Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (2) 章: 抗弁する女章
اَلَّذِیْنَ یُظٰهِرُوْنَ مِنْكُمْ مِّنْ نِّسَآىِٕهِمْ مَّا هُنَّ اُمَّهٰتِهِمْ ؕ— اِنْ اُمَّهٰتُهُمْ اِلَّا الّٰٓـِٔیْ وَلَدْنَهُمْ ؕ— وَاِنَّهُمْ لَیَقُوْلُوْنَ مُنْكَرًا مِّنَ الْقَوْلِ وَزُوْرًا ؕ— وَاِنَّ اللّٰهَ لَعَفُوٌّ غَفُوْرٌ ۟
যিসকলে নিজৰ স্ত্ৰীৰ সৈতে জিহাৰ কৰে। উদাহৰণ স্বৰূপে যদি কোনোবাই তেওঁৰ স্ত্ৰীক এইদৰে কয়ঃ “তুমি মোৰ বাবে মোৰ মাৰ পিঠি স্বৰূপ” তেন্তে সিহঁতে নিজৰ কথাত মিছলীয়া। কিয়নো সিহঁতৰ স্ত্ৰীসকলে সিহঁতৰ মা হ'ব নোৱাৰে। সিহঁতৰ মা কেৱল সেইসকল মহিলা যিসকলে সিহঁতক জন্ম দিছে। দৰাচলতে সিহঁতে এইদৰে কেৱল ঘৃণনীয় আৰু মিছা কথাহে কয়। নিশ্চয় আল্লাহ ক্ষমাকাৰী, মাৰ্জনাশীল। এই কাৰণে যে, তেওঁ সিহঁতক পাপ কৰ্মৰ পৰা পৱিত্ৰ কৰিবলৈ কাফ্ফাৰা আদায়ৰ নিৰ্দেশ দিছে।
アラビア語 クルアーン注釈:
本諸節の功徳:
• لُطْف الله بالمستضعفين من عباده من حيث إجابة دعائهم ونصرتهم.
আল্লাহে তেওঁৰ দুৰ্বল বান্দাসকলৰ দুআ কবুল কৰি তথা সিহঁতক সহায়-সহযোগ কৰি সিহঁতৰ লগত দয়াৰ ব্যৱহাৰ কৰে।

• من رحمة الله بعباده تنوع كفارة الظهار حسب الاستطاعة ليخرج العبد من الحرج.
বান্দাসকলৰ প্ৰতি আল্লাহৰ দয়াৰ এক উদাহৰণ হৈছে যে, তেওঁ সক্ষমতা অনুসৰি জিহাৰৰ কাফ্ফাৰাৰ ভিন্নতা প্ৰদান কৰিছে। যাতে বান্দাসকলৰ কোনো অসুবিধা নহয়।

• في ختم آيات الظهار بذكر الكافرين؛ إشارة إلى أنه من أعمالهم، ثم ناسب أن يورد بعض أحوال الكافرين.
জিহাৰৰ আয়াতৰ অন্তত আল্লাহে কাফিৰবিলাকৰ কথা উল্লেখ কৰিছে, এই কথাই প্ৰমাণ কৰে যে, এয়া সিহঁতৰেই কাম। সেয়ে ইয়াৰ পিছত কাফিৰবিলাকৰ বিষয়ে কিছু কথা উল্লেখ কৰা উচিত।

 
対訳 節: (2) 章: 抗弁する女章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる