Check out the new design

કુરઆન મજીદના શબ્દોનું ભાષાંતર - આસામી ભાષામાં અનુવાદ - રફીકુલ ઇસ્લામ હબીબુર રહમાન * - ભાષાંતરોની અનુક્રમણિકા

PDF XML CSV Excel API
Please review the Terms and Policies

શબ્દોનું ભાષાંતર સૂરહ: અલ્ બકરહ   આયત:
وَاتَّبَعُوْا مَا تَتْلُوا الشَّیٰطِیْنُ عَلٰی مُلْكِ سُلَیْمٰنَ ۚ— وَمَا كَفَرَ سُلَیْمٰنُ وَلٰكِنَّ الشَّیٰطِیْنَ كَفَرُوْا یُعَلِّمُوْنَ النَّاسَ السِّحْرَ ۗ— وَمَاۤ اُنْزِلَ عَلَی الْمَلَكَیْنِ بِبَابِلَ هَارُوْتَ وَمَارُوْتَ ؕ— وَمَا یُعَلِّمٰنِ مِنْ اَحَدٍ حَتّٰی یَقُوْلَاۤ اِنَّمَا نَحْنُ فِتْنَةٌ فَلَا تَكْفُرْ ؕ— فَیَتَعَلَّمُوْنَ مِنْهُمَا مَا یُفَرِّقُوْنَ بِهٖ بَیْنَ الْمَرْءِ وَزَوْجِهٖ ؕ— وَمَا هُمْ بِضَآرِّیْنَ بِهٖ مِنْ اَحَدٍ اِلَّا بِاِذْنِ اللّٰهِ ؕ— وَیَتَعَلَّمُوْنَ مَا یَضُرُّهُمْ وَلَا یَنْفَعُهُمْ ؕ— وَلَقَدْ عَلِمُوْا لَمَنِ اشْتَرٰىهُ مَا لَهٗ فِی الْاٰخِرَةِ مِنْ خَلَاقٍ ۫ؕ— وَلَبِئْسَ مَا شَرَوْا بِهٖۤ اَنْفُسَهُمْ ؕ— لَوْ كَانُوْا یَعْلَمُوْنَ ۟
আৰু ছুলাইমানৰ ৰাজত্বত চয়তানসকলে যি আবৃত্তি কৰিছিল সেয়া সিহঁতে অনুসৰণ কৰিছে আৰু ছুলাইমানে (কেতিয়াও) কুফৰী কৰা নাছিল, বৰং চয়তানেহে কুফৰী কৰিছিল। সিহঁতে মানুহক যাদু শিক্ষা দিছিল আৰু (সেই বিষয়ে শিক্ষা দিছিল) যিটো বাবিল চহৰত হাৰূত আৰু মাৰূত ফিৰিস্তাদয়ৰ ওপৰত অৱতীৰ্ণ হৈছিল। তেওঁলোক উভয়েই এই কথা নোকোৱালৈকে কাকো শিক্ষা দিয়া নাছিল যে, ‘আমি কেৱল এটা পৰীক্ষাহে’; সেয়ে তুমি কুফৰী নকৰিবা। ইয়াৰ পিছতো সিহঁতে ফিৰিস্তাদ্বয়ৰ পৰা এনেকুৱা যাদু শিকি লৈছিল যিটোৰ দ্বাৰা সিহঁতে স্বামী-স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটাইছিল। অথচ সিহঁতে আল্লাহৰ অনুমতিবিনে তাৰ দ্বাৰা কাৰো ক্ষতি কৰিব পৰা নাছিল; আৰু সিহঁতে কেৱল সেইটোৱে শিকিছিল যিটো সিহঁতক ক্ষতি কৰিছিল, কোনো উপকাৰ কৰা নাছিল; আৰু সিহঁতে নিশ্চিতভাৱে জানে যে, যিয়ে ইয়াক ক্ৰয় কৰে (অৰ্থাৎ যিয়ে যাদুৰ আশ্ৰয় লয়) তাৰ বাবে আখিৰাতত কোনো অংশ নাই। যাৰ বিনিময়ত সিহঁতে নিজকে বিক্ৰী কৰি আছে, সেয়া কিমান যে নিকৃষ্ট, যদি সিহঁত জানিলেহেঁতেন!
અરબી તફસીરો:
وَلَوْ اَنَّهُمْ اٰمَنُوْا وَاتَّقَوْا لَمَثُوْبَةٌ مِّنْ عِنْدِ اللّٰهِ خَیْرٌ ؕ— لَوْ كَانُوْا یَعْلَمُوْنَ ۟۠
আৰু যদি সিহঁতে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন, তেন্তে আল্লাহৰ তৰফৰ পৰা পাবলগীয়া ছোৱাব নিশ্চিতভাৱে (সিহঁতৰ বাবে) অধিক কল্যাণকৰ হ’লহেঁতেন, এই কথা যদি সিহঁত জানিলেহেঁতেন!
અરબી તફસીરો:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَقُوْلُوْا رَاعِنَا وَقُوْلُوا انْظُرْنَا وَاسْمَعُوْا ؕ— وَلِلْكٰفِرِیْنَ عَذَابٌ اَلِیْمٌ ۟
হে ঈমান্দাৰসকল! তোমালোকে ‘ৰা-য়িনা’ বুলি নক'বা, বৰং ‘উনযুৰনা’ বুলি কোৱা আৰু শুনা; আৰু কাফিৰসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
અરબી તફસીરો:
مَا یَوَدُّ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ وَلَا الْمُشْرِكِیْنَ اَنْ یُّنَزَّلَ عَلَیْكُمْ مِّنْ خَیْرٍ مِّنْ رَّبِّكُمْ ؕ— وَاللّٰهُ یَخْتَصُّ بِرَحْمَتِهٖ مَنْ یَّشَآءُ ؕ— وَاللّٰهُ ذُو الْفَضْلِ الْعَظِیْمِ ۟
কিতাবীসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে সিহঁত আৰু মুশ্বৰিকসকলে এইটো নিবিচাৰে যে, তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওপৰত কোনো কল্যাণ অৱতীৰ্ণ হওক। অথচ আল্লাহে যাক ইচ্ছা নিজ ৰহমতৰ দ্বাৰা বিশেষিত কৰে; আৰু আল্লাহ মহান অনুগ্ৰহদাতা।
અરબી તફસીરો:
 
શબ્દોનું ભાષાંતર સૂરહ: અલ્ બકરહ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - આસામી ભાષામાં અનુવાદ - રફીકુલ ઇસ્લામ હબીબુર રહમાન - ભાષાંતરોની અનુક્રમણિકા

તેનું અનુવાદ રફીકુલ્ ઇસ્લામ હબીબુર્ રહમાન દ્વારા કરવામાં આવ્યું.

બંધ કરો