Check out the new design

Fassarar ma'anonin Alkura'ni mai girma - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Jerin ginshikan taken fassarorin


Fassarar Ma'anoni Aya: (170) Sura: Al'nisaa
یٰۤاَیُّهَا النَّاسُ قَدْ جَآءَكُمُ الرَّسُوْلُ بِالْحَقِّ مِنْ رَّبِّكُمْ فَاٰمِنُوْا خَیْرًا لَّكُمْ ؕ— وَاِنْ تَكْفُرُوْا فَاِنَّ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَكَانَ اللّٰهُ عَلِیْمًا حَكِیْمًا ۟
হে মানৱজাতি! ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকৰ ওচৰত আল্লাহৰ তৰফৰ পৰা হিদায়ত তথা সত্য দ্বীন লৈ আহিছে। এতেকে তেওঁ যি লৈ আহিছে তাৰ প্ৰতি ঈমান পোষণ কৰা, ইয়াৰ ফলতে তোমালোকে পৃথিৱী আৰু আখিৰাতত কল্যাণ পাবা। আনহাতে যদি তোমালোকে আল্লাহৰ লগত কুফৰী কৰা, তেন্তে জানি থোৱা তোমালোকৰ ঈমানৰ আল্লাহৰ কোনো প্ৰয়োজন নাই, আৰু তোমালোকৰ কুফৰীয়েও তেওঁৰ কোনো ক্ষতি কৰিব নোৱাৰে। আকাশমণ্ডল, পৃথিৱী আৰু এই উভয়ৰ মাজত যি আছে, সেই সকলোৰে মালিক কেৱল তেৱেঁই। এতেকে আল্লাহে ভালদৰেই জানে কোনে হিদায়তৰ বেছি হকদাৰ, সেয়ে তেওঁ তাক হিদায়তৰ বাট সুগম কৰি দিয়ে। আনহাতে যিয়ে ইয়াৰ হকদাৰ নহয়, তাক তেওঁ তাৰ পৰা আঁতৰ কৰি দিয়ে। তেওঁ কথা, কৰ্ম, বিধান প্ৰস্তুত কৰাত আৰু সিদ্ধান্ত গ্ৰহণত মহাপ্ৰজ্ঞাৱান।
Tafsiran larabci:
Daga cikin fa'idodin ayoyin a wannan shafi:
• إثبات النبوة والرسالة في شأن نوح وإبراهيم وغيرِهما مِن ذرياتهما ممن ذكرهم الله وممن لم يذكر أخبارهم لحكمة يعلمها سبحانه.
নূহ, ইব্ৰাহীম তথা তেওঁলোকৰ বংশধৰ সকলক নবুওৱত আৰু ৰিছালত প্ৰদানৰ প্ৰমাণ। তেওঁলোকৰ মাজৰ কিছুমানৰ বৰ্ণনা আল্লাহে কৰিছে, কিন্তু আন কিছুমানৰ বিষয়ে আল্লাহে কিবা বিশেষ কাৰণত বৰ্ণনা কৰা নাই, যিটো কেৱল তেৱেঁই জানে।

• إثبات صفة الكلام لله تعالى على وجه يليق بذاته وجلاله، فقد كلّم الله تعالى نبيه موسى عليه السلام.
আল্লাহে কথা কোৱাৰ প্ৰমাণ, কিন্তু তেওঁ তেনেকৈয়ে কথা কয় যিটো তেওঁৰ উচ্চ আৰু পৱিত্ৰ সত্ত্বাৰ অনুকূল। কিয়নো নিশ্চয় আল্লাহে তেওঁৰ নবী মূছাৰ লগত প্ৰত্যক্ষভাৱে কথা কৈছে।

• تسلية النبي محمد عليه الصلاة والسلام ببيان أن الله تعالى يشهد على صدق دعواه في كونه نبيًّا، وكذلك تشهد الملائكة.
নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক এই কথাৰ দ্বাৰা সান্তনা প্ৰদান কৰিছে যে, স্বয়ং আল্লাহে নিজেই তেওঁৰ নবুওৱতৰ সত্যতা প্ৰদান কৰি সাক্ষ্য দিছে। এইদৰে ফিৰিস্তাসকলেও সাক্ষ্য প্ৰদান কৰিছে।

 
Fassarar Ma'anoni Aya: (170) Sura: Al'nisaa
Teburin jerin sunayen surori Lambar shafi
 
Fassarar ma'anonin Alkura'ni mai girma - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Jerin ginshikan taken fassarorin

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa