Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន * - មាតិកានៃការបកប្រែ

PDF XML CSV Excel API
Please review the Terms and Policies

ការបកប្រែអត្ថន័យ ជំពូក​: អាល់កសស   វាក្យខណ្ឌ:
وَلَقَدْ وَصَّلْنَا لَهُمُ الْقَوْلَ لَعَلَّهُمْ یَتَذَكَّرُوْنَ ۟ؕ
আৰু নিশ্চয় আমি সিহঁতৰ ওচৰলৈ এটাৰ পিছত এটাকৈ বাণী পৌঁচাই দিছোঁ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
اَلَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ مِنْ قَبْلِهٖ هُمْ بِهٖ یُؤْمِنُوْنَ ۟
ইয়াৰ পূৰ্বে আমি যিসকলক কিতাব প্ৰদান কৰিছিলোঁ, তেওঁলোকেও ইয়াৰ প্ৰতি ঈমান পোষণ কৰে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَاِذَا یُتْلٰی عَلَیْهِمْ قَالُوْۤا اٰمَنَّا بِهٖۤ اِنَّهُ الْحَقُّ مِنْ رَّبِّنَاۤ اِنَّا كُنَّا مِنْ قَبْلِهٖ مُسْلِمِیْنَ ۟
আৰু যেতিয়া তেওঁলোকৰ ওচৰত ইয়াক তিলাৱত কৰা হয় তেতিয়া তেওঁলোকে কয়, ‘আমি ইয়াৰ ওপৰত ঈমান আনিছোঁ, নিশ্চয় এইটো আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য। নিশ্চয় আমি আগতেও আত্মসমৰ্পণকাৰী আছিলোঁ।’
ការបកស្រាយជាភាសា​អារ៉ាប់:
اُولٰٓىِٕكَ یُؤْتَوْنَ اَجْرَهُمْ مَّرَّتَیْنِ بِمَا صَبَرُوْا وَیَدْرَءُوْنَ بِالْحَسَنَةِ السَّیِّئَةَ وَمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ۟
তেওঁলোকক দুবাৰকৈ প্ৰতিদান দিয়া হ’ব। এই কাৰণে যে, তেওঁলোকে ধৈৰ্য্য ধাৰণ কৰিছিল, লগতে তেওঁলোকে ভাল কামৰ দ্বাৰা বেয়া কামক প্ৰতিহত কৰে। এইদৰে আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে দান কৰে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَاِذَا سَمِعُوا اللَّغْوَ اَعْرَضُوْا عَنْهُ وَقَالُوْا لَنَاۤ اَعْمَالُنَا وَلَكُمْ اَعْمَالُكُمْ ؗ— سَلٰمٌ عَلَیْكُمْ ؗ— لَا نَبْتَغِی الْجٰهِلِیْنَ ۟
আৰু তেওঁলোকে যেতিয়া অনৰ্থক কথা-বতৰা শুনা পায় তেতিয়া তেওঁলোকে তাৰ পৰা মুখ ঘূৰাই লয় আৰু কয়, ‘আমাৰ আমল আমাৰ বাবে আৰু তোমালোকৰ আমল তোমালোকৰ বাবে, তোমালোকৰ প্ৰতি ‘ছালাম’। আমি মুৰ্খৰ লগত তৰ্ক কৰিব নিবিচাৰোঁ’।
ការបកស្រាយជាភាសា​អារ៉ាប់:
اِنَّكَ لَا تَهْدِیْ مَنْ اَحْبَبْتَ وَلٰكِنَّ اللّٰهَ یَهْدِیْ مَنْ یَّشَآءُ ۚ— وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟
নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰিবা। বৰং আল্লাহে যাক ইচ্ছা কৰে তাকহে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَقَالُوْۤا اِنْ نَّتَّبِعِ الْهُدٰی مَعَكَ نُتَخَطَّفْ مِنْ اَرْضِنَا ؕ— اَوَلَمْ نُمَكِّنْ لَّهُمْ حَرَمًا اٰمِنًا یُّجْبٰۤی اِلَیْهِ ثَمَرٰتُ كُلِّ شَیْءٍ رِّزْقًا مِّنْ لَّدُنَّا وَلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟
আৰু সিহঁতে কয়, ‘আমি যদি তোমাৰ লগত সৎপথ অনুসৰণ কৰোঁ তেন্তে আমাক দেশৰ পৰা উৎখাত কৰি দিয়া হ’ব’। আমি সিহঁতৰ বাবে এটা নিৰাপদ হাৰাম প্ৰতিষ্ঠা কৰা নাই নে, য’ত সকলো প্ৰকাৰৰ ফল-মূল আমদানী হয়, আমি প্ৰদান কৰা জীৱিকাস্বৰূপ? কিন্তু সিহঁতৰ সৰহভাগ মানুহেই এই বিষয়ে নাজানে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَكَمْ اَهْلَكْنَا مِنْ قَرْیَةٍ بَطِرَتْ مَعِیْشَتَهَا ۚ— فَتِلْكَ مَسٰكِنُهُمْ لَمْ تُسْكَنْ مِّنْ بَعْدِهِمْ اِلَّا قَلِیْلًا ؕ— وَكُنَّا نَحْنُ الْوٰرِثِیْنَ ۟
আৰু আমি বহুতো এনেকুৱা জনপদক ধ্বংস কৰিছোঁ যাৰ বাসিন্দাসকলে নিজৰ ভোগ-সম্পদকলৈ অহংকাৰ কৰিছিল! এইবোৰ হৈছে সিহঁতৰ ঘৰ-দুৱাৰ, সিহঁতৰ পিছত এইবোৰ ঘৰ-দুৱাৰত খুব কম মানুহেই বসবাস কৰিছে। আমিয়েই চূড়ান্ত উত্তৰাধিকাৰী (প্ৰকৃত মালিক)!
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَمَا كَانَ رَبُّكَ مُهْلِكَ الْقُرٰی حَتّٰی یَبْعَثَ فِیْۤ اُمِّهَا رَسُوْلًا یَّتْلُوْا عَلَیْهِمْ اٰیٰتِنَا ۚ— وَمَا كُنَّا مُهْلِكِی الْقُرٰۤی اِلَّا وَاَهْلُهَا ظٰلِمُوْنَ ۟
আৰু তোমাৰ প্ৰতিপালকে কোনো জনপদক সেই ঠাইৰ মূল ভূখণ্ডত কোনো ৰাছুল প্ৰেৰণ নকৰালৈকে (সিহঁতক) ধ্বংস নকৰে, যিজনে সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰে। কোনো জনপদৰ অধিবাসীবিলাক যালিম নহ’লে আমি সিহঁতক ধ্বংস নকৰোঁ।
ការបកស្រាយជាភាសា​អារ៉ាប់:
 
ការបកប្រែអត្ថន័យ ជំពូក​: អាល់កសស
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន - មាតិកានៃការបកប្រែ

បកប្រែដោយលោករ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន។

បិទ