Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አር-ረዕድ   አንቀፅ:

আৰ-ৰাআদ

ከሱራዋ ጥቅል ሀሳብ መካከል:
الرد على منكري الوحي والنبوة ببيان مظاهر عظمة الله.
আল্লাহৰ মহত্বৰ নিদৰ্শনসমূহ বৰ্ণনা কৰি, অহী আৰু নবুওৱত অস্বীকাৰকাৰীসকলৰ দাবীক খণ্ডন কৰা।

الٓمّٓرٰ ۫— تِلْكَ اٰیٰتُ الْكِتٰبِ ؕ— وَالَّذِیْۤ اُنْزِلَ اِلَیْكَ مِنْ رَّبِّكَ الْحَقُّ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یُؤْمِنُوْنَ ۟
(আলিফ-লাম-ৰা) এইবোৰ আখৰ সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। এই ছুৰাৰ উৎকৃষ্ট এই আয়াতসমূহ লগতে হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন হৈছে চিৰসত্য, যাৰ মাজত কোনো সন্দেহ নাই। আৰু এই ক্ষেত্ৰতো কোনো সন্দেহ নাই যে, ই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। কিন্তু অধিকাংশ লোকে বিৰোধ আৰু অহংকাৰৰ ফলত ঈমান পোষণ নকৰে।
ዓረብኛ ተፍሲሮች:
اَللّٰهُ الَّذِیْ رَفَعَ السَّمٰوٰتِ بِغَیْرِ عَمَدٍ تَرَوْنَهَا ثُمَّ اسْتَوٰی عَلَی الْعَرْشِ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ ؕ— كُلٌّ یَّجْرِیْ لِاَجَلٍ مُّسَمًّی ؕ— یُدَبِّرُ الْاَمْرَ یُفَصِّلُ الْاٰیٰتِ لَعَلَّكُمْ بِلِقَآءِ رَبِّكُمْ تُوْقِنُوْنَ ۟
তেৱেঁই আল্লাহ, যিয়ে আকাশমণ্ডলক খুটা অবিহনে সৃষ্টি কৰিছে, তোমালোকে ইয়াক দেখা পাই আছা। তাৰ পিছত তেওঁ আৰছত (সিংহাসনত) উঠিছে, সেইদৰেই যিদৰে তেওঁ উঠা উচিত। এই সম্পৰ্কে কোনো ধৰণ-গঠন বৰ্ণনা কৰা তথা কোনো উদাহৰণ দিয়া ঠিক নহয়। তেৱেঁই চন্দ্ৰ সূৰ্যক তেওঁৰ সৃষ্টিৰ উপকাৰৰ বাবে নিয়োজিত কৰিছে। চন্দ্ৰ আৰু সূৰ্য প্ৰত্যেকেই এটা নিৰ্দিষ্ট সময়লৈকে সক্ৰিয় থাকিব, যাৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত। তেৱেঁই পৱিত্ৰ আল্লাহ, আকাশমণ্ডল আৰু পৃথিৱীক যিদৰে ইচ্ছা সেইদৰেই সঞ্চালন কৰে। তেওঁ নিজৰ ক্ষমতাৰ বৰ্ণনা স্পষ্টভাৱে বৰ্ণনা কৰে। যাতে তোমালোকে ক্বিয়ামত দিৱসৰ সাক্ষাতক বিশ্বাস কৰা। আৰু তাৰ প্ৰস্তুতিৰ বাবে নেক আমল কৰা।
ዓረብኛ ተፍሲሮች:
وَهُوَ الَّذِیْ مَدَّ الْاَرْضَ وَجَعَلَ فِیْهَا رَوَاسِیَ وَاَنْهٰرًا ؕ— وَمِنْ كُلِّ الثَّمَرٰتِ جَعَلَ فِیْهَا زَوْجَیْنِ اثْنَیْنِ یُغْشِی الَّیْلَ النَّهَارَ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یَّتَفَكَّرُوْنَ ۟
তেৱেঁই আল্লাহ, যিয়ে পৃথিৱীক প্ৰসাৰিত কৰিছে। আৰু তাত বনাইছে বিশাল বিশাল মজবুত পৰ্বত, যাতে পৃথিৱীয়ে মানুহক লৈ কপি নাথাকে। আৰু তাত সৃষ্টি কৰিছে নদ-নদী, যাতে মানুহে আৰু জীৱ-জন্তুৱে পানী সেৱন কৰিব পাৰে আৰু খেতি-পথাৰত ব্যৱহাৰ কৰিব পাৰে। আৰু প্ৰত্যেক ফলমূলকে বনাইছে যোৰ যোৰকৈ, যিদৰে জীৱ-জন্তুত আছে মতা আৰু মাইকী। তেওঁ ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে, ফলত পোহৰৰ অন্তত অন্ধকাৰ হৈ পৰে। নিশ্চয় এই বিৱৰণত সেইসকল লোকৰ বাবে আছে নিদৰ্শন, যিসকলে আল্লাহৰ সৃষ্টিকলৈ চিন্তা-চৰ্চা তথা গৱেষণা কৰে। কাৰণ তেওঁলোকেই এইবোৰ প্ৰমাণ আৰু দলিলৰ দ্বাৰা উপকৃত হয়।
ዓረብኛ ተፍሲሮች:
وَفِی الْاَرْضِ قِطَعٌ مُّتَجٰوِرٰتٌ وَّجَنّٰتٌ مِّنْ اَعْنَابٍ وَّزَرْعٌ وَّنَخِیْلٌ صِنْوَانٌ وَّغَیْرُ صِنْوَانٍ یُّسْقٰی بِمَآءٍ وَّاحِدٍ ۫— وَنُفَضِّلُ بَعْضَهَا عَلٰی بَعْضٍ فِی الْاُكُلِ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یَّعْقِلُوْنَ ۟
আৰু পৃথিৱীত আছে পৰস্পৰ সংলগ্ন ভূ-ভাগ। তাত আছে আঙুৰৰ বাগিচা আৰু খেতি-পথাৰ। ক’ৰবাত আছে একেই মূলৰ পৰা উদগত খেজুৰৰ গছ, আকৌ ক’ৰবাত আছে পৃথক পৃথক খেজুৰৰ গছ। এইবোৰ বাগিচা আৰু খেতি-পথাৰক একেই পানীয়ে জীপাল কৰে। একেই পানী আৰু একেই ভূমিত উৎপন্ন হোৱাৰ পিছতো আমি সেইবোৰৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰো সোৱাদ তথা আন আন উপকাৰৰ ক্ষেত্ৰত। উক্ত বৰ্ণনাত সেইসকল লোকৰ বাবে আছে দলিল আৰু প্ৰমাণ, যিসকলৰ বিবেক-বুদ্ধি আছে। কাৰণ তেওঁলোকেই ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে।
ዓረብኛ ተፍሲሮች:
وَاِنْ تَعْجَبْ فَعَجَبٌ قَوْلُهُمْ ءَاِذَا كُنَّا تُرٰبًا ءَاِنَّا لَفِیْ خَلْقٍ جَدِیْدٍ ؕ۬— اُولٰٓىِٕكَ الَّذِیْنَ كَفَرُوْا بِرَبِّهِمْ ۚ— وَاُولٰٓىِٕكَ الْاَغْلٰلُ فِیْۤ اَعْنَاقِهِمْ ۚ— وَاُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ— هُمْ فِیْهَا خٰلِدُوْنَ ۟
হে ৰাছুল! আপুনি যদি কোনো বিষয়ে আশ্চৰ্য প্ৰকাশ কৰে তেন্তে অধিক আশ্চৰ্যকৰ বিষয় হৈছে সিহঁতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা কাৰ্য, ইয়াক অস্বীকাৰ কৰি সিহঁতে প্ৰমাণ দাঙি ধৰে যে, যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হৈ যাম, তথা আমাৰ হাড়বোৰ গেলি-পচি যাব তাৰ পিছতো আমাক পুনৰ্জীৱিত কৰা হ'বনে, এই পুনৰুত্থানক অস্বীকাৰকাৰী লোকসকলেই নিজ প্ৰতিপালকৰ লগত কুফুৰী কৰিছে। মৃত্যু ব্যক্তিক পুনৰ্জীৱিত কৰা তেওঁৰ এই ক্ষমতাক সিহঁতে অস্বীকাৰ কৰিছে। ক্বিয়ামতৰ দিনা সিহঁতৰ ডিঙিত জুইৰ শিকলি পিন্ধোৱা হ'ব। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী। তাত সিহঁত চিৰস্থায়ী হ'ব। তাত সিহঁতৰ মৃত্যুও নহ'ব, শাস্তিও শেষ নহ'ব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إثبات قدرة الله سبحانه وتعالى والتعجب من خلقه للسماوات على غير أعمدة تحملها، وهذا مع عظيم خلقتها واتساعها.
পৱিত্ৰ আৰু মহান আল্লাহৰ ক্ষমতাৰ প্ৰমাণ, তথা তেওঁৰ আকাশমণ্ডল সৃষ্টিক লৈ আশ্চৰ্য প্ৰকাশ যিটোক তেওঁ খুঁটাবিহীন উত্তোলন কৰিছে, অথচ এই আকাশমণ্ডল, সৃষ্টি আৰু প্ৰশস্ততাৰ ক্ষেত্ৰত বহুত ডাঙৰ।

• إثبات قدرة الله وكمال ربوبيته ببرهان الخلق، إذ ينبت النبات الضخم، ويخرجه من البذرة الصغيرة، ثم يسقيه من ماء واحد، ومع هذا تختلف أحجام وألوان ثمراته وطعمها.
সৃষ্টিৰ প্ৰমাণিকতাই আল্লাহৰ ক্ষমতা তথা তেওঁৰ পূৰ্ণ প্ৰভুত্ব প্ৰমাণ কৰে। কাৰণ তেওঁ সুৰু সৰু বীজৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড গছ উৎপন্ন কৰে, আৰু তাক একে পানীৰে জীপাল কৰে। তথাপিও এইবোৰ গছৰ ফলৰ আকাৰ, ৰং আৰু সোৱাদ পৰস্পৰৰ পৰা ভিন্ন।

• أن إخراج الله تعالى للأشجار الضخمة من البذور الصغيرة، بعد أن كانت معدومة، فيه رد على المشركين في إنكارهم للبعث؛ فإن إعادة جمع أجزاء الرفات المتفرقة والمتحللة في الأرض، وبعثها من جديد، بعد أن كانت موجودة، هو بمنزلة أسهل من إخراج المعدوم من البذرة.
সৰু সৰু বীজৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড গছ উলিওৱা আল্লাহৰ এই কাৰ্যই মুশ্বৰিকসকলৰ সেই দাবীক খণ্ডন কৰে, যিসকলে পুনৰুত্থানক অস্বীকাৰ কৰে। কিয়নো বিস্তৃত গেলি-পচি যোৱা আৰু মাটিত মিহলি হোৱা হাড়ক একত্ৰিত কৰি পুনৰ্জীৱিত কৰাটো, বীজৰ পৰা অস্তিত্বহীন গছক অস্তিত্ব প্ৰদান কৰাতকৈ অধিক সহজ।

وَیَسْتَعْجِلُوْنَكَ بِالسَّیِّئَةِ قَبْلَ الْحَسَنَةِ وَقَدْ خَلَتْ مِنْ قَبْلِهِمُ الْمَثُلٰتُ ؕ— وَاِنَّ رَبَّكَ لَذُوْ مَغْفِرَةٍ لِّلنَّاسِ عَلٰی ظُلْمِهِمْ ۚ— وَاِنَّ رَبَّكَ لَشَدِیْدُ الْعِقَابِ ۟
হে ৰাছুল! মুশ্বৰিকসকলে আপোনাৰ ওচৰত অতি সোনকালে শাস্তি অহাৰ আবেদন কৰি আছে, আৰু শাস্তি অহাত পলম হোৱাৰ বাবে অভিযোগ কৰি আছে, দৰাচলতে সিহঁতে লাভ কৰা নিয়ামতসমূহ যিবোৰ আল্লাহে সিহঁতৰ ভাগ্যত লিখিছে সেইবোৰ ব্যৱহাৰ কৰাৰ পূৰ্বেই এনেকুৱা আবেদন কৰিবলৈ উঠিপৰি লাগিছে। অথচ ইয়াৰ পূৰ্বেও সিহঁতৰ দৰেই অস্বীকাৰকাৰী সকলৰ ওপৰত শাস্তি আহিছিল। সিহঁতে তাৰ পৰা শিক্ষা কিয় গ্ৰহণ নকৰে? হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে অন্যায়কাৰী লোকসকলকো আওকাণ কৰে, সিহঁতক শাস্তি প্ৰদানৰ ক্ষেত্ৰত খৰধৰ নকৰে, যাতে সিহঁতে আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰে। নিশ্চয় তেওঁ কুফৰৰ ওপৰত অটল থকা ব্যক্তিক, যদি সি তাওবা নকৰে তেন্তে তাক কঠিন শাস্তি প্ৰদান কৰিব।
ዓረብኛ ተፍሲሮች:
وَیَقُوْلُ الَّذِیْنَ كَفَرُوْا لَوْلَاۤ اُنْزِلَ عَلَیْهِ اٰیَةٌ مِّنْ رَّبِّهٖ ؕ— اِنَّمَاۤ اَنْتَ مُنْذِرٌ وَّلِكُلِّ قَوْمٍ هَادٍ ۟۠
আল্লাহক অস্বীকাৰ কৰা ব্যক্তিসকলে সিহঁতৰ কুফুৰীত আৰু শত্ৰুতাত সীমা অতিক্ৰম কৰি কয়ঃ মুহাম্মদৰ ওপৰত তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এনেকুৱা কোনো নিদৰ্শন কিয় অৱতীৰ্ণ নহয়, যেনেকুৱা নিদৰ্শন মূছা আৰু ঈছাৰ প্ৰতি অৱতীৰ্ণ হৈছিল? হে ৰাছুল! আপুনি মানুহক কেৱল আল্লাহৰ শাস্তিৰ পৰা সতৰ্ককাৰীহে। নিদৰ্শন লৈ অহা আপোনাৰ দায়িত্ব নহয়, যদি আল্লাহে প্ৰদান কৰে সেয়া সুকীয়া বিষয়। প্ৰত্যেক উম্মতৰ বাবে আছে নবী, যিয়ে সিহঁতক সত্যৰ পথ দেখুৱায়।
ዓረብኛ ተፍሲሮች:
اَللّٰهُ یَعْلَمُ مَا تَحْمِلُ كُلُّ اُنۡثٰى وَمَا تَغِیْضُ الْاَرْحَامُ وَمَا تَزْدَادُ ؕ— وَكُلُّ شَیْءٍ عِنْدَهٗ بِمِقْدَارٍ ۟
প্ৰত্যেক নাৰীয়ে (মাইকী জীৱ-জন্তুও ইয়াৰ অন্তৰ্ভুক্ত) নিজৰ পেটত যি ধাৰণ কৰে, আল্লাহ সেই সম্পৰ্কে অৱগত। এই বিষয়ে তেওঁ সকলো তথ্য জানে। তথা গৰ্ভাশয়ত বৃদ্ধি বা হ্ৰাস আৰু সুস্থতা তথা বেমাৰ-আজাৰ যিয়েই নহওঁক, সেই সকলো তেওঁ জানে। আল্লাহৰ ওচৰত প্ৰত্যেক বস্তুৰ এটা পৰিমাণ নিৰ্ধাৰিত আছে। তাতকৈ বেছিও হ'ব নোৱাৰে, কমো হ'ব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
عٰلِمُ الْغَیْبِ وَالشَّهَادَةِ الْكَبِیْرُ الْمُتَعَالِ ۟
কিয়নো আল্লাহ সেই সকলো বস্তু সম্পৰ্কে অৱগত, যিবোৰ সৃষ্টিৰ জ্ঞানৰ পৰা আঁতৰত। তথা সেইবোৰ বস্তু সম্পৰ্কেও অৱগত যিবোৰ সিহঁতৰ জ্ঞানৰ পৰিসীমাত আছে। তেওঁ কৰ্ম, নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত অতি মহান। তেওঁ সত্ত্বাগত ভাৱে আৰু গুণগত ভাৱে সকলো সৃষ্টিতকৈ ঊৰ্দ্ধত।
ዓረብኛ ተፍሲሮች:
سَوَآءٌ مِّنْكُمْ مَّنْ اَسَرَّ الْقَوْلَ وَمَنْ جَهَرَ بِهٖ وَمَنْ هُوَ مُسْتَخْفٍ بِالَّیْلِ وَسَارِبٌ بِالنَّهَارِ ۟
তেওঁ প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়ে অৱগত। হে মানৱজাতি! তোমালোকে উচ্চস্বৰে কথা কোৱা অথবা নিম্নস্বৰে, উভয় অৱস্থাই তেওঁৰ বাবে সমান। এইদৰে মানুহৰ দৃষ্টিৰ পৰা লুকাই ৰাতিৰ অন্ধকাৰত কৰা কাম আৰু দিনৰ পোহৰত মানুহক দেখুৱাই কৰা কাম দুয়োটাই তেওঁৰ বাবে সমান।
ዓረብኛ ተፍሲሮች:
لَهٗ مُعَقِّبٰتٌ مِّنْ بَیْنِ یَدَیْهِ وَمِنْ خَلْفِهٖ یَحْفَظُوْنَهٗ مِنْ اَمْرِ اللّٰهِ ؕ— اِنَّ اللّٰهَ لَا یُغَیِّرُ مَا بِقَوْمٍ حَتّٰی یُغَیِّرُوْا مَا بِاَنْفُسِهِمْ ؕ— وَاِذَاۤ اَرَادَ اللّٰهُ بِقَوْمٍ سُوْٓءًا فَلَا مَرَدَّ لَهٗ ۚ— وَمَا لَهُمْ مِّنْ دُوْنِهٖ مِنْ وَّالٍ ۟
পৱিত্ৰ মহান আল্লাহৰ কিছুমান ফিৰিস্তা এনেকুৱা আছে, যিসকলে মানুহৰ ওচৰত পৰ্যায়ক্ৰমে আহে। কিছুমান আহে ৰাতিত, আকৌ আন কিছুমান আহে দিনত। তেওঁলোকে আল্লাহৰ আদেশত মানুহক সেই সকলো বিপত্তিৰ পৰা ৰক্ষা কৰে, যাৰ পৰা মানুহক ৰক্ষা কৰিবলৈ আল্লাহে ফয়চালা কৰিছে। তেওঁলোকে মানুহৰ কৰ্ম আৰু কথা লিপিবদ্ধ কৰে। এই কথা নিশ্চিত যে, আল্লাহে কেতিয়াও কোনো সম্প্ৰদায়ৰ সুখ-শান্তিক দুখ-কষ্টলৈ ৰূপান্তৰিত নকৰে, যেতিয়ালৈকে সিহঁতে কৃতজ্ঞতাৰ আচৰণ পৰিবৰ্তন নকৰে। আল্লাহে যদি কোনো সম্প্ৰদায়ক ধ্বংস কৰিব বিচাৰে তেন্তে তেওঁৰ এই ইচ্ছাক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। হে মানৱজাতি! আল্লাহৰ বাহিৰে তোমালোকৰ কোনো ৰক্ষক নাই, যিয়ে তোমালোকক বিপদৰ পৰা ৰক্ষা কৰি আশ্ৰয় প্ৰদান কৰিব।
ዓረብኛ ተፍሲሮች:
هُوَ الَّذِیْ یُرِیْكُمُ الْبَرْقَ خَوْفًا وَّطَمَعًا وَّیُنْشِئُ السَّحَابَ الثِّقَالَ ۟ۚ
হে মানৱজাতি! তেৱেঁই তোমালোকক বজ্ৰপাত দেখুৱায়। আৰু তেৱেঁই তোমালোকৰ অন্তৰত বজ্ৰপাতৰ ভয় আৰু বৰষুণৰ লোভ একেলগে সৃষ্টি কৰে। তেৱেঁই তোমালোকৰ বাবে প্ৰচুৰ পৰিমাণে বৰষুণৰ পানী ভৰা প্ৰকাণ্ড প্ৰকাণ্ড মেঘ সৃষ্টি কৰে।
ዓረብኛ ተፍሲሮች:
وَیُسَبِّحُ الرَّعْدُ بِحَمْدِهٖ وَالْمَلٰٓىِٕكَةُ مِنْ خِیْفَتِهٖ ۚ— وَیُرْسِلُ الصَّوَاعِقَ فَیُصِیْبُ بِهَا مَنْ یَّشَآءُ وَهُمْ یُجَادِلُوْنَ فِی اللّٰهِ ۚ— وَهُوَ شَدِیْدُ الْمِحَالِ ۟ؕ
বিজুলিৰ চমকণিয়ে নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতাৰ গুণগান কৰে, আৰু ফিৰিস্তাসকলে নিজ প্ৰতিপালকৰ গুণগান কৰে ভয়তে তথা তেওঁৰ প্ৰতাপী ক্ষমতাৰ সন্মানাৰ্থে। আল্লাহে তেওঁৰ যি সৃষ্টিৰ ওপৰতে ইচ্ছা কৰে তাৰ ওপৰত বজ্ৰপাত কৰি তাক ধ্বংস কৰে। আনহাতে কাফিৰসকলে আল্লাহৰ একত্বকলৈ বাদানুবাদ কৰে। জানি থোৱা! আল্লাহ মহাশক্তিশালী মহাপৰাক্ৰমশালী, তেওঁ যিটো কৰিব বিচাৰে সেইটো কৰিহে এৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• عظيم مغفرة الله وحلمه عن خطايا بني آدم، فهم يستكبرون ويَتَحَدَّوْنَ رسله وأنبياءه، ومع هذا يرزقهم ويعافيهم ويحلم عنهم.
আল্লাহৰ অপৰিসীম ক্ষমা আৰু সহনশীলতাৰ প্ৰমাণ যে, তেওঁ আদম সন্তানক গুনাহৰ পিছতো ক্ষমা কৰে। কিয়নো সিহঁতে অহংকাৰ কৰে তথা নবী আৰু ৰাছুলসকলক প্ৰত্যাহ্বান জনায়। ইয়াৰ পিছতো তেওঁ সিহঁতক জীৱিকা দান কৰে, বিপদৰ পৰা ৰক্ষা কৰে আৰু সিহঁতৰ নাজানি কৰা কৰ্মক ক্ষমা কৰে।

• سعة علم الله تعالى بما في ظلمة الرحم، فهو يعلم أمر النطفة الواقعة في الرحم، وصَيْرُورتها إلى تخليق ذكر أو أنثى، وصحته واعتلاله، ورزقه وأجله، وشقي أو سعيد، فعلمه بها عام شامل.
আল্লাহৰ অপৰিসীম জ্ঞানৰ বৰ্ণনা যে তেওঁ মাতৃ গৰ্ভৰ অন্ধকাৰত কি আছে সেয়াও জানে। এতেকে তেওঁ গৰ্ভত নিৰ্গত হোৱা বীৰ্যৰ পৰা আদি কৰি, শিশুটো মতা বা মাইকী ৰূপ ধাৰণ কৰা লৈকে, সুস্থ হ'বনে বেমাৰী, জীৱিকা আৰু আয়ু তথা সৌভাগ্যশালী হ'বনে দুৰ্ভগীয়া আদি সকলো বিষয় তেওঁ অৱগত। এই সকলো বিষয়ে তেওঁৰ জ্ঞান ব্যাপক আৰু পৰিপূৰ্ণ।

• عظيم عناية الله ببني آدم، وإثبات وجود الملائكة التي تحرسه وتصونه وغيرهم مثل الحَفَظَة.
ইয়াৰ দ্বাৰা আৰু এটা কথা প্ৰমাণ হয় যে, আদম সন্তানৰ প্ৰতি আল্লাহৰ বিশেষ মনোযোগ আছে। লগতে ফিৰিস্তাসকলৰ অস্তিত্বৰ প্ৰমাণ পোৱা যায়, মানুহৰ ৰক্ষণাবেক্ষণত নিয়োজিত ফিৰিস্তাই হওঁক অথবা আন কোনো কৰ্মত নিয়োজিত ফিৰিস্তা।

• أن الله تعالى يغير حال العبد إلى الأفضل متى ما رأى منه اتباعًا لأسباب الهداية، فهداية التوفيق منوطة باتباع هداية البيان.
আল্লাহে যেতিয়া বান্দাক হিদায়তৰ পথ অৱলম্বন কৰা দেখা পায় তেতিয়া তাৰ অৱস্থা আৰু অধিক উৎকৃষ্ট কৰি দিয়ে। এতেকে এই কথা স্পষ্ট যে, তাওফীক সম্পৰ্কীয় হিদায়ত, বৰ্ণনাকৃত হিদায়তৰ অনুসৰণৰ লগত সম্পৃক্ত।

لَهٗ دَعْوَةُ الْحَقِّ ؕ— وَالَّذِیْنَ یَدْعُوْنَ مِنْ دُوْنِهٖ لَا یَسْتَجِیْبُوْنَ لَهُمْ بِشَیْءٍ اِلَّا كَبَاسِطِ كَفَّیْهِ اِلَی الْمَآءِ لِیَبْلُغَ فَاهُ وَمَا هُوَ بِبَالِغِهٖ ؕ— وَمَا دُعَآءُ الْكٰفِرِیْنَ اِلَّا فِیْ ضَلٰلٍ ۟
তাওহীদৰ আহ্বান একমাত্ৰ আল্লাহৰ বাবেই নিৰ্দিষ্ট, ইয়াত তেওঁৰ কোনো অংশীদাৰ নাই। মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰ মূৰ্তিৰ ওচৰত প্ৰাৰ্থনা কৰে, সেইবোৰ মূৰ্তিয়ে কোনো ক্ষেত্ৰতেই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা স্বীকাৰ কৰিব নোৱাৰে। সিহঁতৰ প্ৰাৰ্থনাৰ উদাহৰণ হৈছে এনেকুৱা, যেনে- কোনো তৃষ্ণাতুৰ ব্যক্তিয়ে পানীৰ পিনে হাত প্ৰসাৰিত কৰি ভাৱে যে, পানী তাৰ মুখত নিজে নিজে আহি পাব আৰু সি পান কৰিব। অথচ পানী কেতিয়াও তাৰ মুখত নিজে নিজে অহাটো সম্ভৱ নহয়। দৰাচলতে কাফিৰসকলে মূৰ্তিবোৰক কৰা প্ৰাৰ্থনা হৈছে ব্যৰ্থ প্ৰচেষ্টা, যিটো সত্যতাৰ পৰাও বহু আঁতৰত। কাৰণ সেইবোৰে সিহঁতক উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
وَلِلّٰهِ یَسْجُدُ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ طَوْعًا وَّكَرْهًا وَّظِلٰلُهُمْ بِالْغُدُوِّ وَالْاٰصَالِ ۟
আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলোৱে কেৱল তেওঁৰ প্ৰতি নত হয় আৰু তেওঁকেই ছাজদা কৰে, মুমিন হওঁক অথবা কাফিৰ। এয়া সুকীয়া কথা যে, মুমিনসকলে আনন্দচিত্তে তেওঁৰ প্ৰতি নত হয় আৰু ছাজদা কৰে। আনহাতে কাফিৰসকলে তেওঁৰ প্ৰতি অনিচ্ছাকৃতভাৱে নত হয়। আৰু তাৰ অন্তৰাত্মাই তাক আনন্দচিত্তে নত হ'বলৈ আদেশ দিয়ে। লগতে প্ৰত্যেক ছাঁ থকা বস্তুৰ ছাঁয়ে পূৱা-গধূলি তেওঁকেই ছাজদা কৰে।
ዓረብኛ ተፍሲሮች:
قُلْ مَنْ رَّبُّ السَّمٰوٰتِ وَالْاَرْضِ ؕ— قُلِ اللّٰهُ ؕ— قُلْ اَفَاتَّخَذْتُمْ مِّنْ دُوْنِهٖۤ اَوْلِیَآءَ لَا یَمْلِكُوْنَ لِاَنْفُسِهِمْ نَفْعًا وَّلَا ضَرًّا ؕ— قُلْ هَلْ یَسْتَوِی الْاَعْمٰی وَالْبَصِیْرُ ۙ۬— اَمْ هَلْ تَسْتَوِی الظُّلُمٰتُ وَالنُّوْرُ ۚ۬— اَمْ جَعَلُوْا لِلّٰهِ شُرَكَآءَ خَلَقُوْا كَخَلْقِهٖ فَتَشَابَهَ الْخَلْقُ عَلَیْهِمْ ؕ— قُلِ اللّٰهُ خَالِقُ كُلِّ شَیْءٍ وَّهُوَ الْوَاحِدُ الْقَهَّارُ ۟
হে ৰাছুল! আল্লাহৰ সৈতে আনক উপাসনা কৰা কাফিৰসকলক কওক যে, আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা আৰু ইয়াৰ পৰিচালনাকাৰী কোন? হে ৰাছুল কৈ দিয়ক যে, আল্লাহেই ইয়াৰ সৃষ্টিকৰ্তা আৰু তেৱেঁই এই উভয়ৰ সঞ্চালনকাৰী, আনকি এই কথা তোমালোকেও স্বীকাৰ কৰা। হে ৰাছুল! সিহঁতক কওক, তোমালোকে আল্লাহৰ বাহিৰে এনেকুৱা বিৱশ বস্তুক সহায়ক কৰি লৈছা কিয়, যিবোৰে নিজৰেই উপকাৰ কৰিব নোৱাৰে তথা বিপদৰ পৰা নিজকেই ৰক্ষা কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত আনক কি সহায় কৰিব? হে ৰাছুল! সিহঁতক কৈ দিয়ক, দূৰদৰ্শিতাৰ পৰা বঞ্চিত কাফিৰ আৰু দূৰদৰ্শী তথা হিদায়তপ্ৰাপ্ত মুমিন কেতিয়াও সমান হ'ব পাৰেনে, অথবা কুফৰ যিটো হৈছে অন্ধকাৰ, ইপিনে ঈমান যিটো হৈছে জ্যোতি, এই দুয়োটা সমান হ'ব পাৰেনে? সিহঁতে এনেকুৱা কিছুমানক আল্লাহৰ অংশী কৰিছে নেকি, যিবোৰে কিবা সৃষ্টি কৰিছে আৰু সিহঁতৰ সৃষ্টি তথা আল্লাহৰ সৃষ্টি মিশ্ৰিত হৈছে? হে ৰাছুল! সিহঁতক কৈ দিয়ক, একমাত্ৰ আল্লাহেই সৃষ্টিকৰ্তা, যিয়ে সকলো বস্তু সৃষ্টি কৰিছে। সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই। একমাত্ৰ তেৱেঁই উপাস্যক, যিজন ইবাদতৰ যোগ্য। তেওঁ মহাশক্তিমান তথা প্ৰভুত্বশালী, তেওঁ প্ৰত্যেক বস্তুৰ ওপৰত বিজয়ী।
ዓረብኛ ተፍሲሮች:
اَنْزَلَ مِنَ السَّمَآءِ مَآءً فَسَالَتْ اَوْدِیَةٌ بِقَدَرِهَا فَاحْتَمَلَ السَّیْلُ زَبَدًا رَّابِیًا ؕ— وَمِمَّا یُوْقِدُوْنَ عَلَیْهِ فِی النَّارِ ابْتِغَآءَ حِلْیَةٍ اَوْ مَتَاعٍ زَبَدٌ مِّثْلُهٗ ؕ— كَذٰلِكَ یَضْرِبُ اللّٰهُ الْحَقَّ وَالْبَاطِلَ ؕ۬— فَاَمَّا الزَّبَدُ فَیَذْهَبُ جُفَآءً ۚ— وَاَمَّا مَا یَنْفَعُ النَّاسَ فَیَمْكُثُ فِی الْاَرْضِ ؕ— كَذٰلِكَ یَضْرِبُ اللّٰهُ الْاَمْثَالَ ۟ؕ
অসত্যৰ পতন আৰু সত্য প্ৰতিষ্ঠা সম্পৰ্কে আল্লাহে বৰষুণৰ উদাহৰণ প্ৰদান কৰি কৈছেঃ যেনে- আকাশৰ পৰা পানী বৰ্ষণ হ'ল আৰু নৈ, বিল, হ্ৰদ আদি ভৰি পৰিল, সৰু ডাঙৰ নিজ নিজ আকাৰ অনুযায়ী সকলো প্ৰবাহিত হ'ল। এতেকে পানীৰ সোঁতত সৃষ্টি হোৱা ফেন ফুটুকাবোৰ পানীৰ ওপৰত ভাঁহিবলৈ ধৰিলে। আল্লাহে সত্য অসত্যৰ আৰু এটা উদাহৰণ দিছে, যেনে- বহুমূল্য ধাতুবোৰ মানুহৰ সৌন্দৰ্যৰ বাবে অলংকাৰ বনাবলৈ জুইৰ জৰিয়তে গলোৱা হয়, ফলত তাত থকা ময়লা আৱৰ্জনাবোৰ ওপৰত ভাঁহি উঠে। এই দুয়োটা উদাহৰণৰ জৰিয়তে আল্লাহে সত্য আৰু অসত্যৰ পাৰ্থক্য বুজাইছে। দৰাচলতে অসত্য হৈছে পানীৰ ওপৰত ভাঁহি থকা ফেন ফুটুকা তথা অলংকাৰ বনাবলৈ গলোৱা ধাতুৰ ওপৰত ভাঁহি উঠা ময়লা আৱৰ্জনাৰ দৰে। আনহাতে সত্য হৈছে সেই নিৰ্মল পানীৰ দৰে যিটো খোৱাৰ উপযোগী, তথা যি পানীৰ জৰিয়তে ঘাঁহ বন আৰু ফলমূল উৎপন্ন হয়। তথা সেই মূল্যৱান ধাতুৰ দৰে, যিটোক উষ্ণতাৰ জৰিয়তে উত্তপ্ত কৰি ময়লা আৱৰ্জনা দূৰ কৰা হৈছে, আৰু মানুহৰ উপকাৰত আহে। এই দুয়োটা উদাহৰণৰ দৰেই আল্লাহে অন্যান্য উদাহৰণো দাঙি ধৰে, যাতে সত্য আৰু অসত্য স্পষ্ট হয়।
ዓረብኛ ተፍሲሮች:
لِلَّذِیْنَ اسْتَجَابُوْا لِرَبِّهِمُ الْحُسْنٰی ؔؕ— وَالَّذِیْنَ لَمْ یَسْتَجِیْبُوْا لَهٗ لَوْ اَنَّ لَهُمْ مَّا فِی الْاَرْضِ جَمِیْعًا وَّمِثْلَهٗ مَعَهٗ لَافْتَدَوْا بِهٖ ؕ— اُولٰٓىِٕكَ لَهُمْ سُوْٓءُ الْحِسَابِ ۙ۬— وَمَاْوٰىهُمْ جَهَنَّمُ ؕ— وَبِئْسَ الْمِهَادُ ۟۠
সেইসকল মুমিনৰ বাবে আছে উত্তম প্ৰতিদান অৰ্থাৎ জান্নাত, যিসকলক তাওহীদ আৰু তেওঁৰ আনুগত্যৰ পিনে আহ্বান কৰাত তেওঁলোকে স্বীকাৰ কৰিছে। আনহাতে কাফিৰসকল, যিসকলে আল্লাহৰ তাওহীদ আৰু তেওঁৰ আনুগত্যৰ আহ্বানক স্বীকাৰ কৰা নাই, সিহঁত যদি পৃথিৱীৰ সকলো সম্পদৰ মালিক হয়, লগতে সেই সম্পদৰ অনুৰূপ অতিৰিক্ত আৰু অধিক সম্পদ সিহঁতক দিয়া হয়, এই সকলো সম্পদ সিহঁতে আল্লাহক প্ৰদান কৰি হ'লেও সিহঁতে নিজকে শাস্তিৰ পৰা ৰক্ষা পাবলৈ ব্যৰ্থ চেষ্টা কৰিব। তেওঁৰ আহ্বান স্বীকাৰ নকৰা এইসকল ব্যক্তিৰ পৰা সিহঁতৰ প্ৰত্যেক গুনাহৰ হিচাপ লোৱা হ'ব। সিহঁতৰ আৱাসস্থল হ'ব জাহান্নাম। সিহঁতৰ ঠিকনা তথা বিছনা হ'ব জুইৰ দ্বাৰা নিৰ্মিত, আৰু সেই ঠিকনা কিমান যে নিকৃষ্ট।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• بيان ضلال المشركين في دعوتهم واستغاثتهم بغير الله تعالى، وتشبيه حالهم بحال من يريد الشرب فيبسط يده للماء بلا تناول له، وليس بشارب مع هذه الحالة؛ لكونه لم يتخذ وسيلة صحيحة لذلك.
আল্লাহৰ বাহিৰে আনৰ ওচৰত সহায় ভিক্ষাৰ ক্ষেত্ৰত তথা প্ৰাৰ্থনাৰ ক্ষেত্ৰত মুশ্বৰিকসকলৰ পথভ্ৰষ্টতাৰ বৰ্ণনা, সিহঁতৰ অৱস্থাক সেই ব্যক্তিৰ লগত ৰিজোৱা হৈছে, যিয়ে পানী খাব বিচাৰে কিন্তু পানী খোৱাৰ পৰিবৰ্তে হাত প্ৰসাৰিত কৰি থৈ দিয়ে। এয়া স্পষ্ট যে এই অৱস্থাত কোনেও পানী খাব নোৱাৰে। কাৰণ পানী খোৱাৰ বাবে সি সঠিক উপায় ব্যৱহাৰ কৰা নাই।

• أن من وسائل الإيضاح في القرآن: ضرب الأمثال وهي تقرب المعقول من المحسوس، وتعطي صورة ذهنية تعين على فهم المراد.
বিষয়বোৰ স্পষ্টৰূপে বৰ্ণনা কৰিবলৈ কোৰআনত যিবোৰ মাধ্যম অৱলম্বন কৰা হৈছে, তাৰে অন্যতম হৈছে উদাহৰণ দিয়া। উদাহৰণ এটাই বিষয়টো বুজাবলৈ তথা অনুভৱ কৰাত সহায় কৰে, তথা বিষয়টোক কাল্পনিক ৰূপ প্ৰদান কৰি উদ্দেশ্যত উপনীত হোৱাত সহায়ক হয়।

• إثبات سجود جميع الكائنات لله تعالى طوعًا، أو كرهًا بما تمليه الفطرة من الخضوع له سبحانه.
এই কথাৰ প্ৰমাণ পোৱা গল যে, বিশ্বজগতৰ সকলো বস্তুৱেই আল্লাহক ছাজদাহ কৰে, সেয়া ইচ্ছাকৃত ভাৱেই হওঁক নাইবা অনিচ্ছিকৃতভাৱে। কাৰণ তাৰ স্বভাৱে তাক আল্লাহৰ প্ৰতি নত হ'বলৈ বাধ্য কৰায়।

اَفَمَنْ یَّعْلَمُ اَنَّمَاۤ اُنْزِلَ اِلَیْكَ مِنْ رَّبِّكَ الْحَقُّ كَمَنْ هُوَ اَعْمٰی ؕ— اِنَّمَا یَتَذَكَّرُ اُولُوا الْاَلْبَابِ ۟ۙ
হে ৰাছুল! যি ব্যক্তিয়ে আপোনাৰ প্ৰতি আল্লাহে অৱতীৰ্ণ কৰা তথ্যক সত্য বুলি স্বীকাৰ কৰে, যি তথ্যত কোনো সন্দেহ নাই, অৰ্থাৎ আল্লাহৰ আহ্বানত সঁহাৰি দিয়া মুমিন ব্যক্তিক, সেই ব্যক্তিৰ লগত তুলনা কৰা মুঠেও ঠিক নহয় যিজন হৈছে অন্ধ তথা আল্লাহৰ আহ্বানত সঁহাৰি নিদিয়া আল্লাহক অস্বীকাৰকাৰী, এই দুয়ো প্ৰকাৰ ব্যক্তি কেতিয়াও সমান হ'ব নোৱাৰে। দৰাচলতে ইয়াৰ দ্বাৰা কেৱল বিবেকৱান লোকসকলেহে শিক্ষা তথা পাঠ গ্ৰহণ কৰে।
ዓረብኛ ተፍሲሮች:
الَّذِیْنَ یُوْفُوْنَ بِعَهْدِ اللّٰهِ وَلَا یَنْقُضُوْنَ الْمِیْثَاقَ ۟ۙ
যিসকলে আল্লাহৰ আহ্বান স্বীকাৰ কৰিছে, কেৱল সেইসকল লোকেই আল্লাহৰ লগত কৰা অঙ্গীকাৰ আৰু তেওঁৰ বান্দাসকলৰ লগত কৰা প্ৰতিশ্ৰুতি পূৰণ কৰে। আল্লাহ তথা আন কাৰোবাৰ লগত কৰা প্ৰতিশ্ৰুতি কেতিয়াও তেওঁলোকে ভঙ্গ নকৰে।
ዓረብኛ ተፍሲሮች:
وَالَّذِیْنَ یَصِلُوْنَ مَاۤ اَمَرَ اللّٰهُ بِهٖۤ اَنْ یُّوْصَلَ وَیَخْشَوْنَ رَبَّهُمْ وَیَخَافُوْنَ سُوْٓءَ الْحِسَابِ ۟ؕ
তেওঁলোকেই আত্মীয়তাৰ সেই সকলো বন্ধন বজাই ৰাখে, যিবোৰ সম্পৰ্ক বজাই ৰাখিবলৈ আল্লাহে আদেশ দিছে, আৰু তেওঁলোকে আল্লাহক এনেকৈ ভয় কৰে, যি ভয়ে তেওঁলোকক আল্লাহৰ আদেশ পালন কৰাত আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাত সহায় কৰে। লগতে তেওঁলোকে আৰু ভয় কৰে যে, আল্লাহে যেন তেওঁলোকৰ সকলো গুনাহৰ হিচাপ নলয়। কাৰণ যাৰ তন্ন তন্নকৈ হিচাপ লোৱা হ'ব, সি নিশ্চিতভাৱে ধ্বংস হ'ব।
ዓረብኛ ተፍሲሮች:
وَالَّذِیْنَ صَبَرُوا ابْتِغَآءَ وَجْهِ رَبِّهِمْ وَاَقَامُوا الصَّلٰوةَ وَاَنْفَقُوْا مِمَّا رَزَقْنٰهُمْ سِرًّا وَّعَلَانِیَةً وَّیَدْرَءُوْنَ بِالْحَسَنَةِ السَّیِّئَةَ اُولٰٓىِٕكَ لَهُمْ عُقْبَی الدَّارِ ۟ۙ
তেওঁলোকেই আল্লাহৰ আনুগত্যত দৃঢ়ভাৱে অটল থাকে। তেওঁৰ ভাল বেয়া সকলো ফয়চালাৰ প্ৰতি ধৈৰ্য ধাৰণ কৰে। লগতে তেওঁৰ সন্তুষ্টি বিচাৰি তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে। পৰিপূৰ্ণৰূপে ছালাত আদায় কৰে, আৰু আমি যি ধন-সম্পদ দান কৰিছো তাৰ পৰা অনিবাৰ্য হকুক (অধিকাৰ) আদায় কৰে। লোকক দেখুৱাই দান নকৰি গোপনে দান কৰে, আকৌ কেতিয়াবা প্ৰকাশ্যভাৱে দান কৰে যাতে মানুহে তেওঁলোকক অনুকৰণ কৰে। বেয়া ব্যৱহাৰ কৰা ব্যক্তিৰ আচৰণক সদাচৰণৰ জৰিয়তে প্ৰতিহত কৰে। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰ বাবেই ক্বিয়ামতৰ দিনা আছে উৎকৃষ্ট পৰিণাম।
ዓረብኛ ተፍሲሮች:
جَنّٰتُ عَدْنٍ یَّدْخُلُوْنَهَا وَمَنْ صَلَحَ مِنْ اٰبَآىِٕهِمْ وَاَزْوَاجِهِمْ وَذُرِّیّٰتِهِمْ وَالْمَلٰٓىِٕكَةُ یَدْخُلُوْنَ عَلَیْهِمْ مِّنْ كُلِّ بَابٍ ۟ۚ
উৎকৃষ্ট পৰিণামৰ জৰিয়তে বুজোৱা হৈছে এনেকুৱা জান্নাত, য'ত আছে নিৰবিচ্ছিন্ন নিয়ামত, তাত তেওঁলোক চিৰস্থায়ী হ'ব। তাত থকা নিয়ামতসমূহক পৰিপূৰ্ণ ৰূপ দান কৰা হ'ব ইয়াৰ জৰিয়তে যে, তেওঁলোকৰ সৈতে তেওঁলোকৰ হিদায়তপ্ৰাপ্ত পিতৃপুৰুষসকল, মাতৃসকল, স্ত্ৰীসকল আৰু সন্তান-সন্ততিসকল প্ৰৱেশ কৰিব। যাতে তেওঁলোকৰ লগত সাক্ষাৎ কৰি তেওঁলোকৰ অন্তৰ প্ৰশান্তি লাভ কৰে। জান্নাতত ফিৰিস্তাসকলে তেওঁলোকৰ গৃহৰ সকলো দুৱাৰেৰে প্ৰৱেশ কৰিব আৰু তেওঁলোকক অভিবাদন জনাব।
ዓረብኛ ተፍሲሮች:
سَلٰمٌ عَلَیْكُمْ بِمَا صَبَرْتُمْ فَنِعْمَ عُقْبَی الدَّارِ ۟ؕ
ফিৰিস্তাসকলে যেতিয়াই তেওঁলোকৰ ওচৰলৈ যাব, তেতিয়াই তেওঁলোকক এই বুলি ছালাম কৰিব- ছালামুন আলাইকুম- (আপোনাৰ প্ৰতি শান্তি বৰ্ষিত হওঁক)। অৰ্থাৎ আপুনি আল্লাহৰ আনুগত্য তথা তেওঁৰ কঠিন ফয়চালাত ধৈৰ্য ধাৰণ কৰাৰ ফলত, লগতে তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থকাৰ কাৰণে বিপত্তিৰ পৰা সুৰক্ষিত থাকক। এতেকে আখিৰাতত আপোনালোকে লাভ কৰা পৰিণাম কিমান যে সুখদায়ক আৰু শান্তিদায়ক।
ዓረብኛ ተፍሲሮች:
وَالَّذِیْنَ یَنْقُضُوْنَ عَهْدَ اللّٰهِ مِنْ بَعْدِ مِیْثَاقِهٖ وَیَقْطَعُوْنَ مَاۤ اَمَرَ اللّٰهُ بِهٖۤ اَنْ یُّوْصَلَ وَیُفْسِدُوْنَ فِی الْاَرْضِ ۙ— اُولٰٓىِٕكَ لَهُمُ اللَّعْنَةُ وَلَهُمْ سُوْٓءُ الدَّارِ ۟
যিসকলে আল্লাহৰ লগত দৃঢ় প্ৰতিশ্ৰুতি কৰাৰ পিছত সেয়া ভঙ্গ কৰে, লগতে সেই সকলো আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰে যিবোৰ বজাই ৰখাৰ নিৰ্দেশ আল্লাহে প্ৰদান কৰিছে। লগতে পৃথিৱীত গুনাহৰ দ্বাৰা বিপৰ্যয় সৃষ্টি কৰে, এইসকলেই হৈছে দুৰ্ভগীয়া, যিসকল আল্লাহৰ কৃপাৰ পৰা বঞ্চিত থাকিব, আৰু সিহঁতৰ পৰিণাম হৈছে অত্যন্ত নিকৃষ্ট, সেয়া হৈছে জাহান্নাম।
ዓረብኛ ተፍሲሮች:
اَللّٰهُ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ وَیَقْدِرُ ؕ— وَفَرِحُوْا بِالْحَیٰوةِ الدُّنْیَا ؕ— وَمَا الْحَیٰوةُ الدُّنْیَا فِی الْاٰخِرَةِ اِلَّا مَتَاعٌ ۟۠
আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাক জীৱিকাত প্ৰশস্ততা প্ৰদান কৰে। আনহাতে তেওঁ যাক ইচ্ছা কৰে সংকীৰ্ণতা প্ৰদান কৰে। কিন্তু জীৱিকাৰ প্ৰশস্ততা পূণ্যৱান হোৱাৰ প্ৰতীক নহয় তথা আল্লাহৰ প্ৰিয়পাত্ৰ হোৱাৰো প্ৰতীক নহয়। পক্ষান্তৰে জীৱিকাৰ সংকীৰ্ণতা দুৰ্ভগীয়া হোৱাৰ প্ৰতীক নহয়। কাফিৰসকল পাৰ্থিৱ জীৱনক লৈয়ে আনন্দিত। এতেকে সিহঁত ইয়াৰ প্ৰতি ধাবিত আৰু ইয়াক লৈয়ে সন্তুষ্ট। আখিৰাতৰ তুলনাত পাৰ্থিৱ জীৱন হৈছে ক্ষণস্থায়ী উপভোগৰ সময়, যিটো অচিৰেই সমাপ্ত হ'ব।
ዓረብኛ ተፍሲሮች:
وَیَقُوْلُ الَّذِیْنَ كَفَرُوْا لَوْلَاۤ اُنْزِلَ عَلَیْهِ اٰیَةٌ مِّنْ رَّبِّهٖ ؕ— قُلْ اِنَّ اللّٰهَ یُضِلُّ مَنْ یَّشَآءُ وَیَهْدِیْۤ اِلَیْهِ مَنْ اَنَابَ ۟ۖۚ
যিসকলে আল্লাহক আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁতে কয়ঃ মুহাম্মদৰ ওপৰত তেওঁৰ সত্যতাৰ প্ৰতীক স্বৰূপে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো প্ৰত্যক্ষ নিদৰ্শন কিয় অৱতীৰ্ণ নহয়, যাৰ প্ৰতি আমি বিশ্বাস কৰিলোহেঁতেন। হে ৰাছুল! আপুনি এই প্ৰস্তাৱ প্ৰদানকাৰীসকলক কৈ দিয়কঃ আল্লাহে যাক ইচ্ছা কৰে, ন্যায় অনুসাৰে পথভ্ৰষ্ট কৰে। কিন্তু যিয়ে তাওবা কৰি তেওঁৰ পিনে প্ৰত্যাৱৰ্তন কৰে তাক হিদায়ত প্ৰদান কৰে। হিদায়ত সিহঁতৰ হাতত নহয় যে সিহঁতে ইচ্ছা কৰিলেই হিদায়তক নিদৰ্শনৰ লগত সম্পৃক্ত কৰি দিব।
ዓረብኛ ተፍሲሮች:
اَلَّذِیْنَ اٰمَنُوْا وَتَطْمَىِٕنُّ قُلُوْبُهُمْ بِذِكْرِ اللّٰهِ ؕ— اَلَا بِذِكْرِ اللّٰهِ تَطْمَىِٕنُّ الْقُلُوْبُ ۟ؕ
এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আল্লাহে হিদায়ত প্ৰদান কৰিছে আৰু তেওঁলোকে ঈমান পোষণ কৰিছে। আৰু তেওঁলোকৰ অন্তৰে আল্লাহৰ স্মৰণত শান্তি লাভ কৰে অৰ্থাৎ তেওঁৰ তাছবীহ (গুণগান), তেওঁৰ তাহমীদ(প্ৰশংসা), লগতে তেওঁৰ কিতাপ তিলাৱত কৰিলে বা শুনিলে, লগতে ইয়াৰ বাহিৰেও অন্যান্য জিকৰ-আজকাৰ পাঠ কৰিলে তেওঁলোকৰ অন্তৰে প্ৰশান্তি লাভ কৰে। জানি থোৱা! কেৱল আল্লাহৰ স্মৰণতেই আছে অন্তৰৰ প্ৰশান্তি। এইটোৱেই অন্তৰৰ বাবে উপযুক্ত।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الترغيب في جملة من فضائل الأخلاق الموجبة للجنة، ومنها: حسن الصلة، وخشية الله تعالى، والوفاء بالعهود، والصبر والإنفاق، ومقابلة السيئة بالحسنة والتحذير من ضدها.
কিছুমান উৎকৃষ্ট সদ্ব্যৱহাৰৰ বৰ্ণনা যিবোৰৰ দ্বাৰা জান্নাত পোৱা যায়। যেনে- আত্মীয়-স্বজনৰ লগত সদ্ব্যৱহাৰ কৰা, অন্তৰত আল্লাহৰ ভয় পোষণ কৰা, প্ৰতিশ্ৰুতি পূৰণ কৰা, ধৈৰ্য ধাৰণ কৰা, ব্যয় কৰা, বেয়া কৰ্মক ভাল কৰ্মৰ জৰিয়তে প্ৰতিহত কৰা, লগতে এইবোৰ কাৰ্যৰ পৰিপন্থী কাৰ্যৰ পৰা সাৱধান থকা।

• أن مقاليد الرزق بيد الله سبحانه وتعالى، وأن توسعة الله تعالى أو تضييقه في رزق عبدٍ ما لا ينبغي أن يكون موجبًا لفرح أو حزن، فهو ليس دليلًا على رضا الله أو سخطه على ذلك العبد.
জীৱিকাৰ চাবিপাত আল্লাহৰ হাতত। জীৱিকাৰ প্ৰশস্ততা অথবা সংকীৰ্ণতা বান্দাৰ বাবে আনন্দ তথা দুখৰ কাৰণ নহয়। এয়া বান্দাৰ ওপৰত আল্লাহৰ সন্তুষ্টি তথা অসন্তুষ্টিৰো প্ৰতীক নহয়।

• أن الهداية ليست بالضرورة مربوطة بإنزال الآيات والمعجزات التي اقترح المشركون إظهارها.
হিদায়ত আৱশ্যকৰূপে নিদৰ্শন তথা অলৌকিকতা অৱতীৰ্ণৰ সৈতে সম্পৃক্ত নহয়, যিটোৰ প্ৰস্তাৱ মুশ্বৰিকসকলে দিছে।

• من آثار القرآن على العبد المؤمن أنه يورثه طمأنينة في القلب.
মুমিন বান্দাৰ ওপৰত কোৰআনৰ অন্যতম প্ৰভাৱ হৈছে, কোৰআনে তেওঁলোকৰ অন্তৰত প্ৰশান্তি বিস্তাৰ কৰে।

اَلَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ طُوْبٰی لَهُمْ وَحُسْنُ مَاٰبٍ ۟
এই যে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে তথা এনেকুৱা নেক আমল কৰিছে যাৰ দ্বাৰা আল্লাহৰ নৈকট্য লাভ হয়, আখিৰাতত তেওঁলোকৰ বাবে আছে পৱিত্ৰ জীৱন। লগতে তেওঁলোকৰ বাবে আছে উত্তম পৰিণাম অৰ্থাৎ জান্নাত।
ዓረብኛ ተፍሲሮች:
كَذٰلِكَ اَرْسَلْنٰكَ فِیْۤ اُمَّةٍ قَدْ خَلَتْ مِنْ قَبْلِهَاۤ اُمَمٌ لِّتَتْلُوَاۡ عَلَیْهِمُ الَّذِیْۤ اَوْحَیْنَاۤ اِلَیْكَ وَهُمْ یَكْفُرُوْنَ بِالرَّحْمٰنِ ؕ— قُلْ هُوَ رَبِّیْ لَاۤ اِلٰهَ اِلَّا هُوَ ۚ— عَلَیْهِ تَوَكَّلْتُ وَاِلَیْهِ مَتَابِ ۟
যিদৰে আমি পূৰ্বৱৰ্তী নবীসকলক তেওঁলোকৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলো, ঠিক সেইদৰে হে নবী! আপোনাকো আপোনাৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছো, যাতে আপুনি সিহঁতক কোৰআন শুনায়, যিটো আমি আপোনাৰ প্ৰতি অহী কৰিছো। আপোনাৰ সত্যতাৰ প্ৰমাণ হিচাপে ইয়ে যথেষ্ট। কিন্তু আপোনাৰ সম্প্ৰদায়ে এই নিদৰ্শনক অস্বীকাৰ কৰে। কিয়নো সিহঁতে ৰহমানক অস্বীকাৰ কৰে, কাৰণ সিহঁতে তেওঁৰ সৈতে আনক অংশীদাৰ স্থাপন কৰে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তেৱেঁই মোৰ প্ৰতিপালক, যি ৰহমনাৰ সৈতে তোমলোকে অংশীদাৰ স্থাপন কৰা, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। মই মোৰ সকলো কৰ্মতে তেওঁৰ ওপৰত ভৰসা কৰো, আৰু তেওঁৰ ওচৰতেই তাওবা কৰো।
ዓረብኛ ተፍሲሮች:
وَلَوْ اَنَّ قُرْاٰنًا سُیِّرَتْ بِهِ الْجِبَالُ اَوْ قُطِّعَتْ بِهِ الْاَرْضُ اَوْ كُلِّمَ بِهِ الْمَوْتٰی ؕ— بَلْ لِّلّٰهِ الْاَمْرُ جَمِیْعًا ؕ— اَفَلَمْ یَایْـَٔسِ الَّذِیْنَ اٰمَنُوْۤا اَنْ لَّوْ یَشَآءُ اللّٰهُ لَهَدَی النَّاسَ جَمِیْعًا ؕ— وَلَا یَزَالُ الَّذِیْنَ كَفَرُوْا تُصِیْبُهُمْ بِمَا صَنَعُوْا قَارِعَةٌ اَوْ تَحُلُّ قَرِیْبًا مِّنْ دَارِهِمْ حَتّٰی یَاْتِیَ وَعْدُ اللّٰهِ ؕ— اِنَّ اللّٰهَ لَا یُخْلِفُ الْمِیْعَادَ ۟۠
যদি কোনো ঐশী পুথিৰ এনেকুৱা বৈশিষ্ট্য থাকিলেহেঁতেন, যাৰ দ্বাৰা পাহাৰ স্থানান্তৰ কৰা সম্ভৱ অথবা মাটি বিদীৰ্ণ কৰি তাত নদী বা জলাশয় সৃষ্টি কৰা সম্ভৱ, নাইবা যিটো পাঠ কৰিলে মৃত ব্যক্তিও জীৱিত হৈ উঠিব তেন্তে হে ৰাছুল! সেয়া কোৰআন হলেহেঁতেন। কাৰণ ই স্পষ্ট প্ৰমাণ বহনকাৰী, তথা মহা প্ৰভাৱ সৃষ্টিকাৰী, যদি সিহঁত পৰিস্কাৰ হৃদয়ৰ অধিকাৰী হলেহেঁতেন। কিন্তু সিহঁত হৈছে অস্বীকাৰকাৰী। অথচ মুজিঝাত বা অলৌকিকতা অৱতীৰ্ণ কৰাৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত। আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী সকলে এই কথা গম পোৱা নাইনে যে, আল্লাহে ইচ্ছা কৰিলে মুজিঝাত বা অলৌকিকতা অৱতীৰ্ণ নকৰাকৈয়ে সকলো মানুহকে হিদায়ত দিব পাৰিলেহেঁতেন? কিন্তু তেওঁ এনেকুৱা কৰিব বিচৰা নাই। আল্লাহক অস্বীকাৰকাৰী সকলৰ ওপৰত সিহঁতৰ গুনাহ আৰু কুফুৰী কৰ্মৰ কাৰণে এটাৰ পিছত এটা কঠিন বিপদ আহিয়ে থাকিব, যিয়ে সিহঁতৰ শান্তি বিনষ্ট কৰিব, অথবা সেই বিপদ সিহঁতৰ বাসস্থানৰ ওচৰত আহিব। অৱশেষত আল্লাহৰ প্ৰতিশ্ৰুতিকৃত শাস্তি অৱতীৰ্ণ হ'ব। আল্লাহে নিশ্চয় তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰে যেতিয়া তাৰ নিৰ্ধাৰিত সময় আহি পৰে।
ዓረብኛ ተፍሲሮች:
وَلَقَدِ اسْتُهْزِئَ بِرُسُلٍ مِّنْ قَبْلِكَ فَاَمْلَیْتُ لِلَّذِیْنَ كَفَرُوْا ثُمَّ اَخَذْتُهُمْ ۫— فَكَیْفَ كَانَ عِقَابِ ۟
আপুনিয়ে প্ৰথম ৰাছুল নহয়, যাক অস্বীকাৰ কৰা হৈছে তথা যাক উপহাস কৰা হৈছে। হে ৰাছুল! আপোনাৰ পূৰ্বেও বহুতো সম্প্ৰদায়ে নিজ নিজ ৰাছুলক অস্বীকাৰ কৰিছে তথা তেওঁলোকক উপহাস কৰিছে। ফলত আমি কাফিৰসকলক অৱকাশ তথা ঢিল দিছিলো, আনকি সিহঁতে পতিয়ন গৈছিল যে, আমি সিহঁতক ধ্বংস নকৰিম। তাৰ পিছত আমি সিহঁতক বিভিন্ন শাস্তিত আক্ৰান্ত কৰিছিলো, সিহঁতক প্ৰদান কৰা মোৰ শাস্তি সম্পৰ্কে আপোনাৰ কেনেকুৱা লাগিল? নিশ্চয় সেয়া আছিল অত্যন্ত কঠিন শাস্তি।
ዓረብኛ ተፍሲሮች:
اَفَمَنْ هُوَ قَآىِٕمٌ عَلٰی كُلِّ نَفْسٍ بِمَا كَسَبَتْ ۚ— وَجَعَلُوْا لِلّٰهِ شُرَكَآءَ ؕ— قُلْ سَمُّوْهُمْ ؕ— اَمْ تُنَبِّـُٔوْنَهٗ بِمَا لَا یَعْلَمُ فِی الْاَرْضِ اَمْ بِظَاهِرٍ مِّنَ الْقَوْلِ ؕ— بَلْ زُیِّنَ لِلَّذِیْنَ كَفَرُوْا مَكْرُهُمْ وَصُدُّوْا عَنِ السَّبِیْلِ ؕ— وَمَنْ یُّضْلِلِ اللّٰهُ فَمَا لَهٗ مِنْ هَادٍ ۟
যিয়ে সকলো সৃষ্টি জীৱকে জীৱিকাৰ ক্ষেত্ৰত সংৰক্ষণ প্ৰদান কৰে আৰু প্ৰত্যেক প্ৰাণীৰ কৰ্ম চোৱাচিতা কৰে তথা সিহঁতৰ কৰ্মৰ প্ৰতিদান দিয়ে সেই সত্ত্বা বেছি ইবাদতৰ যোগ্য, নে সেই মূৰ্তিবোৰ বেছি যোগ্য যিবোৰৰ উপাস্য হোৱাৰ কোনো যোগ্যতা নাই? কাফিৰসকলে অন্যায়ভাৱে সেইবোৰকেই আল্লাহৰ অংশী কৰি লৈছে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, যদি তোমালোক নিজৰ দাবীত সত্যবাদী তেন্তে তোমালোকে সেইবোৰৰ নাম কোৱাচোন যিবোৰক তোমালোকে আল্লাহৰ লগত অংশী কৰি সিহঁতৰ উপাসনা কৰি আছা। নে তোমালোকে আল্লাহক তেওঁৰ পৃথিৱীত থকা অংশী সম্পৰ্কে অৱগত কৰাই আছা যিটো তেওঁ নাজানে? নে তোমালোকে বাস্তৱিকতাহীন কথা সম্পৰ্কে জনাই আছা? বৰং চয়তানে কাফিৰসকলৰ দৃষ্টিত সিহঁতৰ ষড়যন্ত্ৰক সৌন্দৰ্যময় কৰি দিছে। ফলত সিহঁতে আল্লাহক অস্বীকাৰ কৰিছে। আৰু চয়তানে সিহঁতক হিদায়ত তথা সঠিক পথৰ পৰা আঁতৰাই দিছে। সঠিক পথৰ পৰা আল্লাহে যাক আঁতৰাই ৰাখিব বিচাৰে, তাক হিদায়ত দিব পৰা কোনো নাই।
ዓረብኛ ተፍሲሮች:
لَهُمْ عَذَابٌ فِی الْحَیٰوةِ الدُّنْیَا وَلَعَذَابُ الْاٰخِرَةِ اَشَقُّ ۚ— وَمَا لَهُمْ مِّنَ اللّٰهِ مِنْ وَّاقٍ ۟
পাৰ্থিৱ জীৱনত সিহঁতৰ শাস্তি হৈছে মুমিনসকলৰ হাতত বন্দী হোৱা তথা নিহত হোৱা। আখিৰাতত সিহঁতৰ বাবে যি শাস্তি অপেক্ষামান, সেয়া পাৰ্থিৱ জীৱনৰ শাস্তিতকৈ অতি কঠিন তথা ভয়াৱহ। কাৰণ সেই শাস্তি হ'ব অতি কঠোৰ তথা নিৰবিচ্ছিন্ন। ক্বিয়ামতৰ দিনা সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাথাকিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أن الأصل في كل كتاب منزل أنه جاء للهداية، وليس لاستنزال الآيات، فذاك أمر لله تعالى يقدره متى شاء وكيف شاء.
প্ৰত্যেক ঐশী পুথিৰ মূল উদ্দেশ্য হৈছে যে, সেইবোৰ হিদায়তৰ বাবে আহিছে। নিদৰ্শন অৱতীৰ্ণৰ দাবী পূৰণৰ বাবে অহা নাই। নিদৰ্শন অৱতীৰ্ণৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত, তেওঁ যেতিয়া ইচ্ছা কৰে, যিদৰে ইচ্ছা কৰে প্ৰেৰণ কৰে।

• تسلية الله تعالى للنبي صلى الله عليه وسلم، وإحاطته علمًا أن ما يسلكه معه المشركون من طرق التكذيب، واجهه أنبياء سابقون.
আল্লাহ তাআলাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সান্তনা প্ৰদান কৰিছে যে, মুশ্বৰিকসকলে তেওঁৰ লগত যি অস্বীকাৰ কৰাৰ পন্থা অৱলম্বন কৰিছে, সেয়া পূৰ্বৱৰ্তী নবীসকলেও সন্মুখীন হৈছিল।

• يصل الشيطان في إضلال بعض العباد إلى أن يزين لهم ما يعملونه من المعاصي والإفساد.
চয়তানে কিছুমান মানুহক পথভ্ৰষ্ট কৰাৰ বাবে সিহঁতৰ গুনাহ আৰু কুকৰ্মক সিহঁতৰ দৃষ্টিত সৌন্দৰ্যময় কৰি দিয়ে।

مَثَلُ الْجَنَّةِ الَّتِیْ وُعِدَ الْمُتَّقُوْنَ ؕ— تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؕ— اُكُلُهَا دَآىِٕمٌ وَّظِلُّهَا ؕ— تِلْكَ عُقْبَی الَّذِیْنَ اتَّقَوْا ۖۗ— وَّعُقْبَی الْكٰفِرِیْنَ النَّارُ ۟
সেই জান্নাতৰ বৈশিষ্ট্য যিটোৰ প্ৰতিশ্ৰুতি আল্লাহে মুত্তাক্বীসকলক অৰ্থাৎ যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে সেইসকল লোকক প্ৰদান কৰিছে, তাৰ বৈশিষ্ট্য হৈছে যে, সেই জান্নাতৰ অট্টালিকাসমূহ আৰু গছ-গছনিৰ তলদেশত প্ৰবাহমান নদী থাকিব। পৃথিৱীৰ ফলমূলতকৈ ব্যতিক্ৰম, সেই জান্নাতৰ ফলমূল হ'ব চিৰস্থায়ী, নিৰবিচ্ছিন্ন। তাৰ ছাঁবোৰো হ'ব চিৰস্থায়ী, কেতিয়াও অন্ত নপৰিব। এয়া হৈছে সেইসকল লোকৰ পৰিণাম যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্ৱৱা অৱলম্বন কৰে। আনহাতে কাফিৰসকলৰ পৰিণাম হৈছে জাহান্নাম, য’ত সিহঁতে প্ৰৱেশ কৰিব আৰু সিহঁতে তাত চিৰকাল থাকিব।
ዓረብኛ ተፍሲሮች:
وَالَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ یَفْرَحُوْنَ بِمَاۤ اُنْزِلَ اِلَیْكَ وَمِنَ الْاَحْزَابِ مَنْ یُّنْكِرُ بَعْضَهٗ ؕ— قُلْ اِنَّمَاۤ اُمِرْتُ اَنْ اَعْبُدَ اللّٰهَ وَلَاۤ اُشْرِكَ بِهٖ ؕ— اِلَیْهِ اَدْعُوْا وَاِلَیْهِ مَاٰبِ ۟
যিসকল ইয়াহুদীক আমি তাওৰাত প্ৰদান কৰিছো আৰু যিসকল খৃষ্টানক আমি ইঞ্জীল প্ৰদান কৰিছো তেওঁলোকে আপোনাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাকলৈ আনন্দিত, কাৰণ ই তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ হোৱা কিছুমান বিধানক সমৰ্থন কৰে। ইয়াহুদী আৰু খৃষ্টানসকলৰ বিভিন্ন সম্প্ৰদায়ে আপোনাৰ প্ৰতি অৱতীৰ্ণ কিছুমান বিধানক অস্বীকাৰ কৰে, কাৰণ সেইবোৰ সিহঁতৰ আকাংক্ষা মুতাবিক নহয় অথবা পৰিবৰ্তন তথা বিকৃত কৰাৰ ফলত সিহঁতৰ বিধানৰ লগত মিলা নাই। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, আল্লাহে মোক আদেশ দিছে মই যেন কেৱল তেওঁৰেই ইবাদত কৰোঁ আৰু তেওঁৰ লগত যাতে আন কাকো অংশী স্থাপন নকৰো। মই কেৱল তেওঁৰ পিনেই আহ্বান কৰো, তেওঁৰ বাহিৰে আন কৰো পিনে আহ্বান নকৰো। আৰু কেৱল তেওঁৰ পিনেই মই প্ৰত্যাৱৰ্তন কৰিম। তাওৰাত আৰু ইঞ্জীলেও এই শিক্ষা লৈ আহিছে।
ዓረብኛ ተፍሲሮች:
وَكَذٰلِكَ اَنْزَلْنٰهُ حُكْمًا عَرَبِیًّا ؕ— وَلَىِٕنِ اتَّبَعْتَ اَهْوَآءَهُمْ بَعْدَ مَا جَآءَكَ مِنَ الْعِلْمِ ۙ— مَا لَكَ مِنَ اللّٰهِ مِنْ وَّلِیٍّ وَّلَا وَاقٍ ۟۠
যিদৰে আমি পূৰ্বৱৰ্তী পুথিসমূহ সিহঁতৰ নিজ সম্প্ৰদায়ৰ ভাষাত অৱতীৰ্ণ কৰিছিলো, ঠিক সেইদৰে হে ৰাছুল! কোৰআনকো আৰবী ভাষাত স্পষ্টৰূপে সত্য বৰ্ণনাকাৰী পুথি হিচাপে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছো। এতেকে হে ৰাছুল! আপুনি যদি আহলে কিতাবসকলৰ ইচ্ছাৰ অনুসৰণ কৰি সিহঁতৰ আকাংক্ষাৰ বিপৰীত হোৱা বিষয়বোৰ বিলুপ্ত কৰাৰ মত পোষণ কৰে, অথচ আপোনাৰ ওচৰত সেই জ্ঞান আহি পৰিছে যিটো স্বয়ং আল্লাহে আপোনাক শিকাইছে তেন্তে জানি থওঁক, আল্লাহৰ বাহিৰে আপোনাৰ কোনো অভিভাৱক নাই, যিয়ে আপোনাক সুৰক্ষা প্ৰদান কৰিব, আৰু শত্ৰুৰ বিপক্ষে সহায় কৰিব, আনকি আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈয়ো কোনো নাই।
ዓረብኛ ተፍሲሮች:
وَلَقَدْ اَرْسَلْنَا رُسُلًا مِّنْ قَبْلِكَ وَجَعَلْنَا لَهُمْ اَزْوَاجًا وَّذُرِّیَّةً ؕ— وَمَا كَانَ لِرَسُوْلٍ اَنْ یَّاْتِیَ بِاٰیَةٍ اِلَّا بِاِذْنِ اللّٰهِ ؕ— لِكُلِّ اَجَلٍ كِتَابٌ ۟
হে ৰাছুল! আপোনাৰ পূৰ্বেও আমি মানুহৰ মাজৰ পৰাই ৰাছুল নিৰ্বাচিত কৰি প্ৰেৰণ কৰিছিলো। এতেকে আপুনি ৰাছুলসকলৰ পৰা পৃথক কোনো নতুন ৰাছুল নহয়। সাধাৰণ মানুহৰ দৰে তেওঁলোকৰো আছিল পত্নী আৰু সন্তান-সন্ততি। ফিৰিস্তা প্ৰেৰণ কৰা নাছিলো, যিসকলে বিবাহো নকৰে সন্তানো জন্ম নিদিয়ে। এতেকে আপুনি যিহেতু এই ৰাছুলসকলৰ দৰেই এজন মানৱ ৰাছুল, তেওঁলোকো আছিল একো একোজন মানৱ তথা তেওঁলোকেও বিবাহ কৰিছিল সন্তান জন্ম দিছিল, গতিকে আপোনাৰ এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী হোৱাত মুশ্বৰিকসকলে আশ্চৰ্য কিয় প্ৰকাশ কৰে? আল্লাহৰ অনুমতি নোহোৱাকৈ কোনো নিদৰ্শন লৈ আহিবলৈ ৰাছুলসকলৰ ক্ষমতা নাই। আল্লাহৰ সকলো ফয়চালা এখন পুথিত লিপিবদ্ধ, আৰু এটা সময় নিৰ্ধাৰিত আছে যিটো কেতিয়াও অগা-পিছা নহয়।
ዓረብኛ ተፍሲሮች:
یَمْحُوا اللّٰهُ مَا یَشَآءُ وَیُثْبِتُ ۖۚ— وَعِنْدَهٗۤ اُمُّ الْكِتٰبِ ۟
আল্লাহে যিটো কল্যাণ অথবা অকল্যাণ নাইবা সৌভাগ্য বা দুৰ্ভাগ্য মচি দিব বিচাৰে সেইটো মচি দিয়ে। আনহাতে যিটো ৰাখিব বিচাৰে সেইটো ৰাখি দিয়ে। তেওঁৰ ওচৰত আছে লাওহে মাহফুজ (সুৰক্ষিত ফলক)। সেইটো হৈছে সকলো ফয়চালাৰ মূল উৎস। মচি দিয়া তথা প্ৰতিষ্ঠিত ৰখাৰ সকলো কৰ্ম তাত লিপিবদ্ধ ফয়চালা অনুসাৰেই সম্পাদিত হয়।
ዓረብኛ ተፍሲሮች:
وَاِنْ مَّا نُرِیَنَّكَ بَعْضَ الَّذِیْ نَعِدُهُمْ اَوْ نَتَوَفَّیَنَّكَ فَاِنَّمَا عَلَیْكَ الْبَلٰغُ وَعَلَیْنَا الْحِسَابُ ۟
হে নবী! আপোনাৰ মৃত্যুৰ পূৰ্বেই যদি আমি সেই শাস্তিৰ কিছু অংশ আপোনাক দেখুৱাই দিওঁ যি শাস্তিৰ প্ৰতিশ্ৰুতি আমি সিহঁতক প্ৰদান কৰিছো তেন্তে সেই অধিকাৰ আমাৰ আছে। আনহাতে সেই শাস্তিৰ পূৰ্বেই যদি আপোনাক মৃত্যু প্ৰদান কৰোঁ তেন্তে আপোনাৰ দায়িত্ব হৈছে কেৱল পৌঁচাই দিয়া, যিটো পৌঁচাই দিয়াৰ আদেশ আমি আপোনাক প্ৰদান কৰিছো। প্ৰতিদান দিয়া তথা হিচাপ-নিকাচ লোৱাৰ দায়িত্ব আপোনাৰ নহয়, সেইটো হৈছে আমাৰ দায়িত্ব।
ዓረብኛ ተፍሲሮች:
اَوَلَمْ یَرَوْا اَنَّا نَاْتِی الْاَرْضَ نَنْقُصُهَا مِنْ اَطْرَافِهَا ؕ— وَاللّٰهُ یَحْكُمُ لَا مُعَقِّبَ لِحُكْمِهٖ ؕ— وَهُوَ سَرِیْعُ الْحِسَابِ ۟
কাফিৰসকলে দেখা নাপায় নেকি যে, আমি ইছলাম প্ৰচাৰৰ জৰিয়তে আৰু মুছলিমসকলক বিজয়ী প্ৰদানৰ জৰিয়তে কুফুৰী জগতখনক কেউফালৰ পৰা সংকুচিত কৰি আনিছো, আল্লাহে নিজৰ ইচ্ছা মতে বান্দাসকলৰ মাজত ফয়চলা কৰে তথা আদেশ দিয়ে। তেওঁৰ আদেশ প্ৰতিৰোধ কৰিবলৈ অথবা পৰিবৰ্তন কৰিবলৈ নাইবা বিকৃত কৰিব পৰা শক্তি কাৰো নাই। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী। আদিৰ পৰা অন্তলৈকে একে দিনাই হিচাপ গ্ৰহণ কৰিব।
ዓረብኛ ተፍሲሮች:
وَقَدْ مَكَرَ الَّذِیْنَ مِنْ قَبْلِهِمْ فَلِلّٰهِ الْمَكْرُ جَمِیْعًا ؕ— یَعْلَمُ مَا تَكْسِبُ كُلُّ نَفْسٍ ؕ— وَسَیَعْلَمُ الْكُفّٰرُ لِمَنْ عُقْبَی الدَّارِ ۟
পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহেও নিজ নিজ নবীসকলৰ লগত ষড়যন্ত্ৰ কৰিছিল, আৰু তেওঁলোকে লৈ অহা চৰীয়তক অস্বীকাৰ কৰিছিল। কিন্তু তেওঁলোকৰ লগত ষড়যন্ত্ৰ কৰি সিহঁতে কি লাভ পালে? একো পোৱা নাই। কিয়নো প্ৰকৃত কৌশলকাৰী হৈছে আল্লাহ তাআলা, তেওঁৰ বাহিৰে আন কোনো নাই। যিদৰে পৱিত্ৰ আল্লাহে সৃষ্টিৰ সকলো কৰ্ম সম্পৰ্কে অৱগত, তেওঁৰ পৰা একোৱেই গোপন নহয়। এটা সময়ত এই অস্বীকাৰকাৰীসকলে গ'ম পাব যে, সিহঁতে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰি কিমান ভুল কৰিছিল আৰু মুমিনসকলে ঈমান পোষণ কৰি কিমান ভাল কাম কৰিছিল। সেই কাৰণেই তেওঁলোকে জান্নাত আৰু উৎকৃষ্ট পৰিণাম লাভ কৰিছে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الترغيب في الجنة ببيان صفتها، من جريان الأنهار وديمومة الرزق والظل.
জান্নাতৰ বৈশিষ্ট্য বৰ্ণনা কৰি তাৰ প্ৰতি উদ্ধদ্ধ কৰা হৈছে। যেনে- চিৰস্থায়ী ছাঁ, নিৰবিচ্ছিন্ন জীৱিকা আৰু প্ৰবাহমান নদী।

• خطورة اتباع الهوى بعد ورود العلم وأنه من أسباب عذاب الله.
প্ৰকৃত জ্ঞান অহাৰ পিছত প্ৰবৃত্তিৰ অনুসৰণ কৰাৰ ভয়াৱহতা, এইটো আল্লাহৰ শাস্তিৰ সন্মুখীন হোৱাৰ এটা অন্যতম কাৰণ।

• بيان أن الرسل بشر، لهم أزواج وذريات، وأن نبينا صلى الله عليه وسلم ليس بدعًا بينهم، فقد كان مماثلًا لهم في ذلك.
এই কথাৰ বৰ্ণনা যে, ৰাছুলসকলো আছিল একো একোজন মানৱ। তেওঁলোকৰো আছিল পত্নী আৰু সন্তান-সন্ততি। এতেকে আমাৰ নবীও কোনো নতুন নবী নহয়। কাৰণ এই ক্ষেত্ৰত তেওঁ পূৰ্বৱৰ্তী নবীসকলৰ দৰেই এজন।

وَیَقُوْلُ الَّذِیْنَ كَفَرُوْا لَسْتَ مُرْسَلًا ؕ— قُلْ كَفٰی بِاللّٰهِ شَهِیْدًا بَیْنِیْ وَبَیْنَكُمْ ۙ— وَمَنْ عِنْدَهٗ عِلْمُ الْكِتٰبِ ۟۠
কাফিৰসকলে কয়ঃ হে মুহাম্মদ! আপুনি আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল নহয়। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকৰ আৰু মোৰ মাজত সাক্ষ্য দানৰ বাবে আল্লাহেই যথেষ্ট যে, মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি প্ৰেৰিত ৰাছুল। লগতে সেইসকল লোকৰ সাক্ষীও যথেষ্ট যিসকলৰ ওচৰত ঐশী পুথি আহিছে, য’ত লিপিবদ্ধ আছে মোৰ বৈশিষ্ট্য। এতেকে যাৰ সত্যতাৰ সাক্ষ্য স্বয়ং আল্লাহে প্ৰদান কৰে, তাক অস্বীকাৰ কৰি কোনেও কোনো ক্ষতি কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أن المقصد من إنزال القرآن هو الهداية بإخراج الناس من ظلمات الباطل إلى نور الحق.
কোৰআন অৱতীৰ্ণৰ মূল উদ্দেশ্য হৈছে মানুহক অসত্যৰ অন্ধকাৰৰ পৰা সত্যৰ পোহৰলৈ উলিয়াই আনি হিদায়ত প্ৰদান কৰা।

• إرسال الرسل يكون بلسان أقوامهم ولغتهم؛ لأنه أبلغ في الفهم عنهم، فيكون أدعى للقبول والامتثال.
ৰাছুলসকলক তেওঁলোকৰ নিজ ভাষাত প্ৰেৰণ কৰা হৈছে, যাতে তেওঁলোকৰ কথা সহজেই বুজিব পাৰে। ফলত তেওঁলোকৰ কথা স্বীকাৰ কৰাৰ আৰু পালন কৰাৰ অধিক সম্ভাৱনা থাকে।

• وظيفة الرسل تتلخص في إرشاد الناس وقيادتهم للخروج من الظلمات إلى النور.
ৰাছুলসকলৰ মিচনৰ সাৰাংশ হৈছে, তেওঁলোকে মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ অহাৰ বাট দেখুৱায়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አር-ረዕድ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት