Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኢብራሂም   አንቀፅ:
تُؤْتِیْۤ اُكُلَهَا كُلَّ حِیْنٍ بِاِذْنِ رَبِّهَا ؕ— وَیَضْرِبُ اللّٰهُ الْاَمْثَالَ لِلنَّاسِ لَعَلَّهُمْ یَتَذَكَّرُوْنَ ۟
এই গছে নিজ প্ৰতিপালকৰ অনুমতিত সদায় সোৱাদিষ্ট ফল দিয়ে। পৱিত্ৰ আৰু মহান আল্লাহে এইবোৰ উদাহৰণ এই কাৰণে দিয়ে যাতে মানুহে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে।
ዓረብኛ ተፍሲሮች:
وَمَثَلُ كَلِمَةٍ خَبِیْثَةٍ كَشَجَرَةٍ خَبِیْثَةِ ١جْتُثَّتْ مِنْ فَوْقِ الْاَرْضِ مَا لَهَا مِنْ قَرَارٍ ۟
নিকৃষ্ট শ্বিৰ্কীয়া কলিমাৰ উদাহৰণ হৈছে, বেয়া গছৰ দৰে। যেনে- তিতা তৰমুজ গছ, যি গছৰ শিপা উঘালি পেলোৱা হৈছে, ফলত তাৰ মাটিত প্ৰতিষ্ঠিত থকাৰ কোনো সুবিধা নাই, আনকি তাৰ ঠাল-ঠেঙুলি আকাশৰ পিনে উঠাৰো কোনো প্ৰশ্ন নাহে। অৱশেষত সেই গছ মৰি যায় আৰু বতাহে তাক উৰুৱাই লৈ ফুৰে। এতেকে কুফুৰী কথাৰ পৰিণাম হৈছে বিনাশ। আৰু কুফুৰী কাৰ্যত লিপ্ত থকা ব্যক্তিৰ কোনো নেক আমলেই আল্লাহৰ পিনে গতি নকৰে।
ዓረብኛ ተፍሲሮች:
یُثَبِّتُ اللّٰهُ الَّذِیْنَ اٰمَنُوْا بِالْقَوْلِ الثَّابِتِ فِی الْحَیٰوةِ الدُّنْیَا وَفِی الْاٰخِرَةِ ۚ— وَیُضِلُّ اللّٰهُ الظّٰلِمِیْنَ ۙ۫— وَیَفْعَلُ اللّٰهُ مَا یَشَآءُ ۟۠
আল্লাহে মুমিনসকলক কলিমা তাওহীদৰ দ্বাৰা পৰিপূৰ্ণ ঈমান প্ৰদান কৰি পাৰ্থিৱ জীৱনত প্ৰতিষ্ঠিত কৰে। অৱশেষত ঈমানৰ অৱস্থাতেই তেওঁলোকৰ মৃত্যু হয়। বাৰঝাখ জীৱন অৰ্থাৎ কবৰত থকা সময়ছোৱাত প্ৰশ্নৰ সন্মুখীন হোৱাৰ সময়ত আৰু ক্বিয়ামত দিৱসত তেওঁলোকক দৃঢ়তা প্ৰদান কৰে। আনহাতে অন্যায়কাৰী সকলক আৰু যিসকলে আল্লাহৰ লগত কুফৰ আৰু শ্বিৰ্ক কৰে, সিহঁতক আল্লাহে সত্যৰ পৰা আৰু হিদায়তৰ পৰা বহুুুু আঁতৰ কৰি দিয়ে। আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱে কৰে। যাক পথভ্ৰষ্ট কৰিব বিচাৰে, তাক ন্যায়ৰ সৈতে পথভ্ৰষ্ট কৰে। আনহাতে যাক হিদায়ত দিব বিচাৰে, তাক নিজ অনুগ্ৰহত হিদায়ত প্ৰদান কৰে। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اَلَمْ تَرَ اِلَی الَّذِیْنَ بَدَّلُوْا نِعْمَتَ اللّٰهِ كُفْرًا وَّاَحَلُّوْا قَوْمَهُمْ دَارَ الْبَوَارِ ۟ۙ
নিশ্চয় আপুনি কুৰাইছ বংশৰ সেইসকল কাফিৰৰ অৱস্থা লক্ষ্য কৰিছে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল, যেতিয়া সিহঁতে সন্মানিত ঠাইত নিৰাপত্তা সহকাৰে জীৱন-যাপন কৰিবলৈ পোৱা আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিছিল তথা সিহঁতৰ ওচৰলৈ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰেৰণকো অস্বীকাৰ কৰিছিল, সিহঁতে নিজ প্ৰতিপালকৰ পৰা অহা চৰীয়তক অস্বীকাৰ কৰাৰ ফলত নিজৰ অনুসাৰীসকলকো বিনাশৰ ঘৰত পতিত কৰিছিল, যিসকলৰ সিহঁতৰ দৰেই কুফুৰীত পতিত আছিল।
ዓረብኛ ተፍሲሮች:
جَهَنَّمَ ۚ— یَصْلَوْنَهَا ؕ— وَبِئْسَ الْقَرَارُ ۟
বিনাশৰ ঘৰৰ দ্বাৰা জাহান্নামক বুজোৱা হৈছে, যত সিহঁতে প্ৰৱেশ কৰিব, আৰু সিহঁতৰ আৱাসস্থল হব অতি নিকৃষ্ট আৱাসস্থল।
ዓረብኛ ተፍሲሮች:
وَجَعَلُوْا لِلّٰهِ اَنْدَادًا لِّیُضِلُّوْا عَنْ سَبِیْلِهٖ ؕ— قُلْ تَمَتَّعُوْا فَاِنَّ مَصِیْرَكُمْ اِلَی النَّارِ ۟
মুশ্বৰিকসকলে আল্লাহৰ বহুতো অংশীদাৰ তথা সমকক্ষ স্থিৰ কৰিছে, যাতে আল্লাহৰ পথৰ পৰা নিজে পথভ্ৰষ্ট হোৱাৰ পিছত আনকো পথভ্ৰষ্ট কৰিব পাৰে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে এতিয়া এই সুখ-শান্তি আনন্দেচিত্তে উপভোগ কৰা, আৰু পাৰ্থিৱ জীৱনত ইচ্ছানুসাৰে সন্দেহ-সংশয় বিয়পাই দিয়া, কাৰণ ক্বিয়ামতৰ দিনা তোমালোকে জাহান্নামৰ পিনেই প্ৰত্যাৱৰ্তন কৰিবা। তাৰ পৰা ওলোৱাৰ কোনো উপায় নাই।
ዓረብኛ ተፍሲሮች:
قُلْ لِّعِبَادِیَ الَّذِیْنَ اٰمَنُوْا یُقِیْمُوا الصَّلٰوةَ وَیُنْفِقُوْا مِمَّا رَزَقْنٰهُمْ سِرًّا وَّعَلَانِیَةً مِّنْ قَبْلِ اَنْ یَّاْتِیَ یَوْمٌ لَّا بَیْعٌ فِیْهِ وَلَا خِلٰلٌ ۟
হে ৰাছুল! আপুনি মুমিনসকলক কৈ দিয়ক, হে মুমিনসকল! পৰিপূৰ্ণৰূপে ছালাত আদায় কৰা, আল্লাহে প্ৰদান কৰা সম্পদ ওৱাজিব আৰু মুস্তাহাব কৰ্মত ব্যয় কৰা। ৰিয়াৰ (লোকক দেখুৱাবলৈ কৰা দান, যাতে মানুহে দানশীল বুলি কয়) ভয়ত গোপনে ব্যয় কৰিবা। আকৌ কেতিয়াবা প্ৰকাশ্যভাৱে ব্যয় কৰিবা যাতে মানুহে প্ৰেৰণা পায়। সেই দিন অহাৰ পূৰ্বেই দান কৰা, যিদিনা আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ ক্ৰয়-বিক্ৰয় অথবা কোনো মুক্তিপণ গ্ৰহণ কৰা নহ'ব, আনকি সিদিনা কোনো বন্ধুত্বও কামত নাহিব যে, বন্ধুৱে বন্ধুৰ বাবে মধ্যস্ততা কৰিব।
ዓረብኛ ተፍሲሮች:
اَللّٰهُ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ وَاَنْزَلَ مِنَ السَّمَآءِ مَآءً فَاَخْرَجَ بِهٖ مِنَ الثَّمَرٰتِ رِزْقًا لَّكُمْ ۚ— وَسَخَّرَ لَكُمُ الْفُلْكَ لِتَجْرِیَ فِی الْبَحْرِ بِاَمْرِهٖ ۚ— وَسَخَّرَ لَكُمُ الْاَنْهٰرَ ۟ۚ
তেৱেঁই আল্লাহ, যিজনে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে। আৰু আকাশৰ পৰা পানী বৰ্ষণ কৰে, আৰু সেই পানীৰে হে মানৱজাতি! তোমালোকৰ বাবে বিভিন্ন প্ৰকাৰৰ ফলমূল সৃষ্টি কৰে। আৰু তেৱেঁই প্ৰকাণ্ড প্ৰকাণ্ড জাহাজক তোমালোকৰ আয়ত্ত্বাধীন কৰি দিছে, যিবোৰ তেওঁৰ আদেশতেই পানীত চলাচল কৰে। লগতে নদীসমূহকো তোমালোকৰ বশৱৰ্তী কৰি দিছে, যাতে তোমালোকে তাৰ পানী খাব পাৰা, লগতে খেতি-বাতিত দিব পাৰা আৰু জীৱ-জন্তুক খোৱাব পাৰা।
ዓረብኛ ተፍሲሮች:
وَسَخَّرَ لَكُمُ الشَّمْسَ وَالْقَمَرَ دَآىِٕبَیْنِ ۚ— وَسَخَّرَ لَكُمُ الَّیْلَ وَالنَّهَارَ ۟ۚ
সূৰ্য আৰু চন্দ্ৰকো তোমালোকৰ বাবে কৰ্মত নিয়োজিত কৰি দিছো। দুয়ো ধাৰাবাহিকভাৱে গতিশীল, লগতে দিন আৰু ৰাতিকো তোমালোকৰ কৰ্মত নিয়োজিত কৰিছো, উভয়ে এটাৰ পিছত এটা আহি থাকে। ৰাতি হৈছে তোমালোকৰ টোপনি আৰু বিশ্ৰামৰ বাবে, আনহাতে দিন হৈছে তোমালোকৰ কৰ্ম আৰু প্ৰচেষ্টাৰ বাবে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• تشبيه كلمة الكفر بشجرة الحَنْظل الزاحفة، فهي لا ترتفع، ولا تنتج طيبًا، ولا تدوم.
কুফুৰী কথাক মাটিত বগাই যোৱা তিতা তৰমুজ গছৰ লগত তুলনা কৰা হৈছে, যি গছ ওখ নহয় আৰু ভাল ফলো প্ৰদান নকৰে, আনকি বেছি দিন জীয়াইয়ো নাথাকে।

• الرابط بين الأمر بالصلاة والزكاة مع ذكر الآخرة هو الإشعار بأنهما مما تكون به النجاة يومئذ.
আখিৰাত স্মৰণৰ লগতে ছালাত আৰু যাকাতৰ নিৰ্দেশো দিয়া হৈছে। ইয়াৰ দ্বাৰা বুজা যায় যে, এই দুয়োটা সেইদিনা মুক্তিৰ কাৰণ হ'ব।

• تعداد بعض النعم العظيمة إشارة لعظم كفر بعض بني آدم وجحدهم نعمه سبحانه وتعالى .
কিছুমান ডাঙৰ ডাঙৰ নিয়ামতৰ কথা উল্লেখ কৰা হৈছে, ইয়াৰ দ্বাৰা ইংগিত কৰা হৈছে আদম সন্তানে এইবোৰ অস্বীকাৰ কৰি কিমান ডাঙৰ কুুফুৰী কৰিছে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ኢብራሂም
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት