Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ከህፍ   አንቀፅ:
اِنَّا مَكَّنَّا لَهٗ فِی الْاَرْضِ وَاٰتَیْنٰهُ مِنْ كُلِّ شَیْءٍ سَبَبًا ۟ۙ
নিশ্চয় আমি তেওঁক পৃথিৱীত প্ৰভাৱশালী বনাইছিলোঁ আৰু তেওঁক প্ৰত্যেক সেই বস্তু প্ৰদান কৰিছিলোঁ যিটোৰ জৰিয়তে তেওঁ নিজৰ লক্ষ্যস্থলত উপনীত হ'ব পাৰিছিল।
ዓረብኛ ተፍሲሮች:
فَاَتْبَعَ سَبَبًا ۟
তেওঁৰ লক্ষ্যস্থলত উপনীত হ'বলৈ আমি তেওঁক যিবোৰ উপায় আৰু মাধ্যম প্ৰদান কৰিছিলোঁ, সেইবোৰৰ জৰিয়তে তেওঁ পশ্চিমফালে ৰাওনা হ'ল।
ዓረብኛ ተፍሲሮች:
حَتّٰۤی اِذَا بَلَغَ مَغْرِبَ الشَّمْسِ وَجَدَهَا تَغْرُبُ فِیْ عَیْنٍ حَمِئَةٍ وَّوَجَدَ عِنْدَهَا قَوْمًا ؕ۬— قُلْنَا یٰذَا الْقَرْنَیْنِ اِمَّاۤ اَنْ تُعَذِّبَ وَاِمَّاۤ اَنْ تَتَّخِذَ فِیْهِمْ حُسْنًا ۟
তেওঁ পৃথিৱীত ভ্ৰমণ অব্যাহত ৰাখিলে, অৱশেষত তেওঁ যেতিয়া পশ্চিমফালে সেই ঠাই পালেগৈ যিটো দেখাত সূৰ্য্যাস্তৰৰ ঠাই বুলি লাগে, তাত তেওঁ লক্ষ্য কৰিলে সূৰ্য্য যেনিবা ক'লা বোকা মাটিৰ জলাশয়ত ডুব গৈ আছে। তেওঁ সেই ঠাইত এনেকুৱা এটা জাতিক লগ পালে যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা নাছিল। আমি তেওঁক দুটা বিকল্প দেখুৱাই ক'লোঃ হে জুল-কাৰ্ণাইন! তুমি ইচ্ছা কৰিলে সিহঁতক হত্যা কৰিব পাৰা অথবা অন্য কোনো শাস্তি দিব পাৰা। নাইবা সিহঁতৰ প্ৰতি সহানুভূতিশীল হ'ব পাৰা।
ዓረብኛ ተፍሲሮች:
قَالَ اَمَّا مَنْ ظَلَمَ فَسَوْفَ نُعَذِّبُهٗ ثُمَّ یُرَدُّ اِلٰی رَبِّهٖ فَیُعَذِّبُهٗ عَذَابًا نُّكْرًا ۟
জুল-কাৰ্ণাইনে ক'লেঃ যিয়ে আল্লাহৰ লগত শ্বিৰ্ক কৰিব আৰু আল্লাহৰ ইবাদতৰ ফালে আহ্বান কৰাৰ পিছতো সেই শ্বিৰ্কত বৰ্তী থাকিব তেন্তে তেনেকুৱা ব্যক্তিক আমি পৃথিৱীতেই মৃত্যুদণ্ডৰে শাস্তি প্ৰদান কৰিম। আকৌ কিয়ামতৰ দিনা যেতিয়া নিজ প্ৰতিপালকৰ ওচৰলৈ উভতি যাব তেতিয়া ইয়াতকৈও কঠিন শাস্তিৰ সন্মুখীন হ'ব।
ዓረብኛ ተፍሲሮች:
وَاَمَّا مَنْ اٰمَنَ وَعَمِلَ صَالِحًا فَلَهٗ جَزَآءَ ١لْحُسْنٰی ۚ— وَسَنَقُوْلُ لَهٗ مِنْ اَمْرِنَا یُسْرًا ۟ؕ
কিন্তু যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিব আৰু সৎকৰ্ম কৰিব তাৰ বাবে আছে জান্নাত। এইটো দৰাচলতে আল্লাহৰ ফালৰ পৰা তেওঁৰ বাবে তেওঁৰ ঈমান আৰু সৎকৰ্মৰ প্ৰতিফল। তথা আমি তেওঁক আদেশ দিয়াৰ সময়তো সহজ আৰু সৰলতা অৱলম্বন কৰিম।
ዓረብኛ ተፍሲሮች:
ثُمَّ اَتْبَعَ سَبَبًا ۟
তাৰ পিচত তেওঁ আগৰ পথ এৰি আন এটা পথেৰে সূৰ্য্যোদয়ৰ দিশত অৰ্থাৎ পূৱ ফালে ৰাওনা হ'ল।
ዓረብኛ ተፍሲሮች:
حَتّٰۤی اِذَا بَلَغَ مَطْلِعَ الشَّمْسِ وَجَدَهَا تَطْلُعُ عَلٰی قَوْمٍ لَّمْ نَجْعَلْ لَّهُمْ مِّنْ دُوْنِهَا سِتْرًا ۟ۙ
গৈ গৈ তেওঁ যেতিয়া সেই ঠাই পালেগৈ যিটো দেখাত সূৰ্যোদয়ৰ স্থান বুলি লাগে, তেতিয়া তেওঁ সূৰ্য্যক এনেকুৱা এটা সম্প্ৰদায়ৰ ওপৰত উদয় হোৱা দেখিলে যিসকলৰ বাবে সূৰ্য্যৰ তাপৰ পৰা ৰক্ষা পাবলৈ ঘৰ দুৱাৰ তথা গছ বৃক্ষৰ কোনো অন্তৰাল নাছিল।
ዓረብኛ ተፍሲሮች:
كَذٰلِكَ ؕ— وَقَدْ اَحَطْنَا بِمَا لَدَیْهِ خُبْرًا ۟
জুল-কাৰ্ণাইনৰ বিষয়বোৰ এনেকুৱাই আছিল, তেওঁৰ ওচৰত যি শক্তি সামৰ্থ আৰু ৰাজত্ব আছিল সেই সম্পৰ্কে আমাৰ পূৰ্ণ জ্ঞান আছে।
ዓረብኛ ተፍሲሮች:
ثُمَّ اَتْبَعَ سَبَبًا ۟
তাৰ পিচত তেওঁ সেই পথ এৰি পূৱ আৰু পশ্চিমৰ মাজৰ আন এটা পথ ধৰিলে।
ዓረብኛ ተፍሲሮች:
حَتّٰۤی اِذَا بَلَغَ بَیْنَ السَّدَّیْنِ وَجَدَ مِنْ دُوْنِهِمَا قَوْمًا ۙ— لَّا یَكَادُوْنَ یَفْقَهُوْنَ قَوْلًا ۟
গৈ গৈ তেওঁ যেতিয়া দুই পৰ্বতৰ মাজৰ উপত্যকা এখন পালে, সেই পৰ্বত দুখনৰ সিপাৰে এনেকুৱা এটা জাতিক লগ পালে, যিসকলে অন্য লোকৰ ভাষা বুজি পাবলৈ সক্ষম নাছিল।
ዓረብኛ ተፍሲሮች:
قَالُوْا یٰذَا الْقَرْنَیْنِ اِنَّ یَاْجُوْجَ وَمَاْجُوْجَ مُفْسِدُوْنَ فِی الْاَرْضِ فَهَلْ نَجْعَلُ لَكَ خَرْجًا عَلٰۤی اَنْ تَجْعَلَ بَیْنَنَا وَبَیْنَهُمْ سَدًّا ۟
সেইসকল লোকে ক'লেঃ হে জুল-কাৰ্ণাইন! ইয়াজুজ আৰু মাজুজ (তেওঁলোকৰ মতে আদম সন্তানৰ দুটা ডাঙৰ সম্প্ৰদায়) হত্যা আদিৰ জৰিয়তে ভূপৃষ্ঠত উপদ্ৰৱ চলায়। আমি আপোনাক কিছু অৰ্থ সম্পদেৰে সহায় কৰিম নেকি যাতে আপুনি আমাৰ আৰু সিহঁতৰ মাজত অৱৰোধ প্ৰাচীৰ নিৰ্মাণ কৰি দিয়ে?
ዓረብኛ ተፍሲሮች:
قَالَ مَا مَكَّنِّیْ فِیْهِ رَبِّیْ خَیْرٌ فَاَعِیْنُوْنِیْ بِقُوَّةٍ اَجْعَلْ بَیْنَكُمْ وَبَیْنَهُمْ رَدْمًا ۟ۙ
জুল-কাৰ্ণাইনে ক'লেঃ মোৰ প্ৰতিপালকে মোক যি শক্তি সামৰ্থ আৰু ৰাজত্ব প্ৰদান কৰিছে, সেয়া তোমালোকে দিব বিচৰা সম্পদতকৈ বহুগুণে উত্তম। এতেকে তোমালোকে মোক জনবল আৰু উপাদানেৰে সহায় কৰা, মই তোমালোকৰ আৰু সিহঁতৰ মাজত অৱৰোধ প্ৰাচীৰ নিৰ্মাণ কৰি দিম।
ዓረብኛ ተፍሲሮች:
اٰتُوْنِیْ زُبَرَ الْحَدِیْدِ ؕ— حَتّٰۤی اِذَا سَاوٰی بَیْنَ الصَّدَفَیْنِ قَالَ انْفُخُوْا ؕ— حَتّٰۤی اِذَا جَعَلَهٗ نَارًا ۙ— قَالَ اٰتُوْنِیْۤ اُفْرِغْ عَلَیْهِ قِطْرًا ۟ؕ
তোমালোকে লোৰ যোগান ধৰা। এতেকে তেওঁলোকে লোৰ যোগান ধৰিলে, আৰু তেওঁ সেইবোৰেৰে দুই পৰ্বতৰ মাজত প্ৰাচীৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। অৱশেষত প্ৰাচীৰ যেতিয়া দুয়ো পৰ্বতৰ সমান হৈ গ'ল, তেতিয়া তেওঁ শ্ৰমিকসকলক ক'লেঃ এই লোৰ টুকুৰাবোৰক জুয়েৰে উত্তপ্ত কৰা। লোৰ টুকুৰাবোৰ যেতিয়া ৰঙা হৈ গ'ল তেতিয়া তেওঁ ক'লেঃ এতিয়া তাম লৈ আহা, যাতে ইয়াৰ ওপৰত ঢালি দিব পাৰো।
ዓረብኛ ተፍሲሮች:
فَمَا اسْطَاعُوْۤا اَنْ یَّظْهَرُوْهُ وَمَا اسْتَطَاعُوْا لَهٗ نَقْبًا ۟
এতেকে ইয়াজুজ আৰু মাজুজ সেই প্ৰাচীৰৰ উচ্চতাৰ কাৰণে সেইটো বগাব নোৱাৰিলে। লগতে ইয়াৰ মজবুতিৰ ফলত তলফালেৰেও শিং লগাব পৰা নাছিল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أن ذا القرنين أحد الملوك المؤمنين الذين ملكوا الدنيا وسيطروا على أهلها، فقد آتاه الله ملكًا واسعًا، ومنحه حكمة وهيبة وعلمًا نافعًا.
জুল-কাৰ্ণাইন মুমিন শাসকসকলৰ অন্যতম এজন শাসক আছিল, যিয়ে পৃথিৱীত ৰাজত্ব কৰিছিল, আৰু ইয়াৰ অধিবাসীসকলৰ ওপৰত শাসন চলাইছিল। আল্লাহে তেওঁক বিশাল ৰাজত্ব প্ৰদান কৰিছিল, তথা তেওঁক হিকমত, প্ৰতাপ আৰু উপযোগী জ্ঞান প্ৰদান কৰিছিল।

• من واجب الملك أو الحاكم أن يقوم بحماية الخلق في حفظ ديارهم، وإصلاح ثغورهم من أموالهم.
প্ৰত্যেক ৰজা অথবা শাসকৰ কৰ্তব্য হৈছে, জনতাৰ ধনেৰে তেওঁলোকৰ ঘৰ-দুৱাৰ আৰু চাৰিওফালৰ সীমাৰ সুৰক্ষাৰ দ্বাৰা তেওঁলোকৰ সম্পূৰ্ণ সুৰক্ষা সুনিশ্চিত কৰা।

• أهل الصلاح والإخلاص يحرصون على إنجاز الأعمال ابتغاء وجه الله.
সদাচাৰী আৰু নিষ্ঠাৱান লোকসকলৰ সকলো কৰ্মৰ উদ্দেশ্য হৈছে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰা।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ከህፍ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት