Check out the new design

Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran. * - Lexique des traductions


Traduction des sens Verset: (11) Sourate: Al Mâ'idah
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اذْكُرُوْا نِعْمَتَ اللّٰهِ عَلَیْكُمْ اِذْ هَمَّ قَوْمٌ اَنْ یَّبْسُطُوْۤا اِلَیْكُمْ اَیْدِیَهُمْ فَكَفَّ اَیْدِیَهُمْ عَنْكُمْ ۚ— وَاتَّقُوا اللّٰهَ ؕ— وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟۠
হে ঈমান্দাৰসকল! অন্তৰ আৰু জিভাৰ জৰিয়তে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, তেৱেঁই তোমালোকক শান্তি ও নিৰাপত্তা প্ৰদান কৰিছে, আৰু যেতিয়া তোমালোকৰ শত্ৰুৱে তোমালোকৰ পিনে হাত বঢ়াব বিচাৰিছিল আৰু তোমালোকক ধৰি শাস্তি দিব বিচাৰিছিল, তেতিয়া আল্লাহেই সিহঁতৰ অন্তৰত ভয় সৃষ্টি কৰি দিছিল আৰু তোমালোকক সিহঁতৰ পৰা ৰক্ষা কৰিছিল। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। তথা মুমিনসকলে তেওঁলোকৰ নিজৰ ধাৰ্মিক তথা পাৰ্থিৱ উপকাৰ অৰ্জন কৰিবলৈ কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।
Les exégèses en arabe:
Parmi les bénéfices ( méditations ) des versets de cette page:
• من عظيم إنعام الله عز وجل على النبي عليه الصلاة والسلام وأصحابه أن حماهم وكف عنهم أيدي أهل الكفر وضررهم.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তথা তেওঁৰ ছাহাবাসকলৰ ওপৰত আল্লাহৰ এটা ডাঙৰ উপকাৰ এই যে, তেওঁ তেওঁলোকক ৰক্ষা কৰিছে আৰু কাফিৰসকলৰ হাতৰ পৰা আৰু সিহঁতৰ ক্ষতিৰ পৰা বচাইছে।

• أن الإيمان بالرسل ونصرتهم وإقامة الصلاة وإيتاء الزكاة على الوجه المطلوب، سببٌ عظيم لحصول معية الله تعالى وحدوث أسباب النصرة والتمكين والمغفرة ودخول الجنة.
ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁলোকক সহায় কৰা, ছালাত আদায় কৰা আৰু নিয়মিত ভাৱে নিৰ্দেশানুযায়ী যাকাত প্ৰদান কৰা, এইবোৰ এনেকুৱা কাৰ্য যিবোৰৰ দ্বাৰা আল্লাহৰ সহায় লগ পোৱা যায়, সহায় তথা সামৰ্থ পোৱা যায়, আল্লাহৰ ক্ষমা পোৱা যায় লগতে জান্নাতত প্ৰৱেশ কৰাৰ সৌভাগ্য প্ৰাপ্ত হয়।

• نقض المواثيق الملزمة بطاعة الرسل سبب لغلظة القلوب وقساوتها.
যিবোৰ অঙ্গীকাৰ অনুসাৰে ৰাছুলসকলৰ আনুগত্য কৰা উচিত, সেইবোৰ ভঙ্গ কৰিলে অন্তৰ কঠোৰ হৈ পৰে।

• ذم مسالك اليهود في تحريف ما أنزل الله إليهم من كتب سماوية.
আল্লাহে অৱতীৰ্ণ কৰা পুথিক বিকৃত কৰাৰ কাৰণে ইয়াহুদীসকলক নিন্দা কৰা হৈছে।

 
Traduction des sens Verset: (11) Sourate: Al Mâ'idah
Lexique des sourates Numéro de la page
 
Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran. - Lexique des traductions

Émanant du Centre d'Exégèse pour les Études Coraniques.

Fermeture