Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar Asamiyanci - Rafiƙul-Islam Habib al-Rahman * - Teburin Bayani kan wasu Fassarori

PDF XML CSV Excel API
Please review the Terms and Policies

Fassarar Ma'anoni Sura: Al'furqan   Aya:
وَقَالَ الَّذِیْنَ لَا یَرْجُوْنَ لِقَآءَنَا لَوْلَاۤ اُنْزِلَ عَلَیْنَا الْمَلٰٓىِٕكَةُ اَوْ نَرٰی رَبَّنَا ؕ— لَقَدِ اسْتَكْبَرُوْا فِیْۤ اَنْفُسِهِمْ وَعَتَوْ عُتُوًّا كَبِیْرًا ۟
আৰু যিসকলে আমাৰ সাক্ষাৎ কামনা নকৰে সিহঁতে কয়, ‘আমাৰ ওচৰলৈ ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহয়, অথবা আমি আমাৰ প্ৰতিপালকক দেখা নাপাওঁ কিয়’? নিশ্চয় সিহঁতে সিহঁতৰ অন্তৰত অহংকাৰ পোষণ কৰিছে আৰু সিহঁতে জঘন্যভাৱে সীমালংঘন কৰিছে।
Tafsiran larabci:
یَوْمَ یَرَوْنَ الْمَلٰٓىِٕكَةَ لَا بُشْرٰی یَوْمَىِٕذٍ لِّلْمُجْرِمِیْنَ وَیَقُوْلُوْنَ حِجْرًا مَّحْجُوْرًا ۟
যিদিনা সিহঁতে ফিৰিস্তাসকলক দেখিবলৈ পাব সেইদিনা অপৰাধীসকলৰ বাবে কোনো সুসংবাদ নাথাকিব আৰু সিহঁতে ক’ব, ‘ৰক্ষা কৰা, ৰক্ষা কৰা’।
Tafsiran larabci:
وَقَدِمْنَاۤ اِلٰی مَا عَمِلُوْا مِنْ عَمَلٍ فَجَعَلْنٰهُ هَبَآءً مَّنْثُوْرًا ۟
আৰু আমি সিহঁতৰ কৃতকৰ্মৰ প্ৰতি অগ্ৰসৰ হৈ সেইবোৰক বিক্ষিপ্ত ধূলিকণাত পৰিণত (কৰি নিষ্ফল) কৰিম।
Tafsiran larabci:
اَصْحٰبُ الْجَنَّةِ یَوْمَىِٕذٍ خَیْرٌ مُّسْتَقَرًّا وَّاَحْسَنُ مَقِیْلًا ۟
সেইদিনা জান্নাতবাসীসকলৰ বাসস্থান হ'ব উৎকৃষ্ট আৰু বিশ্ৰামস্থল হ’ব মনোৰম।
Tafsiran larabci:
وَیَوْمَ تَشَقَّقُ السَّمَآءُ بِالْغَمَامِ وَنُزِّلَ الْمَلٰٓىِٕكَةُ تَنْزِیْلًا ۟
আৰু সেইদিনা মেঘপুঞ্জৰ দ্বাৰা আকাশ বিদীৰ্ণ হ'ব আৰু দলে দলে ফিৰিস্তাসকলক অৱতীৰ্ণ কৰোৱা হ’ব।
Tafsiran larabci:
اَلْمُلْكُ یَوْمَىِٕذِ ١لْحَقُّ لِلرَّحْمٰنِ ؕ— وَكَانَ یَوْمًا عَلَی الْكٰفِرِیْنَ عَسِیْرًا ۟
সেইদিনা চূড়ান্ত কৰ্তৃত্ব হ’ব কেৱল ৰহমানৰ আৰু কাফিৰসকলৰ বাবে সেইদিনটো হ’ব অত্যন্ত কঠিন।
Tafsiran larabci:
وَیَوْمَ یَعَضُّ الظَّالِمُ عَلٰی یَدَیْهِ یَقُوْلُ یٰلَیْتَنِی اتَّخَذْتُ مَعَ الرَّسُوْلِ سَبِیْلًا ۟
সেইদিনা যালিম ব্যক্তিয়ে নিজৰে দুহাত কামুৰি কামুৰি ক’ব, ‘হায়! মই যদি ৰাছুলৰ সৈতে কোনো পথ অৱলম্বন কৰিলোঁহেঁতেন!’
Tafsiran larabci:
یٰوَیْلَتٰی لَیْتَنِیْ لَمْ اَتَّخِذْ فُلَانًا خَلِیْلًا ۟
হায়! দুৰ্ভাগ্য মোৰ, অমুকক যদি মই বন্ধুৰূপে গ্ৰহণ নকৰিলোঁহেঁতেন!
Tafsiran larabci:
لَقَدْ اَضَلَّنِیْ عَنِ الذِّكْرِ بَعْدَ اِذْ جَآءَنِیْ ؕ— وَكَانَ الشَّیْطٰنُ لِلْاِنْسَانِ خَذُوْلًا ۟
নিশ্চয় সিয়ে মোক উপদেশ বাণীৰ পৰা বিভ্ৰান্ত কৰিছিল, যেতিয়া মোৰ ওচৰলৈ উপদেশ আহিছিল; আৰু চয়তানতো মানুহৰ বাবে মহাপ্ৰতাৰক।
Tafsiran larabci:
وَقَالَ الرَّسُوْلُ یٰرَبِّ اِنَّ قَوْمِی اتَّخَذُوْا هٰذَا الْقُرْاٰنَ مَهْجُوْرًا ۟
আৰু ৰাছুলে ক’ব, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ সম্প্ৰদায়ে কোৰআনক পৰিত্যজ সাব্যস্ত কৰিছে’।
Tafsiran larabci:
وَكَذٰلِكَ جَعَلْنَا لِكُلِّ نَبِیٍّ عَدُوًّا مِّنَ الْمُجْرِمِیْنَ ؕ— وَكَفٰی بِرَبِّكَ هَادِیًا وَّنَصِیْرًا ۟
(আল্লাহে কৈছে) ‘এইদৰেই আমি প্ৰত্যেক নবীৰ বাবে অপৰাধীবিলাকৰ মাজৰ পৰা শত্ৰু বনাই দিছোঁ। এতেকে পথপ্ৰদৰ্শক আৰু সহায়কাৰীৰূপে তোমাৰ প্ৰতিপালকেই যথেষ্ট’।
Tafsiran larabci:
وَقَالَ الَّذِیْنَ كَفَرُوْا لَوْلَا نُزِّلَ عَلَیْهِ الْقُرْاٰنُ جُمْلَةً وَّاحِدَةً ۛۚ— كَذٰلِكَ ۛۚ— لِنُثَبِّتَ بِهٖ فُؤَادَكَ وَرَتَّلْنٰهُ تَرْتِیْلًا ۟
আৰু কাফিৰসকলে কয়, ‘সম্পূৰ্ণ কোৰআনখন তেওঁৰ প্ৰতি একেলগে অৱতীৰ্ণ কৰা নহ’ল কিয়’? (শুনা) এইদৰে অৱতীৰ্ণ কৰাৰ কাৰণ হৈছে যাতে তোমাৰ হৃদয়ক আমি ইয়াৰ দ্বাৰা মজবুত কৰিব পাৰোঁ, সেয়ে আমি ইয়াক ক্ৰমে ক্ৰমে স্পষ্টভাৱে আবৃত্তি কৰিছোঁ।
Tafsiran larabci:
 
Fassarar Ma'anoni Sura: Al'furqan
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar Asamiyanci - Rafiƙul-Islam Habib al-Rahman - Teburin Bayani kan wasu Fassarori

Fassarar Rafiƙul Islam Habibu al-Rahman.

Rufewa