Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន * - មាតិកានៃការបកប្រែ

PDF XML CSV Excel API
Please review the Terms and Policies

ការបកប្រែអត្ថន័យ ជំពូក​: អាល់កសស   វាក្យខណ្ឌ:
وَمَا كُنْتَ بِجَانِبِ الْغَرْبِیِّ اِذْ قَضَیْنَاۤ اِلٰی مُوْسَی الْاَمْرَ وَمَا كُنْتَ مِنَ الشّٰهِدِیْنَ ۟ۙ
(হে নবী!) আমি যেতিয়া মুছাক বিধান দিছিলোঁ তেতিয়া তুমি (তূৰ পৰ্বতৰ) পশ্চিম প্ৰান্তত উপস্থিত নাছিলা আৰু প্ৰত্যক্ষদৰ্শীসকলৰো অন্তৰ্ভুক্ত নাছিলা।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَلٰكِنَّاۤ اَنْشَاْنَا قُرُوْنًا فَتَطَاوَلَ عَلَیْهِمُ الْعُمُرُ ۚ— وَمَا كُنْتَ ثَاوِیًا فِیْۤ اَهْلِ مَدْیَنَ تَتْلُوْا عَلَیْهِمْ اٰیٰتِنَا ۙ— وَلٰكِنَّا كُنَّا مُرْسِلِیْنَ ۟
প্ৰকৃততে (মুছাৰ পিছত) আমি বহু প্ৰজন্মৰ আৱিৰ্ভাব ঘটাইছিলোঁ; সিহঁতৰ ওপৰতো বহু যুগ অতিবাহিত হৈ গৈছে। তুমি মাদিয়ানবাসীবিলাকৰ মাজত বিদ্যমান নাছিলা যে, সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰিবা। মুঠতে আমিহে ৰাছুল প্ৰেৰণকাৰী।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَمَا كُنْتَ بِجَانِبِ الطُّوْرِ اِذْ نَادَیْنَا وَلٰكِنْ رَّحْمَةً مِّنْ رَّبِّكَ لِتُنْذِرَ قَوْمًا مَّاۤ اَتٰىهُمْ مِّنْ نَّذِیْرٍ مِّنْ قَبْلِكَ لَعَلَّهُمْ یَتَذَكَّرُوْنَ ۟
এইদৰে মুছাক যেতিয়া আমি মাতিছিলোঁ তেতিয়াও তুমি তূৰ পৰ্বতৰ ওচৰত উপস্থিত নাছিলা। প্ৰকৃততে এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা দয়াস্বৰূপ, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰত তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাছিল, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
وَلَوْلَاۤ اَنْ تُصِیْبَهُمْ مُّصِیْبَةٌ بِمَا قَدَّمَتْ اَیْدِیْهِمْ فَیَقُوْلُوْا رَبَّنَا لَوْلَاۤ اَرْسَلْتَ اِلَیْنَا رَسُوْلًا فَنَتَّبِعَ اٰیٰتِكَ وَنَكُوْنَ مِنَ الْمُؤْمِنِیْنَ ۟
আৰু ৰাছুল প্ৰেৰণ নকৰাকৈ সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ ওপৰত কোনো বিপদ-আপদ আহিলে সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাৰ ওচৰলৈ কিয় ৰাছুল প্ৰেৰণ কৰা নাছিলা, ৰাছুল প্ৰেৰণ কৰিলেহে আমি তোমাৰ নিদৰ্শন মানি চলিব পাৰিলোঁহেঁতেন আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন’।
ការបកស្រាយជាភាសា​អារ៉ាប់:
فَلَمَّا جَآءَهُمُ الْحَقُّ مِنْ عِنْدِنَا قَالُوْا لَوْلَاۤ اُوْتِیَ مِثْلَ مَاۤ اُوْتِیَ مُوْسٰی ؕ— اَوَلَمْ یَكْفُرُوْا بِمَاۤ اُوْتِیَ مُوْسٰی مِنْ قَبْلُ ۚ— قَالُوْا سِحْرٰنِ تَظَاهَرَا ۫— وَقَالُوْۤا اِنَّا بِكُلٍّ كٰفِرُوْنَ ۟
এতেকে যেতিয়া আমাৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ সত্য আহি পালে, তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘মুছাক যি দিয়া হৈছিল, তেওঁকো তেনেকুৱা (নিদৰ্শন) দিয়া নহ’ল কিয়’? (তেন্তে কোৱাচোন) ইতিপূৰ্বে মুছাক যি দিয়া হৈছিল তাক সিহঁতে অস্বীকাৰ কৰা নাছিলনে? সিহঁতে কৈছিল, ‘দুয়োটাই যাদু, এটাই আনটোক সমৰ্থন কৰে’। লগতে সিহঁতে কৈছিল, ‘নিশ্চয় আমি এটাকো নামানো’।
ការបកស្រាយជាភាសា​អារ៉ាប់:
قُلْ فَاْتُوْا بِكِتٰبٍ مِّنْ عِنْدِ اللّٰهِ هُوَ اَهْدٰی مِنْهُمَاۤ اَتَّبِعْهُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
কোৱা, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আল্লাহৰ তৰফৰ পৰা এখন কিতাব লৈ আহা, যিখন পথনিৰ্দেশত এই দুখনতকৈ উৎকৃষ্ট হ’ব, মই নিজে সেই কিতাবৰ অনুসৰণ কৰিম’।
ការបកស្រាយជាភាសា​អារ៉ាប់:
فَاِنْ لَّمْ یَسْتَجِیْبُوْا لَكَ فَاعْلَمْ اَنَّمَا یَتَّبِعُوْنَ اَهْوَآءَهُمْ ؕ— وَمَنْ اَضَلُّ مِمَّنِ اتَّبَعَ هَوٰىهُ بِغَیْرِ هُدًی مِّنَ اللّٰهِ ؕ— اِنَّ اللّٰهَ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟۠
এতেকে সিহঁতে যদি তোমাৰ আহ্বানত সঁহাৰি নিদিয়ে, তেন্তে জানি থোৱা, সিহঁতে কেৱল নিজৰ কামনা-বাসনাৰহে অনুসৰণ কৰে। যিয়ে আল্লাহৰ পথ-নিৰ্দেশ অগ্ৰাহ্য কৰি নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰে সেইজনতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে? নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
 
ការបកប្រែអត្ថន័យ ជំពូក​: អាល់កសស
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន - មាតិកានៃការបកប្រែ

បកប្រែដោយលោករ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន។

បិទ