Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore hajju   Aaya.:
ذٰلِكَ بِاَنَّ اللّٰهَ هُوَ الْحَقُّ وَاَنَّهٗ یُحْیِ الْمَوْتٰی وَاَنَّهٗ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟ۙ
এই সকলোবোৰ (তোমালোকৰ সৃষ্টিৰ আৰম্ভণি আৰু ইয়াৰ বিভিন্ন পৰ্যায়, তথা তোমালোকৰ মাজৰ যিসকলে জন্ম লাভ কৰে সেইসকলৰ অৱস্থা আদি) যিবোৰ আমি তোমালোকৰ আগত দাঙি ধৰিলোঁ, ইয়াৰ উদ্দেশ্য হৈছেঃ তোমালোকে সেই আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা, যিয়ে তোমালোকক সৃষ্টি কৰিছে; তেৱেঁই সত্য, ইয়াত কোনো সন্দেহ নাই। আনহাতে তেওঁৰ বাহিৰে তোমালোকে যিবোৰ মূৰ্তিৰ উপাসনা কৰা সেই সকলোবোৰ হৈছে অসত্য। ইয়াৰ আন এটা উদ্দেশ্য হৈছেঃ তোমালোকে বিশ্বাস পোষণ কৰা যে, তেৱেঁই মৃত লোকসকলক জীৱিত কৰিব। নিশ্চয় তেওঁ সকলো কৰ্মত ক্ষমতাৱান। কোনো কৰ্মই তেওঁৰ সাধ্যাতীত নহয়।
Tafsiraaɗe Aarabu ɗen:
وَّاَنَّ السَّاعَةَ اٰتِیَةٌ لَّا رَیْبَ فِیْهَا ۙ— وَاَنَّ اللّٰهَ یَبْعَثُ مَنْ فِی الْقُبُوْرِ ۟
যাতে তোমালোকে দৃঢ়ভাৱে এই বিশ্বাস পোষণ কৰা যে, কিয়ামত অৱশ্যে আহিব, ইয়াত কোনো সন্দেহ নাই। তথা আল্লাহে নিশ্চয় মৃত ব্যক্তিসকলক জীৱিত কৰিব সিহঁতৰ কবৰৰ পৰা, যাতে সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব পাৰে।
Tafsiraaɗe Aarabu ɗen:
وَمِنَ النَّاسِ مَنْ یُّجَادِلُ فِی اللّٰهِ بِغَیْرِ عِلْمٍ وَّلَا هُدًی وَّلَا كِتٰبٍ مُّنِیْرٍ ۟ۙ
কাফিৰসকলৰ মাজত এনেকুৱা কিছুমান ব্যক্তিও আছে যিসকলে আল্লাহৰ তাওহীদ সম্পৰ্কে বিবাদ কৰে। অথচ সিহঁতৰ ওচৰত সত্য সম্পৰ্কে অৱগত হ'বলৈ কোনো জ্ঞান নাই, আনকি কোনো পথপ্ৰদৰ্শকৰ হিদায়তো নাই, তথা সিহঁতৰ ওচৰত আল্লাহৰ পৰা অৱতীৰ্ণ কোনো গ্ৰন্থও নাই যিখনে সিহঁতক পথ দেখুৱাব।
Tafsiraaɗe Aarabu ɗen:
ثَانِیَ عِطْفِهٖ لِیُضِلَّ عَنْ سَبِیْلِ اللّٰهِ ؕ— لَهٗ فِی الدُّنْیَا خِزْیٌ وَّنُذِیْقُهٗ یَوْمَ الْقِیٰمَةِ عَذَابَ الْحَرِیْقِ ۟
এনেকুৱা স্বভাৱৰ ব্যক্তিয়ে অহংকাৰত ঘাৰ ঘূৰায়। যাতে মানুহক ঈমান পোষণৰ পৰা বিৰত ৰাখিব পাৰে আৰু আল্লাহৰ দ্বীনত প্ৰৱেশ কৰাত বাধা দিব পাৰে। এনেকুৱা স্বভাৱৰ ব্যক্তিৰ বাবে পৃথিৱীত আছে অপমানজনক শাস্তি আৰু আখিৰাতত আমি তাক জাহান্নামৰ শাস্তি ভোগ কৰাম।
Tafsiraaɗe Aarabu ɗen:
ذٰلِكَ بِمَا قَدَّمَتْ یَدٰكَ وَاَنَّ اللّٰهَ لَیْسَ بِظَلَّامٍ لِّلْعَبِیْدِ ۟۠
তাক কোৱা হ’বঃ এই শাস্তি, যিটোৰ সোৱাদ তুমি গ্ৰহণ কৰি আছা, এইটো হৈছে তোমাৰ কুফৰী আৰু গুনাহৰ প্ৰতিফল। আল্লাহে তেওঁৰ কোনো সৃষ্টিক কাৰণ অবিহনে কোনো শাস্তি নিদিয়ে।
Tafsiraaɗe Aarabu ɗen:
وَمِنَ النَّاسِ مَنْ یَّعْبُدُ اللّٰهَ عَلٰی حَرْفٍ ۚ— فَاِنْ اَصَابَهٗ خَیْرُ ١طْمَاَنَّ بِهٖ ۚ— وَاِنْ اَصَابَتْهُ فِتْنَةُ ١نْقَلَبَ عَلٰی وَجْهِهٖ ۫ۚ— خَسِرَ الدُّنْیَا وَالْاٰخِرَةَ ؕ— ذٰلِكَ هُوَ الْخُسْرَانُ الْمُبِیْنُ ۟
কিছুমান ব্যক্তিয়ে দোমোজাত পৰি, সন্দেহৰ বশৱৰ্তী হৈ আল্লাহৰ ইবাদত কৰে। যদি সুস্বাস্থ্য আৰু সুখ-শান্তি পায় তেন্তে আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ ইবাদত অব্যাহত ৰাখে। আনহাতে যদি বেমাৰ-আজাৰ আৰু দৰিদ্ৰতাৰ ৰূপত কোনো পৰীক্ষাৰ সন্মুখীন হয় তেন্তে ধৰ্মৰ প্ৰতি দোষ জাপি দি তাৰ পৰা আঁতৰি যায়। এনেকুৱা ব্যক্তি পাৰ্থিৱ জীৱনতেই ক্ষতিগ্ৰস্ত, তাৰ কুফৰীয়ে তাৰ বাবে পৃথিৱীৰ এনেকুৱা কোনো উপকাৰ কঢ়িয়াই আনিব নোৱাৰিব যিটো তাৰ ভাগ্যত লিখা নাই। সি আখিৰাততো ক্ষতিগ্ৰস্ত হ’ব, কিয়নো সি আল্লাহৰ শাস্তিৰ সন্মুখীন হ’ব। দৰাচলতে এইটোৱে হৈছে স্পষ্ট ক্ষতি।
Tafsiraaɗe Aarabu ɗen:
یَدْعُوْا مِنْ دُوْنِ اللّٰهِ مَا لَا یَضُرُّهٗ وَمَا لَا یَنْفَعُهٗ ؕ— ذٰلِكَ هُوَ الضَّلٰلُ الْبَعِیْدُ ۟ۚ
সি আল্লাহৰ বাহিৰে এনেকুৱা মূৰ্তিৰ উপাসনা কৰে, যাৰ অবাধ্যতা কৰিলে কোনো ক্ষতি কৰিব নোৱাৰে আৰু আনুগত্য কৰিলে কোনো উপকাৰ কৰিব নোৱাৰে। এনেকুৱা উপকাৰ তথা অপকাৰ কৰাৰ ক্ষমতা নথকা মূৰ্তিবোৰক পূজা পাঠ কৰাটোৱেই হৈছে সত্যৰ পৰা বহু দূৰত অৱস্থিত পথভ্ৰষ্টতা।
Tafsiraaɗe Aarabu ɗen:
یَدْعُوْا لَمَنْ ضَرُّهٗۤ اَقْرَبُ مِنْ نَّفْعِهٖ ؕ— لَبِئْسَ الْمَوْلٰی وَلَبِئْسَ الْعَشِیْرُ ۟
এই কাফিৰে যিবোৰ মূৰ্তিৰ উপাসনা কৰে, তাৰ লাভতকৈ ক্ষতিৰ পৰিমাণ বেছি। এইবোৰ হৈছে নিকৃষ্ট উপাস্য, যাৰ ক্ষতিৰ পৰিমাণ লাভতকৈ বহুগুণে বেছি। সেই ব্যক্তিৰ বাবে ই কিমান নিকৃষ্ট সহায়ক, যিয়ে ইয়াৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে। আৰু কিমান যে নিকৃষ্ট সঙ্গী, যিয়ে ইয়াৰ সংস্পৰ্শত থাকে।
Tafsiraaɗe Aarabu ɗen:
اِنَّ اللّٰهَ یُدْخِلُ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؕ— اِنَّ اللّٰهَ یَفْعَلُ مَا یُرِیْدُ ۟
যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আল্লাহে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকাসমূহৰ তলদেশত নিজৰা প্ৰবাহিত থাকিব। নিশ্চয় আল্লাহে যিটো বিচাৰে সেইটোৱেই কৰে। যাৰ প্ৰতি ইচ্ছা কৰে দয়া কৰে আৰু যাক ইচ্ছা কৰে শাস্তি প্ৰদান কৰে। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে।
Tafsiraaɗe Aarabu ɗen:
مَنْ كَانَ یَظُنُّ اَنْ لَّنْ یَّنْصُرَهُ اللّٰهُ فِی الدُّنْیَا وَالْاٰخِرَةِ فَلْیَمْدُدْ بِسَبَبٍ اِلَی السَّمَآءِ ثُمَّ لْیَقْطَعْ فَلْیَنْظُرْ هَلْ یُذْهِبَنَّ كَیْدُهٗ مَا یَغِیْظُ ۟
যিয়ে এই ধাৰণা পোষণ কৰে যে, আল্লাহে পৃথিৱী আৰু আখিৰাতত তেওঁৰ ৰাছুলক সহায় নকৰিব, সেই ব্যক্তিয়ে নিজৰ ঘৰৰ ছাদৰ সৈতে এটা ৰচী লগাই চীপ জৰি লওক আৰু নিজকে মাটিৰ পৰা বিচ্ছিন্ন কৰক, তাৰ পিছত চাওক, ইয়াৰ দ্বাৰা তাৰ অন্তৰৰ ক্ৰোধ আৰু আক্ৰোশ শেষ হয় নে নহয়? আল্লাহ সকলো অৱস্থাতেই ৰাছুলৰ সহায়কাৰী। শত্ৰুৱে এইটো বিচাৰক বা নিবিচাৰক।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• أسباب الهداية إما علم يوصل به إلى الحق، أو هادٍ يدلهم إليه، أو كتاب يوثق به يهديهم إليه.
হিদায়ত লাভ হয় জ্ঞানৰ জৰিয়তে, অথবা পথপ্ৰদৰ্শকৰ জৰিয়তে নাইবা নিৰ্ভৰযোগ্য কোনো গ্ৰন্থৰ জৰিয়তে। এইবোৰে মানুহক সত্যৰ দৰ্শন কৰায়।

• الكبر خُلُق يمنع من التوفيق للحق.
অহংকাৰে মানুহক সত্যৰ তাওফীকৰ পৰা বঞ্চিত কৰি দিয়ে।

• من عدل الله أنه لا يعاقب إلا على ذنب.
এয়া আল্লাহৰ ন্যায় যে, তেওঁ অপৰাধ নোহোৱাকৈ কাকো শাস্তি নিদিয়ে।

• الله ناصرٌ نبيَّه ودينه ولو كره الكافرون.
আল্লাহে তেওঁৰ নবীক আৰু ধৰ্মক সহায় কৰে আৰু কৰিব, যদিও কাফিৰসকলে ইয়াক অপছন্দ নকৰক কিয়।

 
Firo maanaaji Simoore.: Simoore hajju
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu