Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (44) 章: 蟻章
قِیْلَ لَهَا ادْخُلِی الصَّرْحَ ۚ— فَلَمَّا رَاَتْهُ حَسِبَتْهُ لُجَّةً وَّكَشَفَتْ عَنْ سَاقَیْهَا ؕ— قَالَ اِنَّهٗ صَرْحٌ مُّمَرَّدٌ مِّنْ قَوَارِیْرَ ؕ۬— قَالَتْ رَبِّ اِنِّیْ ظَلَمْتُ نَفْسِیْ وَاَسْلَمْتُ مَعَ سُلَیْمٰنَ لِلّٰهِ رَبِّ الْعٰلَمِیْنَ ۟۠
তাইক কোৱা হ’ল যে, ভৱনত প্ৰৱেশ কৰক; আৰু সেই ভৱনখন ছাদৰ দৰে সমতল আছিল। যেতিয়া তাই ভৱনৰ পিনে লক্ষ্য কৰিলে, ভাৱিলে এইটো কোনোবা এটা জলাশয়, আৰু তাত নামিবলৈ ভৰিৰ কাপোৰ কলাফুলিলৈকে উন্মুক্ত কৰিলে। এই দেখি ছুলাইমান আলাইহিচ্ছালামে ক’লেঃ এইখন কাচেৰে নিৰ্মিত এখন স্বচ্চ ভৱন। তাৰ পিছত তেওঁ তাইক ইছলামলৈ নিমন্ত্ৰণ জনালে। ফলত তাই এই বুলি ইছলাম গ্ৰহণ কৰিলেঃ হে মোৰ প্ৰতিপালক! মই তোমাৰ ইবাদতত আনক অংশীদাৰ কৰি নিশ্চয় মোৰ ওপৰত অন্যায় কৰিছিলোঁ, আৰু এতিয়া ছুলাইমানৰ সৈতে বিশ্বজগতৰ ৰব্ব হে আল্লাহ তোমাৰ ওচৰত আত্মসমৰ্পন কৰিলোঁ।
アラビア語 クルアーン注釈:
本諸節の功徳:
• عزة الإيمان تحصّن المؤمن من التأثر بحطام الدنيا.
ঈমানৰ শক্তিয়ে মুমিনক পাৰ্থিৱ সামগ্ৰীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা ৰক্ষা কৰে।

• الفرح بالماديات والركون إليها صفة من صفات الكفار.
ধন-সম্পদৰ দ্বাৰা আনন্দিত হোৱা তথা সেই পিনে সম্পূৰ্ণৰূপে মনোনিৱেশ কৰাটো হৈছে কাফিৰসকলৰ স্বভাৱ।

• يقظة شعور المؤمن تجاه نعم الله.
মুমিন ব্যক্তি আল্লাহৰ নিয়ামতৰ ক্ষেত্ৰত সদায় সচেতন থাকে।

• اختبار ذكاء الخصم بغية التعامل معه بما يناسبه.
বিৰোধী পক্ষৰ সৈতে উচিত ব্যৱহাৰ কৰিবলৈ তাৰ বুদ্ধিমত্তাৰ পৰীক্ষা লোৱাত বাধা নাই।

• إبراز التفوق على الخصم للتأثير فيه.
বিৰোধী পক্ষক প্ৰভাৱিত কৰিবলৈ সিহঁতৰ সন্মুখত নিজৰ শ্ৰেষ্ঠতা প্ৰকাশ কৰাত অসুবিধা নাই।

 
対訳 節: (44) 章: 蟻章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる