Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ * - വിവർത്തനങ്ങളുടെ സൂചിക

PDF XML CSV Excel API
Please review the Terms and Policies

പരിഭാഷ അദ്ധ്യായം: ബഖറഃ   ആയത്ത്:
وَالَّذِیْنَ یُتَوَفَّوْنَ مِنْكُمْ وَیَذَرُوْنَ اَزْوَاجًا یَّتَرَبَّصْنَ بِاَنْفُسِهِنَّ اَرْبَعَةَ اَشْهُرٍ وَّعَشْرًا ۚ— فَاِذَا بَلَغْنَ اَجَلَهُنَّ فَلَا جُنَاحَ عَلَیْكُمْ فِیْمَا فَعَلْنَ فِیْۤ اَنْفُسِهِنَّ بِالْمَعْرُوْفِ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟
আৰু তোমালোকৰ মাজৰ যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতৰ স্ত্ৰীসকলে চাৰি মাহ দহদিন অপেক্ষা কৰিব (ইদ্দত পালন কৰিব)। তাৰ পিছত যেতিয়া সিহঁতে নিজৰ ইদ্দতকাল পূৰ্ণ কৰিব, তেতিয়া বিধি মুতাবিক নিজৰ বাবে কিবা (সৌন্দৰ্য বা বিবাহ) কৰিলে তাত তোমালোকৰ কোনো পাপ নহ’ব; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত।
അറബി തഫ്സീറുകൾ:
وَلَا جُنَاحَ عَلَیْكُمْ فِیْمَا عَرَّضْتُمْ بِهٖ مِنْ خِطْبَةِ النِّسَآءِ اَوْ اَكْنَنْتُمْ فِیْۤ اَنْفُسِكُمْ ؕ— عَلِمَ اللّٰهُ اَنَّكُمْ سَتَذْكُرُوْنَهُنَّ وَلٰكِنْ لَّا تُوَاعِدُوْهُنَّ سِرًّا اِلَّاۤ اَنْ تَقُوْلُوْا قَوْلًا مَّعْرُوْفًا ؕ۬— وَلَا تَعْزِمُوْا عُقْدَةَ النِّكَاحِ حَتّٰی یَبْلُغَ الْكِتٰبُ اَجَلَهٗ ؕ— وَاعْلَمُوْۤا اَنَّ اللّٰهَ یَعْلَمُ مَا فِیْۤ اَنْفُسِكُمْ فَاحْذَرُوْهُ ۚ— وَاعْلَمُوْۤا اَنَّ اللّٰهَ غَفُوْرٌ حَلِیْمٌ ۟۠
আৰু যদি তোমালোকে আকাৰ-ইঙ্গিতত (সেইজনী) নাৰীক বিবাহৰ প্ৰস্তাৱ দিয়া অথবা অন্তৰতে গোপন ৰখা তেন্তে তোমালোকৰ কোনো পাপ নহ’ব। আল্লাহে জানে যে, তোমালোকে সিহঁতৰ বিষয়ে নিশ্চয় আলোচনা কৰিবা; কিন্তু বিধি মুতাবিক কথা-বতৰাৰ বাহিৰে গোপনে সিহঁতৰ লগত কোনো প্ৰতিশ্ৰুতি নিদিবা; আৰু নিৰ্দিষ্ট কাল পূৰ্ণ নোহোৱালৈকে বিবাহ বন্ধনৰ সংকল্প নকৰিবা; আৰু জানি থোৱা, তোমালোকৰ অন্তৰত যি আছে সেয়া আল্লাহে জানে। এতেকে তেওঁক ভয় কৰা, আৰু জানি থোৱা, নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম সহনশীল।
അറബി തഫ്സീറുകൾ:
لَا جُنَاحَ عَلَیْكُمْ اِنْ طَلَّقْتُمُ النِّسَآءَ مَا لَمْ تَمَسُّوْهُنَّ اَوْ تَفْرِضُوْا لَهُنَّ فَرِیْضَةً ۖۚ— وَّمَتِّعُوْهُنَّ ۚ— عَلَی الْمُوْسِعِ قَدَرُهٗ وَعَلَی الْمُقْتِرِ قَدَرُهٗ ۚ— مَتَاعًا بِالْمَعْرُوْفِ ۚ— حَقًّا عَلَی الْمُحْسِنِیْنَ ۟
যদি তোমালোকে স্ত্ৰীসকলক স্পৰ্শ কৰাৰ আগতেই বা মোহৰানা নিৰ্ধাৰণ কৰাৰ পূৰ্বেই তালাক্ব দিয়া তেন্তে তোমালোকৰ কোনো পাপ নহয়; কিন্তু তোমালোকে সিহঁতক উপযুক্ত (ক্ষতিপূৰণ) সংস্থান কৰি দিবা, সচ্ছলে তাৰ সাধ্যমতে আৰু অসচ্ছলে তাৰ সামৰ্থানুযায়ী, বিধিমতে সংস্থান কৰিব, এইটো সৎকৰ্মশীল লোকৰ কৰ্তব্য।
അറബി തഫ്സീറുകൾ:
وَاِنْ طَلَّقْتُمُوْهُنَّ مِنْ قَبْلِ اَنْ تَمَسُّوْهُنَّ وَقَدْ فَرَضْتُمْ لَهُنَّ فَرِیْضَةً فَنِصْفُ مَا فَرَضْتُمْ اِلَّاۤ اَنْ یَّعْفُوْنَ اَوْ یَعْفُوَا الَّذِیْ بِیَدِهٖ عُقْدَةُ النِّكَاحِ ؕ— وَاَنْ تَعْفُوْۤا اَقْرَبُ لِلتَّقْوٰی ؕ— وَلَا تَنْسَوُا الْفَضْلَ بَیْنَكُمْ ؕ— اِنَّ اللّٰهَ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟
আনহাতে তোমালোকে যদি সিহঁতক স্পৰ্শ কৰাৰ আগতে তালাক্ব দিয়া, অথচ সিহঁতৰ বাবে মোহৰানা ধাৰ্য্য কৰিছা, তেন্তে যি নিৰ্ধাৰণ কৰিছা তাৰ অৰ্দ্ধেক আদায় দিব লাগিব। কিন্তু যদি স্ত্ৰীসকলে ক্ষমা কৰি দিয়ে অথবা যাৰ হাতত বিবাহ বন্ধনৰ দায়িত্ব আছে সি যদি মাফ কৰি দিয়ে (তেন্তে সেইটো সুকীয়া কথা)। ক্ষমা কৰি দিয়াটোৱেই তাক্বৱাৰ অধিক নিকটৱৰ্তী; তোমালোকে নিজৰ মাজত অনুগ্ৰহৰ কথা পাহৰি নাযাবা। তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেয়া সবিশেষ প্ৰত্যক্ষকাৰী।
അറബി തഫ്സീറുകൾ:
 
പരിഭാഷ അദ്ധ്യായം: ബഖറഃ
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ - വിവർത്തനങ്ങളുടെ സൂചിക

റഫീഖുൽ ഇസ്‌ലാം ഹബീബു റഹ്മാൻ നടത്തിയ വിവർത്തനം.

അവസാനിപ്പിക്കുക