Check out the new design

《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 * - 译解目录

PDF XML CSV Excel API
Please review the Terms and Policies

含义的翻译 章: 艾尔拉夫   段:
قَالُوْۤا اٰمَنَّا بِرَبِّ الْعٰلَمِیْنَ ۟ۙ
তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলোঁ বিশ্বজগতৰ প্ৰতিপালকৰ প্ৰতি’।
阿拉伯语经注:
رَبِّ مُوْسٰی وَهٰرُوْنَ ۟
‘মুছা আৰু হাৰুনৰ প্ৰতিপালকৰ প্ৰতি’।
阿拉伯语经注:
قَالَ فِرْعَوْنُ اٰمَنْتُمْ بِهٖ قَبْلَ اَنْ اٰذَنَ لَكُمْ ۚ— اِنَّ هٰذَا لَمَكْرٌ مَّكَرْتُمُوْهُ فِی الْمَدِیْنَةِ لِتُخْرِجُوْا مِنْهَاۤ اَهْلَهَا ۚ— فَسَوْفَ تَعْلَمُوْنَ ۟
ফিৰআউনে ক’লে, ‘কি! মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে ইয়াৰ ওপৰত ঈমান আনিলা? নিশ্চয় এইটো এটা চক্ৰান্ত; তোমালোকে নগৰবাসীসকলক ইয়াৰ পৰা উলিয়াই দিয়াৰ বাবে এই চক্ৰান্ত কৰিছা। এতেকে তোমালোকে অতিশীঘ্ৰে ইয়াৰ পৰিণাম জানিব পাৰিবা’।
阿拉伯语经注:
لَاُقَطِّعَنَّ اَیْدِیَكُمْ وَاَرْجُلَكُمْ مِّنْ خِلَافٍ ثُمَّ لَاُصَلِّبَنَّكُمْ اَجْمَعِیْنَ ۟
‘নিশ্চয় মই তোমালোকৰ হাত-ভৰি বিপৰীত ফালৰ পৰা কাটি টুকুৰা-টুকুৰ কৰি দিম; তাৰ পিছত নিশ্চয় মই তোমালোক আটাইকে শূলত দিম’।
阿拉伯语经注:
قَالُوْۤا اِنَّاۤ اِلٰی رَبِّنَا مُنْقَلِبُوْنَ ۟ۚ
তেওঁলোকে ক’লে, ‘নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰলৈকেহে উভতি যাম;
阿拉伯语经注:
وَمَا تَنْقِمُ مِنَّاۤ اِلَّاۤ اَنْ اٰمَنَّا بِاٰیٰتِ رَبِّنَا لَمَّا جَآءَتْنَا ؕ— رَبَّنَاۤ اَفْرِغْ عَلَیْنَا صَبْرًا وَّتَوَفَّنَا مُسْلِمِیْنَ ۟۠
‘আৰু তুমি আমাক শাস্তি দিবলৈ ওলাইছা কেৱল এইকাৰণে যে, আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনৰ ওপৰত ঈমান আনিছোঁ যেতিয়া সেয়া আমাৰ ওচৰলৈ আহি পাইছে। হে আমাৰ প্ৰতিপালক! আমাক পৰিপূৰ্ণৰূপে ধৈৰ্য্য দান কৰা, লগতে মুছলিমৰূপে আমাক মৃত্যু দান কৰা’।
阿拉伯语经注:
وَقَالَ الْمَلَاُ مِنْ قَوْمِ فِرْعَوْنَ اَتَذَرُ مُوْسٰی وَقَوْمَهٗ لِیُفْسِدُوْا فِی الْاَرْضِ وَیَذَرَكَ وَاٰلِهَتَكَ ؕ— قَالَ سَنُقَتِّلُ اَبْنَآءَهُمْ وَنَسْتَحْیٖ نِسَآءَهُمْ ۚ— وَاِنَّا فَوْقَهُمْ قٰهِرُوْنَ ۟
আৰু ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে ক’লে, ‘আপুনি মুছাক আৰু তেওঁৰ সম্প্ৰদায়ক পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবলৈ আৰু আপোনাক লগতে আপোনাৰ উপাস্যসমূহক বৰ্জন কৰিবলৈ এৰি দিব নেকি? সি ক’লে, ‘শীঘ্ৰেই আমি সিহঁতৰ পুত্ৰসকলক হত্যা কৰিম আৰু সিহঁতৰ নাৰীসকলক জীৱিত ৰাখিম। নিশ্চয় আমি সিহঁতৰ ওপৰত শক্তিধৰ’।
阿拉伯语经注:
قَالَ مُوْسٰی لِقَوْمِهِ اسْتَعِیْنُوْا بِاللّٰهِ وَاصْبِرُوْا ۚ— اِنَّ الْاَرْضَ لِلّٰهِ ۙ۫— یُوْرِثُهَا مَنْ یَّشَآءُ مِنْ عِبَادِهٖ ؕ— وَالْعَاقِبَةُ لِلْمُتَّقِیْنَ ۟
মুছাই তেওঁৰ সম্প্ৰদায়ক ক’লে, ‘আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা আৰু ধৈৰ্য্য ধাৰণ কৰা; নিশ্চয় পৃথিৱী আল্লাহৰেই। তেৱেঁই নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে ইয়াৰ উত্তৰাধিকাৰী বনায়। আৰু শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবেই’।
阿拉伯语经注:
قَالُوْۤا اُوْذِیْنَا مِنْ قَبْلِ اَنْ تَاْتِیَنَا وَمِنْ بَعْدِ مَا جِئْتَنَا ؕ— قَالَ عَسٰی رَبُّكُمْ اَنْ یُّهْلِكَ عَدُوَّكُمْ وَیَسْتَخْلِفَكُمْ فِی الْاَرْضِ فَیَنْظُرَ كَیْفَ تَعْمَلُوْنَ ۟۠
সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰলৈ অহাৰ আগতেও আমি নিৰ্যাতিত হৈছোঁ আৰু তুমি অহাৰ পিছতো’। তেওঁ ক’লে, ‘অতি সোনকালে তোমালোকৰ প্ৰতিপালকে তোমালোকৰ শত্ৰুক ধ্বংস কৰিব আৰু তেওঁ তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিব, তাৰ পিছত তোমালোকে কি কৰা সেয়া তেওঁ লক্ষ্য কৰিব’।
阿拉伯语经注:
وَلَقَدْ اَخَذْنَاۤ اٰلَ فِرْعَوْنَ بِالسِّنِیْنَ وَنَقْصٍ مِّنَ الثَّمَرٰتِ لَعَلَّهُمْ یَذَّكَّرُوْنَ ۟
আৰু নিশ্চয় আমি ফিৰআউনৰ অনুসাৰীসকলক দুৰ্ভিক্ষ আৰু ফচলৰ ক্ষতিৰ দ্বাৰা আক্ৰান্ত কৰিছিলোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
阿拉伯语经注:
 
含义的翻译 章: 艾尔拉夫
章节目录 页码
 
《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 - 译解目录

拉菲格·伊斯俩姆·哈比布·拉哈曼翻译。

关闭