Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ * - വിവർത്തനങ്ങളുടെ സൂചിക

PDF XML CSV Excel API
Please review the Terms and Policies

പരിഭാഷ അദ്ധ്യായം: ബഖറഃ   ആയത്ത്:
حٰفِظُوْا عَلَی الصَّلَوٰتِ وَالصَّلٰوةِ الْوُسْطٰی ۗ— وَقُوْمُوْا لِلّٰهِ قٰنِتِیْنَ ۟
তোমালোকে ছালাতৰ প্ৰতি যত্নৱান হোৱা, বিশেষকৈ মধ্যৱৰ্তী (আচৰ) ছালাতৰ প্ৰতি, আৰু আল্লাহৰ বাবে বিনিতভাৱে থিয় হোৱা।
അറബി തഫ്സീറുകൾ:
فَاِنْ خِفْتُمْ فَرِجَالًا اَوْ رُكْبَانًا ۚ— فَاِذَاۤ اَمِنْتُمْ فَاذْكُرُوا اللّٰهَ كَمَا عَلَّمَكُمْ مَّا لَمْ تَكُوْنُوْا تَعْلَمُوْنَ ۟
কিন্তু যদি তোমালোকে বিপদ আশংকা কৰা, তেন্তে খোজকঢ়া অথবা আৰোহী অৱস্থাতেই (ছালাত আদায় কৰিবা)। তাৰ পিছত যেতিয়া তোমালোকে নিৰাপদ বোধ কৰিবা তেতিয়া তোমালোকে আল্লাহক সেইদৰে স্মৰণ কৰিবা, যেনেকৈ তেওঁ তোমালোকক শিক্ষা দিছে, যিটো তোমালোকে জনা নাছিলা।
അറബി തഫ്സീറുകൾ:
وَالَّذِیْنَ یُتَوَفَّوْنَ مِنْكُمْ وَیَذَرُوْنَ اَزْوَاجًا ۖۚ— وَّصِیَّةً لِّاَزْوَاجِهِمْ مَّتَاعًا اِلَی الْحَوْلِ غَیْرَ اِخْرَاجٍ ۚ— فَاِنْ خَرَجْنَ فَلَا جُنَاحَ عَلَیْكُمْ فِیْ مَا فَعَلْنَ فِیْۤ اَنْفُسِهِنَّ مِنْ مَّعْرُوْفٍ ؕ— وَاللّٰهُ عَزِیْزٌ حَكِیْمٌ ۟
আৰু তোমালোকৰ মাজৰ যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতে নিজৰ স্ত্ৰীসকলৰ বিষয়ে এই অছিয়ত কৰিব যে, তেওঁলোকক যেন সম্পূৰ্ণ এবছৰলৈকে ভৰণ-পোষণ দিয়া হয় আৰু যাতে ঘৰৰ পৰা উলিয়াই দিয়া নহয়। কিন্তু যদি সিহঁতে (নিজ ইচ্ছাতে) ওলাই যায়, তেন্তে বিধি মুতাবিক সিহঁতে নিজৰ বাবে যি কৰিব তাত তোমালোকৰ কোনো পাপ নহয়; আৰু আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
അറബി തഫ്സീറുകൾ:
وَلِلْمُطَلَّقٰتِ مَتَاعٌ بِالْمَعْرُوْفِ ؕ— حَقًّا عَلَی الْمُتَّقِیْنَ ۟
আৰু তালাক্বপ্ৰাপ্তা নাৰীসকলেও বিধি মুতাবিক ভৰণ-পোষণ (ক্ষতিপূৰণ) লাভ কৰিব। মুত্তাক্বীসকলৰ বাবে এইটো অৱশ্য কৰ্তব্য।
അറബി തഫ്സീറുകൾ:
كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمْ اٰیٰتِهٖ لَعَلَّكُمْ تَعْقِلُوْنَ ۟۠
এনেকৈয়ে আল্লাহে তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰে যাতে তোমালোকে বুজিব পাৰা।
അറബി തഫ്സീറുകൾ:
اَلَمْ تَرَ اِلَی الَّذِیْنَ خَرَجُوْا مِنْ دِیَارِهِمْ وَهُمْ اُلُوْفٌ حَذَرَ الْمَوْتِ ۪— فَقَالَ لَهُمُ اللّٰهُ مُوْتُوْا ۫— ثُمَّ اَحْیَاهُمْ ؕ— اِنَّ اللّٰهَ لَذُوْ فَضْلٍ عَلَی النَّاسِ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَشْكُرُوْنَ ۟
তুমি সিহঁতক দেখা নাইনে, যিসকলে মৃত্যুৰ ভয়ত হাজাৰে হাজাৰে নিজ আবাসভূমি পৰিত্যাগ কৰিছিল? তাৰ পিছত আল্লাহে সিহঁতক কৈছিল, ‘তোমালোকে মৃত্যুবৰণ কৰা’। ইয়াৰ পিছত আল্লাহে সিহঁতক (পুনৰ) জীৱিত কৰিছিল। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু অধিকাংশ মানুহে কৃতজ্ঞতা প্ৰকাশ নকৰে।
അറബി തഫ്സീറുകൾ:
وَقَاتِلُوْا فِیْ سَبِیْلِ اللّٰهِ وَاعْلَمُوْۤا اَنَّ اللّٰهَ سَمِیْعٌ عَلِیْمٌ ۟
আৰু তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰা আৰু জানি থোৱা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
അറബി തഫ്സീറുകൾ:
مَنْ ذَا الَّذِیْ یُقْرِضُ اللّٰهَ قَرْضًا حَسَنًا فَیُضٰعِفَهٗ لَهٗۤ اَضْعَافًا كَثِیْرَةً ؕ— وَاللّٰهُ یَقْبِضُ وَیَبْصُۜطُ ۪— وَاِلَیْهِ تُرْجَعُوْنَ ۟
কোনোবা আছেনে, যিয়ে আল্লাহক উত্তম ঋণ প্ৰদান কৰিব? তেওঁ ইয়াক তাৰ বাবে বহুগুণে বৃদ্ধি কৰি দিব; আৰু আল্লাহেই জীৱিকা সংকুচিত কৰে আৰু সম্প্ৰসাৰিত কৰে, আৰু তেওঁৰ পিনেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব।
അറബി തഫ്സീറുകൾ:
 
പരിഭാഷ അദ്ധ്യായം: ബഖറഃ
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ - വിവർത്തനങ്ങളുടെ സൂചിക

റഫീഖുൽ ഇസ്‌ലാം ഹബീബു റഹ്മാൻ നടത്തിയ വിവർത്തനം.

അവസാനിപ്പിക്കുക