Check out the new design

《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 * - 译解目录

PDF XML CSV Excel API
Please review the Terms and Policies

含义的翻译 章: 艾尔拉夫   段:
حَقِیْقٌ عَلٰۤی اَنْ لَّاۤ اَقُوْلَ عَلَی اللّٰهِ اِلَّا الْحَقَّ ؕ— قَدْ جِئْتُكُمْ بِبَیِّنَةٍ مِّنْ رَّبِّكُمْ فَاَرْسِلْ مَعِیَ بَنِیْۤ اِسْرَآءِیْلَ ۟ؕ
‘এইটো স্থিৰ নিশ্চিত যে, মই আল্লাহ সম্বন্ধে সত্যৰ বাহিৰে একো নকওঁ। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন লৈ মই তোমালোকৰ ওচৰলৈ আহিছোঁ, সেয়ে বনী ইছৰাঈলক তুমি মোৰ লগত যাবলৈ দিয়া’।
阿拉伯语经注:
قَالَ اِنْ كُنْتَ جِئْتَ بِاٰیَةٍ فَاْتِ بِهَاۤ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟
সি (ফিৰআউনে) ক’লে, ‘যদি তুমি কোনো নিদৰ্শন লৈ আহিছা, তেন্তে সেয়া উপস্থাপন কৰা, যদিহে তুমি সত্যবাদী’।
阿拉伯语经注:
فَاَلْقٰی عَصَاهُ فَاِذَا هِیَ ثُعْبَانٌ مُّبِیْنٌ ۟ۚۖ
তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ’ল।
阿拉伯语经注:
وَّنَزَعَ یَدَهٗ فَاِذَا هِیَ بَیْضَآءُ لِلنّٰظِرِیْنَ ۟۠
আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ দৃষ্টিত শুভ্ৰ উজ্জ্বল দেখা গ’ল।
阿拉伯语经注:
قَالَ الْمَلَاُ مِنْ قَوْمِ فِرْعَوْنَ اِنَّ هٰذَا لَسٰحِرٌ عَلِیْمٌ ۟ۙ
ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’,
阿拉伯语经注:
یُّرِیْدُ اَنْ یُّخْرِجَكُمْ مِّنْ اَرْضِكُمْ ۚ— فَمَاذَا تَاْمُرُوْنَ ۟
‘এওঁ তোমালোকক নিজ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে, এতিয়া তোমালোকে কি পৰামৰ্শ দিয়া’?
阿拉伯语经注:
قَالُوْۤا اَرْجِهْ وَاَخَاهُ وَاَرْسِلْ فِی الْمَدَآىِٕنِ حٰشِرِیْنَ ۟ۙ
সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক অলপ অৱকাশ দিয়ক, আৰু চহৰে-নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক’,
阿拉伯语经注:
یَاْتُوْكَ بِكُلِّ سٰحِرٍ عَلِیْمٍ ۟
‘যাতে সিহঁতে আপোনাৰ ওচৰলৈ প্ৰতিজন সুদক্ষ যাদুকৰক উপস্থিত কৰে’।
阿拉伯语经注:
وَجَآءَ السَّحَرَةُ فِرْعَوْنَ قَالُوْۤا اِنَّ لَنَا لَاَجْرًا اِنْ كُنَّا نَحْنُ الْغٰلِبِیْنَ ۟
যাদুকৰসকলে ফিৰআউনৰ ওচৰত আহি ক’লে, ‘আমি যদি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰস্কাৰ থাকিব নে নাই’?
阿拉伯语经注:
قَالَ نَعَمْ وَاِنَّكُمْ لَمِنَ الْمُقَرَّبِیْنَ ۟
সি ক’লে, ‘হয়, নিশ্চয় তোমালোক মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।
阿拉伯语经注:
قَالُوْا یٰمُوْسٰۤی اِمَّاۤ اَنْ تُلْقِیَ وَاِمَّاۤ اَنْ نَّكُوْنَ نَحْنُ الْمُلْقِیْنَ ۟
সিহঁতে ক’লে, ‘হে মুছা! তুমি (আগতে) নিক্ষেপ কৰিবা নে আমি (আগতে) নিক্ষেপ কৰিম’?
阿拉伯语经注:
قَالَ اَلْقُوْا ۚ— فَلَمَّاۤ اَلْقَوْا سَحَرُوْۤا اَعْیُنَ النَّاسِ وَاسْتَرْهَبُوْهُمْ وَجَآءُوْ بِسِحْرٍ عَظِیْمٍ ۟
তেওঁ (মুছাই) ক’লে, ‘তোমালোকেই (আগতে) নিক্ষেপ কৰা’। যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া সিহঁতে মানুহৰ চকুত যাদু কৰিলে, সিহঁতক আতংকিত কৰিলে আৰু এটা ডাঙৰ যাদু প্ৰদৰ্শন কৰিলে।
阿拉伯语经注:
وَاَوْحَیْنَاۤ اِلٰی مُوْسٰۤی اَنْ اَلْقِ عَصَاكَ ۚ— فَاِذَا هِیَ تَلْقَفُ مَا یَاْفِكُوْنَ ۟ۚ
আৰু আমি মুছাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তুমিও তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। লগে লগে সেই লাখুটিডালে (অজগৰ সাপত পৰিণত হৈ) সিহঁতে যি অলীক বস্তু বনাইছিল সেইবোৰক গিলি পেলাবলৈ ধৰিলে;
阿拉伯语经注:
فَوَقَعَ الْحَقُّ وَبَطَلَ مَا كَانُوْا یَعْمَلُوْنَ ۟ۚ
ফলত সত্য প্ৰতিষ্ঠিত হ’ল আৰু সিহঁতে যি কৰিছিল সেয়া বাতিল বুলি প্ৰতিপন্ন হ’ল।
阿拉伯语经注:
فَغُلِبُوْا هُنَالِكَ وَانْقَلَبُوْا صٰغِرِیْنَ ۟ۚ
এতেকে সিহঁতে তাত পৰাজিত হ’ল আৰু লাঞ্ছিত হৈ উভতি গ’ল,
阿拉伯语经注:
وَاُلْقِیَ السَّحَرَةُ سٰجِدِیْنَ ۟ۙ
আৰু যাদুকৰবিলাক ছাজদাৱনত হ’ল।
阿拉伯语经注:
 
含义的翻译 章: 艾尔拉夫
章节目录 页码
 
《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 - 译解目录

拉菲格·伊斯俩姆·哈比布·拉哈曼翻译。

关闭