Check out the new design

Vertaling van de betekenissen Edele Qur'an - Assamische vertaling van de samenvatting van de tafsier van de Heilige Koran. * - Index van vertaling


Vertaling van de betekenissen Vers: (2) Surah: el-Araf
كِتٰبٌ اُنْزِلَ اِلَیْكَ فَلَا یَكُنْ فِیْ صَدْرِكَ حَرَجٌ مِّنْهُ لِتُنْذِرَ بِهٖ وَذِكْرٰی لِلْمُؤْمِنِیْنَ ۟
কোৰআন এখন পুথি, হে ৰাছুল! যিটো আপোনাৰ ওপৰত অৱতীৰ্ণ কৰা হৈছে। এতেকে এই বিষয়ে আপুনি কোনো সন্দেহৰ বশৱৰ্তী নহব লগতে অন্তৰত কোনো সংকীৰ্ণতাও নাৰাখিব। আল্লাহে এই পুথিখন এই কাৰণে অৱতীৰ্ণ কৰিছে যাতে আপুনি ইয়াৰ দ্বাৰা মানুহক সতৰ্ক কৰে, আৰু প্ৰমাণ সাব্যস্ত কৰে। লগতে ইয়াৰ দ্বাৰা যাতে মুমিনসকলক উপদেশ দিব পাৰে, কিয়নো উপদেশ কেৱল তেওঁলোকেই গ্ৰহণ কৰে।
Arabische uitleg van de Qur'an:
Voordelen van de verzen op deze pagina:
• من مقاصد إنزال القرآن الإنذار للكافرين والمعاندين، والتذكير للمؤمنين.
কোৰআন অৱতীৰ্ণ হোৱাৰ এটা উদ্দেশ্য এই যে, অস্বীকাৰকাৰী আৰু বিদ্বেষ পোষণকাৰী সকলক সাৱধান কৰা তথা ঈমান্দাৰ সকলক উপদেশ দিয়া।

• أنزل الله القرآن إلى المؤمنين ليتبعوه ويعملوا به، فإن فعلوا ذلك كملت تربيتهم، وتمت عليهم النعمة، وهُدُوا لأحسن الأعمال والأخلاق.
আল্লাহে মুমিনসকলক কোৰআন প্ৰদান কৰিছে, যাতে তেওঁলোকে সেইটোক মানি চলে আৰু সেই মতে জীৱন-যাপন কৰে। যদি তেওঁলোকে এনেকুৱা কৰে তেন্তে তেওঁলোকৰ লালন-পালন পৰিপূৰ্ণ হ'ব। আৰু তেওঁলোকৰ ওপৰত অনুগ্ৰহ সম্পূৰ্ণ হ'ব। লগতে সত্কৰ্ম আৰু উত্তম আচৰণৰ পথ প্ৰাপ্ত হ'ব।

• الوزن يوم القيامة لأعمال العباد يكون بالعدل والقسط الذي لا جَوْر فيه ولا ظلم بوجه.
ক্বিয়ামতৰ দিনা বান্দাৰ আমল সম্পূৰ্ণ ন্যায় ভাৱে ওজন কৰা হ'ব তথা সিহঁতৰ কাৰো প্ৰতি অন্যায় অত্যাচাৰ কৰা নহ'ব।

• هَيَّأ الله الأرض لانتفاع البشر بها، بحيث يتمكَّنون من البناء عليها وحَرْثها، واستخراج ما في باطنها للانتفاع به.
আল্লাহে পৃথিৱীখনক এনেকুৱা বনাইছে যে, যাতে মানুহে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। যাতে ইয়াত ঘৰ নিৰ্মাণ কৰিব পাৰে আৰু খেতি-বাতি কৰিব পাৰে। লগতে ইয়াৰ গৰ্ভত থকা খনিজ পদাৰ্থবোৰ উলিয়াই উপকৃত হ'ব পাৰে।

 
Vertaling van de betekenissen Vers: (2) Surah: el-Araf
Surah's Index Pagina nummer
 
Vertaling van de betekenissen Edele Qur'an - Assamische vertaling van de samenvatting van de tafsier van de Heilige Koran. - Index van vertaling

Uitgegeven door het Tafsier Centrum voor Koranstudies.

Sluit