Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (27) 章: 物語章
قَالَ اِنِّیْۤ اُرِیْدُ اَنْ اُنْكِحَكَ اِحْدَی ابْنَتَیَّ هٰتَیْنِ عَلٰۤی اَنْ تَاْجُرَنِیْ ثَمٰنِیَ حِجَجٍ ۚ— فَاِنْ اَتْمَمْتَ عَشْرًا فَمِنْ عِنْدِكَ ۚ— وَمَاۤ اُرِیْدُ اَنْ اَشُقَّ عَلَیْكَ ؕ— سَتَجِدُنِیْۤ اِنْ شَآءَ اللّٰهُ مِنَ الصّٰلِحِیْنَ ۟
তেওঁলোকৰ পিতৃয়ে মুছা আলাইহিচ্ছালামক সম্বোধন কৰি ক’লেঃ মই মোৰ দুজনী ছোৱালীৰ এজনীক তোমাৰ লগত বিবাহ দিব বিচাৰিছোঁ। কিন্তু চৰ্ত হৈছে এই বিবাহৰ মোহৰ আদায়ৰ বাবে তুমি আঠ বছৰলৈকে আমাৰ ছাগলীবোৰ চৰাব লাগিব। যদি দহ বছৰ সম্পূৰ্ণ কৰা তেন্তে এইটো তোমাৰ ফালৰ পৰা কৃপা বুলি গণ্য হ’ব, কিন্তু এইটো তোমাৰ বাবে অনিবাৰ্য নহয়। কাৰণ নিৰ্ধাৰিত থাকিব কেৱল আঠ বছৰ। ইয়াতকৈ অধিক হ’লে অতিৰিক্ত বুলি গণ্য হ’ব। মই তোমাৰ ওপৰত বোজা অৰ্পন কৰি তোমাক কষ্ট দিব বিচৰা নাই। ইন শ্বা আল্লাহ তুমি মোক সদাচাৰীসকলৰ অন্তৰ্ভুক্ত পাবা, যিসকলে প্ৰতিশ্ৰুতি পূৰণ কৰে আৰু কেতিয়াও প্ৰতিশ্ৰুতি ভঙ্গ নকৰে।
アラビア語 クルアーン注釈:
本諸節の功徳:
• الالتجاء إلى الله طريق النجاة في الدنيا والآخرة.
পৃথিৱী আৰু আখিৰাতত মুক্তি লাভ কৰাৰ অন্যতম পথ হৈছে আল্লাহৰ ওচৰত কাকুতি-মিনতি কৰি প্ৰাৰ্থনা কৰা।

• حياء المرأة المسلمة سبب كرامتها وعلو شأنها.
মুছলিম নাৰীৰ লজ্জাবোধে তেওঁলোকৰ সন্মান আৰু প্ৰতিষ্ঠা বৃদ্ধি কৰে।

• مشاركة المرأة بالرأي، واعتماد رأيها إن كان صوابًا أمر محمود.
নাৰীসকলেও পৰামৰ্শত অংশগ্ৰহণ কৰিব পাৰে। যদি সিহঁতৰ পৰামৰ্শ সঠিক বুলি বিবেচিত হয় তেন্তে তেনে পৰামৰ্শ মতে আমল কৰা উচিত।

• القوة والأمانة صفتا المسؤول الناجح.
দায়িত্বশীল ব্যক্তিৰ দুটা অন্যতম বৈশিষ্ট্য হৈছে, শক্তিশালী হোৱা আৰু বিশ্বস্ত হোৱা।

• جواز أن يكون المهر منفعة.
উপকাৰী বিষয়কো মোহৰ হিচাপে গ্ৰহণ কৰা বৈধ।

 
対訳 節: (27) 章: 物語章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる