Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (38) 章: 戦利品章
قُلْ لِّلَّذِیْنَ كَفَرُوْۤا اِنْ یَّنْتَهُوْا یُغْفَرْ لَهُمْ مَّا قَدْ سَلَفَ ۚ— وَاِنْ یَّعُوْدُوْا فَقَدْ مَضَتْ سُنَّتُ الْاَوَّلِیْنَ ۟
হে ৰাছুল! আপুনি আপোনাৰ সম্প্ৰদায়ৰ সেইসকল লোকক কৈ দিয়ক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে, সিহঁতে যদি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰা পৰিত্যাগ কৰে আৰু মুমিনসকলক যদি আল্লাহৰ পথৰ পৰা বাধা নিদিয়ে তেন্তে আল্লাহে সিহঁতৰ বিগত সকলো গুনাহ ক্ষমা কৰি দিব। কিয়নো ইছলাম গ্ৰহণ কৰিলে বিগত সকলো গুনাহ মাফ হৈ যায়। আৰু যদি সিহঁত কুফুৰী অৱস্থালৈ আকৌ ঘূৰি যায় তেন্তে পুৰ্বৱৰ্তীসকলৰ ৰীতি তো জানাই (সিহঁতৰ কি পৰিণতি হৈছিল)’। সিহঁতে যেতিয়া অস্বীকাৰ কৰিছিল আৰু কুফুৰীৰ ওপৰত অটল আছিল তেতিয়া আল্লাহে সিহঁতক পৃথিৱীতেই শাস্তি প্ৰদান কৰিছিল।
アラビア語 クルアーン注釈:
本諸節の功徳:
• الصد عن المسجد الحرام جريمة عظيمة يستحق فاعلوه عذاب الدنيا قبل عذاب الآخرة.
মছজিদে হাৰামৰ পৰা বাধা দিয়া মহা অপৰাধ। এনেকুৱা অপৰাধকাৰীয়ে আখিৰাতৰ শাস্তিৰ আগতে পৃথিৱীতেই শাস্তি পোৱাৰ উপযুক্ত।

• عمارة المسجد الحرام وولايته شرف لا يستحقه إلّا أولياء الله المتقون.
মছজিদে হাৰাম আবাদ কৰা আৰু ইয়াৰ চোৱাচিতা কৰাটো এনেকুৱা এটা সন্মান, যিটোৰ অধিকাৰ কেৱলমাত্ৰ আল্লাহৰ মুত্তাক্বী অলীসকলৰ।

• في الآيات إنذار للكافرين بأنهم لا يحصلون من إنفاقهم أموالهم في الباطل على طائل، وسوف تصيبهم الحسرة وشدة الندامة.
উক্ত আয়াতসমূহত কাফিৰসকলক সতৰ্ক কৰা হৈছে যে, অসত্যৰ পথত ধন ব্যয় কৰিলে কোনো উপকাৰ সাধন নহয় আৰু সিহঁতে এদিন ইয়াৰ ফলত অনুতপ্ত হব।

• دعوة الله تعالى للكافرين للتوبة والإيمان دعوة مفتوحة لهم على الرغم من استمرار عنادهم.
কাফিৰসকলৰ বিদ্বেষ আৰু গোড়ামীৰ পিছতো সিহঁতৰ বাবে তাওবা আৰু ঈমানৰ দুৱাৰ খোলা আছে।

• من كان الله مولاه وناصره فلا خوف عليه، ومن كان الله عدوًّا له فلا عِزَّ له.
যাৰ সংৰক্ষক আৰু সহায়ক স্বয়ং আল্লাহ, সেই ব্যক্তিৰ কোনো ভয় নাই। আনহাতে আল্লাহ যাৰ শত্ৰু, তাৰ কোনো সন্মান নাই।

 
対訳 節: (38) 章: 戦利品章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる