Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ዩሱፍ   አንቀፅ:
قَالَ هَلْ اٰمَنُكُمْ عَلَیْهِ اِلَّا كَمَاۤ اَمِنْتُكُمْ عَلٰۤی اَخِیْهِ مِنْ قَبْلُ ؕ— فَاللّٰهُ خَیْرٌ حٰفِظًا ۪— وَّهُوَ اَرْحَمُ الرّٰحِمِیْنَ ۟
সিহঁতৰ পিতৃয়ে সিহঁতক ক'লেঃ মই এওঁৰ সম্পৰ্কে তোমালোকৰ প্ৰতি তেনেকুৱাই বিশ্বাস ৰাখিম নেকি যেনেকুৱা বিশ্বাস ইতিপূৰ্বে এওঁৰ সহোদৰ ইউছুফ সম্পৰ্কে পোষণ কৰিছিলো? মই ইউছুফ সম্পৰ্কে তোমালোকৰ প্ৰতি ভৰসা কৰিছিলো। তোমালোকে তেওঁক নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতিও দিছিলা। কিন্তু তোমালোকে তোমালোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰা নাছিলা। গতিকে তোমালোকৰ নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ প্ৰতি মই ভৰসা কৰিব নোৱাৰিম। মোৰ ভৰসা কেৱল আল্লাহৰ ওপৰত। তেওঁ সেই ব্যক্তিৰ বাবে উত্তম ৰক্ষক, যাক তেওঁ সুৰক্ষা দিব বিচাৰে। আৰু তেওঁ সেই ব্যক্তিৰ প্ৰতি অত্যন্ত দয়াবান, যাক তেওঁ দয়া কৰিব বিচাৰে।
ዓረብኛ ተፍሲሮች:
وَلَمَّا فَتَحُوْا مَتَاعَهُمْ وَجَدُوْا بِضَاعَتَهُمْ رُدَّتْ اِلَیْهِمْ ؕ— قَالُوْا یٰۤاَبَانَا مَا نَبْغِیْ ؕ— هٰذِهٖ بِضَاعَتُنَا رُدَّتْ اِلَیْنَا ۚ— وَنَمِیْرُ اَهْلَنَا وَنَحْفَظُ اَخَانَا وَنَزْدَادُ كَیْلَ بَعِیْرٍ ؕ— ذٰلِكَ كَیْلٌ یَّسِیْرٌ ۟
যেতিয়া সিহঁতে সিহঁতৰ লৈ অহা খাদ্য সামগ্ৰীৰ পাত্ৰসমূহ উন্মুক্ত কৰিলে, তেতিয়া তাত দেখা পালে যে সিহঁতৰ মূল্য ঘূৰাই দিয়া হৈছে। এই দেখি সিহঁতে পিতৃক ক'লেঃ এই সন্মান পোৱাৰ পিছত আজিজৰ পৰা আমি আৰু কি পাব লাগে, এয়া চাওঁক আমাৰ খাদ্য সামগ্ৰীৰ মূল্য, আজিজে আমাৰ প্ৰতি অনুগ্ৰহ কৰি আমাক ঘূৰাই দিছে। আমি আমাৰ পৰিয়ালৰ বাবে খাদ্য লৈ আহিম আৰু আমাৰ ভাতৃৰো হিফাজত কৰিম সেইটোৰ পৰা যিটোক আপুনি ভয় কৰে। লগতে এওঁক লগত লৈ গ'লে এক উটৰ বহন সামগ্ৰী অধিক লাভ কৰিম। এটা উটৰ বহন সামগ্ৰী অধিক দিয়াটো আজিজৰ বাবে কোনো ডাঙৰ বিষয় নহয়।
ዓረብኛ ተፍሲሮች:
قَالَ لَنْ اُرْسِلَهٗ مَعَكُمْ حَتّٰی تُؤْتُوْنِ مَوْثِقًا مِّنَ اللّٰهِ لَتَاْتُنَّنِیْ بِهٖۤ اِلَّاۤ اَنْ یُّحَاطَ بِكُمْ ۚ— فَلَمَّاۤ اٰتَوْهُ مَوْثِقَهُمْ قَالَ اللّٰهُ عَلٰی مَا نَقُوْلُ وَكِیْلٌ ۟
সিহঁতৰ পিতৃয়ে সিহঁতক ক'লেঃ মই এওঁক তোমালোকৰ লগত কেতিয়াও নপঠিয়াওঁ। যেতিয়ালৈকে তোমালোকে এওঁক ঘূৰাই অনাৰ বাবে আল্লাহৰ শপত খাই দৃঢ় প্ৰতিশ্ৰুতি নিদিবা। যদি তোমালোক সকলোৱে বিপদত আৱদ্ধ হোৱা আৰু কোনেও ৰক্ষা নোপোৱা লগতে সেই বিপদ দূৰ কৰিবও নোৱাৰা আৰু ঘূৰিও আহিব নোৱাৰা তেন্তে সেয়া সুকীয়া কথা। এতেকে যেতিয়া সিহঁতে আল্লাহৰ শপত খাই দৃঢ় প্ৰতিশ্ৰুতি প্ৰদান কৰিলে তেতিয়া ইয়াকূবে ক'লেঃ আমি যি কৈ আছো, সেই সম্পৰ্কে আল্লাহেই সাক্ষী। আমাৰ বাবে তেওঁৰ সাক্ষীয়ে যথেষ্ট।
ዓረብኛ ተፍሲሮች:
وَقَالَ یٰبَنِیَّ لَا تَدْخُلُوْا مِنْ بَابٍ وَّاحِدٍ وَّادْخُلُوْا مِنْ اَبْوَابٍ مُّتَفَرِّقَةٍ ؕ— وَمَاۤ اُغْنِیْ عَنْكُمْ مِّنَ اللّٰهِ مِنْ شَیْءٍ ؕ— اِنِ الْحُكْمُ اِلَّا لِلّٰهِ ؕ— عَلَیْهِ تَوَكَّلْتُ ۚ— وَعَلَیْهِ فَلْیَتَوَكَّلِ الْمُتَوَكِّلُوْنَ ۟
সিহঁতৰ পিতৃয়ে সিহঁতক উপদেশ দি ক'লেঃ তোমালোকে মিচৰত এটা দুৱাৰেৰে প্ৰৱেশ নকৰিবা। বৰং বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰিবা। এয়া সুৰক্ষাৰ দৃষ্টিকোণেৰে অধিক উত্তম, কাৰণ যদি কোনোবাই তোমালোকক ক্ষতি কৰিব বিচাৰে, যাতে তোমালোক সকলোৱে তাৰ চিকাৰ নোহোৱা। এইবোৰ উপদেশৰ জৰিয়তে মই তোমালোকক এনে কোনো বিপদৰ পৰা ৰক্ষা কৰিব নোৱাৰো যিটো আল্লাহে মনস্থ কৰিছে। অথবা আল্লাহে নিবিচৰা কোনো উপকাৰো কৰিব নোৱাৰো। ফয়চালাৰ অধিকাৰ একমাত্ৰ আল্লাহৰ। আৰু আদেশো কেৱল তেওঁৰেই। মই মোৰ সকলো কৰ্মত কেৱল তেওঁৰ ওপৰতে ভৰসা কৰো। আৰু ভৰসাকাৰীসকলে সকলো কৰ্মতে কেৱল তেওঁৰ ওপৰতেই ভৰসা কৰা উচিত।
ዓረብኛ ተፍሲሮች:
وَلَمَّا دَخَلُوْا مِنْ حَیْثُ اَمَرَهُمْ اَبُوْهُمْ ؕ— مَا كَانَ یُغْنِیْ عَنْهُمْ مِّنَ اللّٰهِ مِنْ شَیْءٍ اِلَّا حَاجَةً فِیْ نَفْسِ یَعْقُوْبَ قَضٰىهَا ؕ— وَاِنَّهٗ لَذُوْ عِلْمٍ لِّمَا عَلَّمْنٰهُ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟۠
এতেকে সিহঁত ৰাওনা হ'ল আৰু সিহঁতৰ লগত আছিল ইউছুফৰ সহোদৰ ভাতৃ। যেতিয়া সিহঁতে নিজ পিতৃৰ আদেশ অনুসৰি বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰিলে, বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰিলেও ভাগ্যৰ লিখন কেতিয়াও পৰিবৰ্তন নহয়। এয়া আছিল ইয়াকূবৰ নিজ পুত্ৰসকলৰ প্ৰতি থকা মৰম, যিটো তেওঁ ব্যক্ত কৰি সিহঁতক উপদেশ দিছিল। তেওঁ ভালদৰেই জানিছিল যে, ফয়চালা কৰাৰ অধিকাৰ একমাত্ৰ আল্লাহৰ। তেওঁ ভাগ্যৰ প্ৰতি বিশ্বাসী আছিল আৰু সাধন ব্যৱহাৰৰ ক্ষেত্ৰত আমি শিকোৱা জ্ঞান সম্পৰ্কেও আছিল অভিজ্ঞ। কিন্তু অধিকাংশ লোকে এয়া নাজানে।
ዓረብኛ ተፍሲሮች:
وَلَمَّا دَخَلُوْا عَلٰی یُوْسُفَ اٰوٰۤی اِلَیْهِ اَخَاهُ قَالَ اِنِّیْۤ اَنَا اَخُوْكَ فَلَا تَبْتَىِٕسْ بِمَا كَانُوْا یَعْمَلُوْنَ ۟
ইউছুফৰ ভাতৃসকলে যেতিয়া তেওঁৰ সহোদৰকলৈ তেওঁৰ ওচৰত উপস্থিত হ'ল, তেতিয়া তেওঁ তেওঁৰ সহোদৰক নিজৰ ওচৰত ৰাখিলে আৰু গোপনে ক'লেঃ ময়েই তোমাৰ ভাই ইউছুফ। গতিকে সিহঁতে কৰা মুৰ্খামী কাৰ্যকলাপক লৈ দুখ নকৰিবা। উদাহৰণস্বৰূপে, আমাক কষ্ট দিয়া, আমাৰ লগত ঈৰ্ষা কৰা আৰু বিশেষকৈ মোক কুঁৱাত নিক্ষেপ কৰা বিষয়ে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الأمر بالاحتياط والحذر ممن أُثِرَ عنه غدرٌ، وقد ورد في الحديث الصحيح: ((لَا يُلْدَغُ المُؤْمِنٌ مِنْ جُحْرٍ وَاحِدٍ مَرَّتَيْنِ))، [أخرجه البخاري ومسلم].
প্ৰৱঞ্চক ব্যক্তিৰ পৰা সদায় সতৰ্ক থকাৰ নিৰ্দেশ দিয়া হৈছে, কাৰণ ছহীহ হাদীছত বৰ্ণিত হৈছে যে, এটা গাতৰ পৰাই কেতিয়াও মুমিনক (সাপে) দুবাৰ খুটিব নোৱাৰে। (বুখাৰী আৰু মুছলিমে এই হাদীছটো বৰ্ণনা কৰিছে।)

• من وجوه الاحتياط التأكد بأخذ المواثيق المؤكدة باليمين، وجواز استحلاف المخوف منه على حفظ الودائع والأمانات.
সতৰ্কতা তথা সাৱধানতাৰ এটা উপায় হৈছে শপত খোৱাই দৃঢ় প্ৰতিশ্ৰুতি গ্ৰহণ কৰা, আৰু কোনো ব্যক্তিৰ প্ৰতি আশংকা হ'লে আমানত তথা ধন সুৰক্ষাৰ বাবে তাৰ পৰা শপত লোৱাৰ বৈধতা।

• يجوز لطالب اليمين أن يستثني بعض الأمور التي يرى أنها ليست في مقدور من يحلف اليمين.
শপত বাক্য পাঠ কৰোৱা ব্যক্তিয়ে কিছুমান বিষয় শপতৰ পৰা পৃথক কৰিব পাৰে, যদি তেওঁ ভাৱে যে, উক্ত বিষয়টো শপত খোৱা ব্যক্তিৰ সাধ্যাতীত।

• من الأخذ بالأسباب الاحتياط من المهالك.
উপায় অৱলম্বন কৰাৰ এটা মাধ্যম হৈছে বিনাশৰ স্থানৰ পৰা সতৰ্ক থকা।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ዩሱፍ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት