Check out the new design

Fassarar ma'anonin Alkura'ni mai girma - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Jerin ginshikan taken fassarorin


Fassarar Ma'anoni Aya: (72) Sura: Al'anfal
اِنَّ الَّذِیْنَ اٰمَنُوْا وَهَاجَرُوْا وَجٰهَدُوْا بِاَمْوَالِهِمْ وَاَنْفُسِهِمْ فِیْ سَبِیْلِ اللّٰهِ وَالَّذِیْنَ اٰوَوْا وَّنَصَرُوْۤا اُولٰٓىِٕكَ بَعْضُهُمْ اَوْلِیَآءُ بَعْضٍ ؕ— وَالَّذِیْنَ اٰمَنُوْا وَلَمْ یُهَاجِرُوْا مَا لَكُمْ مِّنْ وَّلَایَتِهِمْ مِّنْ شَیْءٍ حَتّٰی یُهَاجِرُوْا ۚ— وَاِنِ اسْتَنْصَرُوْكُمْ فِی الدِّیْنِ فَعَلَیْكُمُ النَّصْرُ اِلَّا عَلٰی قَوْمٍ بَیْنَكُمْ وَبَیْنَهُمْ مِّیْثَاقٌ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟
নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে, আৰু তেওঁৰ ৰাছুলক সত্য বুলি স্বীকাৰ কৰিছে আৰু তেওঁৰ চৰীয়ত মুতাবিক আমল কৰিছে, লগতে কুফুৰী চহৰৰ পৰা ইছলামী চহৰলৈ হিজৰত কৰিছে অথবা এনেকুৱা ঠাইৰ পিনে হিজৰত কৰিছে যত তেওঁলোকে নিৰাপদে আল্লাহৰ ইবাদত কৰিব পাৰিব। লগতে আল্লাহৰ বাণী সুউচ্চ কৰিবলৈ নিজৰ জান মালৰ সৈতে জিহাদ কৰিছে, আৰু সেইসকল লোক যিসকলে তেওঁলোকক নিজৰ ঘৰত ঠাই দিছে আৰু তেওঁলোকক সহায় কৰিছে, তেওঁলোকেই মুহাজিৰ আৰু তেওঁলোকক সহায়কাৰীসকল হৈছে মদীনাবাসী, পৰস্পৰে পৰস্পৰৰ সহায়ক। আনহাতে যিসকলে ঈমান পোষণ কৰিছে কিন্তু কুফুৰী নগৰৰ পৰা ইছলামী নগৰলৈ হিজৰত কৰা নাই, তেওঁলোক যেতিয়ালৈকে হিজৰত নকৰিব তেতিয়ালৈকে হে মুমিনসকল তোমালোকৰ বাবে সিহঁতক সহায় কৰা তথা ৰক্ষা কৰা অনিবাৰ্য নহয়। কিন্তু যদি কাফিৰসকলে তেওঁলোকৰ ওপৰত নিৰ্যাতন চলায় আৰু তেওঁলোকে তোমালোকৰ পৰা সহায় বিচাৰি আবেদন জনায় তেন্তে তেওঁলোকক সহায় কৰিবা। কিন্তু যদি তোমালোকৰ আৰু তেওঁলোকৰ শত্ৰুৰ মাজত যদি কোনো সন্ধি থাকে আৰু সেই সন্ধি সিহঁতে ভঙ্গও কৰা নাই তেন্তে সেয়া সুকীয়া বিষয়। তোমালোকৰ সকলো কৰ্ম সম্পৰ্কে আল্লাহ সম্যক অৱগত। তেওঁৰ পৰা তোমালোকৰ কোনো কাম গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।
Tafsiran larabci:
Daga cikin fa'idodin ayoyin a wannan shafi:
• يجب على المؤمنين ترغيب الأسرى في الإيمان.
মুমিনসকলে কয়েদীসকলক ঈমানৰ প্ৰতি উৎসাহিত কৰা উচিত।

• تضمنت الآيات بشارة للمؤمنين باستمرار النصر على المشركين ما داموا آخذين بأسباب النصر المادية والمعنوية.
উক্ত আয়াতবোৰত মুমিনসকলক এই কথাৰ শিক্ষা দিয়া হৈছে যে, তেওঁলোকে যেতিয়ালৈকে আল্লাহৰ সহায় লাভৰ উপায়সমূহ মজবুত ভাৱে ধাৰণ কৰি থাকিব, তেতিয়ালৈকে তেওঁলোকে আল্লাহৰ সহায় পাই থাকিব।

• إن المسلمين إذا لم يكونوا يدًا واحدة على أهل الكفر لم تظهر شوكتهم، وحدث بذلك فساد كبير.
যেতিয়ালৈকে মুছলিমসকলে কাফিৰসকলৰ বিৰুদ্ধে একত্ৰিত নহ'ব, তেতিয়ালৈকে তেওঁলোকৰ শক্তি প্ৰকাশ নাপাব, এনেকুৱা নহ'লে মহা বিপৰ্যয় সৃষ্টি হ'ব।

• فضيلة الوفاء بالعهود والمواثيق في شرعة الإسلام، وإن عارض ذلك مصلحة بعض المسلمين.
ইছলামত সন্ধি তথা প্ৰতিশ্ৰুতি পূৰণৰ মহত্ব, যদিও কিছুমান মুছলিমৰ ক্ষেত্ৰত অসুবিধা নহওঁক কিয়।

 
Fassarar Ma'anoni Aya: (72) Sura: Al'anfal
Teburin jerin sunayen surori Lambar shafi
 
Fassarar ma'anonin Alkura'ni mai girma - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Jerin ginshikan taken fassarorin

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa