Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (4) 章: 鉄章
هُوَ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ فِیْ سِتَّةِ اَیَّامٍ ثُمَّ اسْتَوٰی عَلَی الْعَرْشِ ؕ— یَعْلَمُ مَا یَلِجُ فِی الْاَرْضِ وَمَا یَخْرُجُ مِنْهَا وَمَا یَنْزِلُ مِنَ السَّمَآءِ وَمَا یَعْرُجُ فِیْهَا ؕ— وَهُوَ مَعَكُمْ اَیْنَ مَا كُنْتُمْ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟
তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে। ৰবিবাৰৰ দিনা আৰম্ভ হৈছে আৰু শুক্রবাৰে শেষ হৈছে। যদিও তেওঁ চকুৰ পলকতকৈও কম সময়ত ইয়াক সৃষ্টি কৰিবলৈ সক্ষম। ইয়াৰ পিছত তেওঁ নিজৰ উপযুক্ত প্ৰক্রিয়াৰে আৰছৰ ওপৰত উঠিছে তথা সমুন্নত হৈছে। ভূমিৰ ভিতৰত বীজ আৰু বৰষুণৰ যি পানী সোমায় সেয়া তেওঁ জানে, আৰু ইয়াৰ ফলত যিবোৰ শস্য আৰু খনিজ দ্রব্য উদ্গত হয় সেইবোৰো তেওঁ জানে। আকাশৰ পৰা অৱতীৰ্ণ হোৱা বৰষুণ আৰু অহী সম্পৰ্কেও তেওঁ অৱগত, লগতে আকাশলৈ আৰোহণ কৰা ফিৰিস্তা, বান্দাসকলৰ আমল আৰু সিহঁতৰ যিবোৰ প্ৰাণ হৰণ হৈ আকাশলৈ উঠি যায় সেইবোৰৰ বিষয়েও তেওঁ অৱগত। হে মানৱসমাজ! তোমালোকে য’তেই নাথাকা কিয় তেওঁ নিজৰ জ্ঞানৰ মাধ্যমত তোমালোকৰ লগতেই থাকে। তোমালোকৰ কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়। প্ৰকৃততে তোমালোকে যি কৰি আছা, আল্লাহ সেইবোৰ দেখি আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক এইবোৰৰ প্ৰতিদান দিব।
アラビア語 クルアーン注釈:
本諸節の功徳:
• المال مال الله، والإنسان مُسْتَخْلَف فيه.
সম্পদ হৈছে আল্লাহৰ। মানুহ হৈছে কেৱল ইয়াৰ উত্তৰাধিকাৰী।

• تفاوت درجات المؤمنين بحسب السبق إلى الإيمان وأعمال البر.
ঈমান আৰু সৎকৰ্মৰ প্ৰতি অগ্ৰসৰ অনুসৰি মুমিনসকলৰ স্তৰসমূহৰ মাজত ব্যৱধান আছে।

• الإنفاق في سبيل الله سبب في بركة المال ونمائه.
আল্লাহৰ পথত ব্যয় কৰিলে সম্পদ বৃদ্ধি পায় তথা বৰকত হয়।

 
対訳 節: (4) 章: 鉄章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる