Check out the new design

పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం * - అనువాదాల విషయసూచిక


భావార్ధాల అనువాదం వచనం: (13) సూరహ్: గాఫిర్
هُوَ الَّذِیْ یُرِیْكُمْ اٰیٰتِهٖ وَیُنَزِّلُ لَكُمْ مِّنَ السَّمَآءِ رِزْقًا ؕ— وَمَا یَتَذَكَّرُ اِلَّا مَنْ یُّنِیْبُ ۟
আল্লাহেই তোমালোকক মহাকাশত আৰু স্বয়ং তোমালোকৰ মাজত তেওঁৰ নিদৰ্শনসমূহ দেখুৱায়। যাতে তেওঁ তোমালোকক তেওঁৰ ক্ষমতা আৰু তাওহীদ সম্পৰ্কে পৰিচিত কৰাব পাৰে। তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে, যাতে ইয়াৰ দ্বাৰা গছ-গছনি আৰু শস্য আদি উৎপন্ন হয় যিবোৰ তোমালোকে ভক্ষণ কৰা। আল্লাহৰ নিদৰ্শনসমূহৰ পৰা কেৱল সেইসকল লোকেই উপদেশ গ্ৰহণ কৰে, যিসকলে নিৰ্ভেজালভাৱে তাওবা কৰি তেওঁৰ ফালে প্ৰত্যাৱৰ্তন কৰে।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• مَحَلُّ قبول التوبة الحياة الدنيا.
তাওবা কবূল হোৱাৰ একমাত্ৰ ঠাই হৈছে পাৰ্থিৱ জীৱন।

• نفع الموعظة خاص بالمنيبين إلى ربهم.
উপদেশ কেৱল সেইসকল লোকৰ বাবেই লাভদায়ক, বিশেষকৈ যিসকলে নিজ প্ৰতিপালকৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰে তথা তাওবা কৰে।

• استقامة المؤمن لا تؤثر فيها مواقف الكفار الرافضة لدينه.
কাফিৰসকলৰ ফালৰ পৰা ধৰ্মক প্ৰত্যাখ্যান কৰা মন্তব্যই প্ৰতিষ্ঠিত মুমিনক কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে।

• خضوع الجبابرة والظلمة من الملوك لله يوم القيامة.
কিয়ামতৰ দিনা ডাঙৰ ডাঙৰ যালিম তথা শক্তিশালী বাদশ্বাহসকলেও আল্লাহৰ সন্মুখত শিৰনত কৰি থিয় দিব।

 
భావార్ధాల అనువాదం వచనం: (13) సూరహ్: గాఫిర్
సూరాల విషయసూచిక పేజీ నెంబరు
 
పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం - అనువాదాల విషయసూచిక

మర్కజ్ తఫ్సీర్ లిల్ దిరాసాత్ అల్ ఖురానియ్యహ్ ప్రచురణ.

మూసివేయటం