Check out the new design

Traduzione dei Significati del Sacro Corano - TRADUZIONE ASSAMESE – Esegesi Sintetica del Nobile Corano * - Indice traduzioni


Traduzione significati Versetto: (127) Sura: Al-A‘râf
وَقَالَ الْمَلَاُ مِنْ قَوْمِ فِرْعَوْنَ اَتَذَرُ مُوْسٰی وَقَوْمَهٗ لِیُفْسِدُوْا فِی الْاَرْضِ وَیَذَرَكَ وَاٰلِهَتَكَ ؕ— قَالَ سَنُقَتِّلُ اَبْنَآءَهُمْ وَنَسْتَحْیٖ نِسَآءَهُمْ ۚ— وَاِنَّا فَوْقَهُمْ قٰهِرُوْنَ ۟
ফিৰআউন সম্প্ৰদায়ৰ প্ৰমূখ নেতাসকলে ফিৰআউনক মূছা আলাইহিছ ছালাম আৰু মুমিনসকলৰ বিৰুদ্ধে উচটনি প্ৰদান কৰি ক'লেঃ আপুনি মূছা আৰু তেওঁৰ সম্প্ৰদায়ক এনেকৈ বিপৰ্যয় সৃষ্টি কৰিবলৈ, লগতে আপোনাক আৰু আপোনাৰ ইলাহৰ পৰা বিচ্যুত হ'বলৈ এৰি দিব নেকি, যাতে সিহঁতে এক আল্লাহৰ ইবাদতৰ প্ৰতি মানুহক আহ্বান কৰিব পাৰে? ফিৰআউনে ক'লেঃ আমি বনী ইছৰাঈলৰ পুত্ৰসকলক হত্যা কৰিম আৰু কন্যাসকলক আমাৰ সেৱা কৰিবলৈ জীৱিত ৰাখিম। নিশ্চয় আমি শক্তি আৰু প্ৰভূত্বৰ ক্ষেত্ৰত সিহঁততকৈ উৰ্দ্ধত আৰু আমিয়ে বিজয়প্ৰাপ্ত।
Esegesi in lingua araba:
Insegnamenti tratti dai versetti:
• موقف السّحرة وإعلان إيمانهم بجرأة وصراحة يدلّ على أنّ الإنسان إذا تجرّد عن هواه، وأذعن للعقل والفكر السّليم بادر إلى الإيمان عند ظهور الأدلّة عليه.
যাদুকৰসকলৰ সাহসিকতাৰে স্পষ্টৰূপে ঈমান পোষণ কৰাৰ কথা ঘোষণা কৰাটোৱে এই কথা প্ৰমাণ কৰে যে, মানুহে যদি নিজৰ ইচ্ছাৰ বিপৰীতে নিজৰ বিবেক আৰু সঠিক চিন্তা ধাৰাৰে কাম কৰে তেন্তে প্ৰমাণ সন্মুখত অহাৰ পিছত অবিলম্বে ঈমান পোষণ কৰিব।

• أهل الإيمان بالله واليوم الآخر هم أشدّ الناس حزمًا، وأكثرهم شجاعة وصبرًا في أوقات الأزمات والمحن والحروب.
আল্লাহ তথা আখিৰাতৰ প্ৰতি ঈমান পোষণকাৰী লোক সকলেই আটাইতকৈ বেছি বিবেকৱান তথা বিপদ-আপদ আৰু যুদ্ধৰ সময়ত সৱাতোকৈ বাহাদুৰ আৰু ধৈৰ্যৱান সাব্যস্ত হয়।

• المنتفعون من السّلطة يُحرِّضون ويُهيِّجون السلطان لمواجهة أهل الإيمان؛ لأن في بقاء السلطان بقاء لمصالحهم.
চৰকাৰৰ পৰা উপকৃত হোৱা ব্যক্তিসকলে সদায় শাসক পক্ষক, মুমিনসকলৰ বিৰুদ্ধে থিয় হ'বলৈ উচটনি দিয়ে। কিয়নো সিহঁতৰ স্বাৰ্থ শাসকৰ অস্তিত্বৰ লগত সম্পৃক্ত।

• من أسباب حبس الأمطار وغلاء الأسعار: الظلم والفساد.
বৰষুণ নোহোৱা আৰু পণ্যদ্ৰৱ্যৰ দাম বৃদ্ধিৰ এটা অন্যতম কাৰণ হৈছে অন্যায়-অত্যাচাৰ।

 
Traduzione significati Versetto: (127) Sura: Al-A‘râf
Indice Sure Numero di pagina
 
Traduzione dei Significati del Sacro Corano - TRADUZIONE ASSAMESE – Esegesi Sintetica del Nobile Corano - Indice traduzioni

Edito dal Tafsir Center for Quranic Studies

Chiudi