Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore koreeji imraan   Aaya.:
اَلَّذِیْنَ یَقُوْلُوْنَ رَبَّنَاۤ اِنَّنَاۤ اٰمَنَّا فَاغْفِرْ لَنَا ذُنُوْبَنَا وَقِنَا عَذَابَ النَّارِ ۟ۚ
জান্নাতৰ এই অধিবাসীসকলেই তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত দুআ কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! আমি তোমাৰ প্ৰতি ঈমান আনিছো আৰু সেইসমূহ পুথিৰ প্ৰতিও ঈমান আনিছো যিবোৰ তুমি ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰিছা। লগতে আমি তোমাৰ চৰীয়ত পালন কৰিছো। তুমি আমাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।
Tafsiraaɗe Aarabu ɗen:
اَلصّٰبِرِیْنَ وَالصّٰدِقِیْنَ وَالْقٰنِتِیْنَ وَالْمُنْفِقِیْنَ وَالْمُسْتَغْفِرِیْنَ بِالْاَسْحَارِ ۟
তেওঁলোকে সত্কৰ্ম পালনত আৰু অসত্কৰ্ম ত্যাগ কৰাত লগতে এই পথত যি কষ্ট সহ্য কৰিবলগীয়া হয় তাত ধৈৰ্য ধাৰণ কৰে। তেওঁলোক নিজৰ কথা আৰু কৰ্মত সত্যবাদী। আল্লাহৰ পূৰ্ণ আনুগত্যকাৰী। তেওঁলোকেই আল্লাহৰ পথত নিজৰ ধন-সম্পদ ব্যয় কৰে আৰু তেওঁলোকে ৰাতি শেষ ভাগত ক্ষমা প্ৰাৰ্থনা কৰে। কিয়নো এই সময়ত দুআ অধিক কবুল হয় লগতে অন্তৰ অন্যান্য ব্যস্ততাৰ পৰা মুক্ত থাকে।
Tafsiraaɗe Aarabu ɗen:
شَهِدَ اللّٰهُ اَنَّهٗ لَاۤ اِلٰهَ اِلَّا هُوَ ۙ— وَالْمَلٰٓىِٕكَةُ وَاُولُوا الْعِلْمِ قَآىِٕمًا بِالْقِسْطِ ؕ— لَاۤ اِلٰهَ اِلَّا هُوَ الْعَزِیْزُ الْحَكِیْمُ ۟ؕ
আল্লাহে সাক্ষ্য প্ৰদান কৰিছে যে, তেৱেঁই একমাত্ৰ সত্য উপাস্য। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এয়া তেওঁ ধৰ্ম তথা বিশ্ব সম্বন্ধীয় নিদৰ্শনসমূহ প্ৰতিষ্ঠা কৰি সাব্যস্ত কৰিছে, যিবোৰে তেওঁৰ একক উপাস্য হোৱাৰ প্ৰমাণ বহন কৰে। এই সাক্ষ্য ফিৰিস্তাসকলেও প্ৰদান কৰিছে আৰু জ্ঞানৱান লোকসকলেও তাওহীদ বৰ্ণনা কৰি মানুহক এইপিনে আহ্বান কৰি এই সাক্ষ্য প্ৰদান কৰিছে। এই সকলো লোকে আটাইতকৈ ডাঙৰ তথ্য অৰ্থাৎ এই সাক্ষ্য দিছে যে, আল্লাহ একক আৰু তেওঁ সৃষ্টিৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰস্তুত কৰা বিষয়ত ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ পৰাক্ৰমশালী, তেওঁক কোনেও পৰাজয় কৰিব নোৱাৰে। তেওঁ সৃষ্টি, পৰিচালনা আৰু চৰীয়ত প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।
Tafsiraaɗe Aarabu ɗen:
اِنَّ الدِّیْنَ عِنْدَ اللّٰهِ الْاِسْلَامُ ۫— وَمَا اخْتَلَفَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ اِلَّا مِنْ بَعْدِ مَا جَآءَهُمُ الْعِلْمُ بَغْیًا بَیْنَهُمْ ؕ— وَمَنْ یَّكْفُرْ بِاٰیٰتِ اللّٰهِ فَاِنَّ اللّٰهَ سَرِیْعُ الْحِسَابِ ۟
নিশ্চয় আল্লাহৰ ওচৰত ইছলামেই হৈছে একমাত্ৰ মনোনীত ধৰ্ম। ইছলামৰ অৰ্থ হৈছে, একনিষ্ঠভাৱে কেৱল আল্লাহৰ আনুগত্য কৰা আৰু নিজকে তেওঁৰ ইবাদতৰ বাবে নিয়োজিত কৰা। লগতে সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, বিশেষকৈ সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যাৰ জৰিয়তে ৰাছুলৰ শৃংখলা সমাপ্ত কৰা হৈছে। এতেকে তেওঁৰ চৰীয়তৰ বাহিৰে আন কোনো চৰীয়ত গ্ৰহণযোগ্য নহয়। ইয়াহুদী আৰু খৃষ্টানসকলে সিহঁতৰ ধৰ্মৰ মাজত যি বিভেদ সৃষ্টি কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, ইয়াৰ একমাত্ৰ কাৰণ হৈছে, জ্ঞান আৰু প্ৰমাণ অহাৰ পিছতো পাৰ্থিৱ জীৱনৰ প্ৰতি সিহঁতৰ লোভ-লালসা আৰু ঈৰ্ষা। এতেকে যিয়ে ৰাছুলৰ প্ৰতি অৱতীৰ্ণ আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব, সি জনা উচিত যে, আল্লাহে কুফৰকাৰীক আৰু ৰাছুলসকলক অস্বীকাৰকাৰীক অনতিপলমে শাস্তি বিহিব।
Tafsiraaɗe Aarabu ɗen:
فَاِنْ حَآجُّوْكَ فَقُلْ اَسْلَمْتُ وَجْهِیَ لِلّٰهِ وَمَنِ اتَّبَعَنِ ؕ— وَقُلْ لِّلَّذِیْنَ اُوْتُوا الْكِتٰبَ وَالْاُمِّیّٖنَ ءَاَسْلَمْتُمْ ؕ— فَاِنْ اَسْلَمُوْا فَقَدِ اهْتَدَوْا ۚ— وَاِنْ تَوَلَّوْا فَاِنَّمَا عَلَیْكَ الْبَلٰغُ ؕ— وَاللّٰهُ بَصِیْرٌ بِالْعِبَادِ ۟۠
হে ৰাছুল! সিহঁতে যদি আপোনাৰ লগত সেই সত্য সম্পৰ্কে বিতৰ্ক কৰে যিটো আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে তেন্তে আপুনি সিহঁতক কৈ দিয়কঃ মই তথা মোৰ অনুসাৰী মুমিনসকল আল্লাহৰ অনুগত। আৰু হে ৰাছুল! ঐশী পুথি প্ৰাপ্তসকলক আৰু মুশ্বৰিকসকলক সোধক! তোমালোকে একনিষ্ঠতাৰে আল্লাহৰ আনুগত্য কৰিবানে আৰু মই যি লৈ আহিছো তাৰ অনুসৰণ কৰিবানে? যদি সিহঁতে আল্লাহৰ আনুগত্যকাৰী হৈ যায় আৰু আপোনাৰ চৰীয়ত মতে আমল কৰে তেন্তে সিহঁত সঠিক পথ প্ৰাপ্ত। আনহাতে যদি সিহঁতে ইছলামৰ পৰা মুখ ঘূৰাই লয় তেন্তে আপোনাৰ কৰ্তব্য কেৱল আপোনাৰ কথা সিহঁতক জনাই দিয়া। আৰু সিহঁতৰ বিষয়টো আল্লাহৰ অধীনত। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক অৱগত। আৰু তেওঁ প্ৰত্যেককে নিজ নিজ আমলৰ ফলাফল দান কৰিব।
Tafsiraaɗe Aarabu ɗen:
اِنَّ الَّذِیْنَ یَكْفُرُوْنَ بِاٰیٰتِ اللّٰهِ وَیَقْتُلُوْنَ النَّبِیّٖنَ بِغَیْرِ حَقٍّ ۙ— وَّیَقْتُلُوْنَ الَّذِیْنَ یَاْمُرُوْنَ بِالْقِسْطِ مِنَ النَّاسِ ۙ— فَبَشِّرْهُمْ بِعَذَابٍ اَلِیْمٍ ۟
যিসকলে আল্লাহে অৱতীৰ্ণ কৰা প্ৰমাণসমূহ অস্বীকাৰ কৰে আৰু নবীসকলৰ প্ৰতি অত্যাচাৰ, শত্ৰুতা, বিদ্বেষ পোষণ কৰি অন্যায়ভাৱে হত্যা কৰে আৰু সেইসকল লোকক হত্যা কৰে যিসকলে ন্যায়ৰ আদেশ দিয়ে অৰ্থাৎ যিসকলে সত্কৰ্মৰ আদেশ দিয়ে আৰু অসত্কৰ্মৰ পৰা মানুহক নিষেধ কৰে। এনেকুৱা হত্যাকাৰী কাফিৰসকলক কষ্টদায়ক শাস্তিৰ সংবাদ দিয়ক।
Tafsiraaɗe Aarabu ɗen:
اُولٰٓىِٕكَ الَّذِیْنَ حَبِطَتْ اَعْمَالُهُمْ فِی الدُّنْیَا وَالْاٰخِرَةِ ؗ— وَمَا لَهُمْ مِّنْ نّٰصِرِیْنَ ۟
এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকৰেই আমলসমূহ বিনষ্ট হৈছে। এতেকে সিহঁতে ইয়াৰ দ্বাৰা পৃথিৱীতো উপকৃত হব নোৱাৰে আৰু আখিৰাততো নহয়। কিয়নো আল্লাহৰ প্ৰতি সিহঁতৰ ঈমান নাই। সেয়ে সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নাথাকিব।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• من أعظم ما يُكفِّر الذنوب ويقي عذاب النار الإيمان بالله تعالى واتباع ما جاء به الرسول صلى الله عليه وسلم.
গুনাহৰ পৰা ক্ষমা পোৱাৰ আৰু জাহান্নামৰ পৰা ৰক্ষা পোৱাৰ আটাইতকৈ ডাঙৰ উপায়টো হৈছে আল্লাহৰ প্ৰতি ঈমান আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশৰ অনুসৰণ।

• أعظم شهادة وحقيقة هي ألوهية الله تعالى ولهذا شهد الله بها لنفسه، وشهد بها ملائكته، وشهد بها أولو العلم ممن خلق.
আটাইতকৈ ডাঙৰ সাক্ষ্য আৰু বাস্তাৱতা এইটো যে, একমাত্ৰ আল্লাহেই ইবাদতৰ যোগ্য। সেয়ে স্বয়ং আল্লাহেও ইয়াৰ সাক্ষ্য প্ৰদান কৰিছে লগতে ফিৰিস্তা আৰু জ্ঞানৱান লোক সকলেও ইয়াৰ সাক্ষ্য দিছে।

• البغي والحسد من أعظم أسباب النزاع والصرف عن الحق.
অন্যায়-অত্যাচাৰ আৰু ঈৰ্ষা, সত্যৰ পৰা আঁতৰ হোৱাৰ আৰু বিবাদৰ কাৰণ।

 
Firo maanaaji Simoore.: Simoore koreeji imraan
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu