Check out the new design

કુરઆન મજીદના શબ્દોનું ભાષાંતર - આસામી ભાષામાં અનુવાદ - રફીકુલ ઇસ્લામ હબીબુર રહમાન * - ભાષાંતરોની અનુક્રમણિકા

PDF XML CSV Excel API
Please review the Terms and Policies

શબ્દોનું ભાષાંતર સૂરહ: અલ્ બકરહ   આયત:
اُحِلَّ لَكُمْ لَیْلَةَ الصِّیَامِ الرَّفَثُ اِلٰی نِسَآىِٕكُمْ ؕ— هُنَّ لِبَاسٌ لَّكُمْ وَاَنْتُمْ لِبَاسٌ لَّهُنَّ ؕ— عَلِمَ اللّٰهُ اَنَّكُمْ كُنْتُمْ تَخْتَانُوْنَ اَنْفُسَكُمْ فَتَابَ عَلَیْكُمْ وَعَفَا عَنْكُمْ ۚ— فَالْـٰٔنَ بَاشِرُوْهُنَّ وَابْتَغُوْا مَا كَتَبَ اللّٰهُ لَكُمْ ۪— وَكُلُوْا وَاشْرَبُوْا حَتّٰی یَتَبَیَّنَ لَكُمُ الْخَیْطُ الْاَبْیَضُ مِنَ الْخَیْطِ الْاَسْوَدِ مِنَ الْفَجْرِ ۪— ثُمَّ اَتِمُّوا الصِّیَامَ اِلَی الَّیْلِ ۚ— وَلَا تُبَاشِرُوْهُنَّ وَاَنْتُمْ عٰكِفُوْنَ فِی الْمَسٰجِدِ ؕ— تِلْكَ حُدُوْدُ اللّٰهِ فَلَا تَقْرَبُوْهَا ؕ— كَذٰلِكَ یُبَیِّنُ اللّٰهُ اٰیٰتِهٖ لِلنَّاسِ لَعَلَّهُمْ یَتَّقُوْنَ ۟
ছিয়ামৰ ৰাতিত তোমালোকৰ বাবে স্ত্ৰী-সম্ভোগ বৈধ কৰা হৈছে। সিহঁত তোমালোকৰ পোছাকস্বৰূপ আৰু তোমালোকেও সিহঁতৰ পোছাকস্বৰূপ। আল্লাহে জানে যে, তোমালোকে নিজৰ লগত খিয়ানত কৰিছিলা। এতেকে তেওঁ তোমালোকৰ তাওবা কবুল কৰিছে আৰু তোমালোকক মাৰ্জনা কৰিছে। তোমালোকে এতিয়া সিহঁতৰ লগত মিলিত হ’ব পাৰিবা আৰু আল্লাহে তোমালোকৰ বাবে যি বিধিবদ্ধ কৰি ৰাখিছে সেইটো কামনা কৰা; আৰু তোমালোকে পানাহাৰ কৰা যেতিয়ালৈকে ৰাতিৰ ক'লা ৰেখাৰ পৰা ঊষাৰ বগা ৰেখা স্পষ্টৰূপে তোমালোকৰ ওচৰত প্ৰকাশ নহয়। তাৰ পিছত ৰাতিৰ আগমন পৰ্যন্ত ছিয়াম পালন কৰা; আৰু তোমালোকে মছজিদত এ’তিকাফ অৱস্থাত সিহঁতৰ লগত সহবাস নকৰিবা। এইবোৰ হৈছে আল্লাহৰ সীমাৰেখা। সেয়ে এইবোৰৰ নিকটৱৰ্তী নহ’বা। এনেকৈ আল্লাহে তেওঁৰ আয়াতসমূহ মানুহৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰে, যাতে সিহঁত তাক্বৱাৰ অধিকাৰী হ’ব পাৰে।
અરબી તફસીરો:
وَلَا تَاْكُلُوْۤا اَمْوَالَكُمْ بَیْنَكُمْ بِالْبَاطِلِ وَتُدْلُوْا بِهَاۤ اِلَی الْحُكَّامِ لِتَاْكُلُوْا فَرِیْقًا مِّنْ اَمْوَالِ النَّاسِ بِالْاِثْمِ وَاَنْتُمْ تَعْلَمُوْنَ ۟۠
আৰু তোমালোকে নিজৰ মাজতে এজনে আনজনৰ অৰ্থ-সম্পদ অন্যায়ভাৱে নাখাবা আৰু মানুহৰ ধন-সম্পত্তিৰ কিছু অংশ জানি বুজি অন্যায়ভাৱে আত্মসাৎ কৰিবলৈ বিচাৰকসকলক উৎকোচ প্ৰদান নকৰিবা।
અરબી તફસીરો:
یَسْـَٔلُوْنَكَ عَنِ الْاَهِلَّةِ ؕ— قُلْ هِیَ مَوَاقِیْتُ لِلنَّاسِ وَالْحَجِّ ؕ— وَلَیْسَ الْبِرُّ بِاَنْ تَاْتُوا الْبُیُوْتَ مِنْ ظُهُوْرِهَا وَلٰكِنَّ الْبِرَّ مَنِ اتَّقٰی ۚ— وَاْتُوا الْبُیُوْتَ مِنْ اَبْوَابِهَا ۪— وَاتَّقُوا اللّٰهَ لَعَلَّكُمْ تُفْلِحُوْنَ ۟
সিহঁতে তোমাক নতুন জোন সম্পৰ্কে প্ৰশ্ন কৰে (কিয় এইটো সৰু হয় আৰু ডাঙৰ হয়)। কোৱা, 'এইটো হৈছে মানুহৰ (বিভিন্ন কামকাজৰ) আৰু হজ্জৰ বাবে সময় নিৰ্ধাৰক; আৰু পিছফালেৰে ঘৰত প্ৰৱেশ কৰাটো কোনো পূণ্যৰ কাম নহয়, বৰং পূণ্য হৈছে তাক্বৱা অৱলম্বন কৰা। এতেকে তোমালোকে (সন্মুখৰ) দুৱাৰেৰেই ঘৰত প্ৰৱেশ কৰা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা'।
અરબી તફસીરો:
وَقَاتِلُوْا فِیْ سَبِیْلِ اللّٰهِ الَّذِیْنَ یُقَاتِلُوْنَكُمْ وَلَا تَعْتَدُوْا ؕ— اِنَّ اللّٰهَ لَا یُحِبُّ الْمُعْتَدِیْنَ ۟
আৰু যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তোমালোকেও আল্লাহৰ পথত সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰা; কিন্তু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহ সীমালংঘনকাৰীসকলক ভাল নাপায়।
અરબી તફસીરો:
 
શબ્દોનું ભાષાંતર સૂરહ: અલ્ બકરહ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - આસામી ભાષામાં અનુવાદ - રફીકુલ ઇસ્લામ હબીબુર રહમાન - ભાષાંતરોની અનુક્રમણિકા

તેનું અનુવાદ રફીકુલ્ ઇસ્લામ હબીબુર્ રહમાન દ્વારા કરવામાં આવ્યું.

બંધ કરો