Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore nagge   Aaya.:
وَلَنْ تَرْضٰی عَنْكَ الْیَهُوْدُ وَلَا النَّصٰرٰی حَتّٰی تَتَّبِعَ مِلَّتَهُمْ ؕ— قُلْ اِنَّ هُدَی اللّٰهِ هُوَ الْهُدٰی ؕ— وَلَىِٕنِ اتَّبَعْتَ اَهْوَآءَهُمْ بَعْدَ الَّذِیْ جَآءَكَ مِنَ الْعِلْمِ ۙ— مَا لَكَ مِنَ اللّٰهِ مِنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟ؔ
আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সতৰ্ক কৰি কৈছেঃ আপোনাৰ প্ৰতি ইয়াহুদী আৰু খৃষ্টানসকল তেতিয়ালৈকে সন্তুষ্ট নহ'ব যেতিয়ালৈকে আপুনি ইছলাম ত্যাগ কৰি সিহঁতৰ ধৰ্মৰ অনুসৰণ নকৰিব। এতেকে আপুনি কওক, নিশ্চয় আল্লাহৰ কিতাব আৰু ইয়াৰ বৰ্ণনাই হৈছে প্ৰকৃত সত্য, সিহঁত যিটোৰ ওপৰত অৱস্থিত সেইটো কেতিয়াও সত্য নহয়। গতিকে আপুনি অথবা আপোনাৰ কোনো অনুসাৰীয়ে সত্য স্পষ্ট হোৱাৰ পিছতো যদি সিহঁতৰ অনুসৰণ কৰে তেন্তে জানি থওক! আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নাপাব। এই আয়াতত সত্য ত্যাগ কৰি বাতিলৰ অনুসাৰীসকলৰ লগ দিয়াৰ যি ক্ষতি, সেই বিষয়টো উল্লেখ কৰা হৈছে।
Tafsiraaɗe Aarabu ɗen:
اَلَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ یَتْلُوْنَهٗ حَقَّ تِلَاوَتِهٖ ؕ— اُولٰٓىِٕكَ یُؤْمِنُوْنَ بِهٖ ؕ— وَمَنْ یَّكْفُرْ بِهٖ فَاُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟۠
ইয়াত কোৰআনে আহলে কিতাবৰ এটা দলৰ কথা বৰ্ণনা কৰিছে, যিসকলে নিজৰ ঐশীপুথিৰ ওপৰত আমল কৰে আৰু যিদৰে অনুসৰণ কৰা উচিত সেইদৰেই অনুসৰণ কৰে। এইসকল লোকে তেওঁলোকৰ পুথিত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যে সত্য নবী তাৰ স্পষ্ট নিদৰ্শনসমূহ পঢ়িবলৈ পায়। ফলত তেওঁলোকে তত্ক্ষণাত ঈমান আনে। আনহাতে দ্বিতীয় দল, যিসকলে কুফৰত অটল আছিল সিহঁত ক্ষতিগ্ৰস্থ হল।
Tafsiraaɗe Aarabu ɗen:
یٰبَنِیْۤ اِسْرَآءِیْلَ اذْكُرُوْا نِعْمَتِیَ الَّتِیْۤ اَنْعَمْتُ عَلَیْكُمْ وَاَنِّیْ فَضَّلْتُكُمْ عَلَی الْعٰلَمِیْنَ ۟
হে বনী ইছৰাঈল! মই প্ৰদান কৰা দ্বীনি আৰু দুনিয়াৱী অনুগ্ৰহসমূহক স্মৰণ কৰা। লগতে এই কথাও স্মৰণ কৰা যে, ময়ে তোমালোকক সমকালীন লোকৰ ওপৰত নুবুওৱত আৰু ৰাজত্বৰ দ্বাৰা প্ৰাধান্য প্ৰদান কৰিছিলো।
Tafsiraaɗe Aarabu ɗen:
وَاتَّقُوْا یَوْمًا لَّا تَجْزِیْ نَفْسٌ عَنْ نَّفْسٍ شَیْـًٔا وَّلَا یُقْبَلُ مِنْهَا عَدْلٌ وَّلَا تَنْفَعُهَا شَفَاعَةٌ وَّلَا هُمْ یُنْصَرُوْنَ ۟
আল্লাহৰ আদেশসমূহ পালন কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কিয়ামতৰ শাস্তিৰ পৰা নিজকে ৰক্ষা কৰা। সেইদিনা কোনেও কাৰো কামত নাহিব আৰু ডাঙৰতকৈ ডাঙৰ অৰ্থদণ্ডও স্বীকাৰ কৰা নহব, লগতে কোনো মধ্যস্ততাও গ্ৰহণ কৰা নহব সি যিমানেই উচ্চস্তৰীয় ব্যক্তি নহওঁক কিয়। আৰু আল্লাহৰ বাহিৰে আন কোনো সহায়কাৰীও নাথাকিব।
Tafsiraaɗe Aarabu ɗen:
وَاِذِ ابْتَلٰۤی اِبْرٰهٖمَ رَبُّهٗ بِكَلِمٰتٍ فَاَتَمَّهُنَّ ؕ— قَالَ اِنِّیْ جَاعِلُكَ لِلنَّاسِ اِمَامًا ؕ— قَالَ وَمِنْ ذُرِّیَّتِیْ ؕ— قَالَ لَا یَنَالُ عَهْدِی الظّٰلِمِیْنَ ۟
স্মৰণ কৰা সেই সময়টোক, যেতিয়া আল্লাহে ইব্ৰাহীম আলাইহিছ ছালামক কিছুমান আদেশৰ দ্বাৰা পৰীক্ষা কৰিছিল। আৰু তেওঁ সেই আদেশ পালন কৰি সুকলমে সফলভাৱে উত্তীৰ্ণ হৈছিল। এতেকে আল্লাহে নবী ইব্ৰাহীমক কলেঃ মই আপোনাক আদৰ্শ বনাব বিচাৰো। যাতে মানুহে আপোনাৰ কাৰ্যকলাপ আৰু চৰিত্ৰৰ অনুকৰণ কৰিব পাৰে। ইব্ৰাহীম আলাইহিছ ছালামে কলেঃ হে মোৰ প্ৰতিপালক! মোৰ বংশধৰসকলৰ মাজৰো কিছুমানক আদৰ্শ বনাই দিবা যাতে মানুহে তেওঁলোকৰ অনুকৰণ কৰে। আল্লাহে তেওঁৰ উত্তৰ দি কৈছেঃ দ্বীনৰ নেতৃত্বৰ যি বচন আপোনাক দিয়া হৈছে, আপোনাৰ বংশধৰ সকলৰ অত্যাচাৰী ব্যক্তিসকল ইয়াৰ অন্তৰ্ভুক্ত নহয়।
Tafsiraaɗe Aarabu ɗen:
وَاِذْ جَعَلْنَا الْبَیْتَ مَثَابَةً لِّلنَّاسِ وَاَمْنًا ؕ— وَاتَّخِذُوْا مِنْ مَّقَامِ اِبْرٰهٖمَ مُصَلًّی ؕ— وَعَهِدْنَاۤ اِلٰۤی اِبْرٰهٖمَ وَاِسْمٰعِیْلَ اَنْ طَهِّرَا بَیْتِیَ لِلطَّآىِٕفِیْنَ وَالْعٰكِفِیْنَ وَالرُّكَّعِ السُّجُوْدِ ۟
স্মৰণ কৰা সেই সময়ক যেতিয়া আল্লাহে সন্মানিত কাবা ঘৰক মানুহৰ বাবে বাৰে বাৰে অহাৰ কেন্দ্ৰৰূপে স্বীকৃতি দিছিল; যাতে মানুহৰ অন্তৰ ইয়াৰ লগত জড়িত হৈ থাকে। যেতিয়াই তাৰ পৰা উভতি আহিব, তালৈ আকৌ যোৱাৰ মন যাব। লগতে সেই ঠাইক নিৰাপত্তাস্থল বনাইছিল, যাতে তাত কোনেও নিৰ্যাতিত হব নোৱাৰে। আৰু মানুহক কৈছিলঃ সেই শিলডোখৰ থকা স্থানটোক নামাজৰ ঠাই বনাই লোৱা, যিটোৰ ওপৰত থিয় হৈ ইব্ৰাহীম আলাইহিছ ছালামে কাবা ঘৰ নিৰ্মাণ কৰিছিল। তথা আমি ইব্ৰাহীম আৰু তেওঁৰ পুত্ৰ ইছমাঈল আলাইহিমাছ ছালামক আদেশ দি কৈছিলো যে, কাবা ঘৰক আৱৰ্জনামুক্ত আৰু মুৰ্ত্তিৰ পৰা পৱিত্ৰ ৰাখিবা লগতে তাৱাফ, এতেকাফ আৰু ছালাত আদি আদায়কাৰীসকলৰ বাবে সদায় প্ৰস্তুত ৰাখিবা।
Tafsiraaɗe Aarabu ɗen:
وَاِذْ قَالَ اِبْرٰهٖمُ رَبِّ اجْعَلْ هٰذَا بَلَدًا اٰمِنًا وَّارْزُقْ اَهْلَهٗ مِنَ الثَّمَرٰتِ مَنْ اٰمَنَ مِنْهُمْ بِاللّٰهِ وَالْیَوْمِ الْاَخِرِ ؕ— قَالَ وَمَنْ كَفَرَ فَاُمَتِّعُهٗ قَلِیْلًا ثُمَّ اَضْطَرُّهٗۤ اِلٰی عَذَابِ النَّارِ ؕ— وَبِئْسَ الْمَصِیْرُ ۟
হে নবী স্মৰণ কৰক, যেতিয়া ইব্ৰাহীম আলাইহিচ ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি কৈছিলঃ হে মোৰ প্ৰতিপালক! তুমি মক্কা চহৰখনক নিৰাপদ চহৰ বনাই দিয়া। যাতে কোনেও কাৰো ওপৰত নিৰ্যাতন নকৰে। আৰু ইয়াৰ অধিবাসীসকলক বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ জীৱিকা প্ৰদান কৰা আৰু এই জীৱিকা নিৰ্দিষ্ট কৰি দিয়া সেইসকল লোকৰ বাবে যিসকলে তোমাক বিশ্বাস কৰে আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে। তেতিয়া আল্লাহে কৈছিলঃ যিয়ে কুফৰী কৰিব তাকো মই অলপ সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ সুযোগ প্ৰদান কৰিম। কিন্তু আখিৰাতত মই তাক জুইৰ শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম। বৰ বেয়া আৱাসস্থল, য’ত সিহঁতে কিয়ামতৰ দিনা উভতি যাব।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• أن المسلمين مهما فعلوا من خير لليهود والنصارى؛ فلن يرضوا حتى يُخرجوهم من دينهم، ويتابعوهم على ضلالهم.
মুছলিমসকলে ইয়াহুদী আৰু খৃষ্টানসকলৰ লগত যিমানেই সদাচৰণ নকৰক কিয় সিহঁতে কেতিয়াও সন্তুষ্ট নহব। যেতিয়ালৈকে তেওঁলোকক নিজৰ দ্বীনৰ পৰা ওলোৱাই সিহঁতৰ লগত পথভ্ৰষ্টতাত লিপ্ত নকৰিব।

• الإمامة في الدين لا تُنَال إلا بصحة اليقين والصبر على القيام بأمر الله تعالى.
দ্বীনৰ মাজত নেতৃত্বৰ মৰ্যদা, প্ৰকৃত বিশ্বাস আৰু আল্লাহৰ আদেশসমূহ ধৈৰ্য সহকাৰে পালন কৰাৰ ফলতহে প্ৰাপ্ত হয়।

• بركة دعوة إبراهيم عليه السلام للبلد الحرام، حيث جعله الله مكانًا آمنًا للناس، وتفضّل على أهله بأنواع الأرزاق.
সন্মানিত চহৰ মক্কা সম্পৰ্কে ইব্ৰাহীম আলাইহিছ ছালামৰ দুআৰ বৰকত। এতেকে আল্লাহে সেই স্থানক মানুহৰ বাবে শান্তিৰ প্ৰাণকেন্দ্ৰ বনাই দিছে আৰু তাৰ অধিবাসীসকলক তেওঁৰ অশেষ কৃপাত বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ জীৱিকা প্ৰদান কৰিছে।

 
Firo maanaaji Simoore.: Simoore nagge
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu