Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore nagge   Aaya.:
وَاِذْ نَجَّیْنٰكُمْ مِّنْ اٰلِ فِرْعَوْنَ یَسُوْمُوْنَكُمْ سُوْٓءَ الْعَذَابِ یُذَبِّحُوْنَ اَبْنَآءَكُمْ وَیَسْتَحْیُوْنَ نِسَآءَكُمْ ؕ— وَفِیْ ذٰلِكُمْ بَلَآءٌ مِّنْ رَّبِّكُمْ عَظِیْمٌ ۟
হে বনী ইছৰাঈল! স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ অনুসাৰীবিলাকৰ পৰা মুক্তি প্ৰদান কৰিছিলো। যিসকলে তোমালোকক বিভিন্ন প্ৰকাৰৰ শাস্তি প্ৰদান কৰিছিল। সিহঁতে তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল যাতে তোমালোকৰ বংশধৰ নিঃশেষ হৈ যায়। আৰু তোমালোকৰ কন্যা সন্তানক জীৱিত ৰাখিছিল যাতে ডাঙৰ হৈ সিহঁতৰ সেৱা আগবঢ়ায়। এইবোৰ কৰিছিল কেৱল তোমালোকক লাঞ্ছনা কৰাৰ উদ্দেশ্যে। ফিৰআউন আৰু তাৰ অনুসাৰীৰ পৰা মুক্তি লাভ কৰাৰ ক্ষেত্ৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা বৰ ডাঙৰ পৰীক্ষা আছিল যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা।
Tafsiraaɗe Aarabu ɗen:
وَاِذْ فَرَقْنَا بِكُمُ الْبَحْرَ فَاَنْجَیْنٰكُمْ وَاَغْرَقْنَاۤ اٰلَ فِرْعَوْنَ وَاَنْتُمْ تَنْظُرُوْنَ ۟
আমাৰ অগণন অনুগ্ৰহৰ ভিতৰত এইটোও স্মৰণ কৰা যে, আমিয়েই তোমালোকৰ বাবে সাগৰ দ্বিখণ্ডিত কৰি তাৰ মাজত শুকান পথ বনাইছিলো। যাৰ মাজেৰে খোজকাঢ়ি তোমালোকে সাগৰ পাৰ কৰিছিলা। এইদৰে আমি তোমালোকক মুক্তি প্ৰদান কৰিছিলো আৰু তোমালোকৰ শত্ৰু ফিৰআউন আৰু তাৰ সঙ্গীসকলক তোমালোকৰ চকুৰ সন্মুখতে ডুবাই মাৰিছিলো। এই ঘটনা তোমালোকে স্বচকুৰে প্ৰত্যক্ষ কৰিছিলা।
Tafsiraaɗe Aarabu ɗen:
وَاِذْ وٰعَدْنَا مُوْسٰۤی اَرْبَعِیْنَ لَیْلَةً ثُمَّ اتَّخَذْتُمُ الْعِجْلَ مِنْ بَعْدِهٖ وَاَنْتُمْ ظٰلِمُوْنَ ۟
এই অনুগ্ৰহসমূহৰ লগতে এটা অনুগ্ৰহ এইটোও স্মৰণ কৰা যে, আমিয়ে মূছাক চল্লিশ ৰাতিৰ প্ৰতিশ্ৰুতি দিছিলো যাতে তাওৰাত অৱতীৰ্ণৰ কাম সম্পন্ন হয়। যিটো আছিল জ্যোতি আৰু হিদায়ত। কিন্তু তোমালোকে এই সময়ছোৱাতে দামুৰিৰ পূজা-পাঠ আৰম্ভ কৰিলা। দৰাচলতে তোমালোকে এই কৰ্মৰ ফলতেই যালিমসকলৰ অন্তৰ্ভুক্ত হৈছিলা।
Tafsiraaɗe Aarabu ɗen:
ثُمَّ عَفَوْنَا عَنْكُمْ مِّنْ بَعْدِ ذٰلِكَ لَعَلَّكُمْ تَشْكُرُوْنَ ۟
তাৰ পিছত তোমালোকে তাওবা কৰিলা ফলত আমি ক্ষমা কৰি দিলো আৰু একো সোধ-পোছ কৰা নাই, যাতে তোমালোকে মনোযোগ সহকাৰে আল্লাহৰ ইবাদত আৰু আনুগত্য কৰি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা।
Tafsiraaɗe Aarabu ɗen:
وَاِذْ اٰتَیْنَا مُوْسَی الْكِتٰبَ وَالْفُرْقَانَ لَعَلَّكُمْ تَهْتَدُوْنَ ۟
এই অনুগ্ৰহবিলাকৰ লগতে এই অনুগ্ৰহটোও স্মৰণ কৰা যে, আমি মূছা আলাইহিছ ছালামক সত্য আৰু অসত্যৰ মাজত পাৰ্থক্যকাৰী তথা হিদায়ত আৰু পথভ্ৰষ্টতাৰ মাজত পৃথককাৰী পুথি তাওৰাত প্ৰদান কৰিছিলো যাতে তাৰ দ্বাৰা তোমালোকে সত্যৰ সন্ধান পোৱা।
Tafsiraaɗe Aarabu ɗen:
وَاِذْ قَالَ مُوْسٰی لِقَوْمِهٖ یٰقَوْمِ اِنَّكُمْ ظَلَمْتُمْ اَنْفُسَكُمْ بِاتِّخَاذِكُمُ الْعِجْلَ فَتُوْبُوْۤا اِلٰی بَارِىِٕكُمْ فَاقْتُلُوْۤا اَنْفُسَكُمْ ؕ— ذٰلِكُمْ خَیْرٌ لَّكُمْ عِنْدَ بَارِىِٕكُمْ ؕ— فَتَابَ عَلَیْكُمْ ؕ— اِنَّهٗ هُوَ التَّوَّابُ الرَّحِیْمُ ۟
লগতে এই অনুগ্ৰহটোও স্মৰণ কৰা যে, তেৱেঁই তোমালোকক দামুৰিৰ পূজা-পাঠ এৰিবলৈ তাওবা কৰাৰ তাওফীক দান কৰিছিল। যেতিয়া মূছা আলাইহিছ ছালামে কৈছিলঃ তোমালোকে দামুৰিক উপাস্য হিচাপে লৈ তাৰ উপাসনা কৰি নিজৰ ওপৰতে অন্যায় কৰিছা। এতেকে তাওবা কৰা আৰু সৃষ্টিকৰ্তাৰ পিনে উভতি যোৱা। এই তাওবাৰ পদ্ধতি হৈছে তোমালোকে ইজনে সিজনক বধ কৰা। কুফৰৰ গভীৰতাত পতিত হৈ চিৰস্থায়ী জাহান্নামী হোৱাতকৈ এনেকুৱা তাওবাই তোমালোকৰ বাবে উত্তম। এতেকে যেতিয়া তোমালোকে আল্লাহৰ সহায় আৰু তাওফীকত এই তাওবা সম্পন্ন কৰিছিলা তেতিয়া আল্লাহে তোমালোকৰ সেই তাওবা কবুল কৰিছিল। কিয়নো আল্লাহ অধিক তাওবা কবুলকাৰী আৰু বান্দাৰ প্ৰতি পৰম দয়ালু।
Tafsiraaɗe Aarabu ɗen:
وَاِذْ قُلْتُمْ یٰمُوْسٰی لَنْ نُّؤْمِنَ لَكَ حَتّٰی نَرَی اللّٰهَ جَهْرَةً فَاَخَذَتْكُمُ الصّٰعِقَةُ وَاَنْتُمْ تَنْظُرُوْنَ ۟
স্মৰণ কৰা সেই সময়টোক যেতিয়া তোমালোকৰ পূৰ্বপূৰুষ সকলে বৰ সাহসেৰে মূছা আলাইহিছ ছালামক কৈছিলঃ আমি আল্লাহক পৰ্দা নোহোৱাকৈ প্ৰকাশ্যভাৱে নেদেখালৈকে তোমাৰ প্ৰতি ঈমান পোষণ নকৰো। ফলত জুয়ে সিহঁতক আক্ৰমণ কৰিলে আৰু সিহঁতে নিজ চকুৰে ইজনে সিজনৰ মৃত্যু প্ৰত্যক্ষ কৰি আছিল।
Tafsiraaɗe Aarabu ɗen:
ثُمَّ بَعَثْنٰكُمْ مِّنْ بَعْدِ مَوْتِكُمْ لَعَلَّكُمْ تَشْكُرُوْنَ ۟
তাৰ পিছত আমি তোমালোকৰ মৃত্যু পিছতো তোমালোকক পুনৰ জীৱন দান কৰিলো যাতে তোমালোকে এই উপকাৰৰ কাৰণে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা।
Tafsiraaɗe Aarabu ɗen:
وَظَلَّلْنَا عَلَیْكُمُ الْغَمَامَ وَاَنْزَلْنَا عَلَیْكُمُ الْمَنَّ وَالسَّلْوٰی ؕ— كُلُوْا مِنْ طَیِّبٰتِ مَا رَزَقْنٰكُمْ ؕ— وَمَا ظَلَمُوْنَا وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟
তোমালোকৰ ওপৰত আমাৰ অনুগ্ৰহসমূহৰ অন্যতম আৰু এটা অনুগ্ৰহ হৈছে এই যে, যেতিয়া তোমালোকে পৃথিৱীত ইনাই বিনাই ঘূৰি আছিলা। তেতিয়া আমি তোমালোকক ৰ’দৰ গৰমৰ পৰা বচাবলৈ মেঘৰ ছাঁ প্ৰদান কৰিছিলো। এইদৰে পান কৰাৰ বাবে মৌৰ দৰে মিঠা দ্ৰব্য আৰু খোৱাৰ বাবে সুস্বাদু মাংসৰ এবিধ চৰাই প্ৰদান কৰিছিলো আৰু আমি তোমালোকক কৈছিলোঃ “আমি প্ৰদান কৰা পৱিত্ৰ বস্তুসমূহৰ পৰা আহাৰ কৰা”। সিহঁতে আমাৰ নিয়ামতসমূহৰ অস্বীকাৰ আৰু অকৃতজ্ঞতা কৰি আমাৰ কোনো ক্ষতি কৰা নাই বৰং নিজৰে ছোৱাব হ্ৰাস কৰি আৰু নিজকে শাস্তিৰ অধিকাৰী বনাই নিজৰ ওপৰত অন্যায় কৰিছে।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• عِظَمُ نعم الله وكثرتها على بني إسرائيل، ومع هذا لم تزدهم إلا تكبُّرًا وعنادًا.
আল্লাহ তাআলাই বনী ইছৰাইলক বৰ ডাঙৰ ডাঙৰ নিয়ামত দান কৰিছিল। ইয়াৰ পিছতো সিহঁতৰ অভিমান আৰু অবাধ্যতা বৃদ্ধিহে পাইছিল।

• سَعَةُ حِلم الله تعالى ورحمته بعباده، وإن عظمت ذنوبهم.
বান্দাৰ প্ৰতি আল্লাহৰ ৰহমত আৰু দয়াৰ ব্যাপকতা যদিও সিহঁতৰ গুনাহৰ পৰিমাণ বেছি নহওঁক কিয়।

• الوحي هو الفَيْصَلُ بين الحق والباطل.
অহীয়েই হৈছে সত্য আৰু অসত্যৰ মাজত নিৰ্ণায়ক।

 
Firo maanaaji Simoore.: Simoore nagge
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu