Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore koreeji imraan   Aaya.:
اِنَّ الَّذِیْنَ كَفَرُوْا لَنْ تُغْنِیَ عَنْهُمْ اَمْوَالُهُمْ وَلَاۤ اَوْلَادُهُمْ مِّنَ اللّٰهِ شَیْـًٔا ؕ— وَاُولٰٓىِٕكَ هُمْ وَقُوْدُ النَّارِ ۟ۙ
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, সিহঁতৰ ধন-সম্পত্তিয়ে আৰু সিহঁতৰ সন্তান-সন্ততিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব, পৃথিৱীতো নোৱাৰিব আৰু আখিৰাততো নোৱাৰিব। এইসকল লোকেই ক্বিয়ামতৰ দিনা জাহান্নামৰ ইন্ধন হ'ব, যাৰ দ্বাৰা জুই জ্বলোৱা হ'ব।
Tafsiraaɗe Aarabu ɗen:
كَدَاْبِ اٰلِ فِرْعَوْنَ ۙ— وَالَّذِیْنَ مِنْ قَبْلِهِمْ ؕ— كَذَّبُوْا بِاٰیٰتِنَا ۚ— فَاَخَذَهُمُ اللّٰهُ بِذُنُوْبِهِمْ ؕ— وَاللّٰهُ شَدِیْدُ الْعِقَابِ ۟
এইসকল কাফিৰ অৱস্থা ফিৰআউনৰ সঙ্গী-সাৰথিসকলৰ আৰু সিহঁতৰ পূৰ্বৰ লোকসকলৰ দৰে, যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল আৰু তেওঁৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ গুনাহৰ কাৰণে আল্লাহে সিহঁতক শাস্তি বিহিছিল কিন্তু সিহঁতৰ সম্পত্তি আৰু সিহঁতৰ সন্তান-সন্ততিয়ে কোনো উপকাৰ কৰিব পৰা নাছিল। আৰু নিশ্চয় আল্লাহে সিহঁতক কঠোৰ শাস্তি প্ৰদান কৰিব যিসকলে তেওঁক অস্বীকাৰ কৰে আৰু তেওঁৰ নিদৰ্শনক অমান্য কৰে।
Tafsiraaɗe Aarabu ɗen:
قُلْ لِّلَّذِیْنَ كَفَرُوْا سَتُغْلَبُوْنَ وَتُحْشَرُوْنَ اِلٰی جَهَنَّمَ ؕ— وَبِئْسَ الْمِهَادُ ۟
হে নবী! বিভিন্ন ধৰ্মৰ কাফিৰসকলক কৈ দিয়ক, অতিশীঘ্ৰে মুমিনসকলে তোমালোকৰ ওপৰত বিজয় প্ৰাপ্ত হব। তোমালোক কুফুৰী অৱস্থাত মৃত্যুবৰণ কৰিবা আৰু আল্লাহে তোমালোকক একত্ৰিত কৰি জাহান্নামত নিক্ষেপ কৰিব। সেয়া কিমান যে নিকৃষ্ট বিছনা।
Tafsiraaɗe Aarabu ɗen:
قَدْ كَانَ لَكُمْ اٰیَةٌ فِیْ فِئَتَیْنِ الْتَقَتَا ؕ— فِئَةٌ تُقَاتِلُ فِیْ سَبِیْلِ اللّٰهِ وَاُخْرٰی كَافِرَةٌ یَّرَوْنَهُمْ مِّثْلَیْهِمْ رَاْیَ الْعَیْنِ ؕ— وَاللّٰهُ یُؤَیِّدُ بِنَصْرِهٖ مَنْ یَّشَآءُ ؕ— اِنَّ فِیْ ذٰلِكَ لَعِبْرَةً لِّاُولِی الْاَبْصَارِ ۟
তোমালোকৰ বাবে এটা সংকেত আৰু এটা শিক্ষা আছে সেই দুই দলৰ মাজত, যি দুটা দলে বদৰৰ যুদ্ধৰ দিনা পৰস্পৰে মুখামুখি হৈছিল। তাৰে মাজৰ এটা দল ঈমান্দাৰসকলৰ আছিল, আৰু সেইটো আছিল আল্লাহৰ ৰাছুল আৰু তেওঁৰ ছাহাবীসকলৰ। তেওঁলোকে আল্লাহৰ পথত এই কাৰণে যুদ্ধ কৰি আছিল যাতে আল্লাহৰ কথা সৰ্বোচ্চ মৰ্যদা পায় আৰু কাফিৰসকলৰ কথা তলত পৰি থাকে। আনহাতে আনটো দল আছিল কাফিৰসকলৰ। এইসকল কাফিৰ আছিল মক্কাৰ অধিবাসী, সিহঁতে অহংকাৰ, গৌৰৱ আৰু বিদ্বেষৰ সৈতে ওলাই আহিছিল। ঈমান্দাৰসকলক সিহঁতৰ দৃষ্টিত বাস্তৱত দ্বিগুন দেখি আছিল। আল্লাহে তেওঁৰ বন্ধুসকলক সহায় কৰিলে, নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে নিজ সহায়েৰে সমৰ্থন কৰে। ইয়াত শিক্ষা আৰু উপদেশ আছে বিবেকৱানসকলৰ বাবে, যাতে সিহঁতে গম পায় যে, সহায়তা কেৱল ঈমান্দাৰসকলেহে পায় যদিও সিহঁতৰ সংখ্যা কম নহওঁক কিয়। আনহাতে পৰাজয় বাতিলপন্থীসকলৰ বাবে যদিও সিহঁত সংখ্যা গৰিষ্ঠ নহওঁক কিয়।
Tafsiraaɗe Aarabu ɗen:
زُیِّنَ لِلنَّاسِ حُبُّ الشَّهَوٰتِ مِنَ النِّسَآءِ وَالْبَنِیْنَ وَالْقَنَاطِیْرِ الْمُقَنْطَرَةِ مِنَ الذَّهَبِ وَالْفِضَّةِ وَالْخَیْلِ الْمُسَوَّمَةِ وَالْاَنْعَامِ وَالْحَرْثِ ؕ— ذٰلِكَ مَتَاعُ الْحَیٰوةِ الدُّنْیَا ۚ— وَاللّٰهُ عِنْدَهٗ حُسْنُ الْمَاٰبِ ۟
আল্লাহে জনাই দিছে যে, তেওঁ মানুহক পৰীক্ষা কৰিবলৈ পৃথিৱীৰ মনোমোহা বস্তুবোৰৰ মুহাব্বতক সৌন্দৰ্যময় কৰি দিছে। যেনে- নাৰী, সন্তান-সন্ততি, সোণ-ৰূপৰ স্তুপ, উত্কৃষ্ট চিহ্নিত ঘোড়া তথা উট, গৰু আৰু ছাগলীৰ দৰে জন্তু লগতে শস্য-খেতি। এই সকলোবোৰ পাৰ্থিৱ জীৱনৰ বস্তু. যিবোৰৰ দ্বাৰা খন্তেক সময়ৰ বাবে উপকৃত হোৱা যায়, তাৰ পিছত নিঃশেষ হৈ যায়। সেয়ে মুমিনসকলৰ বাবে ইয়াৰ লগত অসীম আন্তৰিকতা সমীচিন নহয়। উত্তম আৱাস একমাত্ৰ আল্লাহৰ ওচৰত, আৰু সেয়া হৈছে জান্নাত। যাৰ প্ৰশস্ততা আকাশমণ্ডল আৰু পৃথিৱীৰ সমান।
Tafsiraaɗe Aarabu ɗen:
قُلْ اَؤُنَبِّئُكُمْ بِخَیْرٍ مِّنْ ذٰلِكُمْ ؕ— لِلَّذِیْنَ اتَّقَوْا عِنْدَ رَبِّهِمْ جَنّٰتٌ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا وَاَزْوَاجٌ مُّطَهَّرَةٌ وَّرِضْوَانٌ مِّنَ اللّٰهِ ؕ— وَاللّٰهُ بَصِیْرٌ بِالْعِبَادِ ۟ۚ
হে নবী! কৈ দিয়ক যে, মই তোমালোকক এনেকুৱা এটা সংবাদ নিদিমনে, যিটো এইবোৰ আকৰ্ষিত বস্তুতকৈয়ো উত্তম? যিসকলে আল্লাহৰ আনুগত্য কৰি তথা তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে, তেওঁলোকে এনেকুৱা উদ্যান থাকিব যাৰ অট্টালিকা আৰু বৃক্ষৰ তলেদি নিজৰা প্ৰবাহিত হ'ব। তেওঁলোক তাত চিৰকাল থাকিব। তাত তেওঁলোকৰ মৃত্যুও নহব আৰু তেওঁলোক ধ্বংসও নহ'ব। তাত তেওঁলোকৰ বাবে আকাৰ আকৃতি আৰু চৰিত্ৰৰ ত্ৰুটিমুক্ত স্ত্ৰী থাকিব। ইয়াৰ বাহিৰেও তেওঁলোকে আল্লাহৰ সন্তুষ্টি লাভ কৰিব আৰু তেওঁ কেতিয়াও তেওঁলোকৰ ওপৰত অসন্তুষ্ট নহব। আৰু আল্লাহ তেওঁৰ বান্দাসকলৰ অৱস্থা সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। অচিৰেই তেওঁ সিহঁতক প্ৰতিদান দিব।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• أن غرور الكفار بأموالهم وأولادهم لن يغنيهم يوم القيامة من عذاب الله تعالى إذا نزل بهم.
কাফিৰসকলৰ নিজৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততিৰ অহংকাৰে সিহঁতক ক্বিয়ামতৰ দিনা আল্লাহৰ শাস্তিৰ পৰা কেতিয়াও ৰক্ষা কৰিব নোৱাৰিব।

• النصر حقيقة لا يتعلق بمجرد العدد والعُدة، وانما بتأييد الله تعالى وعونه.
প্ৰকৃততে বিজয় কেৱল সংখ্যা শক্তি অথবা অস্ত্ৰৰ ফলতে নহয়, বৰং আল্লাহৰ সমৰ্থন আৰু তেওঁৰ সহায়ৰ দ্বাৰাহে সম্ভৱ।

• زَيَّن الله تعالى للناس أنواعًا من شهوات الدنيا ليبتليهم، وليعلم تعالى من يقف عند حدوده ممن يتعداها.
আল্লাহে মানুহৰ বাবে বিভিন্ন প্ৰকাৰৰ আকৰ্ষিত পাৰ্থিৱ বস্তুসমূহক সুন্দৰ কৰি দিছে। যাতে পৰীক্ষা কৰিব পাৰে আৰু প্ৰকাশ কৰিব পাৰে যে, কোনে তেওঁৰ সীমা অতিক্ৰম নকৰে আৰু কোনে সীমালঙ্ঘন কৰে।

• كل نعيم الدنيا ولذاتها قليل زائل، لا يقاس بما في الآخرة من النعيم العظيم الذي لا يزول.
পৃথিৱীৰ সকলো সূখ আৰু আনন্দ সীমিত, এয়া ধ্বংসশীল। ইয়াক আখিৰাতত পোৱা অসীম আৰু চিৰস্থায়ী নিয়ামতৰ লগত কেতিয়াও তুলনা কৰিব নোৱাৰি।

 
Firo maanaaji Simoore.: Simoore koreeji imraan
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu