Check out the new design

Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran. * - Index des traductions


Traduction des sens Verset: (66) Sawrah: Al Baqarah
فَجَعَلْنٰهَا نَكَالًا لِّمَا بَیْنَ یَدَیْهَا وَمَا خَلْفَهَا وَمَوْعِظَةً لِّلْمُتَّقِیْنَ ۟
ফলত আমি এই অন্যায়কাৰী গাওঁখনক ওচৰ-চুবুৰীয়া গাওঁৰ বাবে দৃষ্টান্ত বনাই দিছো লগতে পৰবৰ্তী প্ৰজন্মৰ বাবে উপদেশস্বৰূপ বনাই দিছো। যাতে কোনেও এই ধৰণৰ আচৰণ কৰি এনেকুৱা শাস্তিৰ সন্মুখীন নহয়। লগতে আমি সেই গাওঁখনক মুত্তাক্বীসকলৰ বাবে যিসকলে আল্লাহৰ শাস্তিক ভয় কৰে তথা আল্লাহৰ সীমালংঘনৰ বেয়া পৰিণতিক ভয় কৰা ব্যক্তিসকলৰ বাবে নিদৰ্শন বনাই দিছো।
Les Exégèses en arabe:
Parmi les points profitables à tirer des versets de cette page:
• الحُكم المذكور في الآية الأولى لِمَا قبل بعثة النبي صلى الله عليه وسلم، وأما بعد بعثته فإن الدين المَرْضِيَّ عند الله هو الإسلام، لا يقبل غيره، كما قال الله تعالى: ﴿ وَمَنْ يَبْتَغِ غَيْرَ الْإِسْلَامِ دِينًا فَلَنْ يُقْبَلَ مِنْه ﴾ (آل عمران: 85).
প্ৰথম আয়াতত যিটো কথা কোৱা হৈছে সেয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰেৰিত হোৱাৰ আগৰ সময়ৰ লগত সম্পৰ্ক। অন্যথা তেখেতে নবী হোৱাৰ পাছত আল্লাহৰ ওচৰত গ্ৰহণযোগ্য মনোনীত ধৰ্ম কেৱল একমাত্ৰ ইছলাম। আল্লাহে ইয়াৰ বাহিৰে আন কোনো ধৰ্মক দ্বীন হিচাপে গ্ৰহণ নকৰিব। যেনেঃ আল্লাহ তাআলাই কৈছেঃ যিয়ে ইছলামৰ আন কোনো ধৰ্ম সন্ধান কৰিব আল্লাহে তাৰ পৰা সেয়া কেতিয়া গ্ৰহণ নকৰিব। (ছুৰা আলে-ইমৰাণঃ ৮৫)

• قد يُعَجِّلُ الله العقوبة على بعض المعاصي في الدنيا قبل الآخرة؛ لتكون تذكرة يتعظ بها الناس فيحذروا مخالفة أمر الله تعالى.
আল্লাহ তাআলাই কেতিয়াবা কেতিয়াবা কিছুমান গুনাহৰ শাস্তি আখিৰাতৰ পৰিবৰ্তে পৃথিৱীতেই প্ৰদান কৰে যাতে মানুহে ইয়াৰ পৰা শিক্ষা লৈ আল্লাহৰ আদেশৰ অবাধ্যতা কৰাৰ পৰা বিৰত থাকে।

• أنّ من ضيَّق على نفسه وشدّد عليها فيما ورد موسَّعًا في الشريعة، قد يُعاقَبُ بالتشديد عليه.
যিয়ে নিজকে এনেকুৱা বিষয়ত সংকীৰ্ণ তথা কঠিনতাত লিপ্ত কৰে যি বিষয়ত চৰীয়তে উদাৰতা প্ৰদান কৰিছে তেনে ক্ষেত্ৰত তাক শাস্তি স্বৰূপে তেনেকুৱা সংকীৰ্ণতাতেই লিপ্ত কৰা হয়।

 
Traduction des sens Verset: (66) Sawrah: Al Baqarah
Index des sourates Numéro de la page
 
Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran. - Index des traductions

Émanant du Centre d'Exégèse pour les Études Coraniques.

Fermer