Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore hajju   Aaya.:
وَهُدُوْۤا اِلَی الطَّیِّبِ مِنَ الْقَوْلِ ۖۗۚ— وَهُدُوْۤا اِلٰی صِرَاطِ الْحَمِیْدِ ۟
আল্লাহে পাৰ্থিৱ জীৱনত তেওঁলোকক পৱিত্ৰ কথাৰ পথ দেখুৱাইছিল, উদাহৰণস্বৰূপে এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আল্লাহৰ মহত্ব বৰ্ণনা কৰা আৰু তেওঁৰ প্ৰশংসা কৰা ইত্যাদি। তথা তেওঁলোকক ইছলামৰ প্ৰশংসনীয় পথ দেখুৱাইছিল।
Tafsiraaɗe Aarabu ɗen:
اِنَّ الَّذِیْنَ كَفَرُوْا وَیَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ وَالْمَسْجِدِ الْحَرَامِ الَّذِیْ جَعَلْنٰهُ لِلنَّاسِ سَوَآءَ ١لْعَاكِفُ فِیْهِ وَالْبَادِ ؕ— وَمَنْ یُّرِدْ فِیْهِ بِاِلْحَادٍ بِظُلْمٍ نُّذِقْهُ مِنْ عَذَابٍ اَلِیْمٍ ۟۠
নিশ্চয় যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, আৰু আন আন লোকসকলক ইছলাম গ্ৰহণত বাধা প্ৰদান কৰিছে আৰু মছজিদে হাৰামৰ পৰা মানুহক বিৰত ৰাখিছে, যিদৰে মুশ্বৰিকসকলে হুদাইবিয়াৰ বছৰত বাধা প্ৰদান কৰিছিল। সিহঁতক আমি অচিৰেই কষ্টদায়ক শাস্তি উপভোগ কৰাম। সেই মছজিদ যিটোক আমি মানুহৰ চালাতৰ বাবে কিবলা বনাইছোঁ, লগতে হজ্জ তথা ওমৰা সম্পাদনৰ স্থান বনাইছোঁ। সেই ঠাইডোখৰ মক্কাৰ অধিবাসী আৰু মক্কাৰ বাহিৰৰ পৰা অহা সকলো লোকসকলৰ বাবেই সমান। যিয়েই তাত জানি বুজি গুনাহৰ কৰ্ম কৰি সত্যৰ পৰা আঁতৰি যোৱাৰ চেষ্টা কৰিব, আমি তাক কষ্টদায়ক শাস্তিৰ সোৱাদ উপভোগ কৰাম।
Tafsiraaɗe Aarabu ɗen:
وَاِذْ بَوَّاْنَا لِاِبْرٰهِیْمَ مَكَانَ الْبَیْتِ اَنْ لَّا تُشْرِكْ بِیْ شَیْـًٔا وَّطَهِّرْ بَیْتِیَ لِلطَّآىِٕفِیْنَ وَالْقَآىِٕمِیْنَ وَالرُّكَّعِ السُّجُوْدِ ۟
হে ৰাছুল! স্মৰণ কৰক, যেতিয়া আমি ইব্ৰাহীমক কাবাৰ স্থান আৰু তাৰ সীমা সম্পৰ্কে অৱগত কৰিছিলোঁ। কিয়নো ইয়াৰ পূৰ্বৰ চিহ্ন নাইকীয়া হৈ গৈছিল। আমি তেওঁৰ প্ৰতি অহী কৰি কৈছিলোঁ, মোৰ ইবাদতৰ ক্ষেত্ৰত আপুনি কাকো অংশীদাৰ স্থাপন নকৰিব। বৰং কেৱল মোৰেই ইবাদত কৰিব, আৰু তাৱাফকাৰীসকলৰ বাবে আৰু চালাত আদায়কাৰীসকলৰ বাবে মোৰ ঘৰখনক দৃশ্যাৱলী আৱৰ্জনা আৰু অদৃশ্য মলিনতাৰ পৰা পৰিস্কাৰ-পৰিচ্ছন্ন তথা পৱিত্ৰ কৰি ৰাখিব।
Tafsiraaɗe Aarabu ɗen:
وَاَذِّنْ فِی النَّاسِ بِالْحَجِّ یَاْتُوْكَ رِجَالًا وَّعَلٰی كُلِّ ضَامِرٍ یَّاْتِیْنَ مِنْ كُلِّ فَجٍّ عَمِیْقٍ ۟ۙ
লগতে মানুহক এই ঘৰৰ হজ্জ কৰিবলৈ আহ্বান কৰক, যিটোক নিৰ্মাণ কৰাৰ আদেশ আমি আপোনাক প্ৰদান কৰিছোঁ। তেওঁলোকে আপোনাৰ ওচৰলৈ খোজকাঢ়ি আহিব অথবা উটৰ পিঠিত আৰোহণ কৰি আহিব, দীঘলীয়া ভ্ৰমণৰ বাবে উট দুৰ্বল হৈ পৰিব। দূৰ-দাৰান্ত পথ অতিক্ৰম কৰি উটে তেওঁলোকক বহন কৰি আনিব।
Tafsiraaɗe Aarabu ɗen:
لِّیَشْهَدُوْا مَنَافِعَ لَهُمْ وَیَذْكُرُوا اسْمَ اللّٰهِ فِیْۤ اَیَّامٍ مَّعْلُوْمٰتٍ عَلٰی مَا رَزَقَهُمْ مِّنْ بَهِیْمَةِ الْاَنْعَامِ ۚ— فَكُلُوْا مِنْهَا وَاَطْعِمُوا الْبَآىِٕسَ الْفَقِیْرَ ۟ؗ
যাতে তেওঁলোকে মাগফিৰাত লাভ কৰিবলৈ আৰু ছোৱাব অৰ্জন কৰিবলৈ, লগতে মুছলিমসকলৰ মাজত একতা বৃদ্ধি কৰিবলৈ উপস্থিত হয়। যাতে তেওঁলোকে নিৰ্দিষ্ট দিনসমূহত অৰ্থাৎ জিল-হিজ্জা মাহৰ দশম তাৰিখ আৰু ইয়াৰ পিছৰ তিনিদিনত হ'বলগীয়া কোৰবানীৰ পশু জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লয়। আৰু আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত, কিয়নো তেৱেঁই উট, গৰু আৰু ছাগলী আদি চতুষ্পদ জন্তু প্ৰদান কৰিছে। তোমালোকে এই কোৰবানীৰ মাংস নিজে খোৱা আৰু দুখীয়া, নিচলা, দৰিদ্ৰসকলক খুউৱা।
Tafsiraaɗe Aarabu ɗen:
ثُمَّ لْیَقْضُوْا تَفَثَهُمْ وَلْیُوْفُوْا نُذُوْرَهُمْ وَلْیَطَّوَّفُوْا بِالْبَیْتِ الْعَتِیْقِ ۟
তাৰ পিছত হজ্জৰ অৱশিষ্ট কৰণীয়খিনি সম্পাদন কৰা উচিত। মূৰ খুৰাই, নখ কাটি আৰু ইহৰামৰ ফলত হোৱা শৰীৰ ময়লা-আৱৰ্জনা পৰিস্কাৰ কৰি হালাল হ'ব লাগে। তাৰ পিছত হজ্জ, ওমৰাহ আৰু হাদী সম্পৰ্কীয় মান্নত আদি পূৰণ কৰা উচিত। তাৰ পিছত সেই কাবা গৃহৰ অন্তিম তাৱাফ কৰিব লাগে, যিটোক আল্লাহে দমনকাৰী শক্তিৰ পৰা ৰক্ষা কৰিছে।
Tafsiraaɗe Aarabu ɗen:
ذٰلِكَ ۗ— وَمَنْ یُّعَظِّمْ حُرُمٰتِ اللّٰهِ فَهُوَ خَیْرٌ لَّهٗ عِنْدَ رَبِّهٖ ؕ— وَاُحِلَّتْ لَكُمُ الْاَنْعَامُ اِلَّا مَا یُتْلٰی عَلَیْكُمْ فَاجْتَنِبُوا الرِّجْسَ مِنَ الْاَوْثَانِ وَاجْتَنِبُوْا قَوْلَ الزُّوْرِ ۟ۙ
তোমালোকক এই যিবোৰ আদেশ দিয়া হৈছে (যেনেঃ মূৰ খুৰোৱা, নখ কটা, শৰীৰৰ ময়লা দূৰ কৰা, মান্নত আদি পূৰণ কৰা আৰু কাবা গৃহৰ তাৱাফ কৰা) এইবোৰ আল্লাহে তোমালোকৰ ওপৰত ওৱাজিব কৰিছে। এতেকে আল্লাহে ওৱাজিব কৰা বিষয়বোৰৰ তোমালোকে সন্মান কৰা উচিত। এতেকে যিয়ে আল্লাহৰ সীমালংঘন কৰাৰ ভয়ত, ইহৰাম অৱস্থাত আল্লাহে হাৰাম কৰা বস্তুৰ পৰা বিৰত থাকিব, তথা তেওঁ হাৰাম কৰা বস্তুক হালাল বুলি নাভাৱিব, তেন্তে এই পদক্ষেপ তেওঁৰ বাবে তেওঁৰ প্ৰতিপালকৰ ওচৰত উত্তম বুলি পৰিগণিত হ'ব। হে মানৱ! তোমালোকৰ বাবে উট, গৰু আৰু ছাগলী আদি চতুষ্পদ জন্তুবোৰক হালাল কৰা হৈছে। এইবোৰৰ মাজৰ হামী, বাহীৰাহ আৰু অচীলাকো তোমালোকৰ বাবে হাৰাম কৰা নাই। হাৰাম কেৱল সেইবোৰ জীৱ-জন্তু যিবোৰ কোৰআনত উল্লেখ আছে, যেনেঃ মৃত জীৱ-জন্তু আৰু প্ৰবাহিত তেজ। এতেকে আৱৰ্জনা অৰ্থাৎ মূৰ্তি আদিৰ পৰা দূৰত্ব অৱলম্বন কৰা, লগতে সেই সকলো কথাৰ পৰা বিৰত থাকা যিবোৰ আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰা হৈছে অথবা তেওঁৰ কোনো সৃষ্টি সম্পৰ্কে বনোৱা হৈছে।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• حرمة البيت الحرام تقتضي الاحتياط من المعاصي فيه أكثر من غيره.
আল্লাহৰ পৱিত্ৰ ঘৰ কাবাৰ সন্মান কৰি তথা আন আন ঠাইৰ তুলনাত সেই ঠাইত বিশেষকৈ গুনাহৰ কৰ্মৰ পৰা সতৰ্ক থকা উচিত।

• بيت الله الحرام مهوى أفئدة المؤمنين في كل زمان ومكان.
আল্লাহৰ পৱিত্ৰ ঘৰ কাবা, প্ৰত্যেক যুগতে, সকলো ঠাইৰ মুমিনসকলৰ বাবে আন্তৰিক আকৰ্ষণ হিচাপে পৰিগণিত হৈ আহিছে।

• منافع الحج عائدة إلى الناس سواء الدنيوية أو الأخروية.
হজ্জৰ যি উপকাৰ সেয়া মানুহে অৱশ্যে লাভ কৰিব, এই পৃথিৱীতে হওক অথবা আখিৰাতত।

• شكر النعم يقتضي العطف على الضعفاء.
নিয়ামতৰ কৃতজ্ঞতা আদায় কৰাৰ বাবে, দুৰ্বল লোকসকলৰ প্ৰতি দয়া কৰা অনিবাৰ্য।

 
Firo maanaaji Simoore.: Simoore hajju
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu