Check out the new design

Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran. * - Index des traductions


Traduction des sens Verset: (14) Sawrah: Luqmân
وَوَصَّیْنَا الْاِنْسَانَ بِوَالِدَیْهِ ۚ— حَمَلَتْهُ اُمُّهٗ وَهْنًا عَلٰی وَهْنٍ وَّفِصٰلُهٗ فِیْ عَامَیْنِ اَنِ اشْكُرْ لِیْ وَلِوَالِدَیْكَ ؕ— اِلَیَّ الْمَصِیْرُ ۟
আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰাৰ আৰু তেওঁলোকৰ সৈতে সদাচৰণ কৰাৰ আদেশ দিছোঁ, কিন্তু তেওঁলোকে যদি আল্লাহৰ অবাধ্যতামূলক কোনো নিৰ্দেশ দিয়ে তেন্তে সেই নিৰ্দেশ পালন কৰা সিহঁতৰ বাবে বৈধ নহয়। মাকে কষ্টৰ ওপৰত কষ্ট সহ্য কৰি তাক পেটত বহন কৰিছে, আৰু দুবছৰ পৰ্যন্ত পিয়াহ খুওৱাইছে। আমি তাক কৈছোঁ, আল্লাহে তোমাক যি নিয়ামত দান কৰিছে, তাৰ বাবে তুমি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা। তাৰ পিছত তোমাৰ পিতৃ-মাতৃৰ কৃতজ্ঞতা জ্ঞাপন কৰা, কাৰণ তেওঁলোকে তোমাক লালন-পালন কৰিছে আৰু চোৱাচিতা কৰিছে। সকলোৱে মোৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব আৰু আমি প্ৰত্যেককে উপযুক্ত প্ৰতিদান দান কৰিম।
Les Exégèses en arabe:
Parmi les points profitables à tirer des versets de cette page:
• لما فصَّل سبحانه ما يصيب الأم من جهد الحمل والوضع دلّ على مزيد برّها.
আল্লাহে যিহেতু সেইবোৰ কষ্টৰ কথা উল্লেখ কৰিছে, যিবোৰ মাকে গৰ্ভ অৱস্থাত আৰু প্ৰসৱৰ সময়ত সহ্য কৰে, গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, তেওঁৰ লগত আৰু অধিক সদ্ব্যৱহাৰ কৰা উচিত।

• نفع الطاعة وضرر المعصية عائد على العبد.
সৎকৰ্মৰ লাভ আৰু অসৎকৰ্মৰ ক্ষতি বান্দা নিজেই ভোগ কৰিব লাগিব।

• وجوب تعاهد الأبناء بالتربية والتعليم.
সন্তানসকলৰ লালন-পালন আৰু সুশিক্ষাৰ ক্ষেত্ৰত বিশেষ মনোযোগ প্ৰদান কৰা অনিবাৰ্য।

• شمول الآداب في الإسلام للسلوك الفردي والجماعي.
ব্যক্তিগত আৰু সামাজিক শিষ্টাচাৰৰ সকলো নিয়ম-নীতি ইছলামত অন্তৰ্ভুক্ত আছে।

 
Traduction des sens Verset: (14) Sawrah: Luqmân
Index des sourates Numéro de la page
 
Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran. - Index des traductions

Émanant du Centre d'Exégèse pour les Études Coraniques.

Fermer