Check out the new design

Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar) * - Përmbajtja e përkthimeve


Përkthimi i kuptimeve Ajeti: (73) Surja: Zumer
وَسِیْقَ الَّذِیْنَ اتَّقَوْا رَبَّهُمْ اِلَی الْجَنَّةِ زُمَرًا ؕ— حَتّٰۤی اِذَا جَآءُوْهَا وَفُتِحَتْ اَبْوَابُهَا وَقَالَ لَهُمْ خَزَنَتُهَا سَلٰمٌ عَلَیْكُمْ طِبْتُمْ فَادْخُلُوْهَا خٰلِدِیْنَ ۟
ফিৰিস্তাসকলে সেইসকল মুমিনক যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰিছিল, তেওঁলোকক বিনম্ৰতা সহকাৰে সন্মানিত গোটত বিভক্ত কৰি জান্নাতৰ পিনে লৈ যাব। অৱশেষত তেওঁলোক যেতিয়া জান্নাতৰ ওচৰতগৈ উপস্থিত হ'ব, তেতিয়া তেওঁলোকৰ বাবে জান্নাতৰ দুৱাৰ খুলি দিয়া হ’ব। লগতে জান্নাতৰ দুৱাৰত নিয়োজিত ফিৰিস্তাসকলে তেওঁলোকক ক’বঃ শান্তি অৱতীৰ্ণ হওক আপোনালোকৰ ওপৰত, তথা আপোনালোক সকলো প্ৰকাৰ কষ্ট আৰু অপ্ৰিয় বস্তুৰ পৰা নিৰাপদে থাকক! আপোনালোকৰ অন্তৰ আৰু কৰ্ম উভয়েই পৱিত্ৰ। গতিকে আপোনালোকে জান্নাতত প্ৰৱেশ কৰক, এইটোৱে আপোনালোকৰ চিৰস্থায়ী বাসস্থান।
Tefsiret në gjuhën arabe:
Dobitë e ajeteve të kësaj faqeje:
• ثبوت نفختي الصور.
দুটা ফুঁ দিয়াৰ প্ৰমাণ।

• بيان الإهانة التي يتلقاها الكفار، والإكرام الذي يُسْتَقبل به المؤمنون.
কাফিৰসকলে সন্মুখীন হ'বলগীয়া অপমানৰ বৰ্ণনা, আনহাতে মুমিনসকলে যিবোৰ সন্মানেৰে বিভূষিত হ'ব সেইবোৰ উল্লেখ কৰা হৈছে।

• ثبوت خلود الكفار في الجحيم، وخلود المؤمنين في النعيم.
এই কথাও প্ৰমাণিত হ’ল যে, কাফিৰসকলে জাহান্নামত চিৰকাল বসবাস কৰিব, আনহাতে মুমিনসকলে জান্নাতৰ চিৰস্থায়ী নিয়ামতসমূহৰ মাজত চিৰকাল থাকিব।

• طيب العمل يورث طيب الجزاء.
সৎকৰ্মৰ দ্বাৰা সদায় উত্তম ফলাফল লাভ হয়।

 
Përkthimi i kuptimeve Ajeti: (73) Surja: Zumer
Përmbajtja e sureve Numri i faqes
 
Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar) - Përmbajtja e përkthimeve

Botuar nga Qendra e Tefsirit për Studime Kuranore.

Mbyll