Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ዐበሰ   አንቀፅ:

আবাছা

ከሱራዋ ጥቅል ሀሳብ መካከል:
تذكير الكافرين المستغنين عن ربهم ببراهين البعث.
পুনৰুত্থানৰ প্ৰমাণাদিৰে নিজ প্ৰতিপালকৰ পৰা অমনোযোগী হোৱা কাফিৰসকলক স্মৰণ কৰোৱা হৈছে।

عَبَسَ وَتَوَلّٰۤی ۟ۙ
ৰাছুল ছাল্লাল্লাহু আলাইহি অছাল্লামৰ মুখত ক্ৰোধৰ প্ৰভাৱ অনুভূত হৈছিল আৰু তেওঁ মুখ খন আনফালে উভতাই লৈছিল।
ዓረብኛ ተፍሲሮች:
اَنْ جَآءَهُ الْاَعْمٰى ۟ؕ
কাৰণ তেখেতৰ ওচৰত আব্দুল্লাহ বিন উম্মে মাকতুম মাৰ্গদৰ্শন লবলৈ আহিছিল আৰু তেওঁ এজন অন্ধ ব্যক্তি আছিল। আচলতে তেওঁ সেই সময়ত আহিছিল যেতিয়া তেখেতে মুশ্বৰিক সকলৰ উচ্চ স্তৰীয় নেতৃবৰ্গ সকলৰ লগত কথা-বাৰ্তা পাতি আছিল। আৰু তেখেতে সিহঁতৰ হিদায়তৰ আশাত আছিল।
ዓረብኛ ተፍሲሮች:
وَمَا یُدْرِیْكَ لَعَلَّهٗ یَزَّ ۟ۙ
(হে ৰাছুল) আপোনাক কিহে জনাব, বুধহয় অন্ধ ব্যক্তিজনে পাপৰ পৰা পৱিত্ৰ হবলৈ আহিছে।
ዓረብኛ ተፍሲሮች:
اَوْ یَذَّكَّرُ فَتَنْفَعَهُ الذِّكْرٰى ۟ؕ
অথবা আপোনাৰ বক্তব্য শুনি উপকৃত হব।
ዓረብኛ ተፍሲሮች:
اَمَّا مَنِ اسْتَغْنٰى ۟ۙ
আনহাতে যিয়ে নিজৰ ধনৰ নিচাত পৰি নিজকে অমুখাপেক্ষী বুলি ভাৱে, আৰু ঈমানৰ পৰা তথা আপুনি লৈ অহা চৰীয়তক মানিবলৈ অৱহেলা কৰিছে।
ዓረብኛ ተፍሲሮች:
فَاَنْتَ لَهٗ تَصَدّٰى ۟ؕ
আপুনি তাৰ পিছত লাগিছে আৰু তাৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰি আছে।
ዓረብኛ ተፍሲሮች:
وَمَا عَلَیْكَ اَلَّا یَزَّكّٰى ۟ؕ
যদি সি নিজ গুনাহৰ পৰা পৱিত্ৰ নহয় তেন্তে আপোনাৰ কি ক্ষতি হব?
ዓረብኛ ተፍሲሮች:
وَاَمَّا مَنْ جَآءَكَ یَسْعٰى ۟ۙ
আনহাতে যি ব্যক্তিয়ে কল্যাণ কামনাৰে আপোনাৰ ওচৰলৈ দৌৰি আহে।
ዓረብኛ ተፍሲሮች:
وَهُوَ یَخْشٰى ۟ۙ
আৰু তেওঁ নিজ প্ৰতিপলকক ভয় কৰে।
ዓረብኛ ተፍሲሮች:
فَاَنْتَ عَنْهُ تَلَهّٰى ۟ۚ
গতিকে আপুনি তেওঁৰ প্ৰতি ধ্যান দিয়াৰ পৰিৱৰ্তে মুশ্বৰিকসকলৰ নেতৃবৰ্গৰ প্ৰতি মনোনিবেশ কৰিলে।
ዓረብኛ ተፍሲሮች:
كَلَّاۤ اِنَّهَا تَذْكِرَةٌ ۟ۚ
প্ৰকৃততে বিষয়টো তেনেকুৱা নহয়, দৰাচলতে এয়া এক প্ৰকাৰ শিক্ষা তথা উপদেশ তাৰ বাবে যিয়ে ইয়াক গ্ৰহণ কৰে।
ዓረብኛ ተፍሲሮች:
فَمَنْ شَآءَ ذَكَرَهٗ ۟ۘ
এতেকে যিয়ে আল্লাহক স্মৰণ কৰিব বিচাৰে সি যেন স্মৰণ কৰে আৰু এই কুৰআনত থকা উপদেশ যাতে গ্ৰহণ কৰে।
ዓረብኛ ተፍሲሮች:
فِیْ صُحُفٍ مُّكَرَّمَةٍ ۟ۙ
এই কুৰআন ফিৰিস্তাসকলৰ ওচৰত থকা সন্মানিত ছহিফাত লিপিবদ্ধ আছে।
ዓረብኛ ተፍሲሮች:
مَّرْفُوْعَةٍ مُّطَهَّرَةٍ ۟ۙ
এখন উচ্চ স্থানত ৰখা আছে আৰু এয়া হৈছে পৱিত্ৰ, ইয়াক আৱৰ্জনা তথা অপৱিত্ৰতাই চুব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
بِاَیْدِیْ سَفَرَةٍ ۟ۙ
আৰু এইখন আছে সংবাদ বাহক ৰূপে কাম কৰা ফিৰিস্তাসকলৰ হাতত।
ዓረብኛ ተፍሲሮች:
كِرَامٍ بَرَرَةٍ ۟ؕ
তেওঁলোক নিজ প্ৰতিপালকৰ ওচৰত সন্মানিত । অধিক কল্যাণ তথা অধিক আনুগত্যকাৰী।
ዓረብኛ ተፍሲሮች:
قُتِلَ الْاِنْسَانُ مَاۤ اَكْفَرَهٗ ۟ؕ
কাফিৰ মানুহৰ প্ৰতি ধিক্কাৰ, সিহঁতে আল্লাহ তাআলাৰ প্ৰতি কিমান যে ঘোৰ অকৃতজ্ঞ!
ዓረብኛ ተፍሲሮች:
مِنْ اَیِّ شَیْءٍ خَلَقَهٗ ۟ؕ
সিহঁতক আল্লাহ তাআলাই কি বস্তুৰে সৃষ্টি কৰিছে যাৰ কাৰণে সিহঁতে অহংকাৰ কৰে আৰু আল্লাহ তাআলাৰ অকৃতজ্ঞতা কৰে?
ዓረብኛ ተፍሲሮች:
مِنْ نُّطْفَةٍ ؕ— خَلَقَهٗ فَقَدَّرَهٗ ۟ۙ
সামান্য পানীৰ দ্বাৰা সিহঁতক সৃষ্টি কৰিছে আৰু তাৰ পিছত স্তৰে স্তৰে বনাইছে।
ዓረብኛ ተፍሲሮች:
ثُمَّ السَّبِیْلَ یَسَّرَهٗ ۟ۙ
এই স্তৰবোৰৰ পিছত মাকৰ গৰ্ভৰ পৰা ওলাবলৈ সহজ কৰি দিছে।
ዓረብኛ ተፍሲሮች:
ثُمَّ اَمَاتَهٗ فَاَقْبَرَهٗ ۟ۙ
তাৰ পিছত পৃথিৱীত তাৰ বাবে নিৰ্ধাৰিত কৰা আয়ুস শেষ হোৱাৰ পিছত মৃত্যু দিছে আৰু তাৰ বাবে কবৰ বনাইছে যাৰ ভিতৰত পুনৰ জীৱিত হোৱা লৈকে থাকিব লাগিব।
ዓረብኛ ተፍሲሮች:
ثُمَّ اِذَا شَآءَ اَنْشَرَهٗ ۟ؕ
আকৌ যেতিয়া ইচ্ছা কৰিব তেতিয়া তাক হিচাপ-নিকাচৰ বাবে আৰু প্ৰতিদান দিয়াৰ বাবে পুনৰ্ত্থান কৰিব।
ዓረብኛ ተፍሲሮች:
كَلَّا لَمَّا یَقْضِ مَاۤ اَمَرَهٗ ۟ؕ
ঘটনা তেনে নহয় যিদৰে কাফিৰ সকলে বুজিছে যে, সিহঁতে নিজ প্ৰতিপালকৰ অধিকাৰ আদায় কৰিছে। বৰং আল্লাহ তাআলাই সিহঁতৰ বাবে অনিবাৰ্য কৰা কৰ্মবোৰ আদায় কৰা নাই।
ዓረብኛ ተፍሲሮች:
فَلْیَنْظُرِ الْاِنْسَانُ اِلٰى طَعَامِهٖۤ ۟ۙ
আল্লাহৰ অকৃতজ্ঞতাকাৰী কাফিৰসকলে লক্ষ্য কৰা উচিত যে, সিহঁতে কৰা ভোজনবোৰ কৰ পৰা কেনেকৈ প্ৰাপ্ত হয়।
ዓረብኛ ተፍሲሮች:
اَنَّا صَبَبْنَا الْمَآءَ صَبًّا ۟ۙ
ইয়াৰ মূল হৈছে সেই পানী, যিটো আকাশৰ পৰা অধিক মাত্ৰাত বৰ্ষণ হয়।
ዓረብኛ ተፍሲሮች:
ثُمَّ شَقَقْنَا الْاَرْضَ شَقًّا ۟ۙ
আকৌ আমি ভূমিত ফাট মেলাইছো যাৰ পৰা অঙ্কুৰণবোৰ মাটি ফালি ওপৰলৈ ওলাই আহে।
ዓረብኛ ተፍሲሮች:
فَاَنْۢبَتْنَا فِیْهَا حَبًّا ۟ۙ
তাৰ পিছত আমি (ধান), গম, মাকৈ আদি গছ গজাইছো।
ዓረብኛ ተፍሲሮች:
وَّعِنَبًا وَّقَضْبًا ۟ۙ
আৰু তাৰ ভিতৰত আঙুৰ আৰু সেউজীয়া ঘাঁহ গজাইছো যাতে সিহঁতৰ জীৱ-জন্তুৱে খাদ্য হিচাপে খাব পাৰে।
ዓረብኛ ተፍሲሮች:
وَّزَیْتُوْنًا وَّنَخْلًا ۟ۙ
আৰু আমি তাৰ ভিতৰত জয়তুন আৰু খেজুৰ গছ গজাইছো।
ዓረብኛ ተፍሲሮች:
وَّحَدَآىِٕقَ غُلْبًا ۟ۙ
আৰু তাৰ ভিতৰত বহুতো গছ-গছনিযুক্ত বাগান সাজিছো।
ዓረብኛ ተፍሲሮች:
وَّفَاكِهَةً وَّاَبًّا ۟ۙ
আৰু আমি তাৰ ভিতৰত ফল-মূল গজাইছো আৰু তোমালোকৰ জন্তুৰ বাবে খাদ্য সৃষ্টি কৰিছো।
ዓረብኛ ተፍሲሮች:
مَّتَاعًا لَّكُمْ وَلِاَنْعَامِكُمْ ۟ؕ
তোমালোকৰ আৰু তোমালোকৰ জীৱ-জন্তুৰ উপকাৰৰ বাবে।
ዓረብኛ ተፍሲሮች:
فَاِذَا جَآءَتِ الصَّآخَّةُ ۟ؗ
আকৌ যেতিয়া অতি তীব্ৰ কাণ ফাটি যোৱা শব্দ আহিব আৰু সেয়া হব শিঙাত দ্বিতীয় বাৰ ফুঁ দিয়াৰ শব্দ।
ዓረብኛ ተፍሲሮች:
یَوْمَ یَفِرُّ الْمَرْءُ مِنْ اَخِیْهِ ۟ۙ
যিদিনাখন মানুহে নিজ ভাতৃৰ পৰা পলায়ন কৰিব।
ዓረብኛ ተፍሲሮች:
وَاُمِّهٖ وَاَبِیْهِ ۟ۙ
আৰু নিজ পিতৃ-মাতৃৰ পৰা পলায়ন কৰিব।
ዓረብኛ ተፍሲሮች:
وَصَاحِبَتِهٖ وَبَنِیْهِ ۟ؕ
আৰু নিজ স্ত্ৰী আৰু পুত্ৰৰ পৰা পলায়ন কৰিব।
ዓረብኛ ተፍሲሮች:
لِكُلِّ امْرِئٍ مِّنْهُمْ یَوْمَىِٕذٍ شَاْنٌ یُّغْنِیْهِ ۟ؕ
সিদিনাখন মানুহ ইমান অশান্তিত পৰিব যে, বেলেগৰ প্ৰতি মনোযোগ দিয়াৰ সুযোগেই নাপাব।
ዓረብኛ ተፍሲሮች:
وُجُوْهٌ یَّوْمَىِٕذٍ مُّسْفِرَةٌ ۟ۙ
সেই দিনা সৌভাগ্য লোক সকলৰ মুখ মণ্ডল উজ্জল হব।
ዓረብኛ ተፍሲሮች:
ضَاحِكَةٌ مُّسْتَبْشِرَةٌ ۟ۚ
তেওঁলোকে আল্লাহ তাআলাই প্ৰস্তুত কৰা অনুগ্ৰহৰ প্ৰতি সস্তুষ্ট হব।
ዓረብኛ ተፍሲሮች:
وَوُجُوْهٌ یَّوْمَىِٕذٍ عَلَیْهَا غَبَرَةٌ ۟ۙ
আৰু দুৰ্ভাগ্য লোকৰ মুখ মণ্ডলৰ প্ৰতি সিদিনাখন ধূলিকণা পৰি থাকিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• عتاب الله نبيَّه في شأن عبد الله بن أم مكتوم دل على أن القرآن من عند الله.
আব্দুল্লাহ বিন উম্মে মাকতুমৰ ঘটনা সংক্ৰান্তত আল্লাহৰ তৰফৰ পৰা সতৰ্ক কৰাৰ পৰাই প্ৰমাণিত হয় যে, কুৰআন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ কৃত গ্ৰন্থ।

• الاهتمام بطالب العلم والمُسْتَرْشِد.
জ্ঞান অৰ্জন কাৰী আৰু হিদায়ৎ বিচৰা ব্যক্তিৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদানৰ মহত্ব।

• شدة أهوال يوم القيامة حيث لا ينشغل المرء إلا بنفسه، حتى الأنبياء يقولون: نفسي نفسي.
ক্বিয়ামতৰ দিনৰ ভয়াৱহ পৰিস্থিতিৰ চিত্ৰণ। যেতিয়া প্ৰত্যেক ব্যক্তিৰ কেৱল নিজৰ চিন্তাই আহিব। বৰঞ্চ নবীসকলেও কৈ থাকিবঃ মোৰ কি হব, মোৰ কি হব?

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ዐበሰ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት