Check out the new design

Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k. * - Vertimų turinys


Reikšmių vertimas Sūra: Al-Kijaamah   Aja (Korano eilutė):
كَلَّا بَلْ تُحِبُّوْنَ الْعَاجِلَةَ ۟ۙ
কেতিয়াও নহয়, বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে ভাবিছা যে, পুনৰুত্থান অসম্ভৱ। কিয়নো তোমালোকে জানা যে, যিয়ে তোমালোকক প্ৰথম বাৰ সৃষ্টি কৰিছে তেওঁ তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক জীৱিত কৰাত অক্ষম নহয়। আচলতে তোমালোকে পুনৰুত্থানক অস্বীকাৰ কৰাৰ কাৰণ হৈছে তোমালোকে ধ্বংসশীল পৃথিৱীক অতিমাত্ৰা ভাল পোৱা।
Tafsyrai arabų kalba:
وَتَذَرُوْنَ الْاٰخِرَةَ ۟ؕ
আৰু তোমালোকে পৰকালক এৰি দিয়া। যিটো আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষিদ্ধ বস্তুৰ পৰা বিৰত থাকি অৰ্জন কৰিব পৰা যায়।
Tafsyrai arabų kalba:
وُجُوْهٌ یَّوْمَىِٕذٍ نَّاضِرَةٌ ۟ۙ
সিদিনাখন মুমিনসকল আৰু ভাগ্যৱান লোকৰ মুখমণ্ডল উজ্জ্বল হ'ব। তাৰ পৰা জ্যোতি প্ৰবাহিত হব।
Tafsyrai arabų kalba:
اِلٰى رَبِّهَا نَاظِرَةٌ ۟ۚ
সিদিনাখন সিহঁতৰ প্ৰতিপালকক চাই থাকিব আৰু তাৰ আনন্দ উপভোগ কৰি থাকিব।
Tafsyrai arabų kalba:
وَوُجُوْهٌ یَّوْمَىِٕذٍ بَاسِرَةٌ ۟ۙ
আৰু কাফিৰ আৰু দুৰ্ভাগ্যৱান বিলাকৰ মুখমণ্ডল সিদিনাখন নিৰাশ আৰু উদাসীন হ'ব।
Tafsyrai arabų kalba:
تَظُنُّ اَنْ یُّفْعَلَ بِهَا فَاقِرَةٌ ۟ؕ
আৰু সিহঁতৰ বিশ্বাস হৈ যাব যে, সিহঁতৰ প্ৰতি ডাঙৰ আৰু কঠোৰ শাস্তি আহিব।
Tafsyrai arabų kalba:
كَلَّاۤ اِذَا بَلَغَتِ التَّرَاقِیَ ۟ۙ
বিষয়টো তেনেকুৱা নহয় যিদৰে মুশ্বৰিকবিলাকে ভাবিছে যে. যেতিয়া সিহঁতৰ মৃত্যু হব তেতিয়া সিহঁতে শাস্তিৰ সন্মুখীন নহব। আৰু যেতিয়া তোমালোকৰ মাজত কাৰো প্ৰাণ তাৰ কণ্ঠগত হ'ব।
Tafsyrai arabų kalba:
وَقِیْلَ مَنْ ٚ— رَاقٍ ۟ۙ
আৰু মানুহে পৰস্পৰে কবঃ কোনে ইয়াৰ নিৰাময়ৰ বাবে জৰা- ফুকা কৰিব।
Tafsyrai arabų kalba:
وَّظَنَّ اَنَّهُ الْفِرَاقُ ۟ۙ
আৰু মুমূৰ্ষু ব্যক্তিৰ বিশ্বাস হৈ যাব যে, এয়া পৃথিৱীৰ পৰা চিৰ বিদায়ৰ সময়।
Tafsyrai arabų kalba:
وَالْتَفَّتِ السَّاقُ بِالسَّاقِ ۟ۙ
আৰু পৃথিৱীৰ অন্ত আৰু পৰকালৰ সূচনাৰ এই মূহুৰ্তত বহুতো কঠিনতা একত্ৰিত হৈ যাব।
Tafsyrai arabų kalba:
اِلٰى رَبِّكَ یَوْمَىِٕذِ ١لْمَسَاقُ ۟ؕ۠
এইবোৰ হোৱাৰ পিছত, মৃত ব্যক্তিক আল্লাহৰ ফালে লৈ যোৱা হ'ব।
Tafsyrai arabų kalba:
فَلَا صَدَّقَ وَلَا صَلّٰى ۟ۙ
এতেকে কাফিৰ বিলাকে কেৱল ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰাই নহয় বৰং পৱিত্ৰ আল্লাহৰ ছালাতো আদায় কৰা নাছিল।
Tafsyrai arabų kalba:
وَلٰكِنْ كَذَّبَ وَتَوَلّٰى ۟ۙ
বৰং সি ৰাছুলে আনা সংবাদ সমূহ অস্বীকাৰ কৰিছে আৰু তাৰ পৰা মুখ ঘূৰাই লৈছে।
Tafsyrai arabų kalba:
ثُمَّ ذَهَبَ اِلٰۤی اَهْلِهٖ یَتَمَطّٰى ۟ؕ
তাৰ পিছত এই কাফিৰ অহংকাৰ কৰি উদ্ধত অৱস্থাত নিজৰ পৰিয়ালৰ ওচৰত গৈছিল।
Tafsyrai arabų kalba:
اَوْلٰى لَكَ فَاَوْلٰى ۟ۙ
গতিকে আল্লাহে কাফিৰক ধমক দি কৈছে যে, আল্লাহৰ শাস্তি তাৰ নিকটৱৰ্তী হৈছে।
Tafsyrai arabų kalba:
ثُمَّ اَوْلٰى لَكَ فَاَوْلٰى ۟ؕ
তাৰ পিছত আল্লাহে এই বাক্য গুৰুত্ব দিয়াৰ বাবে দুহাৰিছে। সেয়ে কৈছেঃ (আকৌ দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ।)
Tafsyrai arabų kalba:
اَیَحْسَبُ الْاِنْسَانُ اَنْ یُّتْرَكَ سُدًی ۟ؕ
মানুহে ভাবিছে নেকি যে, আল্লাহে তাক চৰীয়তৰ অনুসাৰী নবনোৱাকৈ সোধাই এৰি দিব?
Tafsyrai arabų kalba:
اَلَمْ یَكُ نُطْفَةً مِّنْ مَّنِیٍّ یُّمْنٰى ۟ۙ
মানুহ এটা সময়ত মাকৰ গৰ্ভাশয়ত স্খলিত হোৱা বীৰ্যৰ শুক্ৰানুবিন্দু নাছিল নে?
Tafsyrai arabų kalba:
ثُمَّ كَانَ عَلَقَةً فَخَلَقَ فَسَوّٰى ۟ۙ
তাৰ পিছত সেইটো ৰক্তপিণ্ডত পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম আৰু সম্পূৰ্ণ মানুহ বনায়।
Tafsyrai arabų kalba:
فَجَعَلَ مِنْهُ الزَّوْجَیْنِ الذَّكَرَ وَالْاُ ۟ؕ
তাৰ পৰা তেওঁ যোৰ যোৰ হিচাপে নৰ-নাৰী বনায়।
Tafsyrai arabų kalba:
اَلَیْسَ ذٰلِكَ بِقٰدِرٍ عَلٰۤی اَنْ یُّحْیِ الْمَوْتٰى ۟۠
যিয়ে মানুহক এটোপাল বীৰ্যৰ পৰা, তাৰ পিছত ৰক্তপিণ্ডৰ পৰা সৃষ্টি কৰিছে তেওঁ মৃত লোকক হিচাপ-নিকাচ আৰু পৰিণাম বা প্ৰতিদানৰ বাবে জীৱিত কৰাৰ ক্ষমতা নাইনে? কিয় নহয়, নিশ্চয় তেওঁৰ এই ক্ষমতা আছে।
Tafsyrai arabų kalba:
Šiame puslapyje pateiktų ajų nauda:
• خطر حب الدنيا والإعراض عن الآخرة.
পৃথিৱীৰ প্ৰতি মোহ আৰু আখিৰাতৰ পৰা মুখ ঘূৰাই লোৱাৰ ক্ষতি।

• ثبوت الاختيار للإنسان، وهذا من تكريم الله له.
মানুহৰ স্বাধীনতাৰ প্ৰমাণ। দৰাচলতে এয়া আল্লাহৰ তৰফৰ পৰা মানুহৰ বাবে এক ডাঙৰ সন্মান।

• النظر لوجه الله الكريم من أعظم النعيم.
আল্লাহৰ পবিত্ৰ মুখ মণ্ডলৰ দৰ্শন কৰাটো এক ডাঙৰ নিয়ামত।

 
Reikšmių vertimas Sūra: Al-Kijaamah
Sūrų turinys Puslapio numeris
 
Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k. - Vertimų turinys

Išleido Korano studijų interpretavimo centras.

Uždaryti