Check out the new design

పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - అస్సామీ అనువాదం - రఫీఖుల్ ఇస్లాం హబీబుర్రహ్మాన్ * - అనువాదాల విషయసూచిక

PDF XML CSV Excel API
Please review the Terms and Policies

భావార్ధాల అనువాదం సూరహ్: అస్-సఫ్   వచనం:

আচ-চফ

سَبَّحَ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ۚ— وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟
আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰেই আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لِمَ تَقُوْلُوْنَ مَا لَا تَفْعَلُوْنَ ۟
হে ঈমান্দাৰসকল! তোমালোকে যিটো নকৰা সেইটো কিয় কোৱা?
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
كَبُرَ مَقْتًا عِنْدَ اللّٰهِ اَنْ تَقُوْلُوْا مَا لَا تَفْعَلُوْنَ ۟
তোমালোকে যিটো নকৰা সেইটো তোমালোকে কোৱাটো আল্লাহৰ দৃষ্টিত বৰ অসন্তোষজনক।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
اِنَّ اللّٰهَ یُحِبُّ الَّذِیْنَ یُقَاتِلُوْنَ فِیْ سَبِیْلِهٖ صَفًّا كَاَنَّهُمْ بُنْیَانٌ مَّرْصُوْصٌ ۟
নিশ্চয় আল্লাহে তেওঁলোকক ভালপায়, যিসকলে তেওঁৰ পথত শাৰীবদ্ধভাৱে যুদ্ধ কৰে; যেনিবা সিহঁত গলিত সীহেৰে নিৰ্মিত সুদৃঢ় প্ৰাচীৰ।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
وَاِذْ قَالَ مُوْسٰی لِقَوْمِهٖ یٰقَوْمِ لِمَ تُؤْذُوْنَنِیْ وَقَدْ تَّعْلَمُوْنَ اَنِّیْ رَسُوْلُ اللّٰهِ اِلَیْكُمْ ؕ— فَلَمَّا زَاغُوْۤا اَزَاغَ اللّٰهُ قُلُوْبَهُمْ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الْفٰسِقِیْنَ ۟
আৰু স্মৰণ কৰা, মূছাই যেতিয়া তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কিয় মোক কষ্ট দি আছা? অথচ তোমালোকে জানা যে, নিশ্চয় মই তোমালোকৰ প্ৰতি (প্ৰেৰিত) আল্লাহৰ ৰাছুল’। তাৰ পিছত সিহঁতে যেতিয়া বক্ৰ পথ অৱলম্বন কৰিলে তেতিয়া আল্লাহে সিহঁতৰ হৃদয়সমূহক বক্ৰ কৰি দিলে; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নকৰে।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
 
భావార్ధాల అనువాదం సూరహ్: అస్-సఫ్
సూరాల విషయసూచిక పేజీ నెంబరు
 
పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - అస్సామీ అనువాదం - రఫీఖుల్ ఇస్లాం హబీబుర్రహ్మాన్ - అనువాదాల విషయసూచిక

దాని అనువాదకులు రఫీఖుల్ ఇస్లాం హబీబుర్రహ్మాన్

మూసివేయటం