Check out the new design

Vertaling van de betekenissen Edele Qur'an - Assamische vertaling van de samenvatting van de tafsier van de Heilige Koran. * - Index van vertaling


Vertaling van de betekenissen Surah: An-nisa   Vers:
وَالّٰتِیْ یَاْتِیْنَ الْفَاحِشَةَ مِنْ نِّسَآىِٕكُمْ فَاسْتَشْهِدُوْا عَلَیْهِنَّ اَرْبَعَةً مِّنْكُمْ ۚ— فَاِنْ شَهِدُوْا فَاَمْسِكُوْهُنَّ فِی الْبُیُوْتِ حَتّٰی یَتَوَفّٰهُنَّ الْمَوْتُ اَوْ یَجْعَلَ اللّٰهُ لَهُنَّ سَبِیْلًا ۟
তোমালোকৰ যিসকল মহিলাই ব্যভিচাৰ কৰিব, তাই বিবাহিত হওঁক অথবা অবিবাহিত, সিহঁতৰ বিপক্ষে চাৰিজন পুৰুষ সাক্ষী উপস্থিত কৰা, যিসকল মুছলিম তথা সত্যবাদী হব লাগিব। যদি তেওঁলোকে সিহঁতৰ বিৰুদ্ধে সাক্ষ্য দিয়ে, তেন্তে সিহঁতৰ শাস্তি স্বৰূপে ঘৰত বন্দী কৰি থোৱা, অৱশেষত যাতে মৃত্যুৱে সিহঁতৰ জীৱন ধ্বংশ কৰে নাইবা আল্লাহে সিহঁতৰ বাবে শাস্তিৰ আন কোনো উপায় নিৰ্ধাৰণ কৰি দিব। জানি থোৱা উচিত যে, আল্লাহে ইয়াৰ বিকল্প উপায় নিৰ্ধাৰণ কৰি দিছে। এতেকে এতিয়া যদি অবিবাহিত নাৰীয়ে ব্যভিচাৰ কৰে তেন্তে তাইৰ শাস্তি হৈছে এশ টা বেত্ৰাঘাত আৰু এবছৰৰ বাবে দেশান্তৰ। আনহাতে বিবাহিত হলে শিল দলিয়াই মৃত্যু প্ৰদানৰ শাস্তি নিৰ্ধাৰণ কৰা হৈছে।
Arabische uitleg van de Qur'an:
وَالَّذٰنِ یَاْتِیٰنِهَا مِنْكُمْ فَاٰذُوْهُمَا ۚ— فَاِنْ تَابَا وَاَصْلَحَا فَاَعْرِضُوْا عَنْهُمَا ؕ— اِنَّ اللّٰهَ كَانَ تَوَّابًا رَّحِیْمًا ۟
ব্যভিচাৰ কৰা দুয়ো ব্যক্তি (বিবাহিত হওঁক অথবা অবিবাহিত) সিহঁতক মুখেৰে আৰু হাতেৰে এনেকুৱা শাস্তি দিয়া, য’ত অপমান আৰু দণ্ড আছে। তাৰ পিছত যদি সিহঁত উভয়ে তাওবা কৰি লয় আৰু নিজৰ ব্যৱহাৰ ঠিক কৰি লয় তেন্তে সিহঁতক কষ্ট নিদিবা। কিয়নো গুনাহৰ পৰা তাওবাকাৰী গুনাহ মুক্ত হৈ যায়। আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। জানি থোৱা উচিত যে, এই ধৰণৰ শাস্তি প্ৰথম অৱস্থাত আছিল। কিন্তু পিছত এই আদেশ ৰহিত কৰি অবিবাহিতৰ বাবে এশ টা বেত্ৰাঘাত আৰু এবছৰৰ বাবে দেশান্তৰ আনহাতে বিবাহিতক শিল দলিয়াই মৃত্যু প্ৰদানৰ আদেশ দিয়া হৈছে।
Arabische uitleg van de Qur'an:
اِنَّمَا التَّوْبَةُ عَلَی اللّٰهِ لِلَّذِیْنَ یَعْمَلُوْنَ السُّوْٓءَ بِجَهَالَةٍ ثُمَّ یَتُوْبُوْنَ مِنْ قَرِیْبٍ فَاُولٰٓىِٕكَ یَتُوْبُ اللّٰهُ عَلَیْهِمْ ؕ— وَكَانَ اللّٰهُ عَلِیْمًا حَكِیْمًا ۟
আল্লাহে কেৱল সেইসকল লোকৰ তাওবা কবূল কৰে, যিসকলে পাপকৰ্ম আৰু অবাধ্যতাৰ পৰিণাম সম্পৰ্কে নজনাকৈ অজ্ঞতাবশতঃ তাত লিপ্ত হয়, (দৰাচলতে প্ৰত্যেক গুনাহকাৰী ব্যক্তিৰ বাবেই এই অৱস্থা, সি জানি বুজি কৰক নাইবা অজানিতে) তাৰ পিছত সি নিজ চকুৰে মৃত্যু দেখাৰ পূৰ্বেই নিজ প্ৰতিপালকৰ পিনে প্ৰত্যাৱৰ্তন কৰে (তাওবা কৰে), আল্লাহে এনেকুৱা লোকৰেই তাওবা কবূল কৰে, আৰু তেওঁলোকৰ গুনাহসমূহক আওকাণ কৰে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ অৱস্থা সম্পৰ্কে সম্যক অৱগত, তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।
Arabische uitleg van de Qur'an:
وَلَیْسَتِ التَّوْبَةُ لِلَّذِیْنَ یَعْمَلُوْنَ السَّیِّاٰتِ ۚ— حَتّٰۤی اِذَا حَضَرَ اَحَدَهُمُ الْمَوْتُ قَالَ اِنِّیْ تُبْتُ الْـٰٔنَ وَلَا الَّذِیْنَ یَمُوْتُوْنَ وَهُمْ كُفَّارٌ ؕ— اُولٰٓىِٕكَ اَعْتَدْنَا لَهُمْ عَذَابًا اَلِیْمًا ۟
আল্লাহে সেইসকল লোকৰ তাওবা কবূল নকৰে, যিসকলে ধৃষ্টতাৰে গুনাহ কৰি যায়, আৰু তাওবা কৰিবলৈও প্ৰস্তুত নহয়, অৱশেষত যেতিয়া মৃত্যুৰ সন্মুখীন হয়, তেতিয়া কয়ঃ “মই কৰা গুনাহৰ পৰা এতিয়া মই তাওবা কৰোঁ”। এইদৰে তেওঁ সেইসকল লোকৰো তাওবা কবূল নকৰে, যিসকলে কুফৰ অৱস্থাত মৃত্যুবৰণ কৰে। গুনাহৰ ওপৰত অটল থকা লোকসকলৰ বাবে আৰু কুফৰ অৱস্থাত মৃত্যুবৰণকাৰীসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।
Arabische uitleg van de Qur'an:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا یَحِلُّ لَكُمْ اَنْ تَرِثُوا النِّسَآءَ كَرْهًا ؕ— وَلَا تَعْضُلُوْهُنَّ لِتَذْهَبُوْا بِبَعْضِ مَاۤ اٰتَیْتُمُوْهُنَّ اِلَّاۤ اَنْ یَّاْتِیْنَ بِفَاحِشَةٍ مُّبَیِّنَةٍ ۚ— وَعَاشِرُوْهُنَّ بِالْمَعْرُوْفِ ۚ— فَاِنْ كَرِهْتُمُوْهُنَّ فَعَسٰۤی اَنْ تَكْرَهُوْا شَیْـًٔا وَّیَجْعَلَ اللّٰهُ فِیْهِ خَیْرًا كَثِیْرًا ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! নিজ পিতৃৰ সম্পত্তিৰ দৰে তেওঁৰ স্ত্ৰীসকলক আৰু কোনো নিকটাত্মীয়ৰ স্ত্ৰীসকলক মিৰাছ হিচাপে গ্ৰহণ কৰা তোমালোকৰ বাবে বৈধ নহয়, আৰু নিজৰ ইচ্ছানুযায়ী তেওঁলোকক বিবাহ কৰা তথা নিজ ইচ্ছানুযায়ী আনৰ ওচৰত বিবাহ দিয়া অথবা তেওঁলোকক বিবাহৰ পৰা বঞ্চিত কৰাটোও তোমালোকৰ বাবে বৈধ নহয়। আৰু তোমালোকৰ বাবে এইটোও বৈধ নহয় যে, নিজৰ যিসকল স্ত্ৰীক তোমালোকে পছন্দ নকৰা সেইসকলক কষ্ট দিবলৈ নিজৰ ওচৰত থাকিবলৈ বাধ্য কৰোৱা। যাতে সিহঁতে বাধ্য হৈ তোমালোকৰ মোহৰ আদি তোমালোকে যি দিছিলা সেয়া ওভোতাই দিয়ে। কিন্তু যদি সিহঁতে কোনো স্পষ্ট গুৰুতৰ অপৰাধ কৰি বহে যেনে- ব্যভিচাৰ, তেন্তে সেয়া সুকীয়া কথা। এনেকুৱা কোনো অপাৰাধ কৰিলে তেন্তে তোমালোকৰ বাবে বৈধ যে, সিহঁতক বাধ্য কৰাই সিহঁতৰ পৰা তোমালোকে দিয়া বস্তুখিনি ঘূৰাই লৈ সিহঁত যাতে অব্যাহতি লয়। এতেকে তোমালোকে নিজৰ স্ত্ৰীসকলৰ লগত উত্তম ব্যৱহাৰ কৰা, সিহঁতক কষ্ট নিদিবা, সিহঁতক সুখ-সুবিধা প্ৰদান কৰিবা। যদি সিহঁতৰ দুনিয়াবী কোনো কৰ্ম তোমালোকৰ পছন্দ নহয়, তেন্তে ধৈৰ্য্য ধাৰণ কৰিবা। এনেকুৱাও হ'ব পাৰে যে, সিহঁতৰ যিটো কৰ্ম তোমালোকে অপছন্দ কৰা সেইটোত পৃথিৱী আৰু আখিৰাতৰ অসংখ্য কল্যাণ নিহিত হৈ আছে।
Arabische uitleg van de Qur'an:
Voordelen van de verzen op deze pagina:
• ارتكاب فاحشة الزنى من أكثر المعاصي خطرًا على الفرد والمجتمع؛ ولهذا جاءت العقوبات عليها شديدة.
ব্যভিচাৰ হৈছে ব্যক্তি আৰু সমাজৰ বাবে আটাইতকৈ ডাঙৰ ভয়াৱহ গুনাহৰ অন্যতম। সেয়ে ইয়াৰ বাবে বৰ কঠোৰ শাস্তি নিৰ্ধাৰণ কৰা হৈছে।

• لطف الله ورحمته بعباده حيث فتح باب التوبة لكل مذنب، ويسر له أسبابها، وأعانه على سلوك سبيلها.
এয়া আল্লাহৰ বান্দাৰ প্ৰতি দয়া আৰু কৃপা যে, তেওঁ প্ৰত্যেক পাপিষ্ট ব্যক্তিৰ বাবে তাওবাৰ দুৱাৰ খোলা ৰাখিছে, ইয়াৰ উপায় সহজ কৰি দিছে আৰু এই পথত পৰিচালিত হ'বলৈ সহায় আগবঢ়াইছে।

• كل من عصى الله تعالى بعمد أو بغير عمد فهو جاهل بقدر من عصاه جل وعلا، وجاهل بآثار المعاصي وشؤمها عليه.
প্ৰত্যেক সেই ব্যক্তি যিয়ে জানি বুজি অথবা অজানিতে আল্লাহৰ অবাধ্যতা কৰিছে, সি আল্লাহৰ মহানতা সম্পৰ্কে অজ্ঞাত, এইদৰে অবাধ্যতাৰ পৰিণাম আৰু ক্ষতি সম্পৰ্কেও অৱগত নহয়।

• من أسباب استمرار الحياة الزوجية أن يكون نظر الزوج متوازنًا، فلا يحصر نظره فيما يكره، بل ينظر أيضا إلى ما فيه من خير، وقد يجعل الله فيه خيرًا كثيرًا.
বৈবাহিক জীৱনক শক্তিশালী কৰিবলৈ এটা মহত্বপূৰ্ণ বিষয় এই যে, পতিৰ দৃষ্টি কেৱল অপছন্দনীয় বিষয়তেই যাতে সীমাবদ্ধ নাথাকে বৰং তাইৰ ভাল গুণৰ পিনেও লক্ষ্য কৰা উচিত, আৰু কেতিয়াবা কেতিয়াবা আল্লাহে ইয়াৰ মাজতো বহুত কল্যাণ নিহিত কৰি ৰাখে।

 
Vertaling van de betekenissen Surah: An-nisa
Surah's Index Pagina nummer
 
Vertaling van de betekenissen Edele Qur'an - Assamische vertaling van de samenvatting van de tafsier van de Heilige Koran. - Index van vertaling

Uitgegeven door het Tafsier Centrum voor Koranstudies.

Sluit