Check out the new design

Traduzione dei Significati del Sacro Corano - TRADUZIONE ASSAMESE – Esegesi Sintetica del Nobile Corano * - Indice traduzioni


Traduzione significati Versetto: (83) Sura: Al-Baqarah
وَاِذْ اَخَذْنَا مِیْثَاقَ بَنِیْۤ اِسْرَآءِیْلَ لَا تَعْبُدُوْنَ اِلَّا اللّٰهَ ۫— وَبِالْوَالِدَیْنِ اِحْسَانًا وَّذِی الْقُرْبٰی وَالْیَتٰمٰی وَالْمَسٰكِیْنِ وَقُوْلُوْا لِلنَّاسِ حُسْنًا وَّاَقِیْمُوا الصَّلٰوةَ وَاٰتُوا الزَّكٰوةَ ؕ— ثُمَّ تَوَلَّیْتُمْ اِلَّا قَلِیْلًا مِّنْكُمْ وَاَنْتُمْ مُّعْرِضُوْنَ ۟
হে বনী ইছৰাইল! সেই দৃঢ় অঙ্গীকাৰ স্মৰণ কৰা, যিটো তোমালোকৰ পৰা লোৱা হৈছিল যে, তোমালোকে কেৱল এক আল্লাহক স্বীকাৰ কৰিবা তেওঁৰ লগত আন কাৰো উপাসনা নকৰিবা তথা পিতৃ-মাতৃ, আত্মীয় স্বজন, অনাথ আৰু দৰিদ্ৰ, অভাৱী ব্যক্তিৰ লগত সদাচৰণ কৰিবা আৰু মানুহৰ লগত উত্তম কথা কবা। ৰূঢ় স্বভাৱ আৰু কঠোৰতা পৰিহাৰ কৰি সৎকৰ্মৰ আদেশ দিবা আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখিবা লগতে আমি দেখুৱাই দিয়া নিয়মানুযায়ী ছালাত আদায় কৰিবা আৰু আনন্দচিত্তে যাকাত আদায় কৰি উপযুক্ত ব্যক্তিসকলৰ মাজত বন্টন কৰিবা। এই প্ৰতিশ্ৰুতিৰ পিছতো তোমালোকে বিমুখ হৈছিলা আৰু ইয়াৰ ওপৰত আমল কৰাৰো তোমালোকৰ কোনো চাহিদা নাছিল। কিন্তু তোমালোকৰ মাজৰ যাক আল্লাহে ৰক্ষা কৰিছিল তেওঁ এই প্ৰতিশ্ৰুতি পালন কৰিছিল তথা অঙ্গীকাৰ পূৰণ কৰিছিল।
Esegesi in lingua araba:
Insegnamenti tratti dai versetti:
• بعض أهل الكتاب يدّعي العلم بما أنزل الله، والحقيقة أن لا علم له بما أنزل الله، وإنما هو الوهم والجهل.
কিছুমান আহলে কিতাবে সিহঁতৰ ওচৰত আল্লাহৰ পুথিৰ জ্ঞান আছে বুলি দাবী কৰে কিন্তু সিহঁতৰ ওচৰত ভ্ৰম আৰু অজ্ঞতাৰ বাহিৰে আন একো নাই।

• من أعظم الناس إثمًا من يكذب على الله تعالى ورسله ؛ فينسب إليهم ما لم يكن منهم.
আটাইতকৈ ডাঙৰ পাপীসকলৰ ভিতৰত এজন সেই ব্যক্তি যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি মিছা আৰোপ কৰি এনেকুৱা কথা তেওঁলোকৰ লগত সম্পৃক্ত কৰে যিটো তেওঁলোকে কোৱা নাই।

• مع عظم المواثيق التي أخذها الله تعالى على اليهود وشدة التأكيد عليها، لم يزدهم ذلك إلا إعراضًا عنها ورفضًا لها.
আল্লাহে ইয়াহুদীসকলৰ পৰা ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি লৈছিল আৰু সেইবোৰ পালন কৰিবলৈ তাগিদ কৰিছিল কিন্তু সিহঁতৰ বিমুখতা আৰু প্ৰতিশ্ৰুতি ভঙ্গ কৰা কাৰ্যহে বৃদ্ধি পালে।

 
Traduzione significati Versetto: (83) Sura: Al-Baqarah
Indice Sure Numero di pagina
 
Traduzione dei Significati del Sacro Corano - TRADUZIONE ASSAMESE – Esegesi Sintetica del Nobile Corano - Indice traduzioni

Edito dal Tafsir Center for Quranic Studies

Chiudi