Check out the new design

Traduzione dei Significati del Sacro Corano - TRADUZIONE ASSAMESE – Esegesi Sintetica del Nobile Corano * - Indice traduzioni


Traduzione significati Versetto: (37) Sura: Al-Baqarah
فَتَلَقّٰۤی اٰدَمُ مِنْ رَّبِّهٖ كَلِمٰتٍ فَتَابَ عَلَیْهِ ؕ— اِنَّهٗ هُوَ التَّوَّابُ الرَّحِیْمُ ۟
তাৰ পিছত আল্লাহে আদম আলাইহিছ ছালামৰ অন্তৰত কেইটামান শব্দ অৱতীৰ্ণ কৰিলে আৰু তাৰ দ্বাৰা দুআ কৰিবলৈ আদমৰ অন্তৰত জনাই দিলে। সেই শব্দবোৰেৰে আদম আলাইহিছ ছালামে দুআ কৰিবলৈ ধৰিলে। দুআৰ সেই শব্দবোৰ আল্লাহৰ এই বাণীত উল্লেখ আছে। উভয়ে ক’লে, “হে আমাৰ ৰব্ব! আমি নিজেই নিজৰ প্ৰতি অন্যায় কৰিছো আৰু যদি তুমি আমাক ক্ষমা কৰি নিদিয়া আৰু আমাৰ প্ৰতি দয়া নকৰা তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্থসকলৰ অন্তৰ্ভুক্ত হম”। (ছুৰা আল-আৰাফঃ ২৩) ফলত আল্লাহে তেওঁলোকৰ তাওবা কবুল কৰিলে আৰু তেওঁলোকক ক্ষমা কৰি দিলে। তাওবা কিয় কবুল নকৰিব! তেওঁ বান্দাৰ তাওবা অতি আগ্ৰহেৰে কবুল কৰে আৰু তেওঁ বান্দাৰ প্ৰতি অতি দয়ালু।
Esegesi in lingua araba:
Insegnamenti tratti dai versetti:
• الواجب على المؤمن إذا خفيت عليه حكمة الله في بعض خلقه وأَمْرِهِ أن يسلِّم لله في خلقه وأَمْرِهِ.
যদি আল্লাহৰ কোনো সৃষ্টি অথবা আদেশৰ হিকমত বুজা নাযায়, তেন্তে সেই বিষয়টোক মুমিনসকলে আল্লাহৰ পিনে প্ৰত্যাৰ্পন কৰা উচিত।

• رَفَعَ القرآن الكريم منزلة العلم، وجعله سببًا للتفضيل بين الخلق.
কোৰআনে জ্ঞানৰ মৰ্যদা উচ্চ কৰিছে আৰু জ্ঞানক শ্ৰেষ্ঠতা প্ৰাপ্ত হোৱাৰ মাধ্যম বনাই দিছে।

• الكِبْرُ هو رأس المعاصي، وأساس كل بلاء ينزل بالخلق، وهو أول معصية عُصِيَ الله بها.
অহংকাৰ হৈছে সকলো গুনাহৰ মূল। সৃষ্টিৰ প্ৰতি আপতিত প্ৰত্যেক বিপদৰ ভেটি। অহংকাৰেই হৈছে আল্লাহৰ লগত কৰা সৰ্বপ্ৰথম অবাধ্যতা।

 
Traduzione significati Versetto: (37) Sura: Al-Baqarah
Indice Sure Numero di pagina
 
Traduzione dei Significati del Sacro Corano - TRADUZIONE ASSAMESE – Esegesi Sintetica del Nobile Corano - Indice traduzioni

Edito dal Tafsir Center for Quranic Studies

Chiudi