Check out the new design

పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం * - అనువాదాల విషయసూచిక


భావార్ధాల అనువాదం వచనం: (29) సూరహ్: అల్-అహ్ఖాఫ్
وَاِذْ صَرَفْنَاۤ اِلَیْكَ نَفَرًا مِّنَ الْجِنِّ یَسْتَمِعُوْنَ الْقُرْاٰنَ ۚ— فَلَمَّا حَضَرُوْهُ قَالُوْۤا اَنْصِتُوْا ۚ— فَلَمَّا قُضِیَ وَلَّوْا اِلٰی قَوْمِهِمْ مُّنْذِرِیْنَ ۟
হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আমি আপোনাৰ ওচৰলৈ জিনসকলৰ এটা দল প্ৰেৰণ কৰিছিলোঁ। যিসকলে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন মনোযোগ সহকাৰে শুনি আছিল। যেতিয়া তেওঁলোকে কোৰআন শুনিবলৈ উপস্থিত হৈছিল, তেতিয়া তেওঁলোকে ইজনে সিজনক কৈছিলঃ “মনে মনে থাকা, যাতে আমি ভালকৈ শুনিব পাৰোঁ”। এতেকে যেতিয়া ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কোৰআন তিলাৱত সমাপ্ত কৰিলে, তেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি গ’ল, সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ, যদি সিহঁতে এই কোৰাআনৰ প্ৰতি ঈমান পোষণ নকৰে (তেন্তে শাস্তিৰ সন্মুখীন হ'ব, এইবুলি সতৰ্ক কৰিবলৈ ধৰিলে)।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• من حسن الأدب الاستماع إلى المتكلم والإنصات له.
উত্তম শিষ্টাচাৰৰ দাবী হৈছে বক্তাৰ কথা মনোযোগ সহকাৰে শুনা তথা কথা কোৱাৰ সময়ত মনে মনে থকা।

• سرعة استجابة المهتدين من الجنّ إلى الحق رسالة ترغيب إلى الإنس.
জিনসকলে সত্য গ্ৰহণৰ ক্ষেত্ৰত যিদৰে আগ্ৰহ দেখুৱাইছে, সেইটোও দৰাচলতে মানুহৰ বাবে এটা প্ৰেৰণাদায়ক বাৰ্তা।

• الاستجابة إلى الحق تقتضي المسارعة في الدعوة إليه.
সত্য স্বীকাৰ কৰাৰ লগে লগে তাৰ প্ৰতি অন্যান্য লোকসকলক আহ্বান কৰাৰ দায়িত্ব আহি পৰে।

• الصبر خلق الأنبياء عليهم السلام.
ধৈৰ্য্য হৈছে নবীসকলৰ অন্যতম বৈশিষ্ট্য।

 
భావార్ధాల అనువాదం వచనం: (29) సూరహ్: అల్-అహ్ఖాఫ్
సూరాల విషయసూచిక పేజీ నెంబరు
 
పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం - అనువాదాల విషయసూచిక

మర్కజ్ తఫ్సీర్ లిల్ దిరాసాత్ అల్ ఖురానియ్యహ్ ప్రచురణ.

మూసివేయటం