়নো সিহঁতে আল্লাহৰ লগত কুফৰী কৰিছে, তেওঁ অৱতীৰ্ণ কৰা আয়াতসমূহক আৰু তেওঁৰ ৰাছুলসকলক উপহাসৰ পাত্ৰ বনাইছে।
ዓረብኛ ተፍሲሮች:
اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ كَانَتْ لَهُمْ جَنّٰتُ الْفِرْدَوْسِ نُزُلًا ۟ۙ
নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকক সন্মানস্বৰূপ জান্নাতৰ আটাইতকৈ উচ্চ স্থানত বসবাস কৰাৰ ঠাই দিয়া হ'ব।
ዓረብኛ ተፍሲሮች:
خٰلِدِیْنَ فِیْهَا لَا یَبْغُوْنَ عَنْهَا حِوَلًا ۟
তাত তেওঁলোক চিৰকাল বসবাস কৰিব, তাৰ পৰা তেওঁলোক স্থানান্তৰ হ'ব নিবিচাৰিব। কিয়নো ইয়াৰ সমান আন কোনো প্ৰতিদান হ'বই নোৱাৰে।
ዓረብኛ ተፍሲሮች:
قُلْ لَّوْ كَانَ الْبَحْرُ مِدَادًا لِّكَلِمٰتِ رَبِّیْ لَنَفِدَ الْبَحْرُ قَبْلَ اَنْ تَنْفَدَ كَلِمٰتُ رَبِّیْ وَلَوْ جِئْنَا بِمِثْلِهٖ مَدَدًا ۟
হে ৰাছুল! আপুনি কৈ দিয়ক! নিশ্চয় মোৰ প্ৰতিপালক সম্পৰ্কে বাক্য অধিক। এতেকে যদি সেইবোৰ লিখিবলৈ সাগৰক চিয়াঁহী বনোৱা হয়, তেন্তে পৱিত্ৰ আল্লাহ সম্পৰ্কে কথা সমাপ্ত হোৱাৰ পূৰ্বেই সাগৰৰ পানী শেষ হৈ যাব। বৰং আমি আৰু যদি কেইবাখন সাগৰ সৃষ্টি কৰোঁ, সেইবোৰো শেষ হৈ যাব।
ዓረብኛ ተፍሲሮች:
قُلْ اِنَّمَاۤ اَنَا بَشَرٌ مِّثْلُكُمْ یُوْحٰۤی اِلَیَّ اَنَّمَاۤ اِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ ۚ— فَمَنْ كَانَ یَرْجُوْا لِقَآءَ رَبِّهٖ فَلْیَعْمَلْ عَمَلًا صَالِحًا وَّلَا یُشْرِكْ بِعِبَادَةِ رَبِّهٖۤ اَحَدًا ۟۠
হে ৰাছুল! আপুনি কৈ দিয়ক, মই তোমালোকৰ দৰেই এজন মানুহ। মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ প্ৰকৃত উপাস্য কেৱল এজনেই, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁ হৈছে আল্লাহ তাআলা। এতেকে যিয়ে আল্লাহৰ লগত সাক্ষাৎ কৰাৰ আশা পোষণ কৰে, সিয়ে আল্লাহৰ প্ৰতি নিষ্ঠাৱান হৈ তেওঁৰ চৰীয়ত মুতাবিক আমল কৰা উচিত, আৰু নিজ প্ৰতিপালকৰ ইবাদতত কাকো অংশীদাৰ কৰা উচিত নহয়।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إثبات البعث والحشر بجمع الجن والإنس في ساحات القيامة بالنفخة الثانية في الصور.
দ্বিতীয় বাৰ শিঙাত ফুঁ দিয়াৰ পিছত মানৱ আৰু জিন জাতিক পুনৰুত্থিত কৰি কিয়ামতৰ ময়দানত একত্ৰিত কৰাৰ প্ৰমাণ পোৱা গ'ল।

• أن أشد الناس خسارة يوم القيامة هم الذين ضل سعيهم في الدنيا، وهم يظنون أنهم يحسنون صنعًا في عبادة من سوى الله.
কিয়ামতৰ দিনা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত লোক হব সেইসকল, যিসকলৰ পৃথিৱীত কৰা গোটেই আমল অথলে গৈছে। যদিও সিহঁতে ধাৰণা কৰিছিল যে, আল্লাহৰ বাহিৰে সিহঁতে আনৰ উপাসনা কৰি ভাল কাম কৰি আছে।

• لا يمكن حصر كلمات الله تعالى وعلمه وحكمته وأسراره، ولو كانت البحار والمحيطات وأمثالها دون تحديد حبرًا يكتب به.
আল্লাহৰ মহান বাণী, তেওঁৰ জ্ঞান, তেওঁৰ হিকমত আৰু ৰহস্যবোৰ লিখি শেষ কৰা সম্ভৱ নহয়। যদিও সেইবোৰ লিখিবলৈ সাগৰ তথা মহাসাগৰবোৰক চিয়াঁহী বনোৱা নহওক কিয়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ከህፍ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት