Check out the new design

Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an * - Mục lục các bản dịch


Ý nghĩa nội dung Chương: Abasa   Câu:

আবাছা

Trong những ý nghĩa của chương Kinh:
تذكير الكافرين المستغنين عن ربهم ببراهين البعث.
পুনৰুত্থানৰ প্ৰমাণাদিৰে নিজ প্ৰতিপালকৰ পৰা অমনোযোগী হোৱা কাফিৰসকলক স্মৰণ কৰোৱা হৈছে।

عَبَسَ وَتَوَلّٰۤی ۟ۙ
ৰাছুল ছাল্লাল্লাহু আলাইহি অছাল্লামৰ মুখত ক্ৰোধৰ প্ৰভাৱ অনুভূত হৈছিল আৰু তেওঁ মুখ খন আনফালে উভতাই লৈছিল।
Các Tafsir tiếng Ả-rập:
اَنْ جَآءَهُ الْاَعْمٰى ۟ؕ
কাৰণ তেখেতৰ ওচৰত আব্দুল্লাহ বিন উম্মে মাকতুম মাৰ্গদৰ্শন লবলৈ আহিছিল আৰু তেওঁ এজন অন্ধ ব্যক্তি আছিল। আচলতে তেওঁ সেই সময়ত আহিছিল যেতিয়া তেখেতে মুশ্বৰিক সকলৰ উচ্চ স্তৰীয় নেতৃবৰ্গ সকলৰ লগত কথা-বাৰ্তা পাতি আছিল। আৰু তেখেতে সিহঁতৰ হিদায়তৰ আশাত আছিল।
Các Tafsir tiếng Ả-rập:
وَمَا یُدْرِیْكَ لَعَلَّهٗ یَزَّ ۟ۙ
(হে ৰাছুল) আপোনাক কিহে জনাব, বুধহয় অন্ধ ব্যক্তিজনে পাপৰ পৰা পৱিত্ৰ হবলৈ আহিছে।
Các Tafsir tiếng Ả-rập:
اَوْ یَذَّكَّرُ فَتَنْفَعَهُ الذِّكْرٰى ۟ؕ
অথবা আপোনাৰ বক্তব্য শুনি উপকৃত হব।
Các Tafsir tiếng Ả-rập:
اَمَّا مَنِ اسْتَغْنٰى ۟ۙ
আনহাতে যিয়ে নিজৰ ধনৰ নিচাত পৰি নিজকে অমুখাপেক্ষী বুলি ভাৱে, আৰু ঈমানৰ পৰা তথা আপুনি লৈ অহা চৰীয়তক মানিবলৈ অৱহেলা কৰিছে।
Các Tafsir tiếng Ả-rập:
فَاَنْتَ لَهٗ تَصَدّٰى ۟ؕ
আপুনি তাৰ পিছত লাগিছে আৰু তাৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰি আছে।
Các Tafsir tiếng Ả-rập:
وَمَا عَلَیْكَ اَلَّا یَزَّكّٰى ۟ؕ
যদি সি নিজ গুনাহৰ পৰা পৱিত্ৰ নহয় তেন্তে আপোনাৰ কি ক্ষতি হব?
Các Tafsir tiếng Ả-rập:
وَاَمَّا مَنْ جَآءَكَ یَسْعٰى ۟ۙ
আনহাতে যি ব্যক্তিয়ে কল্যাণ কামনাৰে আপোনাৰ ওচৰলৈ দৌৰি আহে।
Các Tafsir tiếng Ả-rập:
وَهُوَ یَخْشٰى ۟ۙ
আৰু তেওঁ নিজ প্ৰতিপলকক ভয় কৰে।
Các Tafsir tiếng Ả-rập:
فَاَنْتَ عَنْهُ تَلَهّٰى ۟ۚ
গতিকে আপুনি তেওঁৰ প্ৰতি ধ্যান দিয়াৰ পৰিৱৰ্তে মুশ্বৰিকসকলৰ নেতৃবৰ্গৰ প্ৰতি মনোনিবেশ কৰিলে।
Các Tafsir tiếng Ả-rập:
كَلَّاۤ اِنَّهَا تَذْكِرَةٌ ۟ۚ
প্ৰকৃততে বিষয়টো তেনেকুৱা নহয়, দৰাচলতে এয়া এক প্ৰকাৰ শিক্ষা তথা উপদেশ তাৰ বাবে যিয়ে ইয়াক গ্ৰহণ কৰে।
Các Tafsir tiếng Ả-rập:
فَمَنْ شَآءَ ذَكَرَهٗ ۟ۘ
এতেকে যিয়ে আল্লাহক স্মৰণ কৰিব বিচাৰে সি যেন স্মৰণ কৰে আৰু এই কুৰআনত থকা উপদেশ যাতে গ্ৰহণ কৰে।
Các Tafsir tiếng Ả-rập:
فِیْ صُحُفٍ مُّكَرَّمَةٍ ۟ۙ
এই কুৰআন ফিৰিস্তাসকলৰ ওচৰত থকা সন্মানিত ছহিফাত লিপিবদ্ধ আছে।
Các Tafsir tiếng Ả-rập:
مَّرْفُوْعَةٍ مُّطَهَّرَةٍ ۟ۙ
এখন উচ্চ স্থানত ৰখা আছে আৰু এয়া হৈছে পৱিত্ৰ, ইয়াক আৱৰ্জনা তথা অপৱিত্ৰতাই চুব নোৱাৰে।
Các Tafsir tiếng Ả-rập:
بِاَیْدِیْ سَفَرَةٍ ۟ۙ
আৰু এইখন আছে সংবাদ বাহক ৰূপে কাম কৰা ফিৰিস্তাসকলৰ হাতত।
Các Tafsir tiếng Ả-rập:
كِرَامٍ بَرَرَةٍ ۟ؕ
তেওঁলোক নিজ প্ৰতিপালকৰ ওচৰত সন্মানিত । অধিক কল্যাণ তথা অধিক আনুগত্যকাৰী।
Các Tafsir tiếng Ả-rập:
قُتِلَ الْاِنْسَانُ مَاۤ اَكْفَرَهٗ ۟ؕ
কাফিৰ মানুহৰ প্ৰতি ধিক্কাৰ, সিহঁতে আল্লাহ তাআলাৰ প্ৰতি কিমান যে ঘোৰ অকৃতজ্ঞ!
Các Tafsir tiếng Ả-rập:
مِنْ اَیِّ شَیْءٍ خَلَقَهٗ ۟ؕ
সিহঁতক আল্লাহ তাআলাই কি বস্তুৰে সৃষ্টি কৰিছে যাৰ কাৰণে সিহঁতে অহংকাৰ কৰে আৰু আল্লাহ তাআলাৰ অকৃতজ্ঞতা কৰে?
Các Tafsir tiếng Ả-rập:
مِنْ نُّطْفَةٍ ؕ— خَلَقَهٗ فَقَدَّرَهٗ ۟ۙ
সামান্য পানীৰ দ্বাৰা সিহঁতক সৃষ্টি কৰিছে আৰু তাৰ পিছত স্তৰে স্তৰে বনাইছে।
Các Tafsir tiếng Ả-rập:
ثُمَّ السَّبِیْلَ یَسَّرَهٗ ۟ۙ
এই স্তৰবোৰৰ পিছত মাকৰ গৰ্ভৰ পৰা ওলাবলৈ সহজ কৰি দিছে।
Các Tafsir tiếng Ả-rập:
ثُمَّ اَمَاتَهٗ فَاَقْبَرَهٗ ۟ۙ
তাৰ পিছত পৃথিৱীত তাৰ বাবে নিৰ্ধাৰিত কৰা আয়ুস শেষ হোৱাৰ পিছত মৃত্যু দিছে আৰু তাৰ বাবে কবৰ বনাইছে যাৰ ভিতৰত পুনৰ জীৱিত হোৱা লৈকে থাকিব লাগিব।
Các Tafsir tiếng Ả-rập:
ثُمَّ اِذَا شَآءَ اَنْشَرَهٗ ۟ؕ
আকৌ যেতিয়া ইচ্ছা কৰিব তেতিয়া তাক হিচাপ-নিকাচৰ বাবে আৰু প্ৰতিদান দিয়াৰ বাবে পুনৰ্ত্থান কৰিব।
Các Tafsir tiếng Ả-rập:
كَلَّا لَمَّا یَقْضِ مَاۤ اَمَرَهٗ ۟ؕ
ঘটনা তেনে নহয় যিদৰে কাফিৰ সকলে বুজিছে যে, সিহঁতে নিজ প্ৰতিপালকৰ অধিকাৰ আদায় কৰিছে। বৰং আল্লাহ তাআলাই সিহঁতৰ বাবে অনিবাৰ্য কৰা কৰ্মবোৰ আদায় কৰা নাই।
Các Tafsir tiếng Ả-rập:
فَلْیَنْظُرِ الْاِنْسَانُ اِلٰى طَعَامِهٖۤ ۟ۙ
আল্লাহৰ অকৃতজ্ঞতাকাৰী কাফিৰসকলে লক্ষ্য কৰা উচিত যে, সিহঁতে কৰা ভোজনবোৰ কৰ পৰা কেনেকৈ প্ৰাপ্ত হয়।
Các Tafsir tiếng Ả-rập:
اَنَّا صَبَبْنَا الْمَآءَ صَبًّا ۟ۙ
ইয়াৰ মূল হৈছে সেই পানী, যিটো আকাশৰ পৰা অধিক মাত্ৰাত বৰ্ষণ হয়।
Các Tafsir tiếng Ả-rập:
ثُمَّ شَقَقْنَا الْاَرْضَ شَقًّا ۟ۙ
আকৌ আমি ভূমিত ফাট মেলাইছো যাৰ পৰা অঙ্কুৰণবোৰ মাটি ফালি ওপৰলৈ ওলাই আহে।
Các Tafsir tiếng Ả-rập:
فَاَنْۢبَتْنَا فِیْهَا حَبًّا ۟ۙ
তাৰ পিছত আমি (ধান), গম, মাকৈ আদি গছ গজাইছো।
Các Tafsir tiếng Ả-rập:
وَّعِنَبًا وَّقَضْبًا ۟ۙ
আৰু তাৰ ভিতৰত আঙুৰ আৰু সেউজীয়া ঘাঁহ গজাইছো যাতে সিহঁতৰ জীৱ-জন্তুৱে খাদ্য হিচাপে খাব পাৰে।
Các Tafsir tiếng Ả-rập:
وَّزَیْتُوْنًا وَّنَخْلًا ۟ۙ
আৰু আমি তাৰ ভিতৰত জয়তুন আৰু খেজুৰ গছ গজাইছো।
Các Tafsir tiếng Ả-rập:
وَّحَدَآىِٕقَ غُلْبًا ۟ۙ
আৰু তাৰ ভিতৰত বহুতো গছ-গছনিযুক্ত বাগান সাজিছো।
Các Tafsir tiếng Ả-rập:
وَّفَاكِهَةً وَّاَبًّا ۟ۙ
আৰু আমি তাৰ ভিতৰত ফল-মূল গজাইছো আৰু তোমালোকৰ জন্তুৰ বাবে খাদ্য সৃষ্টি কৰিছো।
Các Tafsir tiếng Ả-rập:
مَّتَاعًا لَّكُمْ وَلِاَنْعَامِكُمْ ۟ؕ
তোমালোকৰ আৰু তোমালোকৰ জীৱ-জন্তুৰ উপকাৰৰ বাবে।
Các Tafsir tiếng Ả-rập:
فَاِذَا جَآءَتِ الصَّآخَّةُ ۟ؗ
আকৌ যেতিয়া অতি তীব্ৰ কাণ ফাটি যোৱা শব্দ আহিব আৰু সেয়া হব শিঙাত দ্বিতীয় বাৰ ফুঁ দিয়াৰ শব্দ।
Các Tafsir tiếng Ả-rập:
یَوْمَ یَفِرُّ الْمَرْءُ مِنْ اَخِیْهِ ۟ۙ
যিদিনাখন মানুহে নিজ ভাতৃৰ পৰা পলায়ন কৰিব।
Các Tafsir tiếng Ả-rập:
وَاُمِّهٖ وَاَبِیْهِ ۟ۙ
আৰু নিজ পিতৃ-মাতৃৰ পৰা পলায়ন কৰিব।
Các Tafsir tiếng Ả-rập:
وَصَاحِبَتِهٖ وَبَنِیْهِ ۟ؕ
আৰু নিজ স্ত্ৰী আৰু পুত্ৰৰ পৰা পলায়ন কৰিব।
Các Tafsir tiếng Ả-rập:
لِكُلِّ امْرِئٍ مِّنْهُمْ یَوْمَىِٕذٍ شَاْنٌ یُّغْنِیْهِ ۟ؕ
সিদিনাখন মানুহ ইমান অশান্তিত পৰিব যে, বেলেগৰ প্ৰতি মনোযোগ দিয়াৰ সুযোগেই নাপাব।
Các Tafsir tiếng Ả-rập:
وُجُوْهٌ یَّوْمَىِٕذٍ مُّسْفِرَةٌ ۟ۙ
সেই দিনা সৌভাগ্য লোক সকলৰ মুখ মণ্ডল উজ্জল হব।
Các Tafsir tiếng Ả-rập:
ضَاحِكَةٌ مُّسْتَبْشِرَةٌ ۟ۚ
তেওঁলোকে আল্লাহ তাআলাই প্ৰস্তুত কৰা অনুগ্ৰহৰ প্ৰতি সস্তুষ্ট হব।
Các Tafsir tiếng Ả-rập:
وَوُجُوْهٌ یَّوْمَىِٕذٍ عَلَیْهَا غَبَرَةٌ ۟ۙ
আৰু দুৰ্ভাগ্য লোকৰ মুখ মণ্ডলৰ প্ৰতি সিদিনাখন ধূলিকণা পৰি থাকিব।
Các Tafsir tiếng Ả-rập:
Trong những bài học trích được của các câu Kinh trên trang này:
• عتاب الله نبيَّه في شأن عبد الله بن أم مكتوم دل على أن القرآن من عند الله.
আব্দুল্লাহ বিন উম্মে মাকতুমৰ ঘটনা সংক্ৰান্তত আল্লাহৰ তৰফৰ পৰা সতৰ্ক কৰাৰ পৰাই প্ৰমাণিত হয় যে, কুৰআন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ কৃত গ্ৰন্থ।

• الاهتمام بطالب العلم والمُسْتَرْشِد.
জ্ঞান অৰ্জন কাৰী আৰু হিদায়ৎ বিচৰা ব্যক্তিৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদানৰ মহত্ব।

• شدة أهوال يوم القيامة حيث لا ينشغل المرء إلا بنفسه، حتى الأنبياء يقولون: نفسي نفسي.
ক্বিয়ামতৰ দিনৰ ভয়াৱহ পৰিস্থিতিৰ চিত্ৰণ। যেতিয়া প্ৰত্যেক ব্যক্তিৰ কেৱল নিজৰ চিন্তাই আহিব। বৰঞ্চ নবীসকলেও কৈ থাকিবঃ মোৰ কি হব, মোৰ কি হব?

 
Ý nghĩa nội dung Chương: Abasa
Mục lục các chương Kinh Số trang
 
Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an - Mục lục các bản dịch

Do Trung tâm Diễn giải Nghiên cứu Kinh Qur'an phát hành.

Đóng lại