Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ዩሱፍ   አንቀፅ:
وَاتَّبَعْتُ مِلَّةَ اٰبَآءِیْۤ اِبْرٰهِیْمَ وَاِسْحٰقَ وَیَعْقُوْبَ ؕ— مَا كَانَ لَنَاۤ اَنْ نُّشْرِكَ بِاللّٰهِ مِنْ شَیْءٍ ؕ— ذٰلِكَ مِنْ فَضْلِ اللّٰهِ عَلَیْنَا وَعَلَی النَّاسِ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَشْكُرُوْنَ ۟
মই মোৰ পিতৃপুৰুষ, ইব্ৰাহীম, ইছহাক আৰু ইয়াকূবৰ ধৰ্মৰ অনুসৰণ কৰিছো। আৰু সেয়া হৈছে আল্লাহক একক বুলি স্বীকাৰ কৰাৰ ধৰ্ম। আল্লাহৰ লগত আন কাৰোবাক অংশী কৰা আমাৰ বাবে উচিত নহয়। তেওঁ এক। এই তাওহীদৰ ওপৰতেই মই আৰু মোৰ পিতৃপুৰুষসকল প্ৰতিষ্ঠিত। এইটো আমাৰ ওপৰত আল্লাহৰ এক বিশেষ কৃপা যে, তেওঁ আমাক ইয়াৰ তাওফীক প্ৰদান কৰিছে। আৰু সকলো মানুহৰ প্ৰতি আল্লাহৰ এইটোও এটা বিশেষ কৃপা যে, তেওঁ সিহঁতৰ প্ৰতি নবীসকলক প্ৰেৰণ কৰিছে। কিন্তু অধিকাংশ লোকে আল্লাহৰ কৃতজ্ঞতা কৰাৰ বিপৰীতে তেওঁৰ অকৃতজ্ঞতা কৰে।
ዓረብኛ ተፍሲሮች:
یٰصَاحِبَیِ السِّجْنِ ءَاَرْبَابٌ مُّتَفَرِّقُوْنَ خَیْرٌ اَمِ اللّٰهُ الْوَاحِدُ الْقَهَّارُ ۟ؕ
তাৰ পিছত ইউছুফ আলাইহিছ ছালামে কাৰাগাৰত সেই যুৱক দুজনক উদ্দেশ্যি ক'লেঃ ভিন ভিন উপাস্যৰ ইবাদত ভাল নে এক আল্লাহৰ ইবাদত ভাল, যাৰ কোনো অংশীদাৰ নাই? তেওঁৰ আনৰ ওপৰত প্ৰভূত্বশীল, কিন্তু তেওঁৰ ওপৰত কাৰো প্ৰভূত্ব নাই।
ዓረብኛ ተፍሲሮች:
مَا تَعْبُدُوْنَ مِنْ دُوْنِهٖۤ اِلَّاۤ اَسْمَآءً سَمَّیْتُمُوْهَاۤ اَنْتُمْ وَاٰبَآؤُكُمْ مَّاۤ اَنْزَلَ اللّٰهُ بِهَا مِنْ سُلْطٰنٍ ؕ— اِنِ الْحُكْمُ اِلَّا لِلّٰهِ ؕ— اَمَرَ اَلَّا تَعْبُدُوْۤا اِلَّاۤ اِیَّاهُ ؕ— ذٰلِكَ الدِّیْنُ الْقَیِّمُ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟
তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা, সেইবোৰ হৈছে কেৱলমাত্ৰ কিছুমান নাম। সেইবোৰৰ কোনো অস্তিত্ব নাই। সেইবোৰক তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে উপাস্যৰ নাম দিছা। সেইবোৰৰ ওচৰত উপাস্য হোৱাৰ কোনো যোগ্যতা নাই। আৰু এই ক্ষেত্ৰত সিহঁতৰ সপক্ষে আল্লাহে কোনো প্ৰমাণো অৱতীৰ্ণ কৰা নাই। সকলো সৃষ্টিৰ প্ৰতি কেৱল আল্লাহৰেই আদেশ চলে। এইবোৰৰ কোনো ক্ষমতা নচলে যিবোৰক তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে নাম দিছা। পৱিত্ৰ আল্লাহে আদেশ দিছে তোমালোকে যেন কেৱলমাত্ৰ তেওঁৰেই ইবাদত কৰা। আৰু তেওঁৰ লগত আন কাৰোবাক অংশী কৰিবলৈ নিষেধ কৰিছে। এই তাওহীদেই হৈছে সঠিক দ্বীন, যত কোনো বক্ৰতা নাই। কিন্তু অধিকাংশ লোকে এই বিষয়ে নাজানে। সেই কাৰণেই সিহঁতে তেওঁৰ লগত শ্বিৰ্ক কৰে, আৰু তেওঁৰ কিছুমান সৃষ্টিৰ উপাসনা কৰে।
ዓረብኛ ተፍሲሮች:
یٰصَاحِبَیِ السِّجْنِ اَمَّاۤ اَحَدُكُمَا فَیَسْقِیْ رَبَّهٗ خَمْرًا ۚ— وَاَمَّا الْاٰخَرُ فَیُصْلَبُ فَتَاْكُلُ الطَّیْرُ مِنْ رَّاْسِهٖ ؕ— قُضِیَ الْاَمْرُ الَّذِیْ فِیْهِ تَسْتَفْتِیٰنِ ۟ؕ
হে মোৰ বন্ধীশালৰ সঙ্গীদ্বয়! যিয়ে সপোনত দেখিছে যে, সি আঙুৰি চেপি সুৰা প্ৰস্তুত কৰি আছে, সি দৰাচলতে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি আৰু নিজৰ কামত পুনৰ নিয়জিত হ'ব, আৰু ৰজাক পানীয় পান কৰাব। আনহাতে যিয়ে দেখিছে যে, তাৰ মূৰৰ ওপৰত ৰুটি ৰখা আছে যাৰ পৰা চৰায়ে খাই আছে, তাক ফাঁচি কাঠত ওলমাই হত্যা কৰা হ'ব, আৰু চৰায়ে তাৰ মূৰৰ মাংস খুটি খুটি খাব। তোমালোকে যি বিষয়ে ব্যাখ্যা সুধিছা তাৰ সিদ্ধান্ত হৈ গৈছে। এতেকে এয়া অৱশ্যে কাৰ্যকৰী হ'ব।
ዓረብኛ ተፍሲሮች:
وَقَالَ لِلَّذِیْ ظَنَّ اَنَّهٗ نَاجٍ مِّنْهُمَا اذْكُرْنِیْ عِنْدَ رَبِّكَ ؗ— فَاَنْسٰىهُ الشَّیْطٰنُ ذِكْرَ رَبِّهٖ فَلَبِثَ فِی السِّجْنِ بِضْعَ سِنِیْنَ ۟۠
ইউছুফে সিহঁত দুজনৰ মাজৰ যিজনে মুক্তি লাভ কৰিব বুলি নিশ্চিত হৈছিল (সেইজন আছিল ৰজাক পানীয় পান কৰোৱা ব্যক্তি) তাক ক'লেঃ মোৰ বিষয়ে ৰজাৰ ওচৰত উল্লেখ কৰিবা, সম্ভৱতঃ তেওঁ মোক কাৰাগাৰৰ পৰা উলিয়াই নিব। কিন্তু চয়তানে সেই ব্যক্তিৰ স্মৃতিৰ পৰা ইউছুফৰ বিষয়ে উল্লেখ কৰাৰ কথা পাহৰাই দিলে। ফলত ইউছুফে আৰু কেইবা বছৰ কাৰাগাৰত থাকিবলগীয়া হ'ল।
ዓረብኛ ተፍሲሮች:
وَقَالَ الْمَلِكُ اِنِّیْۤ اَرٰی سَبْعَ بَقَرٰتٍ سِمَانٍ یَّاْكُلُهُنَّ سَبْعٌ عِجَافٌ وَّسَبْعَ سُنْۢبُلٰتٍ خُضْرٍ وَّاُخَرَ یٰبِسٰتٍ ؕ— یٰۤاَیُّهَا الْمَلَاُ اَفْتُوْنِیْ فِیْ رُءْیَایَ اِنْ كُنْتُمْ لِلرُّءْیَا تَعْبُرُوْنَ ۟
ৰজাই ক'লেঃ মই সপোনত দেখিলো সাতজনী ক্ষীন গাই গৰুৱে, সাতজনী হৃষ্ট-পুষ্ট গাই গৰুক ভক্ষণ কৰি আছে। এইদৰে মই সাত টা সতেজ শীহ আৰু সাতটা শুকান শীহ দেখিছো। হে প্ৰমূখ তথা গণ্যমান্য লোকসকল! মোক মোৰ এই সপোনৰ ব্যাখ্যা কোৱা, যদি তোমালোকে সঁচাই সপোনৰ ব্যাখ্যা জানা।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• وجوب اتباع ملة إبراهيم، والبراءة من الشرك وأهله.
ইব্ৰাহীম আলাইহিছ ছালামৰ ধৰ্ম অনুসৰণ কৰা ওৱাজিব, লগতে শ্বিৰ্ক আৰু মুশ্বৰিকৰ পৰা সম্পৰ্ক বিচ্ছেদ কৰা অনিবাৰ্য।

• في قوله:﴿ءَأَرْبَابٌ مُّتَفَرِّقُونَ ...﴾ دليل على أن هؤلاء المصريين كانوا أصحاب ديانة سماوية لكنهم أهل إشراك.
আল্লাহ তাআলাৰ এই বাণী ﴿ءَأَرْبَابٌ مُّتَفَرِّقُونَ ...﴾ ৰ দ্বাৰা প্ৰমাণ হয় যে, সেই সময়ৰ মিচৰৰ অধিবাসীসকলৰ মাজত ঐশী ধৰ্ম পালনকাৰী লোকও বিদ্যমান আছিল। কিন্তু শ্বিৰ্কত পতিত হৈছিল।

• كلُّ الآلهة التي تُعبد من دون الله ما هي إلا أسماء على غير مسميات، ليس لها في الألوهية نصيب.
আল্লাহৰ বাহিৰে যিবোৰ উপাস্যৰ উপাসনা কৰা হয়, সেইবোৰ কেৱল অস্তিত্বহীন কিছুমান নাম। সেইবোৰৰ মাজত উপাস্য হোৱাৰ কোনো যোগ্যতা নাই।

• استغلال المناسبات للدعوة إلى الله، كما استغلها يوسف عليه السلام في السجن.
আল্লাহৰ প্ৰতি আহ্বান কৰিবলৈ সকলো সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। যিদৰে ইউছুফ আলাইহিছ ছালামে কাৰাগাৰত সেই সুযোগ ব্যৱহাৰ কৰিছিল।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ዩሱፍ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት