Check out the new design

పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం * - అనువాదాల విషయసూచిక


భావార్ధాల అనువాదం వచనం: (4) సూరహ్: అల్-ముమ్తహనహ్
قَدْ كَانَتْ لَكُمْ اُسْوَةٌ حَسَنَةٌ فِیْۤ اِبْرٰهِیْمَ وَالَّذِیْنَ مَعَهٗ ۚ— اِذْ قَالُوْا لِقَوْمِهِمْ اِنَّا بُرَءٰٓؤُا مِنْكُمْ وَمِمَّا تَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ ؗ— كَفَرْنَا بِكُمْ وَبَدَا بَیْنَنَا وَبَیْنَكُمُ الْعَدَاوَةُ وَالْبَغْضَآءُ اَبَدًا حَتّٰی تُؤْمِنُوْا بِاللّٰهِ وَحْدَهٗۤ اِلَّا قَوْلَ اِبْرٰهِیْمَ لِاَبِیْهِ لَاَسْتَغْفِرَنَّ لَكَ وَمَاۤ اَمْلِكُ لَكَ مِنَ اللّٰهِ مِنْ شَیْءٍ ؕ— رَبَّنَا عَلَیْكَ تَوَكَّلْنَا وَاِلَیْكَ اَنَبْنَا وَاِلَیْكَ الْمَصِیْرُ ۟
হে মুমিনসকল! তোমালোকৰ বাবে ইব্ৰাহীম আলাইহিছ ছালাম আৰু তেখেতৰ লগত থকা মুমিনসকলৰ মাজত উত্তম আদৰ্শ আছে। যেতিয়া তেখেতে তেখেতৰ কাফিৰ সম্প্ৰদায়ক কৈছিলঃ আমি তোমালোক আৰু তোমালোকৰ সেই মূৰ্তিবোৰৰ পৰা বিচ্ছেদ ঘোষণা কৰো যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে পূজা-পাঠ কৰা। তোমালোক যি ধৰ্ম পালন কৰি আছা আমি সেই ধৰ্ম নস্যাৎ কৰিছো। আমাৰ আৰু তোমালোকৰ মাজত বিদ্বেষ আৰু হিংসা প্ৰকট হৈছে, (আৰু বিদ্বেষ তেতিয়ালৈকে থাকিব) যেতিয়ালৈকে তোমালোকে এক আল্লাহৰ প্ৰতি বিশ্বাস পোষণ নকৰিবা আৰু তেওঁৰ লগত আনক অংশীদাৰ স্থাপন কৰা এৰি নিদিবা। গতিকে তোমালোকেও তেওঁলোকৰ দৰে নিজৰ কাফিৰ জাতিৰ পৰা বিচ্ছেদ ঘোষণা কৰা উচিত। কিন্তু ইব্ৰাহিম আলাইহিছ ছালামে তেখেতৰ পিতৃক উদ্দেশ্যি কৰা এই মন্তব্যটো সুকীয়া, “মই আল্লাহৰ ওচৰত আপোনাৰ বাবে নিশ্চয় ক্ষমা বিচাৰিম”। সেয়ে তোমালোকে তেখেতৰ এই কথাক আদৰ্শ হিচাপে নলবা। কিয়নো এই কথা তেখেতে তেখেতৰ পিতৃৰ প্ৰতি নিৰাশ হোৱাৰ আগতেই কৈছিল। জানি থোৱা উচিত যে, কোনো মুশ্বৰিকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা কোনো মুমিনৰ বাবে উচিত নহয়। আৰু আপুনিও আল্লাহৰ কোনো শাস্তিক আপোনাৰ পৰা অকণো দূৰ কৰিব নোৱাৰে। হে আমাৰ প্ৰতিপালক! আমি সকলো ক্ষেত্ৰতে তোমাৰ ওপৰত ভৰসা কৰো। আৰু আমি তোমাৰ ফালেই তাওবা কৰি ওভোতিছো। আৰু তোমাৰ ফালেই ক্বিয়ামতৰ দিনা সকলোৰে প্ৰত্যাৱৰ্তন।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• تسريب أخبار أهل الإسلام إلى الكفار كبيرة من الكبائر.
মুছলমানসকলৰ গোপন খবৰ কাফিৰসকলক পৌঁচাই দিয়াটো মহাপাপ।

• عداوة الكفار عداوة مُتَأصِّلة لا تؤثر فيها موالاتهم.
কাফিৰসকলৰ লগত শত্ৰুতা বহুত গভীৰ। বন্ধুত্বই সিহঁতৰ শত্ৰুতাত কোনো প্ৰভাৱ নেপেলায়।

• استغفار إبراهيم لأبيه لوعده له بذلك، فلما نهاه الله عن ذلك لموته على الكفر ترك الاستغفار له.
ইব্ৰাহিম আলাইহিছ ছালামে তেখেতৰ পিতাৰ বাবে ক্ষমা বিচৰাৰ কাৰণটো হৈছে তেখেতে তেখেতৰ পিতৃক ক্ষমা প্ৰাৰ্থনা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেখেতৰ পিতৃ কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰাৰ পিছত আল্লাহে যেতিয়া তেখেতক নিষেধ কৰিলে তেতিয়া তেখেতে নিজ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা এৰি দিলে।

 
భావార్ధాల అనువాదం వచనం: (4) సూరహ్: అల్-ముమ్తహనహ్
సూరాల విషయసూచిక పేజీ నెంబరు
 
పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం - అనువాదాల విషయసూచిక

మర్కజ్ తఫ్సీర్ లిల్ దిరాసాత్ అల్ ఖురానియ్యహ్ ప్రచురణ.

మూసివేయటం